ৰাজ ভাটৌ (ইংৰাজী: 'Alexandrine Parakeet, বৈজ্ঞানিক নাম-Psittacula eupatria) চ্চিটাচিফৰমিছ (psittaciformes) বৰ্গ আৰু চ্চিত্তাকুলিডি (Psittaculidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভাটৌৰ প্ৰজাতি। এই প্ৰজাতিটোৰ ইংৰাজী নামটো সম্ৰাট আলেকজেণ্ডাৰ (Alexander the Great)ৰ নামৰ ভিত্তিত দিয়া হৈছে কিয়নো সম্ৰাট আলেকজেণ্ডাৰে বহুতো ৰাজ ভাটৌ পঞ্জাবৰ পৰা ইউৰোপৰ বিভিন্ন ঠাইলৈ পঠিয়াইছিল আৰু এই ঠাইসমূহৰ ৰাজকীয়া পৰিয়ালত ৰাজ-ভাটৌক বহু মূলীয়া সম্পদ বুলি গণ্য কৰা হৈছিল।[2]

ৰাজ ভাটৌ (Alexandrine Parakeet)
Male (left) and female (right)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Psittaciformes
মহাপৰিয়াল: Psittacoidea
পৰিয়াল: Psittaculidae
উপপৰিয়াল: Psittaculinae
গোত্ৰ: Psittaculini
গণ: Psittacula
প্ৰজাতি: P. eupatria
বৈজ্ঞানিক নাম
Psittacula eupatria
(Linnaeus, 1766)

ৰাজ ভাটৌৰ বৈজ্ঞানিক নামৰ eupatria গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ eu মানে 'ভাল বাসন্মানীয় (good or noble) আৰু patria মানে পূৰ্বস্থান বা পূৰ্বপুৰুষ (ancestry)

টেক্সনমি আৰু বিতৰণ সম্পাদনা কৰক

গোলকীয় বিতৰণৰ ভিত্তিত ৰাজ ভাটৌৰ তলত উল্লেখ কৰা উপ-প্ৰজাতি সমূহ পোৱা যায়-

বিৱৰণ সম্পাদনা কৰক

 
মতা ৰাজ ভাটৌ
 
মাইকী ৰাজ ভাটৌ

ৰাজ ভাটৌ অন্যান্য ভাটৌৰ প্ৰজাতিসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ আকাৰৰ। ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৫৮ ছে: মি: আৰু ডেউকা আৰু নেজৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে ১৮.৯-২১.৫ ছে: মি: আৰু ২১.৫-৩৫.৫ ছে: মি: হোৱা দেখা যায়। পূৰ্ণবয়স্ক চৰাইৰ ওজন সাধাৰণতে ২০০-৩০০ গ্ৰাম পৰ্যন্ত হয়।[3][4] ইয়াৰ দেহটো সেউজীয়া, মুখত কিছু নীলা আভা আছে। পেট অংশ সেউজ-হালধীয়া। ৰাজ ভাটৌৰ ডেউকাৰ ওপৰ অংশ মেৰুণ (maroon or reddish brown) ৰঙৰ হোৱা দেখা যায়। ইয়াৰ ঠৌঁত ৰঙা আৰু ঠেং সাধাৰণতে মটিয়া বৰণৰ হয়।

পূৰ্ণবয়স্ক ৰাজ ভাটৌৰ মতা-মাইকীৰ ভিন্নতা দেখা যায় কিন্তু পোৱালিৰ মাজত লিংগ ভেদ কৰিব পৰা নাযায়। পূৰ্ণবয়স্ক মতা ৰাজ ভাটৌৰ ডিঙিত ঘূৰণীয়াকৈ ক'লা আঁচ আৰু ডিঙিৰ ওপৰফালে (nape) ডাঙৰকৈ গুলপীয়া দাগ থাকে। আনহাতে মাইকী ৰাজ ভাটৌৰ ডিঙিত পাতল মটিয়া বৰণৰ আঁচহে দেখা যায়।

এভিকালচাৰ সম্পাদনা কৰক

ৰাজ ভাটৌ পোহনীয়া চৰাই হিচাপে খুবেই সমাদৃত। ইউৰোপ মহাদেশত পোৱা পোহনীয়া চৰাইসমূহৰ ভিতৰত ৰাজ ভাটৌ সৰ্বপ্ৰথমে পোহ মনা চৰাইৰ প্ৰজাতি। ইয়াৰ বৃহৎ দেহ আৰু দীঘল নেজৰ বাবে অৱশ্যে অন্য ভাটৌ চৰাইতকৈ ইয়াক ডাঙৰ সঁজাৰ প্ৰয়োজন হয়।

কৃত্ৰিম পৰিৱেশত সম্পাদনা কৰক

 
সঁজাত বন্দী এটা মতা ৰাজ ভাটৌ

ৰাজ ভাটৌৰ মাত বিভিন্ন পৰিৱেশত যথেষ্ট ডাঙৰ হ'ব পাৰে। কৃত্ৰিম পৰিৱেশত ই পানীৰ সৈতে খেলিবলৈ পছন্দ কৰে আৰু যাঁচি দিয়া খাদ্য বস্তুও তৎক্ষণাত গ্ৰহণ কৰে। ইয়াৰ গড় আয়ুস প্ৰায় ৪০ বছৰ।

প্ৰজনন সম্পাদনা কৰক

ৰাজ ভাটৌৱে সাধাৰণতে নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰজনন কৰে। এবাৰত ই ২-৪ টাকৈ কণী পাৰে। ২৮ দিনৰ উমনিৰ অন্তত কণী ফুটি পোৱালি জগে। প্ৰায় সাত সপ্তাহ মানৰ পিছত পোৱালিৰ পাখি গজে।

খাদ্য সম্পাদনা কৰক

ৰাজ ভাটৌৱে সাধাৰণতে গুটি, ফল-মূল, ফুল আদি খাই জীয়াই থাকে। কাৎচিৎ ই পোক-পতংগ আদি চিকাৰ কৰাও দেখা পোৱা যায়। ইহঁতে খেতি-পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে।

স্থিতি তথা সংৰক্ষণ সম্পাদনা কৰক

পাকিস্তান ত এই প্ৰজাতিটোৰ স্থিতি সংকটজনক বুলি তথ্য পোৱা যায়। বাসস্থান ধ্বংস তথা বন্য পোৱালিৰ চোৰাং চিকাৰকেই ইয়াৰ প্ৰধান কাৰণ বুলি অভিহিত কৰা হয়। ইয়াৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে যদিও লাহোৰকে ধৰি ভাৰতৰো বহুতো অঞ্চলত ইয়াক মুকলিকৈ বিক্ৰী কৰা দেখা যায়।

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক


তথ্যসূত্ৰ সম্পাদনা কৰক

  1. BirdLife International (2012). "Psittacula eupatria". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001527। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Campbell-Johnston, Rachell (2007-02-13). "A squawk on the wild side". The Times. প্ৰকাশক London. http://www.thetimes.co.uk/tto/arts/article2394250.ece। আহৰণ কৰা হৈছে: 16 January 2013. 
  3. Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3. 
  4. del Hoyo, J; Elliot, A; Sargatal, J (1996). Handbook of the Birds of the World. 3. প্ৰকাশক Barcelona: Lynx Edicions. ISBN 84-87334-20-2. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

Informative websites:

Conservation related links: