অক্সফ'ৰ্ড বিশ্ববিদ্যালয়

অক্সফ'ৰ্ড বিশ্ববিদ্যালয় (ইংৰাজী: University of Oxford) ইংলেণ্ডৰ অক্সফ'ৰ্ড চহৰত অৱস্থিত এখন গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনত ১০৯৬ চনৰ পৰাই শিক্ষাদানৰ তথ্য পোৱা যায়।[1] ইয়াৰ ফলত এইখন ইংৰাজীভাষী দেশসমূহৰ ভিতৰত আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় আৰু আজিৰ দিনলৈ নিৰৱচ্ছিন্নভাৱে সক্ৰিয় হৈ থকা পুৰণি বিশ্ববিদ্যালয়ৰ শাৰীত দ্বিতীয় স্থান পাইছে।[1][11] ১১৬৭ চনৰ পৰা হেনৰি ২য়ে যেতিয়া পেৰিছ বিশ্ববিদ্যালয়ত ইংৰাজ শিক্ষাৰ্থীৰ নামভৰ্তি নিষিদ্ধ কৰিছিল, তেতিয়াৰ পৰা অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ দ্ৰুত বিকাশ হ'বলৈ ধৰে।[1] ১২০৯ চনত শিক্ষাৰ্থী আৰু অক্সফ'ৰ্ডৰ বাসিন্দাৰ মাজত মতানৈক্য হোৱাত কিছু ব্যক্তি উত্তৰ-পূৱৰ কেমব্ৰিজলৈ আহি নতুন বিশ্ববিদ্যালয় এখন স্থাপন কৰিলে। এইখনেই পিছলৈ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰূপে পৰিচিত হ'ল।[12] এই দুই প্ৰাচীন বিশ্ববিদ্যালয়ক একেলগে বুজাবলৈ প্ৰায়েই 'অক্সব্ৰিজ' শব্দটো ব্যৱহাৰ কৰা হয়। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ ইতিহাস আৰু প্ৰভাৱৰ বাবে ই আজিৰ দিনত বিশ্বৰ সবাতোকৈ গৰিমামণ্ডিত আৰু উচ্চমানৰ বিশ্ববিদ্যালয়বোৰৰ এখন ৰূপে পৰিগণিত হৈছে।[13][14]

অক্সফ'ৰ্ড বিশ্ববিদ্যালয়

অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰতীক
লেটিন: Universitas Oxoniensis
মূলমন্ত্ৰ Dominus illuminatio mea (লেটিন)
ইংৰাজীত মূলমন্ত্ৰ The Lord is my light
স্থাপিত প্ৰায় ১০৯৬ (1096)[1]
বৃত্তিদান £৫.৬ বিলিয়ন (মহাবিদ্যালয়সমূহক ধৰি) (২০১৭ চনৰ ৩১জুলাই পৰ্য্যন্ত)[4]
বাজেট £১.৪ বিলিয়ন (2016–17)[3]
আচাৰ্য দ্য লৰ্ড পেটাৰ্ন অৱ বাৰ্নছ্
উপাচাৰ্য লুইছ ৰিচাৰ্ডছন[5][6]
শৈক্ষিক কৰ্মচাৰী ১৭৯১[7]
শিক্ষাৰ্থী ২৩,১৯৫ (২০১৬)[8]
স্নাতক শিক্ষাৰ্থী ১১,৭২৮ (২০১৬)[8]
স্নাতকোত্তৰ শিক্ষাৰ্থী ১০,৯৪১ (২০১৬)[8]
আন শিক্ষাৰ্থী ৫০০[9]
স্থান অক্সফ'ৰ্ড, ইংলেণ্ড, যুক্তৰাজ্য
চৌহদ কলেজ টাউন
ৰং      অক্সফ'ৰ্ড ব্লু[10]
Athletics স্প'ৰ্টিং ব্লু
ভুক্তি IARU
ৰাছেল গ্ৰুপ
Europaeum
ইউৰোপীয় বিশ্ববিদ্যালয় সংগঠন(EUA)
গ'ল্ডেন ট্ৰায়েংগল
G5
লে'ৰু (LERU)
SES
ৱেবছাইট ox.ac.uk

