ৱিকিপিডিয়া:সদস্য:Dilip Kr. Rabha/জন্থাৰুপান্থৰু

জন্থাৰুপান্থৰু সম্পাদনা কৰক

পৰিচয় সম্পাদনা কৰক

ৰন্দনচন্দনে নিৰমনিনিচিমনিক হেৰুৱাৰ পিছত সিহঁতে জন্থাৰুপান্থাৰু নাম লৈ মানৱ সমাজত বন্যপ্ৰাণীৰ চিকাৰ কৰিবলৈ ধৰে৷[1]

গোত্ৰ সম্পাদনা কৰক

ৰাভাসকলৰ বহুতো গোত্ৰ আছে৷ অসমীয়াভাষাৰ গোত্ৰ শব্দৰ অৰ্থ ৰাভাভাষাত বাৰায় আৰু কোচাৰাভাভাষাত হৗছুগৰ৷[2]

কাহিনী সম্পাদনা কৰক

জনপ্ৰবাদ মতে- অতি প্ৰাচীনকালত বলমপুতুৰ(ব্ৰহ্মপুত্ৰ) নদীৰ দক্ষিণ পাৰত লেমব্ৰায় গোত্ৰৰ ৰাভাসকলে বসবাস কৰিছিল৷সেইবাবে তাত থকা সৰু পাহাৰটোক “লেমব্ৰায় পাহাৰ” নামেৰে জনাজাত৷ বাক্ছোক বাৰায় হুৰিৰ জিনংজানাং(ভাই ভনী)সকলতাৰ আশেপাশে থকাৰ বাবে “ভাই ভনী” পাহাৰ৷ সেই পাহাৰৰ এটা কোণত শিলৰ গুহাৰ ভিতৰত কপালত সিন্দুৰৰ ফোঁটযুক্ত এটা বিয়াগোম অজগৰ সাপে বাস কৰিছিল৷ দৈৱ্য শক্তি প্ৰাপ্ত অজগৰ দেৱতা বুলিয়ে ৰাইজে জানি বিশ্বাস কৰিছিল৷ সেইবাবে লেমব্ৰায় সকলে পূঁজা পাৰ্ব্বণ কৰি বছৰেকত এজনীকৈ কন্যাসন্তান ভক্ষণৰ বাবে উৎসৰ্গা কৰিব লগীয়া হৈছিল আৰু সময়ত এজনীকৈ কন্যাসন্তান দিবলগীয়া হোৱাতো বাধ্যতামূলক হৈ প্ৰথাটো পিছত ক্ৰমত পৰিণত হৈছিল৷ এদিন এটা পৰিয়ালৰ পাল পৰিল৷ পৰিয়ালত মাত্ৰ তিনিটাই প্ৰাণী৷ গিৰিয়েকঘৈণীয়েক আৰু এটি কন্যাসন্তান৷ মাকৰ নাম- লায়ছ্ৰি আৰু কন্যাসন্তানৰ নাম- ছৗম্বুৰ৷ ঘৰত কান্দনৰ ৰোল উঠিল৷ কি কৰিব! তেনেহেন সময়তে বন্যপ্ৰাণী চিকাৰ কৰি ঘূৰি ফুৰা দুইভাইয়ে এদ’ল মানুহ লগত লৈ সেইঠাইত উপস্থিত হ’ল৷ ৰাভা জনজাতিসকলে পহু,গুঁইসাপ আদি চিকাৰ কৰি বহু দূৰদূৰণিলৈ হাবি জংঘল পৰিভ্ৰমণ কৰিছিল৷ সেই চিকাৰী দ’লৰ ভাতৃদ্বয় আছিল- জন্থাৰুপান্থৰু, মতান্তৰে জাৰকেপনাৰকেপ৷ সিহঁতে সেইঠাইত উপস্থিত হৈ ঘটনাৰ আঁতিগুৰি লৈ অজগৰ সাপটোক নিধন কৰাৰ সংকল্প কৰিলে৷ সংকল্প মতে কাম৷ সময়ত সিহঁতে পূঁজাৰ আয়োজন কৰিলে৷ কন্যাসন্তানৰ পৰিৱৰ্তে কলগছক কন্যাসন্তান সজাই আঅলংকাৰে সুসজ্জিত কৰি অজগৰক স্তুতিৰে মাতিব ধৰিলে৷ জন্থাৰুপান্থাৰু চকা অস্ত্ৰ লৈ গাঁতৰ সন্মুখত খাপপতি ৰই থাকিল৷ সময়ত অজগৰ গাঁতৰ পৰা লাহেকৈ ওলাই অহা মাত্ৰকে চকা অস্ত্ৰৰে কাটি সম্পূৰ্ণ সাত টুকুৰা কৰি পেলালে৷ লেমব্ৰায় পৰিয়ালৰ সৈতে গোটেই ৰাইজে বিজয় উল্লাসত নাচিবাগি উৎসৱৰ ৰূপান্তৰিত কৰিলে৷ (১) যি সকলে এই বিজয় উৎসৱত পোহৰৰ ব্যৱস্থা কৰিলে, সিহঁত লেমব্ৰায় হ’ল৷ (২) কেনচাম হৗছুগৰ সকলে বীৰ পুৰুষ সকলক সম্বৰ্দ্ধনাৰ বাবে গাহৰি কাটি মহাভোজৰ আয়োজনৰ ব্যৱস্থা কৰিবলৈ লৈছিল, সিহঁত বাক্ছোক বাৰায় হ’ল৷ (৩) যি সকলে পচি যোৱা মাংসবোৰ চিলনী কাউৰীক চতিয়াই দিছিল, সিহঁত- তোৰাং বাৰায় হ’ল৷[3]

