ত্ৰিমূৰ্তি

(Trimurtiৰ পৰা পুনঃনিৰ্দেশিত)


ত্ৰিমূৰ্তি হৈছে হিন্দু ধৰ্মৰ এক ধাৰণা। ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই তিনিওজন ঈশ্বৰক সমূহীয়াভাৱে ‘ত্ৰিমূৰ্তি’ ৰূপে নামকৰণ কৰা হৈছে। ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা যিজনে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল আৰু পৃথিৱীত মানুহৰ নিৰ্মাণ কৰিছিল। সেয়ে সকলো প্ৰাণী আৰু সকলো বস্তুৰ পিতা বুলি কোৱা হয়। তাৰপিছত আছে বিষ্ণু, যিজনে এই ধৰাত মানুহৰ পালন কৰে তথা জীৱনৰ সকলো সমস্যাৰ কিদৰে সন্মুখীন হ’ব লাগে সেই শিক্ষা দিয়ে। সৰ্বশেষত আছে শিৱ অথবা "মহেশ্বৰ", যিজনে মানুহক তথা সৃষ্টিৰাজিৰ প্ৰয়োজন অনুসৰি সংহাৰ কৰে। আনহাতে এই তিনিজন হিন্দু সৃষ্টিদেৱতাৰ পত্নীসকলক একেলগে "ত্ৰিদেৱী" বুলি কোৱা হয়। এইসকল ত্ৰিদেৱী যথাক্ৰমে ত্ৰিমূৰ্তি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পত্নী সৰস্বতী, পালনকৰ্তা বিষ্ণুৰ পত্নী লক্ষ্মী আৰু সংহাৰকৰ্তা শিৱৰ পত্নী পাৰ্বতী

ত্ৰিমূৰ্তি
ইলোৰাৰ গুহাত খোদিত ত্ৰিমূৰ্তিৰ ছবি: (বাঁওফালৰ পৰা সোঁফাললৈ ক্ৰমে) ব্ৰহ্মা, বিষ্ণু আৰু শিৱ
ইলোৰাৰ গুহাত খোদিত ত্ৰিমূৰ্তিৰ ছবি: (বাঁওফালৰ পৰা সোঁফাললৈ ক্ৰমে) ব্ৰহ্মা, বিষ্ণু আৰু শিৱ
অধিকাৰ হিন্দুসকলৰ তিনিলোকৰ দেৱতা
দেৱনাগৰী त्रिमूर्ति
গোত্ৰ দেৱতা
দাম্পত্যসঙ্গী ত্ৰিদেৱী
Trimurti, Andhra Pradesh
Trimurti