মূল মেনু খোলক


অণুজীৱবিজ্ঞান (Microbiology) চকুৰে মণিব নোৱাৰা জীৱ বা জীৱসদৃশ কণাৰ জীৱন প্ৰণালী, ইহঁতৰ প্ৰভাৱ, প্ৰতিৰোধ আৰু শৰীৰে এনে জীৱৰ প্ৰতি দেখুওৱা প্ৰতিক্ৰিয়াৰ অধ্যয়ন।[1] এই বিষয়ৰ ক্ষুদ্ৰ জীৱ যেনে, ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, পেলু ইত্যাদি সাঙুৰি লোৱা হয়। প্ৰিঅ'নৰ দৰে অজীৱ কিন্তু জীৱিন্ত লক্ষণ থকা কণাসমূহকো এই বিজ্ঞানৰ ভিতৰতে অধ্যয়ন কৰা হয়। শৰীৰে অনুজীৱৰ সংক্ৰমণৰ প্ৰতি প্ৰতিৰোধী ব্যৱস্থাৰে (Immune System) প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অণুজীৱবিজ্ঞানৰ আওতাতে প্ৰতিৰোধী ব্যৱস্থাও অধয়্যন কৰা হয়। অধ্যয়নৰ বিষয় ভেদে অণুজীৱবিজ্ঞানক ভাইৰ'লজী, বেক্টেৰিঅ'লজী, পেৰাছাইট'লজী, মাইক'লজী, ইম্যুনোলজী আদি ভাগত ভগোৱা হৈছে। অধ্যয়নৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি অণুজীৱবিজ্ঞানক চিকিৎসা অণুজীৱবিজ্ঞান, কৃষি অণুজীৱবিজ্ঞান, ঔষধি অণুজীৱবিজ্ঞান ইত্যাদি বহুতো ভাগত ভাগ কৰা হৈছে। চিকিৎসা অণুজীৱবিজ্ঞানত মানৱ দেহত ৰোগৰ সৃষ্টি কৰিব পৰা অণুজীৱ বিলাকৰ বিষয়ে অধ্যয়ন কৰা হয়। তেনেকৈ কৃষিৰ ক্ষেত্ৰত বেমাৰ সৃষ্টি কৰিব পৰা অণুজীৱৰ অধ্যয়ন কৰা হয় কৃষি অণুজীৱবিজ্ঞানত।

অণুজীৱবিজ্ঞানৰ বিশেষজ্ঞ সকলক মাইক্ৰ'বায়োলজিষ্ট বোলা হয়।

ইতিহাসসম্পাদনা কৰক

তথ্য উৎসসম্পাদনা কৰক

  1. http://www.britannica.com/EBchecked/topic/380246/microbiology আহৰণ কৰা তাৰিখঃ ০৬-০৩-২০১২