অনুপম শইকীয়া (গণিতজ্ঞ)

অসমৰ গণিতজ্ঞ আৰু অধ্যাপক

অনুপম শইকীয়া এজন ভাৰতীয় গণিতজ্ঞ আৰু বৰ্তমান তেওঁ আই আই টি, গুৱাহাটীৰ গণিত বিভাগৰ এজন অধ্যাপক।[1] পাটীগাণিতীক সংখ্যা তত্ত্বৰ লগত জড়িত গৱেষণা, বিশেষকৈ ইৱাছাৱা তত্ত্ব আৰু p-adic পৰিমাপৰ বাবে তেখেত জনাজাত। গাণিতিক সংকেত বিদ্যাৰ বিষয়তো তেওঁৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছে।[2] ট্ৰিনিটি কলেজৰ ট্ৰাইপজ পাঠ্যক্ৰমত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰেংলাৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া হৈছে অনুপম শইকীয়া।[3]

অনুপম শইকীয়া
জন্ম অসম, ভাৰত
বাসস্থান ভাৰত
নাগৰিকত্ব ভাৰতীয়
শিক্ষানুষ্ঠান
জনা যায় পাটীগাণিতীক সংখ্যা তত্ত্ব

শৈশৱ আৰু শিক্ষা জীৱন সম্পাদনা কৰক

শৈশৱকাল খেল-ধেমালিৰ মাজেৰে পাৰ হোৱা অনুপম শইকীয়াৰ শিক্ষাজীৱন আৰম্ভ হৈছিল গোলাঘাটৰ চান্দমাৰি নিম্ন বুনিয়াদী বিদ্যালয়ত। বিদ্যালয়ৰ শিক্ষাগুৰু হাতী বৰুৱাৰ অনুশাসনে শইকীয়াৰ জীৱনত প্ৰভাৱ পেলাইছিল। অনুপম শইকীয়াক গণিতৰ প্ৰতি আকৃষ্ট কৰিছিল শৈশৱতে দেউতাকে ধেমালিৰ ছলেৰে দিয়া মৌখিক আৰু গাণিতিক সমস্যাবোৰে।[3]

সপ্তমমানলৈকে শইকীয়াৰ ক্ৰিকেট, বেডমিণ্টন, কেৰম আদিত পঢ়া-শুনাতকৈ অধিক ধাউতি আছিল।[3]এম ই বৃত্তি পৰীক্ষাত তেওঁ যোৰহাট জিলাৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছিল। আশা নকৰাকৈ লাভ কৰা এই ফলাফলে তেওঁৰ জীৱনৰ দিশ সলাই দিয়ে। তেতিয়াৰ পৰাই তেওঁ নিষ্ঠাৰে অধ্যয়নৰ জগতত সোমাই পৰে। অষ্টমমানৰ পৰা দশমমানলৈকে সময়চোৱাত তেওঁৰ শিক্ষাগুৰু জেহিৰুল হুচেইনে পাঠ্যপুথিৰ বাহিৰেও হাততে পোৱা যিকোনো কিতাপৰে পৰা গাণিতিক সমস্যাবোৰ সমাধান কৰিবলৈ দি তেওঁক উদগনি দিছিল।[3] ১৯৮৯ চনত গোলাঘাটৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অনুপম শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰে। তাৰ পিছত তেওঁ গুৱাহাটীকটন মহাবিদ্যালয়ৰ পৰা প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হয়। অসম গণিত শিক্ষায়তনৰ দ্বাৰা আয়োজিত ৰিজিঅ'নেল মেথেমেটিকেল অলিম্পিয়াডত দশম শ্ৰেণীত দ্বিতীয় আৰু পিছৰ দুবছৰত প্ৰথম স্থান লাভ কৰিছিল অনুপম শইকীয়াই।[3]১৯৯১ চনত দিল্লীৰ ষ্টিফেন কলেজত গণিত শাস্ত্ৰত স্নাতক ডিগ্ৰীৰ বাবে অধ্যয়ন কৰে। তাত তেওঁ কেৰম চেম্পীয়ন আৰু দবা টীমৰ খেলুৱৈ আছিল। ১৯৯৪ চনত বি এছ চি ডিগ্ৰী লৈ কেমব্ৰিজৰ ট্ৰিনিটি কলেজত যোগদান কৰে আৰু ১৯৯৬ চনত ৰেংলাৰ হয়।[4] ১৯৯৭ চনত তেওঁ ট্ৰিনিটি কলেজৰ পৰা গণিতত উচ্চ শিক্ষা সাং কৰে আৰু তাৰ পাছত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ বিমূৰ্ত গণিত আৰু গাণিতিক পৰিসংখ্যা বিভাগত পি এইচ ডি আৰম্ভ কৰে। ২০০১ চনত তাৰ পৰা তেওঁ জ'ন ক'টচ‌ৰ অধীনত Iwasawa Theory of Lubin-Tate Division Towers and p-Adic L-Functions শীৰ্ষক গৱেষণা পত্ৰৰ বাবে পি এইচ ডি ডিগ্ৰী লাভ কৰে।[5] ট্ৰিনিটি কলেজত থকা সময়তে তেওঁ মাইকেল আটিয়া, এলান বেকাৰ, ৰিচাৰ্ড বৰচাৰ্ডছ আদি ফিল্ডছ মেডেল বিভূষিত গণিতজ্ঞসকলৰ সান্নিধ্যলৈ আহে।[3]

