ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ত্ৰয়োদশ বৰ্ষ| জুন | ২০২৪ | ষষ্ঠ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

ৱিকিপিডিয়াৰ লগত বিশেষ চিনাকি আৰম্ভ হৈছিল এটি অপৰাধেৰে। ২০১২-১৩ চনৰ নতুনকৈ ওলোৱা এখন চিনেমাৰ ৱিকিপিডিয়াৰ প্ৰবন্ধত লগৰ এজনে নায়ক নায়িকাৰ নামৰ ঠাইত লগৰ কাৰোবাৰ নাম দি দিছিল আৰু সকলোকে দেখুৱাই ফুৰিছিল। তেতিয়া ইণ্টাৰনেট ইমান সহজলভ্য নাছিল। সৰু সৰু কামবোৰ মোবাইলত কৰিছিলোঁ যদিও ডাঙৰ কামবোৰ কলেজৰ লেবত কৰিবলগীয়া হৈছিল। ঘটনাটোৰ পৰা এটা কথা শিকিলোঁ যে, ৱিকিপিডিয়াত আমাৰ নিচিনা সাধাৰণ ব্যৱহাৰকাৰীয়েও সম্পাদনা কৰিব পাৰে।

অসমীয়া ভাষাৰ প্ৰতি ভালপোৱা বহু দিনৰ। কলেজত গৈ লগৰ এজনৰ লগত নতুন অভ্যাস এটা হৈছিল, সকলো কথা অসমীয়াত কোৱা। মোবাইলক ভ্ৰাম্যমাণ,পাঠ্যক্ৰমত থকা Thermodynamics- ক তাপগতি বিজ্ঞান, Theory of Machine -ক যন্ত্ৰ তত্ত্ব ইত্যাদি কোৱা আৰম্ভ কৰিছিলোঁ। তাৰ চাগৈ বহু শব্দ অসমীয়ালৈ অনুবাদ কেতিয়াও হোৱাই নাছিল। ২০১৫ চনৰ কথা, মহাবিদ্যালয়ৰ ফাৰুক আজিজ ছাৰে মাতি নি ক'লে,  মহাবিদ্যালয় সপ্তাহৰ লগত অসমীয়া ৱিকিপিডিয়াৰ এখন কৰ্মশালা অনুষ্ঠিত হ'ব। ইচ্ছুক মানুহখিনিক কথা পাতি যোগদান কৰোৱাব লাগে।

সেইমতে ২৮ ফেব্ৰুৱাৰীত কৰ্মশালাখন অনুষ্ঠিত হ'ল। সমল ব্যক্তি হিচাপে বিষ্ণু দা আৰু নিতুল দা উপস্থিত আছিল। সেয়াই আৰম্ভণি; ঘৰৰ ওচৰৰ ঠাই, চকু ঘূৰালেই দেখা পোৱা বস্তুবোৰৰ কথা ইটো সিটো ৱিকিত লিখিবলৈ ধৰিলোঁ। মাজে মাজে শুধৰণি। ‌ এইদৰে যাত্ৰা চলি আছে, মাজতে অলপ কামৰ টনাটনিত বিৰতি হৈছিল যদিও আকৌ লাহে লাহে আৰম্ভ কৰিছোঁ।

ৱিকিপিডিয়া প্ৰকৃততে এটা আন্দোলন। নিজৰ ভাষাটো ডিজিটেল মাধ্যমত প্ৰতিষ্ঠা কৰাৰ যুঁজ। ১০ বছৰ আগতে অসমীয়া ভাষাত ভালকৈ একো নোপোৱা ডিজিটেল ক্ষেত্ৰখনত ৱিকিপিডিয়াৰ জৰিয়তে এতিয়া বহুতো তথ্যই উপলভ্য। এই যুঁজ সফল হওক। হাজাৰ বিজাৰ তেজাল ৰণুৱাই এই যুঁজৰ অংশীদাৰ হওক।

--ৰাম কিংকৰ মহন্ত (বাৰ্তা) 10:03, 31 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
মণ্টানাত তাম্ৰ খননৰ এটা আৱৰ্জনা গাঁত