এই বিশ্ববিদ্যালয়খন ৩৯ খন মহাবিদ্যালয় আৰু ৪টা ভাগত বিভক্ত কেইবাটাও একাডেমীক বিভাগক লৈ গঢ়ি উঠিছে।[15] বিশ্ববিদ্যালয়খনৰ অধীনত থাকিলেও এই মহাবিদ্যালয়বোৰ স্বপৰিচালিত শিক্ষানুষ্ঠান, মহাবিদ্যালয়বোৰে স্বাধীনভাৱে নিজৰ সদস্যভুক্তি নিয়ন্ত্ৰণ কৰে আৰু এইবোৰৰ নিজা নিজা পৰিচালনা নীতি আৰু কাৰ্য্যকলাপ আছে।[16] অক্সফ'ৰ্ডৰ কোনো মূল চৌহদ নাই, ইয়াৰ অট্টালিকা আৰু সা-সুবিধাসমূহ চহৰৰ কেন্দ্ৰস্থলৰ গোটেই অংশত বিস্তৃত হৈ আছে। অক্সফ'ৰ্ডত নিম্নস্নাতক বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক অধ্যাপক আৰু বিভাগৰ পৰা পাঠদান, বক্তৃতা, চেমিনাৰৰ জৰিয়তে শিক্ষাদান কৰাৰ উপৰি পৰীক্ষাগাৰত কৰিবলগীয়া কামো দিয়া হয়। অক্সফ'ৰ্ডৰ আন এটা বৈশিষ্ট্য হৈছে যে ইয়াৰ অন্তৰ্গত মহাবিদ্যালয় আৰু হলবোৰত সাপ্তাহিক টিউটৰিয়েলৰ জৰিয়তেও শিক্ষাদান কৰা হয়। স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভাগ আৰু অধ্যাপকৰ ফালৰ পৰাও টিউটৰিয়েলৰ আয়োজন কৰা হয়। অক্সফ'ৰ্ডতে বিশ্বৰ সবাতোকৈ পুৰণি বিশ্ববিদ্যালয় সংগ্ৰহালয়টো আছে। লগতে বিশ্বৰ সৰ্ববৃহৎ বিশ্ববিদ্যালয় প্ৰকাশন[17] আৰু দেশখনৰ ভিতৰত ডাঙৰ শিক্ষানুষ্ঠানিক পুথিভঁৰালৰ[18] অধিকাৰী হোৱাৰ কৃতিত্বও অক্সফ'ৰ্ডৰ দখলতে আছে। এই বিশ্ববিদ্যালয়খন বিশ্বৰ উৎকৃষ্টতম বিশ্ববিদ্যালয়ৰ তালিকাত ধাৰাবাহিকভাৱে স্থান দখল কৰি আহিছে।