পি এইচ ডিৰ পিছত তেওঁ প্ৰথমে এবছৰ ফ্ৰান্সত আই এইচ ই এছ বুলি এটা গৱেষণা প্ৰতিষ্ঠানত হ'জ ফেলশ্বিপৰূপে যোগদান কৰে। তাৰ পিছৰ তিনি বছৰ কানাডাৰ মেকগীল বিশ্ববিদ্যালয়ত অনুপম শইকীয়াই পষ্ট ডক্টৰেল গৱেষণাৰ লগতে শিক্ষকতা কৰে।[6]তাৰ পিছত তেওঁ ভাৰতলৈ ঘূৰি আহে।[3]

কৰ্ম জীৱন সম্পাদনা কৰক

আই আই টি বম্বেত কিছুদিন থকাৰ পিছত ২০০৫ চনৰ পৰা আই আই টি গুৱাহাটীত প্ৰবক্তা হিচাপে যোগদান কৰা অনুপম শইকীয়া ২০১৫ চনত প্ৰাধ্যাপক হৈ পৰে। আই আই টি গুৱাহাটীত তেওঁ বিভিন্ন সময়ত কেইবাটাও প্ৰশাসনিক পদত অধিষ্ঠিত হয়। অনুপম শইকীয়া এজন ভাল খেলুৱৈও। ১৯৯৯ চনত তেওঁ ট্ৰিনিটি কলেজৰ বেডমিণ্টন দলৰ দলপতি আছিল, আৰু ক্ৰিকেট দলটোৰো এগৰাকী সদস্য আছিল। তেওঁৰ দবা আৰু কেৰম খেলতো ৰাপ আছে।[7]তেওঁ পত্নী আৰু সন্তানৰ সৈতে গুৱাহাটীত থাকে।[8]

বঁটা আৰু সন্মান সম্পাদনা কৰক

অনুপম শইকীয়াই তেখেতৰ জীৱনত বহুতো বৃত্তি আৰু পুৰস্কাৰ লাভ কৰিছে।

  1. কেমব্ৰিজত অধ্যয়নৰ বাবে তেওঁ ৰামানুজন বৃত্তি লাভ কৰিছিল যিটো এবছৰত মাত্ৰ এজন ভাৰতীয় শিক্ষাৰ্থীকহে প্ৰদান কৰা হয়।
  2. ১৯৯৯ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পি এইচ ডিৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বছৰেকীয়া গাণিতিক ৰচনা প্ৰতিযোগিতাত অনুপম শইকীয়াই স্মিথ আৰু নাইট বঁটা লাভ কৰিছিল।
  3. স্নাতকোত্তৰ গৱেষণাৰ ২০০০-২০০১ চনৰ কাম-কাজৰ বাবে কেমব্ৰিজৰ ট্ৰিনিটি কলেজে তেওঁক চিনিয়ৰ ৰাউছবল স্কলাৰশ্বিপ (Senior Rouseball Scholarship) প্ৰদান কৰিছিল।[4]

