ভাৰতে পোনপ্ৰথমবাৰৰ বাবে ১৯০০ চনত অলিম্পিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল। অকলশৰীয়াকৈ এথলীট নৰ্মান প্ৰিচাৰ্ডে এথলেটিকছত জয় কৰা দুটা ৰূপৰ পদকৰ সৈতে ভাৰত অলিম্পিকত পদক জয় কৰা প্ৰথম এছিয়ান ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল।[1]

অলিম্পিক গেমছত ভাৰতবৰ্ষ

ভাৰতবৰ্ষৰ পতাকা
আইঅ'চি ক'ড  IND
এনঅ'চি ভাৰতীয় অলিম্পিক সংঘ
ৱেবছাইটwww.olympic.ind.in
অলিম্পিক ইতিহাস
গ্ৰীষ্মকালীন গেমছ
শীতকালীন গেমছ

প্ৰথমে দেশখনে ১৯২০ চনত গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়া সমাৰোহলৈ এটা দল প্ৰেৰণ কৰিছিল আৰু তেতিয়াৰ পৰা ভাৰতে প্ৰতিখন গ্ৰীষ্মকালীন খেলত অংশগ্ৰহণ কৰিছে। ভাৰতে ১৯৬৪ চনৰ পৰা আৰম্ভ হোৱা কেইবাখনো শীতকালীন অলিম্পিকতো অংশগ্ৰহণ কৰিছে।

ভাৰতীয় খেলুৱৈসকলে ৩৫টা পদক জিকিছে আৰু ইয়াৰে সকলোবোৰ কেৱল গ্ৰীষ্মকালীন ক্ৰীড়াৰ। এছোৱা সময়ত ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল অলিম্পিক প্ৰতিযোগিতাত প্ৰভাৱশালী আছিল। দলটোৱে ১৯২৮ আৰু ১৯৮০ চনৰ ভিতৰত বাৰখন অলিম্পিকত এঘাৰটা পদক জয় কৰিছিল। এই এঘাৰটা পদকৰ ভিতৰত মুঠ ৮টা সোণৰ পদক আৰু ১৯২৮-১৯৫৬ চনৰ পৰা ক্ৰমাগত ছটা সোণৰ পদক অন্তৰ্ভুক্ত আছিল।

ইতিহাস সম্পাদনা কৰক

স্বাধীনতাৰ পূৰ্বে সম্পাদনা কৰক

ভাৰতে ১৯০০ চনৰ খেলৰ বাবে গ্ৰীষ্মকালীন অলিম্পিকলৈ প্ৰথম খেলুৱৈ প্ৰেৰণ কৰিছিল, কিন্তু ১৯২০ চনলৈকে কোনো এটা ভাৰতীয় ৰাষ্ট্ৰীয় দলে গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰা নাছিল। ১৯২০ চনৰ সমাৰোহৰ আগতে, ছাৰ ডোৰাবজী টাটা আৰু বোম্বাইৰ ৰাজ্যপাল জৰ্জ লইডে আন্তৰ্জাতিক অলিম্পিক সমিতিত ভাৰতৰ প্ৰতিনিধিত্ব সুৰক্ষিত কৰাত সহায় কৰিছিল, যাৰ ফলত দেশখনে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত ভাৰতে ১৯২০ চনৰ অলিম্পিকলৈ এটা দল প্ৰেৰণ কৰে, যাৰ ভিতৰত আছিল তিনিজন এথলীট, দুজন মল্লযোদ্ধা, আৰু তেওঁলোকৰ সৈতে মেনেজাৰ সোহৰাব ভূট আৰু এ. এইচ. এ. ফাইজি। ইয়াৰ পিছত ১৯২০ ৰ দশকত ভাৰতীয় অলিম্পিক আন্দোলনৰ সূচনা কৰা হয়। এই আন্দোলনৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম আছিল ডোৰাবজী টাটা, এ. জি. নোহেৰেন (মাদ্ৰাজ শাৰীৰিক শিক্ষা মহাবিদ্যালয়), এইচ.চি বাক (মাদ্ৰাজ শাৰীৰিক শিক্ষা মহাবিদ্যালয়), মইনুল হক (বিহাৰ ক্ৰীড়া সংস্থা), এছ. ভূট (বোম্বাই অলিম্পিক সংস্থা), এ. এছ. ভাগৱত (ডেকান জিমখানা), আৰু গুৰু দত্ত সোন্ধি (পঞ্জাব অলিম্পিক সন্থা)। লেঃ কৰ্ণেল এইচ.এল.অ'. গেৰেট (চৰকাৰী মহাবিদ্যালয় লাহোৰ আৰু পঞ্জাব অলিম্পিক এছ'চিয়েচন) আৰু সাগ্নিক পোদ্দাৰে (ছেইণ্ট ষ্টিফেনছ স্কুলৰ) কেইখনমান প্ৰাৰম্ভিক ৰাষ্ট্ৰীয় খেল আয়োজন কৰাত সহায় কৰিছিল; আৰু বিশিষ্ট পৃষ্ঠপোষকসকলৰ ভিতৰত আছিল পাটিয়ালাৰ ভূপিন্দৰ সিং, নৱানগৰৰ ৰঞ্জিতসিংহজী, কাপুৰথালাৰ মহাৰাজ আৰু বৰ্ধমানৰ মহাৰাজৰ দৰে মহাৰাজ আৰু ৰাজকুমাৰ।

