'ৱিকি' (wiki) হৈছে এক ধৰণৰ 'ৱেবচাইট' য'ত 'ইণ্টাৰনেট' দৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা 'ব্ৰাউজাৰ'ৰ যোগেদিয়েই 'ৱেবপৃষ্ঠা' এটা নতুনকৈ সৃষ্টি কৰিব পাৰি বা ইতিপূৰ্বে থকা পৃষ্ঠা এটা সম্পাদনা কৰিব পাৰি।[1][2][3] 'ৱিকি'সমূহক সাধাৰণেতে 'ৱিকি ছফ্‌টৱেৰ'-এ চলায়, আৰু কেইবাজনো ব্যৱহাৰকাৰীয়ে সামূহিক ভাৱে ব্যৱহাৰ কৰে। কিছুমান উদাহৰণ: সামাজিক ৱেবছাইটসমূহ (community websites), কোম্পানীৰ অন্ত:জাল (corporate intranets), জ্ঞান পৰিচালনা প্ৰণালী (knowledge management systems), আৰু টোকা-সেৱা (note services)। ব্যক্তিগত টোকা-ৰখাৰ বাবেও ৱিকি ব্যৱহাৰ কৰিব পাৰি। অৱস্থা ভেদে ৱিকি এটাৰ সম্পাদনা ক্ষমতা সীমিত কৰি ৰাখিব পাৰি।

প্ৰথম 'ৱিকি ছফ্‌টৱেৰ', 'ৱিকিৱিকিৱেব'-ৰ (WikiWikiWeb) স্ৰষ্টা আছিল 'ৱাৰ্ড কানিংহাম' (Ward Cunningham)। তেখেতে ইয়াক "সৰলতম আন্তঃজাল তথ্যসূচী, সম্ভৱত: ব্যৱহাৰযোগ্য" (the simplest online databse that could possible work) বুলি উল্লেখ কৰিছিল।

হনলুলু (হাৱাই) আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ সন্মুখত "ৱিকি ৱিকি চাটল" (Wiki Wiki Shuttle)

ৱিকি আহিছে 'হাৱাই' দেশীয় শব্দ, 'ৱিকি'ৰপৰা (উচ্চাৰণ: ৱিটি)। যাৰ অৰ্থ: তৎক্ষণাৎ।

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Dictionary.oed.com
  2. wiki, 1, প্ৰকাশক London: Encyclopædia Britannica, Inc., 2007, http://www.britannica.com/EBchecked/topic/1192819/wiki, আহৰণ কৰা হৈছে: 2008-04-10 
  3. Mitchell, Scott (July, 2008), Easy Wiki Hosting, Scott Hanselman's blog, and Snagging Screens, MSDN Magazine, http://msdn.microsoft.com/en-us/magazine/cc700339.aspx, আহৰণ কৰা হৈছে: 2010-03-09