(IPA:ɔ) অসমীয়া লিপিস্বৰবৰ্ণৰ প্ৰথম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'অ'ও এটি স্বৰধ্বনি, সেয়েহে 'অ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'অ'-ক এনেদৰে ⠁ (braille pattern dots-1) লিখা যায়।

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

যিহেতু ব্যঞ্জন বৰ্ণ স্বতন্ত্ৰকৈ উচ্চাৰণ কৰিব নোৱাৰি[2], সেয়ে ব্যঞ্জনবৰ্ণৰ লগত কোনো স্বৰবৰ্ণ যোগ কৰা হয়। সাধাৰণতে, যেতিয়া কোনো ব্যঞ্জনবৰ্ণৰ লগত কোনো 'কাৰ' যোগ কৰা নহয়, ব্যঞ্জন বৰ্ণটোৰ লগত 'অ' যোগ কৰা হয়। যেনে ক=ক্+অ আদি। 'অ'ৰ কোনো গৌণ চিন বা 'কাৰ' নাই।[3]

ইউনিক’ড সম্পাদনা কৰক

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+0985 U+0985 BENGALI LETTER A

'অ' পৰা আৰম্ভ হোৱা শব্দ সম্পাদনা কৰক

কিছু উদাহৰণ হ'ল-

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of স্বৰবৰ্ণ
  2. xobdo.org search result of ব্যঞ্জন বৰ্ণ
  3. ডাঃ দাস আৰু ডাঃ ভট্টাচাৰ্যৰ 'ৰচনা সঞ্চয়ন'ৰ ১৭ পৃষ্ঠাৰ পৰা লোৱা।
  4. বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)