হেমো বা ভামো আইদেউ (ইংৰাজী: Hemo or Bhamo Aidew) আহোমতুংখুঙীয়া ফৈদৰ এগৰাকী কুঁৱৰী আছিল৷ তেওঁৰ পিতৃৰ নাম আছিল বগা কোঁৱৰ৷ বগা কোঁৱৰ চাৰিং ৰজাৰ ডালৰ আছিল৷ হেমো আইদেউক মান ৰজা বডোফাইলৈ দি মানৰ সৈতে আহোমৰ সন্ধি কৰা হৈছিল৷ হেমো আইদেউ দেখাত বৰ শুৱনী আছিল৷ তেওঁৰ গাৰ বৰণ “হেম’’ অৰ্থাৎ সোণৰ দৰে আছিল বাবে তেওঁক ’হেমো’ বুলি মতা হৈছিল৷ [1]

মিত্ৰতাৰ পৰিকল্পনা

সম্পাদনা কৰক

মোৱামৰীয়া বিদ্ৰোহৰ পিছতে অসমলৈ অহা মান সেনাই উপযুক্ত পাৰিশ্ৰমিক নাপাই দেশত উৎপাত-অত্যাচাৰ কৰিবলৈ ধৰাত উপায়ন্তৰ হৈ আহোম ৰহা চন্দ্ৰকান্ত সিংহ আৰু বদন বৰফুকনৰ মাজৰ আলোচনামৰ্মে মান সৈন্যৰ সৈতে সন্ধি কৰা যো-জা কৰা হয়৷ এই উদ্ধেশ্যে আন আন সা-সম্পত্তি, ধন-দৌলতৰ লগতে সুন্দৰী কন্যা হেমো আইদেউক মানৰজা বডোফাইলৈ আগবঢ়োৱাৰ সিদ্ধান্ত কৰে৷[1]

হেমোৰ বিলাপ

সম্পাদনা কৰক

ৰজা আৰু বৰফুকনৰ সিদ্ধান্তৰ কথা শুনি হেমো আইদেউ কান্দোনত ভাঙি পৰিল৷ অচিন অজান দেশলৈ নাযাওঁ বোলাত উপায়ন্তৰ হৈ দেখাত শুৱনী আন এগৰাকী লিগিৰী ছোৱালীকে হেমোৰ দৰে সজাই-পৰাই আ-অলংকাৰ দি মান সেনালৈ দিবলৈ গোপনে সিদ্ধানত লৈছিল যদিও কেনেবাকৈ মান সেনাই গম পাই “তিনিজনা ডাঙ্গৰীয়াৰ তিনি পুতেক আৰু বৰফুকনৰ ল’ৰা, এইসকলে দোলাৰ নালত ধৰি ভিতৰৰ পৰা যদি আইদেউক উলিয়াই আনি দিয়ে, তেনেহ’লে আমি আইদেউক নিম, নহ’লে নিনিওঁ’’ বুলি জেদ ধৰিলে৷[2] তেওঁলোকে জানিছিল, ডাঙ্গৰীয়া বা বৰফুকনৰ পুতেকে কুঁৱৰীৰ দোলা দাঙি ধৰিলেও কোনো লিগিৰীক দোলাত লৈ দোলা কান্ধত নুঠায়৷

মান সেনাৰ চতুৰালি দেখি আহোম ৰজা আৰু বৰফুকনকে ধৰি আন ডা-ডাঙৰীয়াসকল অবাক হ’ল আৰু দেশ ৰক্ষাৰ খাতিৰত হেমোকে পঠিয়াবলৈ মনস্থ কৰিলে৷ হেমো আইদেৱে খম আৰু আৱেগত প্ৰতিবাদ কৰিলে৷ “বাহুবলেৰে যদি সিংহাসন ৰাখিব নোৱাৰা কিহৰ ৰজা? ৰমণী বেচি ৰাজসিংহাসন ভোগ কৰিবা কিমান দিন? কোনে মোক মানৰ দেশলৈ পঠিয়াব পাৰে? মই নাযাওঁ৷’’[2]

ককায়েকৰ বুজনি

সম্পাদনা কৰক

হেমোৰ ককায়েক বিহুৰামক যোগেশ্বৰ সিংহ নাম দি মান সেনাই তিপামৰ ৰজা পাতিছিল৷ এই বিহুৰামে ভনীয়েক হেমোক শেষত দেশ আৰু জাতি ৰক্ষাৰ নামত ব্যক্তিগত আশা-আকাংক্ষা ত্যাগ কৰি ৰজাৰ আদেশ নতশিৰে মানি ল’বলৈ বুজনি দিছিল৷ ককায়েক বিহুৰামৰ বুজনিত হেমো সৈমান হৈছিল আৰু ককায়েকৰ লগতে অনেক মিতিৰ-কুটুম, লিগিৰা-লিগিৰী লৈ হেমো মান দেশলৈ গৈছিল৷[2][1]

মানদেশত হেমো

সম্পাদনা কৰক

মানৰজাই হেমো আইদেউক ৰাণী পাতিছিল৷ হেমো আইদেউৰ লগত যোৱা মানুহবোৰক বসতি কৰিবলৈ ম্যানমাৰত অসমীয়া গাঁও পাতি দিছিল৷[3]গাঁওখনৰ নাম হেমো আইদেউৰ মানুহৰ মুখত পৰি হোৱা নাম “ভামো’’ৰ নামানুসৰি ভামো ৰখা হৈছিল৷[1]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 বৰবৰুৱা, হিতেশ্বৰ (১৯৮১ (১ম প্ৰকাশ), ২০১৮(২য় প্ৰকাশ)). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৩২৮. ISBN 978-93-84733-87-2. 
  2. 2.0 2.1 2.2 গগৈ, দময়ন্তী (২০১৬). সাধনীৰ পৰা চন্দ্ৰপ্ৰভালৈ. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১০১. 
  3. বuঢ়াগোহাঞি, পূৰ্ণকান্ত (২০১৮). পাতকাইৰ সিপাৰে ন বছৰ. নক্সা. পৃষ্ঠা. ৮৫. ISBN 978-93-5457-485-6.