ঔদ্যোগিক আৱৰ্জনা ঔদ্যোগিক কাৰ্যকলাপৰ ফলত উৎপন্ন হোৱা আৱৰ্জনা, য'ত যিকোনো সামগ্ৰী থাকে; যিবোৰ কাৰখানা, মিল আৰু খনন কাৰ্যৰ উৎপাদন প্ৰক্ৰিয়াৰ সময়ত বাহিৰ কৰি পেলোৱা হয়। ঔদ্যোগিক আৱৰ্জনাসমূহৰ প্ৰকাৰসমূহৰ ভিতৰত আছে মলি আৰু শিলগুটি, শিলৰ কাম আৰু কংক্ৰিট, ধাতুৰ টুকুৰা, তেল, দ্ৰাৱক, ৰাসায়নিক পদাৰ্থ, স্ক্ৰেপ কাঠ, আনকি ৰেষ্টুৰেণ্টৰ পৰা পেলোৱা শাক-পাচলিও। ঔদ্যোগিক আৱৰ্জনা কঠিন, অৰ্ধকঠিন বা তৰল ৰূপৰ হ’ব পাৰে। ই বিপজ্জনক আৱৰ্জনা (যিবোৰৰ কিছুমান প্ৰকাৰ বিষাক্ত) বা অ-বিপজ্জনক আৱৰ্জনা হ’ব পাৰে। ঔদ্যোগিক আৱৰ্জনাবোৰে ওচৰৰ মাটি বা কাষৰীয়া জলভাগ প্ৰদূষিত কৰিব পাৰে আৰু ভূগৰ্ভস্থ পানী, হ্ৰদ, নৈ, নদী বা উপকূলীয় পানী দূষিত কৰিব পাৰে। ঔদ্যোগিক আৱৰ্জনাক প্ৰায়ে পৌৰসভাৰ আৱৰ্জনাৰ সৈতে সাঙুৰি লোৱা হয়, যাৰ ফলত ইয়াৰ সঠিক মূল্যায়ন কৰাটো কঠিন হৈ পৰে। এক অনুমান মতে, ২০১৭ চনলৈকে আমেৰিকাৰ বছৰি ৭.৬ বিলিয়ন টন ঔদ্যোগিক আৱৰ্জনা উৎপন্ন হয়। বেছিভাগ দেশেই ঔদ্যোগিক আৱৰ্জনা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আইন প্ৰণয়ন কৰিছে, কিন্তু কঠোৰতা আৰু অনুসৰণৰ ব্যৱস্থা বেলেগ বেলেগ। ইয়াক বলবৎ কৰাটো সদায় এটা বেলেগ বিষয় হৈ আছে।

ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ জল সংৰক্ষণৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মে’-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =২৯

বিশ্বৰ প্ৰেক্ষাপট

অন্যান্য

  1. ‎পশ্চিম চাহাৰা
  2. বুৰুণ্ডী

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ‎শ্যাম চৰণ নেগী
  2. সঞ্জয় লীলা ভণশালী
  3. মনোজ কুমাৰ
  4. চণ্ডীদাস‎
  5. ধীৰাজ বুধোদী‎

অন্যান্য

  1. ১৯৭০ ভোজপুৰ বিদ্ৰোহ‎
  2. ভাৰতৰ সংৰক্ষিত আৰু নিষিদ্ধ অঞ্চল
  3. সূবচনী পূজা
  4. আপাটানি‎
  5. বেংক অব হিন্দুস্থান

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ‎স্বাতী কিৰণ
  2. ৰঞ্জিত বৰঠাকুৰ
  3. কলাপচন্দ্ৰ দ্বিজ
  4. ৰত্নাকৰ কন্দলী‎
  5. বিনয় মোহন শইকীয়া‎
  6. শুকুলা ঘোঁৰা (গ্ৰন্থ)
  7. ‎থানেশ্বৰ বড়ো

গ্ৰন্থ বিষয়ক

  1. ‎যথাৰীতি (গ্ৰন্থ)‎
  2. নামচাঙৰ অন্তেষপুৰ (গ্ৰন্থ)

অন্যান্য

  1. অসমীয়া ভাষাৰ আলোচনা সভা‎

সানমিহলি

  1. ‎অগ্নি মন্দিৰ
  2. বিশ্বাস স্বৰূপম
  3. সমতাৰ মূৰ্তি
  4. ‎বালি
  5. ‎ভেল’ৰেণ্ট
  6. তাপাঘাত
  7. ‎ঔদ্যোগিক আৱৰ্জনা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
অনামিকা বড়া
ৱিকিউদ্ধৃতি সংযোগ মেলা পদক
প্ৰণামিকা অধিকাৰী,
দিব্য দত্ত,
জ্যোতি চিৰিং,
অনামিকা বড়া,
ভাস্কৰ ভূঞা,
মৌচুমী দাস,
ঈশান জ্যোতি বৰা,
গীতাৰ্থ বৰদলৈ,
হিমাশ্ৰী বৰা,
পল্লবী দত্তবৰুৱা,
প্ৰিয়াংকুশ ডেকা,
ৰুমী বৰা
বিচাৰক পদক
দিব্য দত্ত,
চাণক্য কুমাৰ দাস






বিশেষ অভিলেখ
মে’-২০২৪ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৩,৩৯৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯৭ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১০০৫ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ৩৮ - - ১৫
ভাস্কৰ ভূঞা ৫৭ ৩৬৬ - -
হিমাশ্ৰী বৰা - - ১০০ - -
ঈশান জ্যোতি বৰা ৪০ - ২১ ৬৪ -
জ্যোতি চিৰিং ২৪ ৪০ - -
কুলধৰ ৰাভা - ২৬ ৪৩০ - ১৮
মৌচুমী দাস - ১৮২ - -
নয়ন জ্যোতি নাথ ৪৩ - ২৬
প্ৰণামিকা অধিকাৰী ১৩৯ - ১৩১ - ২১
১০ ৰুমি বৰা ৯২ ১২ ২৮ -
১১ অনামিকা(চুমু) বড়া ৪৬ ৪২৯ - -
১২ দিব্য দত্ত ১৫৯ - ১০৫ - ১৫৮


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।