 
১৯২৮ চনৰ অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী ভাৰতীয় হকী দলটো

১৯২৩ চনত এক অস্থায়ী সৰ্বভাৰতীয় অলিম্পিক সমিতি গঠন কৰা হয় আৰু ১৯২৪ চনৰ ফেব্ৰুৱাৰী মাহত ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে এটা দল বাছনি কৰিবলৈ সৰ্বভাৰতীয় অলিম্পিক গেমছ (যি পিছলৈ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত পৰিণত হয়) অনুষ্ঠিত হয়। পেৰিছ অলিম্পিকত ভাৰতীয় প্ৰতিনিধি দলটোত আছিল সাতজন এথলীট, সাতজন টেনিছ খেলুৱৈ আৰু দলৰ মেনেজাৰ হেৰী বাক।

১৯২৭ চনত অস্থায়ী ভাৰতীয় অলিম্পিক সমিতি আনুষ্ঠানিকভাৱে ভাৰতীয় অলিম্পিক সংঘলৈ ৰূপান্তৰিত কৰা হয়। ইয়াৰ মুখ্য কাম আছিল ভাৰতত ক্ৰীড়াৰ বিকাশৰ বাবে প্ৰচাৰ চলোৱা, ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ বাবে আয়োজক চহৰ বাছনি কৰা, আৰু এই সমাৰোহৰ পৰা বাছনি কৰা দলবোৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ প্ৰেৰণ কৰা। সেয়েহে ১৯২৮ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত সংঘই পৰৱৰ্তী গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাতগৰাকী খেলুৱৈ বাছনি কৰে আৰু সোন্ধিক মেনেজাৰ হিচাপে লয়। এই সময়ছোৱাত ভাৰতীয় হকী ফেডাৰেচন স্থাপন কৰা হৈছিল আৰু সংস্থাটোৱে গ্ৰীষ্মকালীন অলিম্পিকলৈ এটা হকী দল প্ৰেৰণ কৰিছিল। ৰাষ্ট্ৰীয় হকী দলটোক ১৯৩২ চনৰ অলিম্পিকলৈ চাৰিজন এথলীট আৰু এজন সাঁতোৰবিদ আৰু ১৯৩৬ চনৰ অলিম্পিকলৈ চাৰিজন এথলীট, তিনিজন মল্লযোদ্ধা, এজন ওজন ভাৰ-উত্তোলকৰ সৈতে দলৰ মেনেজাৰ সোন্ধিৰ নেতৃত্বত তিনিজন বিষয়াৰ সৈতে প্ৰেৰণ কৰা হৈছিল।

ভাৰতীয় ফিল্ড হকী দলে ১৯২৮ চনৰ পৰা ১৯৩৬ চনলৈ অলিম্পিকত অভূতপূৰ্বভাৱে একেৰাহে তিনিবাৰলৈ খিতাপ জয় কৰি আধিপত্য বিস্তাৰ কৰিছিল। ১৯২৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ ফাইনেলত ভাৰতে নেডাৰলেণ্ডক ৩-০ গ'লত পৰাস্ত কৰে।[2] ১৯৩২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক ২৪-১ ব্যৱধানত পৰাস্ত কৰে যি অলিম্পিক ইতিহাসৰ সৰ্ববৃহৎ বিজয়ৰ ব্যৱধান।[3] ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ ফাইনেলত তেওঁলোকে জাৰ্মানীক ৮- ১ ব্যৱধানত পৰাস্ত কৰে যি অলিম্পিকৰ ফাইনেলত এতিয়ালৈকে সৰ্ববৃহৎ বিজয়ৰ ব্যৱধান।[4]