পেচাগত অৱদান সম্পাদনা কৰক

অনুপম শইকীয়াই বৰ্তমানলৈকে ইৱাছাৱা তত্ত্ব, p-adic পৰিমাপ, চাইক্লটমিক ফিল্ড আৰু অয়লাৰ ব্যৱস্থা বিষয়ক জড়িত বহুতো গৱেষণা পত্ৰ লিখিছে।[9] তেওঁৰ তত্ত্বাৱধানত ৬জন শিক্ষাৰ্থীয়ে পি এইচ ডি কৰিছে। অসমৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ অন্যান্য ঠাইতো অনুপম শইকীয়াই বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বহুতো জনপ্ৰিয় বক্তৃতা প্ৰদান কৰিছে। ইৱাছাৱাৰ মূল ধাৰণা আৰু ব্লছ-কাটো ধাৰণাৰ ৱাইলছৰ প্ৰমাণ সম্পৰ্কীয় সন্মিলনৰ খতিয়ানৰো দুটা সংখ্যা তেওঁ সম্পাদনা কৰিছিল।[10]

তেওঁ ৰামানুজন গণিত সংস্থাৰ আলোচনী আৰু ভাৰতৰ গণিত শিক্ষক সংস্থাৰ প্ৰচাৰপত্ৰ(Bulletin of the Mathematics Teachers' Association)ৰ সম্পাদকীয় সমিতিৰ সদস্য।[11][12]

গ্ৰন্থৰাজি সম্পাদনা কৰক

  1. The Bloch–Kato Conjecture for the Riemann Zeta Function, Cambridge University Press, 2015, 65-96 pp. আই.এচ.বি.এন. 9781316163757 [13]

গৱেষণা-পত্ৰ সম্পাদনা কৰক

  1. Saikia, Anupam (26 March 2001). "Mathematical Proceedings of the Cambridge Philosophical Society Article contents Abstract A simple proof of a lemma of Coleman". Mathematical Proceedings of the Cambridge Philosophical Society খণ্ড 130 (2): 209 - 220. doi:https://doi.org/10.1017/S0305004100004953. https://www.cambridge.org/core/journals/mathematical-proceedings-of-the-cambridge-philosophical-society/article/abs/simple-proof-of-a-lemma-of-coleman/2D07ECF0C1DAC034779899BD69DAFCF1. 
  2. Barman, Rupam; Saikia, Anupam (2010). "IWASAWA λ-INVARIANTS AND Γ-TRANSFORMS OF p-ADIC MEASURES ON formula Z^n_p". International Journal of Number Theory খণ্ড 06: 1819-1829. doi:https://doi.org/10.1142/S1793042110003824. https://www.worldscientific.com/doi/abs/10.1142/S1793042110003824. 
  3. Barman, Rupam; Saikia, Anupam (October 2012). "Iwasawa λ-invariants of p-adic measures on Z^n_p and their Γ-transforms". Journal of Number Theory Volume 132, Issue 10, 2012, Pages খণ্ড 132 (10): 2258-2266. doi:https://doi.org/10.1016/j.jnt.2012.04.015. https://www.sciencedirect.com/science/article/pii/S0022314X12001369?via%3Dihub. 
  4. Saikia, Anupam; Saloni, Kumari (1 May 2018). "Bounding Hilbert coefficients of parameter ideals". Journal of Algebra খণ্ড 501: 328-344. doi:https://doi.org/10.1016/j.jalgebra.2017.12.022. https://www.sciencedirect.com/science/article/abs/pii/S0021869318300024?via%3Dihub. 
  5. Das, Shamik; Saikia, Anupam (April 2021). "ON θ-CONGRUENT NUMBERS OVER REAL NUMBER FIELDS". Bulletin of the Australian Mathematical Society খণ্ড 103 (2): 218 - 229. doi:https://doi.org/10.1017/S0004972720000672. https://www.cambridge.org/core/journals/bulletin-of-the-australian-mathematical-society/article/abs/on-boldsymboltheta-congruent-numbers-over-real-number-fields/6BB496726BA0CB0DB422AD8CF0BEAF72#. 
  6. Chakraborty, Debopam; Saikia, Anupam (29 March 2017). "An explicit construction for unramified quadratic extensions of biquadratic fields". Acta Arithmetica খণ্ড 178: 153-161. doi:10.4064/aa8493-10-2016. https://www.impan.pl/en/publishing-house/journals-and-series/acta-arithmetica/all/178/2/92124/an-explicit-construction-for-unramified-quadratic-extensions-of-biquadratic-fields. 
  7. Coates, J.; Saikia, Anupam; Raghuram, A. (March 2015). "The bloch–kato conjecture for the riemann zeta function". Cambridge University Press. doi:10.1017/CBO9781316163757. https://www.researchgate.net/publication/321345317_The_bloch-kato_conjecture_for_the_riemann_zeta_function. 
  8. Das, Shamik; Chakraborty, Debopam; Saikia, Anupam (January 2020). "On the period of the continued fraction of $\sqrt{pq}". Acta Arithmetica. doi:10.4064/aa190828-5-12. https://www.researchgate.net/publication/343494135_On_the_period_of_the_continued_fraction_of_sqrtpq. 
  9. Saikia, Anupam (March 2015). "Explicit reciprocity law of bloch–kato and exponential maps". Cambridge University Press: 65-96. doi:10.1017/CBO9781316163757.005. https://www.researchgate.net/publication/319629221_Explicit_reciprocity_law_of_bloch-kato_and_exponential_maps. 
  10. Chaudhuri, Dishari; Saikia, Anupam (August 2017). "On the derived length of units in group algebra". Czechoslovak Mathematical Journal. doi:10.21136/CMJ.2017.0205-16. https://www.researchgate.net/publication/319081234_On_the_derived_length_of_units_in_group_algebra. 