বাক্ছোক বাৰায় হুৰিৰ জিনংজানং(ভাই ভনী) সকল- সম্পাদনা কৰক

চুনাৰি, বানাৰি

স্থান সম্পাদনা কৰক

আজিও অসমৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰস্থিত ৰাজবাৰীৰ পূবদিশত ধামৰবিলৰ পাৰত এই লামব্ৰায় (ভাই ভনী) পাহাৰ৷ মায়তৰীৰাভাসকলে ইয়াক হক্তোপ্লা হাচু বুলি কয়৷ হাখাৰ পিমুং বোদাতুপু লন্দ্ৰায় তংকায় হাচুনি প্ৰা > হাখাৰি তুপু লন্দ্ৰায় > হাক তুপুলান্দ্ৰা > হাক্তুপ্লা > হ’কত’পলা অৗনে মুং মুঙা৷ অসমীয়া ভাৱাৰ্থ- গাঁতৰ ভিতৰত বোদাসাপৰ লুৰা বান্ধি থকা পাহাৰ৷[4]

  1. দীপক পাম ৰাভা,খাৰদাং,কৃষ্ণাই, গোৱালপাৰা,অসম৷ মতে
  2. HOKTOPLA:(Name of the Hillock) The Mouth Picee cum Magazine of Baksok-Barai Huri Jontha,Silver Jublee Celebration,Published by the BBHJ,2024 : শিৰোনাম- কেন্চাম-মেচেমব্ৰায় গোত্ৰৰ নিগূঢ় তত্বকথা : পৃষ্ঠা ০৯ : আহোৰণ- ইং ০৬/০৫/২০২৪
  3. HOKTOPLA:(Name of the Hillock) The Mouth Piece cum Magazine of Baksok-Barai Huri Jontha, Silver Jubilee Celebraation, Published by the BBHJ,2024 : শিৰোনাম- কেন্চাম-মেচেমব্ৰায় গোত্ৰৰ নিগূঢ় তত্বকথা : পৃষ্ঠা ০৯ : আহোৰণ ইং ০৬/০৫/২০২৪ ৷
  4. HOKTOPLA:(Name of the Hillock) The Mouth Piece cum Magazine of Baksok-Barai Huri Jontha, Silver Jubilee Celebration, Published by the BBHJ,2024 : শিৰোনাম- বাক্ছোক বাৰায় হুৰিনি জিংখ্ৰৗম্(বুৰঞ্জী) : পৃষ্ঠা ০৫ ৷ আহোৰণ ইং ০৬/০৫/২০২৪