স্বাধীনতা-উত্তৰ কাল সম্পাদনা কৰক

১৯৪৮ চনৰ পৰা ভাৰতীয় অলিম্পিক সংঘৰ বিস্তৃতি তথা প্ৰসাৰৰ বাবে ভাৰতে প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিকলৈ প্ৰতিবিধ খেলৰ বাবে ইয়াৰ ক্ৰীড়া ফেডাৰেচনসমূহৰ দ্বাৰা বাছনি কৰি সৰ্বমুঠ ৫০ জনতকৈ অধিক খেলুৱৈৰ প্ৰতিনিধি দল প্ৰেৰণ কৰা আৰম্ভ কৰে। প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছিল এজন চিফ-ডি-মিছনে। ভাৰতীয় ফিল্ড হকী দলে ১৯৪৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত গ্ৰেট ব্ৰিটেইনক ফাইনেলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিছিল। স্বাধীন ৰাষ্ট্ৰ হিচাপে এইটো ভাৰতৰ বাবে প্ৰথম সোণৰ পদক আছিল।[5].

 
১৯৪৮ চনত গ্ৰেট ব্ৰিটেইনৰ বিপক্ষে খেলি তৃতীয়টো স্বৰ্ণজয় কৰা ভাৰতীয় দল।

১৯৫২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ মল্লযোদ্ধা কে.ডি. যাদৱে স্বাধীন ভাৰতৰ হৈ প্ৰথমটো ব্যক্তিগত পদক জিকিছিল। ভাৰতীয় ফিল্ড হকী দলে ১৯৫৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত পাকিস্তানক ফাইনেলত পৰাস্ত কৰি একেলেথাৰিয়ে ষষ্ঠটো খিতাপ জয় কৰি নিজৰ আধিপত্য অব্যাহত ৰাখিছিল।

১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত হকী দল ফাইনেলত পাকিস্তানৰ হাতত পৰাজিত হয় আৰু ৰূপৰ পদকত সন্তুষ্ট হ'ব লগা হয়।[6] ১৯৬৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত পুনৰবাৰ দলটোৱে স্বৰ্ণ জয় কৰে।[7] কিন্তু পৰৱৰ্তী দুখন অলিম্পিকত কেৱল ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগা হয়।[8][9] ১৯৭৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ১৯২৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত খালী হাতেৰে উলটিব লগা হয়।

১৯৮০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতীয় হকী দলে তেওঁলোকৰ অভিলেখসংখ্যক অষ্টমটো অলিম্পিক স্বৰ্ণ জয় কৰিছিল।[10] পৰৱৰ্তী তিনিটা গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে খালী হাতেৰে উলটি আহিব লগা হৈছিল। ১৯৯৬ চনত আটলাণ্টাত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে পুৰুষৰ একক শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰু অলিম্পিকত ১৬ বছৰীয়া পদকবিহীন সময়ৰ পৰিসমাপ্তি ঘটায় আৰু ইয়াৰ লগতে ১৯৫২ চনৰ পিছত প্ৰথমটো ব্যক্তিগত পদক বিজয়ী খেলুৱৈ হিচাপে পৰিগণিত হয়।[11]

সাম্প্ৰতিক সম্পাদনা কৰক

২০০০ চনৰ চিডনী অলিম্পিকত দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী কৰ্ণম মালেশ্বৰীয়ে মহিলাৰ ৬৯ কিলোগ্ৰাম ভাৰোত্তোলন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এগৰাকী ভাৰতীয় মহিলাই লাভ কৰা এইটো প্ৰথম অলিম্পিক পদক আছিল।[12]

২০০৪ চনৰ এথেন্স অলিম্পিকৰ তাৰকা শ্বুটাৰ ৰাজ্যৱৰ্ধন সিং ৰাথোড়ে পুৰুষৰ ডাবল ট্ৰেপ শ্বুটিংত ৰূপৰ পদক জয় কৰে।[13]