লগতে চাওক সম্পাদনা কৰক

তথ্যউৎস সম্পাদনা কৰক

  1. "Faculty: Department of Mathematics, IIT Guwahati". www.iitg.ac.in. http://www.iitg.ac.in/maths/people/faclist.php?id=a.saikia. 
  2. "Publications". www.iitg.ac.in. http://www.iitg.ac.in/a.saikia/publications-n.htm. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 "ট্ৰিনিটি কলেজত পঢ়াৰ সুযোগ পোৱাটো মোৰ সৌভাগ্য". 3 september, 2020. পৃষ্ঠা 7. https://niyomiyabarta.org/epaper/03092020/page7.php। আহৰণ কৰা হৈছে: 12 September 2020. 
  4. 4.0 4.1 "Education". www.iitg.ac.in. http://www.iitg.ac.in/a.saikia/Education.htm. 
  5. Mathematics Genealogy, Anupam Saikia
  6. "Post-doctoral Job Experience". www.iitg.ac.in. http://www.iitg.ac.in/a.saikia/job.htm. 
  7. "Official Activities". www.iitg.ac.in. http://www.iitg.ac.in/a.saikia/act-2.htm. 
  8. "এয়া ভাল কথাই যে মানৱজাতিয়ে কেৱল ব্যৱহাৰিক প্ৰয়োগৰ কথা ভাবিযেই সময় কটোৱা নাই - Gonit Sora". 24 January 2012. Archived from the original on 28 September 2020. https://web.archive.org/web/20200928122449/https://gonitsora.com/anupam-saikia/। আহৰণ কৰা হৈছে: 5 September 2020. 
  9. MathSciNet, Anupam Saikia[সংযোগবিহীন উৎস]
  10. "Book Page at Cambridge". www.cambridge.org. http://www.cambridge.org/us/academic/subjects/mathematics/number-theory/blochkato-conjecture-riemann-zeta-function?format=PB&isbn=9781107492967#QdBg7g0fyEQlH0CA.97. 
  11. "আৰ্কাইভ কপি". Archived from the original on 2020-02-16. https://web.archive.org/web/20200216112736/http://www.ramanujanmathsociety.org/committees/jrms-editorial-board। আহৰণ কৰা হৈছে: 2020-09-05. 
  12. "Bulletin of MTA(I)". http://www.mtai.org.in/bulletin/. 
  13. "The Bloch–Kato Conjecture for the Riemann Zeta Function". https://www.cambridge.org/core/books/blochkato-conjecture-for-the-riemann-zeta-function/F341A6D696E0E9AD87A50164B5781BC3। আহৰণ কৰা হৈছে: 24 October 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক