অকণ
অকণ (ইংৰাজী: Akon) ১৯৮০ চনত মুক্তি পোৱা জি বি চি প্ৰডাকচনচৰ বেনাৰত নিৰ্মিত, গৌৰী বৰ্মন পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা চিৰঞ্জীলাল চৌধুৰীৰ। পৰিচালক গৌৰী বৰ্মনৰ কাহিনীৰ আধাৰত ছবিৰ চিত্ৰনাট্য লিখিছে নিৰোদ চৌধুৰীয়ে। অকণ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ।[1]
অকণ Akon | |
---|---|
![]() | |
পৰিচালক | গৌৰী বৰ্মন |
কাহিনী | গৌৰী বৰ্মন |
প্ৰযোজক | চিৰঞ্জীলাল চৌধুৰী |
অভিনয়ত | বিজয় শঙ্কৰ অনুপমা ভট্টাচাৰ্য |
চিত্ৰগ্ৰহণকাৰী | সুজিত সিংহ |
সম্পাদনা | ৰমেন ঘোষ |
সংগীত পৰিচালক | ভূপেন হাজৰিকা |
মুক্তি |
১২ ছেপ্তেম্বৰ ১৯৮০ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
কাহিনীৰ সাৰাংশ
সম্পাদনা কৰকঅকণ মাক-দেউতাক নাইকীয়া দুখীয়া সৰু ল’ৰা। চৌধুৰীৰ চৌহদতে আইতাকৰ সৈতে বাস কৰে। তাৰ দেউতাক জীয়াই থাকোঁতে চৌধুৰীৰ বাংলোত কাম কৰিছিল। সি দুখীয়া যদিও যথেষ্ট প্ৰাণচঞ্চল ল’ৰা। এবাৰ বন্ধত তাৰ লগৰ ল’ৰা-ছোৱালীবোৰক অসমৰ বিভিন্ন ঠাইত ফুৰাবলৈ নিয়াৰ সিদ্ধান্ত কৰা হয়, যাতে সিহঁতৰ ভূগোল, ইতিহাস, সংস্কৃতি আৰু সাধাৰণ জ্ঞান বাঢ়ে। তাৰবাবে এখন পৰ্যটন বাছৰ বন্দোৱস্ত কৰাৰ লগতে স্কুলৰ শিক্ষক দিবাকৰক সিহঁতৰ পথ-প্ৰদৰ্শকৰূপে যোৱাৰ অনুৰোধ কৰা হয়। অকণ যিহেতু অতিকৈ দুখীয়া, এতেকে সি তাৰ খৰচৰ পইচা দিব নোৱাৰে। আনহাতে লগৰবোৰেও তাক এৰি নাযায়। অৱশেষত সিহঁতে অলপ অলপ পইচা বৰঙণি তুলি অকণৰ ভাগৰ খৰচখিনি পৰিশোধ কৰিলে।[1]
ল’ৰা-ছোৱালীহঁতে বৰপেটা, হাজো, গুৱাহাটী, কাজিৰঙা, শিৱসাগৰ আদি বিভিন্ন ঠাই ফুৰিলে। বিভিন্ন দৌল-দেৱালয়, অৰণ্য, চিৰিয়াখানা, সংগ্ৰহালয়, চাহ বাগিছা আদি চালে। দিবাকৰ শৃঙ্খলাৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ। কিন্তু তেওঁৰ শিক্ষণ পদ্ধতি ব্যতিক্ৰমী। যাত্ৰাৰ সময়ছোৱাত সাধু, ঐতিহাসিক কাহিনী আদি কৈ ল’ৰা-ছোৱালীহঁতক শিক্ষা দিয়াৰ প্ৰয়াস কৰে।[1]
অকণ এখন সৰল অন্তৰৰ গৰাকী। ভয় কি সি নাজানে। কোনো কামতে পিছপৰি নিদিয়া স্বভাৱৰ। অকণৰ জনপ্ৰিয়তাই আবিৰক ঈৰ্ষাতুৰ কৰি তোলে। আবিৰে তাক প্ৰায়ে অপমানিত কৰাৰ চেষ্টা কৰে। কিন্তু অকণে অলপো খং নকৰি হাঁহিমুখে সামৰি থয়। ঘটনাক্ৰমে আবিৰ পাহাৰৰ শিখৰৰ পৰা পৰি যায়। অকণে আবিৰক বচাবলৈ চেষ্টা কৰে। আবিৰ বাচি যায়, কিন্তু অকণ পিচলি গৈ মৃত্যুমুখত পৰে।[1]
অকণৰ মৃতদেহ ঘৰলৈ লৈ অহা হয়। জীৱনৰ একমাত্ৰ সম্বল নাতিয়েকটোৰ মৃ্তদেহ দেখি আইতাক মূৰ্চ্ছা যায়। অকণৰ লগৰীয়াহঁত আইতাকৰ ওচৰ চাপি আহি কয় যে আজিৰ পৰা সিহঁতেই তেওঁৰ নাতি-নাতিনীয়েক।[1]
অভিনয় শিল্পী
সম্পাদনা কৰক- বিজয় শঙ্কৰ
- বিজু ফুকন
- পবিত্ৰ বৰকাকতি
- ৰঞ্জিত দাস
- মেহতাব হুছেইন
- ধৰণী চৌধুৰী
- অনিল দাস
- ভূপেন হাজৰিকা
- অনুপমা ভট্টাচাৰ্য
- বৰুণা চৌধুৰী
- মীনা বৰা
- অমলা কটকী
- গিৰি বুজৰবৰুৱা
- আৰতি দাস বৈৰাগী
- অৰিন্দম (শিশুশিল্পী)
- আবিৰ (শিশুশিল্পী)
- বুলবুল (শিশুশিল্পী)
- অসমী (শিশুশিল্পী)
- মণিকা (শিশুশিল্পী)
- ৰুলী (শিশুশিল্পী) আদি[1]
সংগীত
সম্পাদনা কৰকসঙ্গীত পৰিচালনা কৰাৰ উপৰিও ছবিৰ গীতকেইটা লিখিছে ভূপেন হাজৰিকাই। শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত এটা বৰগীতো ছবিখনত অন্তৰ্ভূক্ত কৰা হৈছে।[2][1]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ, ৰংপুৰ অভিমুখে আমি আগুৱাওঁ" | ভূপেন হাজৰিকা | কৃষ্ণা বৰ্মন, মুনীন, ভূপেন, মৃণালিনী | |||||||
2. | "আমি ভাইটি ভণ্টি নাই দেখোন, গণ্টি ইমানসোপা আমি আছোঁ কিমান যে ফূৰ্টি" | ভূপেন হাজৰিকা | কৃষ্ণা বৰ্মন, মুনীন, ভূপেন, মৃণালিনী | |||||||
3. | "কাজিৰঙা কাজিৰঙা কাজিৰঙা ভয়াৱহ নহয়, নহয় অভয়াৰণ্য" | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | |||||||
4. | "উদ্ধৱ বন্ধু মধুপুৰ ৰহল মুৰাৰী, কাহে নাহেৰি ৰহব অব জীৱন (বৰগীত)" | শ্ৰীমন্ত শঙ্কৰদেৱ | ভূপেন হাজৰিকা, কৃষ্ণা বৰ্মন |