২০০৮ চনৰ বেইজিং অলিম্পিকত অভিনৱ বিন্দ্ৰাই পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত স্বৰ্ণ জয় কৰি অলিম্পিক গেমছত ব্যক্তিগত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। বিজেন্দ্ৰ সিঙে মিডলৱেট শ্ৰেণীত ব্ৰঞ্জৰ পদকৰ সৈতে বক্সিংত দেশৰ প্ৰথমটো পদক লাভ কৰে।

২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অভিলেখসংখ্যক ৮৩ জনীয়া ভাৰতীয় দলে খেলসমূহত অংশগ্ৰহণ কৰে আৰু মুঠ ছটা পদকৰ সৈতে দেশৰ বাবে এক নতুন শ্ৰেষ্ঠ স্থান অৰ্জন কৰে।[13] স্বাধীনতাৰ পিছত মল্লযোদ্ধা সুশীল কুমাৰ একাধিক ব্যক্তিগত অলিম্পিক পদক (২০০৮ গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জ আৰু ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত ৰূপ) লাভ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।

ছাইনা নেহৱালে বেডমিণ্টনত দেশৰ প্ৰথমটো অলিম্পিক পদক লাভ কৰি মহিলাৰ একক শাখাৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰে। মেৰী কম মহিলা ফ্লাইৱেট শাখাত ব্ৰঞ্জৰ পদকৰ সৈতে বক্সিংত পদক জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।

২০১৬ চনত গ্ৰীষ্মকালীন অলিম্পিকত, অভিলেখ সংখ্যক ১১৮জন খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সাক্ষী মালিক মহিলাৰ ফ্ৰীষ্টাইল ৫৮ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদকৰ সৈতে অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা মল্লযোদ্ধা হিচাপে পৰিগণিত হয়।[14] শ্বাটলাৰ পি. ভি. সিন্ধু অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আৰু লগতে সৰ্বকনিষ্ঠ ভাৰতীয় অলিম্পিক পদক বিজয়ী।[15]

২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত সাইখোম মীৰাবাই চানুৱে ভাৰোত্তোলন মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰে। পি ভি সিন্ধুৱে ব্ৰঞ্জৰ পদকৰ মেচখনত চীনৰ হি. বিংজিয়াওক পোনপটীয়া ছেটত পৰাস্ত কৰে আৰু এনেদৰে দুটা ব্যক্তিগত অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। আনহাতে ৪ আগষ্টত অনুষ্ঠিত বক্সিঙত মহিলাৰ ৱেল্টাৰৱেইট শাখাৰ ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয়[16] যদিও ব্ৰঞ্জৰ পদক লাভ কৰিবৰ সক্ষম হয়।[17] লাভলীনা বৰগোহাঁই অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈ পৰে। নীৰজ চোপ্ৰাই জেভেলিন থ্ৰ'ত স্বৰ্ণ পদক জয় কৰে, ট্ৰেক আৰু ফিল্ডত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় আৰু ব্যক্তিগত ক্ৰীড়াত স্বৰ্ণ পদক জয় কৰা দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হয়।[18] পুৰুষৰ ফিল্ড হকীত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। ফিল্ড হকীত এই পদকটো ৪১ বছৰৰ ব্যৱধানৰ পিছত লাভ কৰে, আগতে মস্কোত শেষবাৰৰ বাবে ফিল্ড হকী দলে স্বৰ্ণৰ পদক লাভ কৰিছিল।[19][20] মল্লযোদ্ধত ৰবি কুমাৰ দাহিয়াই ৰূপৰ পদক আৰু বজৰং পুনিয়াই ব্ৰঞ্জৰ পদক লাভ কৰে।[21][22] অলিম্পিকৰ ইতিহাসত ভাৰতৰ বাবে ৭টা পদকেৰে এয়া আছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।[23][24][25]

