অয়নান্ত (গ্ৰন্থ)

অৰূপা পটঙ্গীয়া কলিতা উপন্যাস
(অয়নান্তৰ পৰা পুনঃনিৰ্দেশিত)

অয়নান্ত (ইংৰাজী: Ayananta) হ’ল অসমীয়া ঔপন্যাসিক তথা গল্পকাৰ অৰূপা পটঙ্গীয়া কলিতাৰ 'ভাৰতীয় ভাষা পৰিষদ'ৰ পুৰস্কাৰপ্ৰাপ্ত এখন উপন্যাস। এই উপন্যাসখনক ১৯৯৪ চনত প্ৰথমে প্ৰকাশ কৰে লয়াৰ্ছ বুক ষ্টল প্ৰকাশনে। এই উপন্যাসখন হিন্দী আৰু ইংৰাজী ভাষালৈও অনূদিত হৈছে। ইংৰাজীলৈ 'ৰঞ্জিতা বিশ্বাসে' 'Dawn' নামেৰে অনুবাদ কৰিছে।[1][2]

অয়নান্ত  
অয়নান্ত উপন্যাসখনৰ বেটুপাত
অয়নান্ত উপন্যাসখনৰ বেটুপাত
লেখক অৰূপা পটঙ্গীয়া কলিতা
অনুবাদক ৰঞ্জিতা বিশ্বাস
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া
শৃংখলা ২২ (বাইশ)
বিষয় নাৰীবাদী
প্ৰকাৰ সামাজিক উপন্যাস
প্ৰকাশক লয়াৰ্ছ বুক ষ্টল
প্ৰকাশ ১৯৯৪
ইংৰাজীত
প্ৰকাশ
২০০৪ ('Dawn')
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২৬৪
আই.এচ.বি.এন. 817331071-8
পূৰ্বৱৰ্তী মৃগনাভি

চলচ্চিত্ৰ পৰিচালক মৃদুল গুপ্তাই এই উপন্যাসখনৰ আধাৰত দিল্লী দূৰদৰ্শনৰ বাবে হিন্দীত ধাৰাবাহিক নিৰ্মাণ কৰে।[2] ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই উপন্যাসখন নাট্যৰূপত সম্প্ৰচাৰ কৰিছিল।[2] এই উপন্যাসখনক নীতা গুপ্তাৰ দ্বাৰা পৰিচালিত 'পেঙ্গুঈন যাত্ৰা' প্ৰকাশনে হিন্দী ভাষাতো প্ৰকাশ কৰিছে।[কেতিয়া ?]

লেখিকাৰ চমু পৰিচয় সম্পাদনা কৰক

অৰূপা পটংগীয়া কলিতা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত, আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেখেতে মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ১৯৯৪ চনত প্ৰকাশ পোৱা এই উপন্যাসখনে ১৯৯৫ চনত 'ভাৰতীয় ভাষা পৰিষদ'ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Dawn A Novel (Ayananta)". www.indiamart.com. https://m.indiamart.com/proddetail/dawn-a-novel-ayananta-1868889388.html। আহৰণ কৰা হৈছে: 2 June 2020. [সংযোগবিহীন উৎস]
  2. 2.0 2.1 2.2 অয়নান্ত | লেখিকা : অৰূপা পটঙ্গীয়া কলিতা | সপ্তম প্ৰকাশ : ২০১২ | আহৰণ কৰা হৈছে : ১৮ মে ২০২০