২০১৬ চনৰ তথ্য অনুসৰি, টাইমছ্ হায়াৰ এডুকেশ্বন ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিঙত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ে শীৰ্ষস্থান লাভ কৰিছিল। কি.এছ. আৰু ইউ.এছ. নিউজ উভয়ৰ সমীক্ষা মতে বিশ্ববিদ্যালয়খন পঞ্চম স্থানত আছিল। অক্সফ'ৰ্ডতে শিক্ষা লাভ কৰি বহুতো প্ৰসিদ্ধ লোক ওলাই গৈছে। ইয়াৰ ভিতৰত যুক্তৰাজ্যৰ ২৭ জনকৈ প্ৰধানমন্ত্ৰী আৰু গোটেই পৃথিৱীৰ বহুতো ৰাজনৈতিক নেতা আৰু চৰকাৰৰ মূৰব্বীও আছে। ২০১৮ চনলৈ সামৰি লোৱা তথ্য অনুসৰি ৬৯ গৰাকী ন'বেল বঁটাপ্ৰাপক, ৩ গৰাকী ফিল্ডছ মেডেল বিজয়ী আৰু ৬ গৰাকী টিউৰিং এৱাৰ্ড বিজয়ীয়ে এই বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিছিল, শিক্ষকতা কৰিছিল অথবা বিশ্ববিদ্যালয়খনত অতিথি সদস্যৰূপে জড়িত আছিল। বিশ্ববিদ্যালয়খনৰ পৰা ওলাই যোৱা শিক্ষাৰ্থীয়ে ১৬০ টা অলিম্পিক পদকো লাভ কৰিছে। অক্সফ'ৰ্ডৰ পৰাই বিশ্বৰ পুৰণি আন্তৰ্জাতিক বৃত্তিবোৰৰ মাজৰ অন্যতম ৰডছ্ বৃত্তি প্ৰদান কৰা হয়।[19]

ইতিহাস সম্পাদনা কৰক

প্ৰতিষ্ঠাকাল সম্পাদনা কৰক

 
বালিয়ল কলেজ- বিশ্ববিদ্যালয়খনৰ অন্তৰ্ভুক্ত সবাতোকৈ পুৰণি কলেজবোৰৰ অন্যতম

অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কোনো সুনিৰ্দিষ্ট প্ৰতিষ্ঠা দিৱস নাই। অক্সফ'ৰ্ডত ১০৯৬ চনৰ পৰাই শিক্ষাদানৰ তথ্য পোৱা যায়, কিন্তু এইখন কেতিয়াৰ পৰা বিশ্ববিদ্যালয়ৰূপে পৰিগণিত হ'ল সেইটো অস্পষ্ট। ১১৬৭ চনত যেতিয়া ইংৰাজ শিক্ষাৰ্থীবোৰে পেৰিছ বিশ্ববিদ্যালয়ৰ পৰা গুচি আহিল, তেতিয়াৰ পৰা অক্সফ'ৰ্ডৰ দ্ৰুত বিকাশ হ'বলৈ ধৰিলে।

চৌহদ আৰু অৱস্থান সম্পাদনা কৰক

মূল চৌহদ সম্পাদনা কৰক

এই বিশ্ববিদ্যালয়খন এখন চহৰকেন্দ্ৰিক বিশ্ববিদ্যালয়, অৰ্থাৎ ইয়াৰ কোনো মূল চৌহদ নাই। তাৰ পৰিৱৰ্তে বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়, বিভাগ, আৱাসগৃহ আৰু অন্যান্য সা-সুবিধাসমূহ গোটেই চহৰখনৰে কেন্দ্ৰ অঞ্চলত বিস্তৃত হৈ আছে। অধিকাংশ বিজ্ঞান বিভাগ অৱস্থিত বিজ্ঞান ক্ষেত্ৰখনৰেই এটা চৌহদৰ লগত সবাতোকৈ বেছি মিল আছে। চহৰখনৰ উত্তৰ-পশ্চিম দিশত দহ একৰজুৰি (৪ হেক্টৰ) থকা ৰেডক্লিফ অৱজাৰ্ভেটৰি কোৱাৰ্টাৰটো এতিয়া নিৰ্মীয়মাণ অৱস্থাত আছে। অক্সফ'ৰ্ডৰ অন্তৰ্গত ডাঙৰ ডাঙৰ মহাবিদ্যালয়সমূহৰ কালিও প্ৰায় সমপৰ্য্যায়ৰ।

বিশ্ববিদ্যালয়খনৰ উল্লেখযোগ্য অট্টালিকাসমূহৰ ভিতৰত ৰেডক্লিফ কেমেৰা, শ্বেলডনিয়ান থিয়েটাৰ আদিৰ নাম ল'ব পাৰি। শ্বেলডনিয়ান থিয়েটাৰটো সংগীতানুষ্ঠান, বক্তৃতানুষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক কাৰ্য্যসূচীসমূহৰ বাবে ব্যৱহাৰ কৰা হয়। একজামিনেশ্বন স্কুলত পৰীক্ষা আৰু কিছু বক্তৃতাও অনুষ্ঠিত হয়। শ্বেলডনিয়ান ভৱনটো নিৰ্মাণৰ পূৰ্বে অক্সফ'ৰ্ডৰ কাৰ্য্যসূচীসমূহ দ্য ইউনিভাৰ্ছিটী চাৰ্ছ অৱ্ চে'ন্ট মেৰি দা ভাৰ্জিনত সম্পন্ন কৰা হৈছিল।

উদ্যান সম্পাদনা কৰক

 
শাৰদীয় বতৰত অক্সফ'ৰ্ড বোটানিকেল গাৰ্ডেনৰ দৃশ্য

৭০ একৰ (২৮ হেক্টৰ) ভূমিৰে বিশ্ববিদ্যালয়ৰ উদ্যান অঞ্চলটো চহৰখনৰ উত্তৰ-পূৱ অংশত অৱস্থিত। উদ্যানৰ কাষতে আছে কেবল কলেজ, ছমাৰভিল কলেজ আৰু লেডি মাৰ্গাৰেট হল। দিনৰ ভাগত উদ্যানবোৰ সাধাৰণ জনতাৰ দৰ্শনৰ বাবে মুকলি ৰখা হয়। উদ্যানবোৰত বাগিছা আৰু নানান তৰহৰ গছৰ উপৰি বহুতো খেলপথাৰো আছে। এইসমূহত বিশ্ববিদ্যালয়ৰ ভালেমান আনুষ্ঠানিক আৰু অনানুষ্ঠানিক কাম-কাজসমূহ চলোৱা হয়।

হাই ষ্ট্ৰিটত অৱস্থিত বোটানিকেল গাৰ্ডেনখন ইংলেণ্ডৰ সবাতোকৈ পুৰণি বোটানিকেল গাৰ্ডেন। ১.৮ হেক্টৰ (৪.৫ একৰ) আগুৰা এই গাৰ্ডেনখনত ৮০০০ৰো বেছি প্ৰজাতিৰ উদ্ভিদ পোৱা যায়।

মহাবিদ্যালয়সমূহ সম্পাদনা কৰক

অক্সফ'ৰ্ডৰ অন্তৰ্গত মহাবিদ্যালয়সমূহ হৈছে :[16]

  •   অল ছ'লছ্
  •   বাল্লিয়ল
  •   ব্ৰাছিন'জ
  •   খ্ৰিষ্ট চাৰ্ছ্
  •   কৰ্পাছ খ্ৰিষ্টি
  •   একজিটাৰ
  •   গ্ৰীণ টেম্প্লেটন
  •   হেৰিছ মানচেষ্টাৰ
  •   হাৰ্টফ'ৰ্ড
  •   যীশু কলেজ
  •   কেবল
  •   কেল্লগ
  •   লে'ডী মাৰ্গাৰে'ট হল
  •   লিনাকৰ
  •   লিংকন
  •   মেগডালেন
  •   মেন্সফিল্ড
  •   মাৰ্টন
  •   নিউ কলেজ
  •   নাফিল্ড
  •   অৰিয়েল
  •   পেমব্ৰক
  •   কুইন্স্
  •   ছমাৰভিল
  •   চে'ন্ট এন্স্
  •   চে'ন্ট এন্টনিছ্
  •   চে'ন্ট কেথেৰিন্স্
  •   চে'ন্ট ক্ৰছ্
  •   চে'ন্ট এডমাণ্ড হল
  •   চে'ন্ট হিলডাছ্
  •   চে'ন্ট হিঊজ
  •   চে'ন্ট জনছ্
  •   চে'ন্ট পিটাৰ্ছ্
  •   ত্ৰিণিটি
  •   ইউনিভাৰ্ছিটি
  •   ৱাধাম
  •   ৱফছন
  •   ৱৰ্ছেষ্টাৰ

স্থায়ী ব্যক্তিগত আৱাসসমূহ (পাৰ্মানেন্ট প্ৰাইভেট হল বা চমুকৈ PPH) বিভিন্ন খ্ৰীষ্টান সম্প্ৰদায়ে প্ৰতিষ্ঠা কৰিছিল। মহাবিদ্যালয় আৰু 'পিপিএইচ'সমূহৰ মাজত থকা এটা পাৰ্থক্য হৈছে - মহাবিদ্যালয়সমূহ তাত কৰ্মৰত অধ্যাপক-অধ্যাপিকাসকলে পৰিচালনা কৰে। আনহাতে 'পিপিএইচ'সমূহৰ পৰিচালনাৰ ভাৰ আংশিকভাৱে হ'লেও ইয়াৰ প্ৰতিষ্ঠাপক সম্প্ৰদায়সমূহৰ হাতত থাকে। সম্প্ৰতি অক্সফ'ৰ্ডৰ অধীনস্থ স্থায়ী ব্যক্তিগত আৱাস ছয়খন হৈছে :

  •   ব্লেকফ্ৰায়াৰ্ছ্
  •   কেম্পিয়ন
  •   ৰিজেন্টছ্ পাৰ্ক
  •   চে'ন্ট ষ্টিফেনছ্ হাউছ
  •   ৱাইক্লিফ্

উল্লেখনীয় শিক্ষাৰ্থী সম্পাদনা কৰক

অক্সফ'ৰ্ডৰ দীঘলীয়া ইতিহাসত ইয়াৰ অনেক শিক্ষাৰ্থীয়ে ('অক্স'নিয়ান' বুলি জনাজাত) বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। ন'বেলৰ ৬টা শাখা মিলি সৰ্বমুঠ ৬৯ গৰাকী লোকে ন'বেল বঁটা পাইছে, যিয়ে অক্সফ'ৰ্ডত পঢ়িছিল অথবা শিক্ষাদান কৰিছিল। এজন ব্যক্তি নিম্ন স্নাতক, স্নাতক শিক্ষাৰ্থী অথবা সদস্য হিচাপে অক্সফ'ৰ্ডৰ দুই বা ততোধিক মহাবিদ্যালয়ৰ লগত জড়িত থাকিব পাৰে। অক্সফ'ৰ্ডৰ পৰা ওলাই যোৱা উল্লেখনীয় শিক্ষাৰ্থীৰ বিষয়ে অধিক জানিবলৈ এই মহাবিদ্যালয়সমূহৰ বিষয়ে তথ্য বিচৰা প্ৰয়োজন।

ৰাজনীতি সম্পাদনা কৰক

অক্সফ'ৰ্ডত শিক্ষাগ্ৰহণ কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী
ৱিলিয়াম এৱাৰ্ট গ্লেডষ্ট'ন, খ্ৰিষ্ট চাৰ্ছ্, অক্সফ'ৰ্ড
মাৰ্গাৰেট থেচ্ছাৰ, ছমাৰভিল কলেজ, অক্সফ'ৰ্ড
অক্সফ'ৰ্ডত শিক্ষাগ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় নেতা
আং চান চ্যু কি, চে'ন্ট হিউজ কলেজ, অক্সফ'ৰ্ড
ইন্দিৰা গান্ধী, ছমাৰভিল কলেজ, অক্সফ'ৰ্ড
বিল ক্লিন্টন, য়ুনিভাৰ্ছিটি কলেজ, অক্সফ'ৰ্ড

২৭ গৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে অক্সফ'ৰ্ডত শিক্ষাগ্ৰহণ কৰিছিল। ১০০তকৈ অধিক শিক্ষাৰ্থী ব্ৰিটিছ সংসদ 'হাউছ অৱ্ কমন্স'লৈ মনোনীত হৈছিল। ইয়াৰোপৰি আন ত্ৰিশগৰাকীতকৈ অধিক বিদেশী নেতাই অক্সফ'ৰ্ডত শিক্ষালাভ কৰিছিল।

গণিত আৰু বিজ্ঞান সম্পাদনা কৰক

অক্সফ'ৰ্ডত অধ্যয়ন কৰা বিজ্ঞানী
ষ্টিফেন হকিং, য়ুনিভাৰ্ছিটি কলেজ
টিম বাৰ্নাৰ্ছ লী, দ্য কুইনছ্ কলেজ, অক্সফ'ৰ্ড

অক্সফ'ৰ্ডৰ তিনিগৰাকী গণিতজ্ঞ -মাইকেল আটিয়াহ, ডেনিয়েল কুইলেন আৰু ছাইমন ড'নাল্ডছনে গণিতৰ ন'বেলৰূপে পৰিচিত ফিল্ডছ মেডেল লাভ কৰিছে। ফাৰ্মাৰ শেষ উপপাদ্য প্ৰমাণ কৰা গণিতজ্ঞ এন্দ্ৰিউ ৱাইলছে অক্সফ'ৰ্ডতে শিক্ষাগ্ৰহণ কৰিছিল। এতিয়া তেওঁ অক্সফ'ৰ্ডৰে গণিত বিভাগৰ 'ৰেজিয়াছ প্ৰফেছৰ' আৰু 'ৰয়েল চ'ছাইটি ৰিচাৰ্ছ প্ৰফেছৰ'।

এই বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত ১১ গৰাকীয়ে ৰসায়ন বিজ্ঞান, ৫ গৰাকীয়ে পদাৰ্থবিজ্ঞান আৰু ১৬ গৰাকীয়ে চিকিৎসা বিজ্ঞান বিষয়ত ন'বেল বঁটা পাইছে।

ৰিচাৰ্ড ড'কিনছ্ আৰু ফ্ৰেডেৰিক ডকিন্সে অক্সফ'ৰ্ডত অধ্যয়ন কৰিছিল আৰু পিছলৈ গৱেষণাৰ বাবে পুনৰ বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত হৈ পৰিছিল। ৰবাৰ্ট হুক, এডৱিন হাবল আৰু ষ্টিফেন হকিঙেও অক্সফ'ৰ্ডতে শিক্ষালাভ কৰিছিল। অক্সফ'ৰ্ডত কিছুকাল কটাই যোৱা প্ৰখ্যাত বিজ্ঞানীৰ ভিতৰত আপেক্ষিকতাবাদ তত্ত্বৰ আৱিষ্কাৰক এলবাৰ্ট আইনষ্টাইন আৰু শ্ৰুদিনঞ্জাৰ সমীকৰণৰ সংজ্ঞাৱদ্ধকাৰী আৰৱিন শ্ৰুদিনঞ্জাৰৰ নাম বিশেষভাৱে উল্লেখযোগ্য।


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Introduction and History". University of Oxford. http://www.ox.ac.uk/about/organisation/history। আহৰণ কৰা হৈছে: 21 October 2014. 
  2. "Oxford University Colleges Financial Statements 2017". http://d307gmaoxpdmsg.cloudfront.net/collegeaccounts1617/aggregated.pdf. 
  3. 3.0 3.1 "Financial Statements 2016/17". University of Oxford. https://www.ox.ac.uk/sites/files/oxford/field/field_document/University%20Financial%20Statements%202016-2017.pdf। আহৰণ কৰা হৈছে: 16 May 2018. 
  4. Colleges £4,602.8M,[2] University (consolidated) £989.4M[3]
  5. "Declaration of approval of the appointment of a new Vice-Chancellor". Oxford University Gazette (University of Oxford): পৃষ্ঠা 659. 25 June 2015. Archived from the original on 30 June 2015. https://web.archive.org/web/20150630002022/http://www.ox.ac.uk/gazette/2014-2015/25june2015-no5102/congregation/#209928। আহৰণ কৰা হৈছে: 28 June 2015. 
  6. "New Vice-Chancellor pledges 'innovative, creative' future for Oxford". News and Events. University of Oxford. 4 January 2016. http://www.ox.ac.uk/news/2016-01-04-new-vice-chancellor-pledges-%E2%80%98innovative-creative%E2%80%99-future-oxford। আহৰণ কৰা হৈছে: 6 January 2016. 
  7. "Headcount by staff group". Data for 2015 booklet. 2015. http://www.admin.ox.ac.uk/media/global/wwwadminoxacuk/localsites/personnel/documents/factsandfigures/staffingfigures2015/Data_for_2015_booklet.pdf. 
  8. 8.0 8.1 8.2 "Student Numbers". University of OxfordUniversity of Oxford. https://www.ox.ac.uk/about/facts-and-figures/student-numbers?wssl=1। আহৰণ কৰা হৈছে: 15 June 2016. 
  9. "Supplement (1) to No. 5049 – Student Numbers 2013" (PDF). Oxford University Gazette (Oxford: University of Oxford). 12 February 2013. Archived from the original on 26 August 2014. https://web.archive.org/web/20140826115212/http://www.ox.ac.uk/media/global/wwwoxacuk/localsites/gazette/documents/supplements2013-14/Student_Numbers_2013_-_(1)_to_No_5049.pdf। আহৰণ কৰা হৈছে: 21 July 2014. 
  10. "The brand colour – Oxford blue". Ox.ac.uk. Archived from the original on 24 May 2013. https://web.archive.org/web/20130524062108/http://www.ox.ac.uk/branding_toolkit/the_brand_colours/। আহৰণ কৰা হৈছে: 16 August 2013. 
  11. Sager, Peter (2005). Oxford and Cambridge: An Uncommon History. পৃষ্ঠা. 36. 
  12. "Early records". University of Cambridge. http://www.cam.ac.uk/about-the-university/history/early-records. 
  13. "World's most prestigious universities 2016" (en ভাষাত). Times Higher Education (THE). 2016-05-04. https://www.timeshighereducation.com/world-university-rankings/worlds-most-prestigious-universities-world-reputation-rankings-2016-results. 
  14. "World University Rankings" (en ভাষাত). Times Higher Education (THE). 2017-08-18. https://www.timeshighereducation.com/world-university-rankings/2018/world-ranking#!/page/0/length/25/sort_by/rank/sort_order/asc/cols/stats. 
  15. "Oxford divisions". University of Oxford. Archived from the original on 20 October 2013. https://web.archive.org/web/20131020114217/http://www.ox.ac.uk/divisions/index.html। আহৰণ কৰা হৈছে: 26 November 2013. 
  16. 16.0 16.1 "Colleges and Halls A-Z". University of Oxford. Archived from the original on 27 August 2011. https://web.archive.org/web/20110827214407/http://www.ox.ac.uk/colleges/colleges_and_halls_az/index.html। আহৰণ কৰা হৈছে: 4 October 2008. 
  17. Balter, Michael (16 February 1994). "400 Years Later, Oxford Press Thrives". The New York Times. https://www.nytimes.com/1994/02/16/news/16iht-presseduc.html। আহৰণ কৰা হৈছে: 28 June 2011. 
  18. "Libraries". University of Oxford. Archived from the original on 16 December 2012. https://www.webcitation.org/6CxjD4pNq?url=http://www.ox.ac.uk/research/libraries/index.html. 
  19. "Rhodes Scholarships". rhodeshouse.ox.ac.uk. Archived from the original on 19 October 2012. https://web.archive.org/web/20121019065901/http://www.rhodeshouse.ox.ac.uk/about। আহৰণ কৰা হৈছে: 25 July 2010.