পদক লাভ কৰা খেলুৱৈসকল সম্পাদনা কৰক

পদক নাম/দল সমাৰোহ ক্ৰীড়া শাখা তাৰিখ
2  ৰূপৰ পদক নৰ্মান প্ৰিচাৰ্ড   ১৯০০ পেৰিছ   এথলেটিকছ পুৰুষৰ ২০০ মি: ২২ জুলাই ১৯০০
2  ৰূপৰ পদক নৰ্মান প্ৰিচাৰ্ড   এথলেটিকছ পুৰুষৰ ২০০ মি: হাৰ্ডলছ ১৬ জুলাই ১৯০০
  স্বৰ্ণ পদক ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দল
ৰিচাৰ্ড এলেন
ধ্যান চান্দ
মাইকেল গেটলী
উইলিয়াম গুডছাৰ-কুলেন
লেছলী হেমণ্ড
ফিৰোজ খান
জৰ্জ মাৰ্টিনছ
ৰেক্স ন'ৰিছ
ব্ৰুম পিনিজাৰ
মাইকেল ৰ'ক
ফ্ৰেডৰিক ছিমেন
আলি সৌকত
জয়পাল সিং
চৈয়দ ইউচুফ
খেৰ সিং গীল
  ১৯২৮ আমষ্টাৰডাম   ফিল্ড হকী পুৰুষ ২৬ মে' ১৯২৮
  স্বৰ্ণ পদক ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল
ৰিচাৰ্ড এলেন
মহম্মদ অচলাম
লাল বোখাৰী
ফ্ৰেংক ব্ৰেৱিন
ৰিচাৰ্ড কৰ
ধ্যান চান্দ
লেছলী হেমণ্ড
আৰ্থাৰ চাৰ্লছ হিন্দ
চৈয়দ জাফৰ
মাচুদ মিনহাছ
ব্ৰুম পিনিজাৰ
গুৰমিত সিং কুল্লৰ
ৰূপ সিং
উইলিয়াম চালিভান
কাৰ্লাইল টেপচেল
  ১৯৩২ লছ এঞ্জেলছ   ফিল্ড হকী পুৰুষ ১১ আগষ্ট ১৯৩২
  স্বৰ্ণ পদক ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল
ৰিচাৰ্ড এলেন
ধ্যান চান্দ
আলি দাৰা
লিয়'নেল এমেট
পিটাৰ ফাৰ্ণাণ্ডেজ
যোছেফ গেলিবাৰ্ডি
আৰ্ণেষ্ট গুডছাৰ-কুলেন
মহম্মদ হুছেইন
চৈয়দ জাফৰ
আহমেদ খান
এহছান খান
মিৰ্জা মাছুদ
চিৰিল মিচি
বাবু নিমল
যোছেফ ফিলিপছ
শ্বব্বন চাহাব-উদ-দিন
গৰেৱাল সিং
ৰূপ সিং
কাৰ্লাইল টেপচেল
  ১৯৩৬ বাৰ্লিন   ফিল্ড হকী পুৰুষ ১৫ আগষ্ট ১৯৩৬
  স্বৰ্ণ পদক ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল
লেছলি ক্ল'ডিয়াছ
কেশৱ দত্ত
ৱাল্টাৰ ডিছুজা
ল'ৰি ফাৰ্ণাণ্ডেজ
ৰংগনাথন ফ্ৰান্সিছ
গেৰি গ্লেকান
আখটাৰ হুছেইন
পেট্ৰিক জেনছেন
আমিৰ কুমাৰ
কিষণ লাল
লিঅ' পিণ্টো
যশৱন্ত সিং ৰাজপুত
লতিফ-উৰ-ৰহমান
ৰেজিনাল্ড ৰোড্ৰিগ'জ
বলবীৰ সিং জ্যেষ্ঠ
ৰণধীৰ সিং জেণ্টল
গ্ৰহণন্দন সিং
কে. ডি. সিং
ত্ৰিলোচন সিং
মেক্সি ভাজ
যশৱন্ত ৰায়
  ১৯৪৮ লণ্ডন   ফিল্ড হকী পুৰুষ ১২ আগষ্ট ১৯৪৮
  স্বৰ্ণ পদক ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল
কে. ডি. সিং
লেছলি ক্ল'ডিয়াছ
মেলড্ৰিক ডেলুজ
কেশৱ দত্ত
চিনাদৰাই দেশমুটু
ৰংগনাথন ফ্ৰান্সিছ
ৰাঘবীৰ লাল
গোবিন্দ পেৰুমল
মুনিস্বামী ৰাজগোপাল
বলবীৰ সিং জ্যেষ্ঠ
ৰণবীৰ সিং জেণ্টল
চি. এছ. ডুবে
উধাম সিং
ধৰম সিং
গ্ৰহণন্দন সিং
চমন সিং গুৰুং
  ১৯৫২ হেলচিঙ্কী   ফিল্ড হকী পুৰুষ ২৪ জুলাই ১৯৫২
  ব্ৰঞ্জৰ পদক কে. ডি. যাদৱ   মল্লযুদ্ধ পুৰুষৰ ফ্ৰিষ্টাইল বেণ্টামৱেইট ২৩ জুলাই ১৯৫২
  স্বৰ্ণ পদক ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল
লেছলি ক্ল'ডিয়াছ
ৰংগনাথন ফ্ৰান্সিছ
হৰিপাল কৌশিক
আমিৰ কুমাৰ
ৰাঘবীৰ লাল
শংকৰ লক্ষ্মণ
অ'. পি. মালহোত্ৰা
গোবিন্দ পেৰুমল
অমিত এছ. বক্সি
ৰাঘবীৰ সিং ভোলা
বলবীৰ সিং জ্যেষ্ঠ
হৰদয়াল সিং
ৰণবীৰ সিং জেণ্টল
বালকিষণ সিং
গুৰদেৱ সিং
উধাম সিং
বকচিছ সিং
চাৰ্লছ ষ্টিফেন
  ১৯৫৬ মেলবৰ্ণ   ফিল্ড হকী পুৰুষ ৬ ডিচেম্বৰ ১৯৫৬
2  ৰূপৰ পদক ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল
যোছেফ এণ্টিক
লেছলি ক্ল'ডিয়াছ
জমন লাল শৰ্মা
মহিন্দৰ লাল
শংকৰ লক্ষ্মণ
জন পিটাৰ
গোবিন্দ সাৱন্ত
ৰাঘবীৰ সিং ভোলা
উধাম সিং
চৰণজিত সিং
যশৱন্ত সিং
যোগিন্দৰ সিং
পৃথিপাল সিং
  ১৯৬০ ৰোম   ফিল্ড হকী পুৰুষ ৯ ছেপ্টেম্বৰ ১৯৬০
  স্বৰ্ণ পদক ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল
হৰিপাল কৌশিক
মহিন্দৰ লাল
শংকৰ লক্ষ্মণ
বন্দু পাটিল
জন পিটাৰ
চৈয়দ আলি
উধাম সিং
চৰণজিত সিং
দৰ্শন সিং
ধৰম সিং
গুৰবক্স সিং
হৰবিন্দৰ সিং
জগজিত সিং
যোগিন্দৰ সিং
পৃথিপাল সিং
বলবীৰ সিং কুল্লৰ
ৰাজেন্দ্ৰন খৃষ্টি
  ১৯৬৪ টকিঅ'   ফিল্ড হকী পুৰুষ ২৩ অক্টোবৰ ১৯৬৪
  ব্ৰঞ্জৰ পদক ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল
ৰাজেন্দ্ৰ খৃষ্টি


কৃষ্ণমূৰ্তি পেৰুমল
জন পিটাৰ

  ১৯৬৮ মেক্সিকো চিটি   ফিল্ড হকী পুৰুষ ২৬ অক্টোবৰ ১৯৬৮
  ব্ৰঞ্জৰ পদক ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল
বি. পি. গোবিন্দ
চাৰ্লছ কৰ্ণেলিয়াছ
মেনুৱেল ফ্ৰেডৰিক
মাইকেল কিণ্ডো
ভি.জে. ফিলিপছ
অশোক কুমাৰ
এম. পি. গণেশ
কৃষ্ণমূৰ্তি পেৰুমল
অজিতপাল সিং
হৰবিন্দৰ সিং
হৰচৰণ সিং
হৰমিক সিং
কুলৱণ্ত সিং
মুখবইন সিং
বিৰিন্দৰ সিং
  ১৯৭২ মিউনিখ   ফিল্ড হকী পুৰুষ ১০ ছেপ্টেম্বৰ ১৯৭২
  স্বৰ্ণ পদক ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল
বাসুদেৱন ভাস্কৰণ
বীৰ বাহাদুৰ ছেত্ৰী
ছিলভেনাছ ডুং ডুং
মেৰভিন ফাৰ্ণাণ্ডিজ
জাফৰ ইকবাল
মহাৰাজ কৃষণ কৌশিক
চৰণজিত কুমাৰ
সোমায়্যা মনিপাণ্ডে
এলান স্ক'ফিল্ড
মহম্মদ ছাহিল
দভিন্দৰ সিং
গুৰমাইল সিং
অমৰজিত সিং ৰাণা
ৰাজিন্দৰ সিং কনিষ্ঠ
ৰবিন্দৰ পাল সিং
সুৰিন্দৰ সিং সোধি
  ১৯৮০ মস্কো   ফিল্ড হকী পুৰুষ ২৯ জুলাই ১৯৮০
  ব্ৰঞ্জৰ পদক লিয়েণ্ডাৰ পেজ   ১৯৯৬ আটলাণ্টা   টেনিছ পুৰুষৰ একক ৩ আগষ্ট ১৯৯৬
  স্বৰ্ণ পদক কৰ্ণম মালেশ্বৰী   ২০০০ চিডনী   ভাৰোত্তোলন মহিলাৰ ৬৯ কে:জি: ১৯ ছেপ্টেম্বৰ ২০০০
2  ৰূপৰ পদক ৰাজ্যৱৰ্ধন সিং ৰাথোড়   ২০০৪ এথেন্স   শ্বুটিং পুৰুষৰ ডাবোল ট্ৰেপ ১৭ আগষ্ট ২০০৪
  স্বৰ্ণ পদক অভিনৱ বিন্দ্ৰা   ২০০৮ বেইজিং   শ্বুটিং ১০ মি: এয়াৰ ৰাইফল ১১ আগষ্ট ২০০৮
  ব্ৰঞ্জৰ পদক বিজেন্দৰ সিং   বক্সিং পুৰুষৰ মিডলৱেইট ২০ আগষ্ট ২০০৮
  ব্ৰঞ্জৰ পদক সুশীল কুমাৰ   মল্লযুদ্ধ পুৰুষৰ ফ্ৰিষ্টাইল ৬৬ কে:জি: ২১ আগষ্ট ২০০৮
2  ৰূপৰ পদক বিজয় কুমাৰ   ২০১২ লণ্ডন   শ্বুটিং পুৰুষৰ ২৫ মি: ৰেপিড ফায়াৰ পিষ্টল ৩ আগষ্ট ২০১২
2  ৰূপৰ পদক সুশীল কুমাৰ   মল্লযুদ্ধ পুৰুষৰ ফ্ৰিষ্টাইল ৬৬ কে:জি: ১২ আগষ্ট ২০১২
  ব্ৰঞ্জৰ পদক ছাইনা নেহৱাল   বেডমিণ্টন মহিলাৰ একক ৪ আগষ্ট ২০১২
  ব্ৰঞ্জৰ পদক মেৰী কম   বক্সিং মহিলাৰ ফ্লাইৱেইট ৮ আগষ্ট ২০১২
  ব্ৰঞ্জৰ পদক গগন নাৰং   শ্বুটিং পুৰুষৰ ১০ মি: এয়াৰ ৰাইফল ৩০ জুলাই ২০১২
  ব্ৰঞ্জৰ পদক যোগেশ্বৰ দত্ত   মল্লযুদ্ধ পুৰুষৰ ফ্ৰিষ্টাইল ৬০ কে:জি: ১১ আগষ্ট ২০১২
2  ৰূপৰ পদক পি. ভি. সিন্ধু   ২০১৬ ৰিঅ' ডি জেনেৰিঅ'   বেডমিণ্টন মহিলাৰ একক ১৯ আগষ্ট ২০১৬
  ব্ৰঞ্জৰ পদক সাক্ষী মালিক   মল্লযুদ্ধ মহিলাৰ ৫৮ কে:জি: ফ্ৰিষ্টাইল ১৭ আগষ্ট ২০১৬
  স্বৰ্ণ পদক নীৰজ চোপ্ৰা   ২০২০ টকিঅ'   এথলেটিকছ পুৰুষৰ জেভেলিন থ্ৰ' ৭ আগষ্ট ২০২১
2  ৰূপৰ পদক সাইখোম মীৰাবাই চানু   ভাৰোত্তোলন মহিলাৰ ৪৯ কে:জি: ২৪ জুলাই ২০২১
2  ৰূপৰ পদক ৰবি কুমাৰ দাহিয়া   মল্লযুদ্ধ পুৰুষৰ ফ্ৰিষ্টাইল ৫৭ কে:জি: ৫ আগষ্ট ২০২১
  ব্ৰঞ্জৰ পদক পি. ভি. সিন্ধু   বেডমিণ্টন নহিলাৰ একক ১ আগষ্ট ২০২১
  ব্ৰঞ্জৰ পদক লাভলীনা বৰগোহাঁই   বক্সিং মহিলাৰ ৱেল্টাৰৱেইট ৪ আগষ্ট ২০২১
  ব্ৰঞ্জৰ পদক ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল
দিলপ্ৰীত সিং
ৰুপিন্দৰ পাল সিং
সুৰেন্দৰ কুমাৰ
মনপ্ৰীত সিং
হাৰ্দিক সিং
গুৰজান্ত সিং
ছিমৰনজিত সিং
মনদীপ সিং
হৰমনপ্ৰীত সিং
ললিত উপাধ্যায়
পি. আৰ. শ্ৰীযশ
সুমত
নীলকান্ত শৰ্মা
ছমছেৰ সিং
বৰুণ কুমাৰ
বীৰেন্দ্ৰ লকড়া
অমিত ৰহিদাস
বিবেক প্ৰসাদ
  ফিল্ড হকী পুৰুষ ৫ আগষ্ট ২০২১
  ব্ৰঞ্জৰ পদক বজৰং পুনিয়া   মল্লযুদ্ধ পুৰুষৰ ফ্ৰিষ্টাইল ৬৫ কে:জি: ৭ আগষ্ট ২০২১

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "India at the 1900 Paris Summer Games". Sports Reference. https://www.sports-reference.com/olympics/countries/IND/summer/1900/। আহৰণ কৰা হৈছে: 18 August 2016. 
  2. "1928 Olympics: India's first step towards ascending hockey throne". The Hindu. 7 July 2012. http://www.thehindu.com/sport/hockey/1928-olympics-indias-first-step-towards-ascending-hockey-throne/article3613550.ece। আহৰণ কৰা হৈছে: 19 August 2016. 
  3. "1932 Olympics games: India’s dominance continues". The Hindu. 7 July 2012. http://www.thehindu.com/sport/hockey/1932-olympics-games-indias-dominance-continues/article3613551.ece। আহৰণ কৰা হৈছে: 19 August 2016. 
  4. "1936 Olympics: Hat-trick for India under Dhyan Chand". The Hindu. 8 July 2012. http://www.thehindu.com/sport/hockey/1936-olympics-hattrick-for-india-under-dhyan-chand/article3616183.ece। আহৰণ কৰা হৈছে: 19 August 2016. 
  5. Rohan Puri (26 July 2016). "Olympics: Down the memory lane 1940–1956". The Times of India. http://www.timesofindia.com/sports/rio-2016-olympics/news/miscellaneous/Olympics-Down-the-memory-lane-1940-1956/articleshow/53395749.cms। আহৰণ কৰা হৈছে: 19 August 2016. 
  6. "1960 Olympics: Pakistan ends India’s dominance". The Hindu. 12 July 2012. http://www.thehindu.com/sport/hockey/1960-olympics-pakistan-ends-indias-dominance/article3631570.ece। আহৰণ কৰা হৈছে: 19 August 2016. 
  7. "Gold winning hockey team of 1964 Tokyo Olympics felicitated". The Times of India. 26 November 2014. http://www.timesofindia.com/sports/hockey/top-stories/Gold-winning-hockey-team-of-1964-Tokyo-Olympics-felicitated/articleshow/45287699.cms। আহৰণ কৰা হৈছে: 9 August 2016. 
  8. "1972 Olympics: India’s golden glory fades". The Hindu. 16 July 2012. http://www.thehindu.com/sport/hockey/1972-olympics-indias-golden-glory-fades/article3646216.ece। আহৰণ কৰা হৈছে: 19 August 2016. 
  9. "When Indian hockey first went `bronze'". The Hindu. 16 September 2000. http://www.thehindu.com/2000/09/16/stories/0716075r.htm। আহৰণ কৰা হৈছে: 19 August 2016. 
  10. "1980 Olympics: India sinks Spain for gold". The Hindu. 17 July 2012. http://www.thehindu.com/sport/hockey/1980-olympics-india-sinks-spain-for-gold/article3649630.ece। আহৰণ কৰা হৈছে: 19 August 2016. 
  11. Rohit Brijnath (31 August 1996). "Olympics 1996: How Leander Paes won India's first individual Olympic medal in 44 years". India Today. http://m.indiatoday.in/story/olympics-1996-how-leander-paes-won-indias-first-individual-olympic-medal-in-44-years/1/282276.html। আহৰণ কৰা হৈছে: 19 August 2016. 
  12. "Sydney Olympics hero Karnam Malleswari lauds Sakshi Malik, urges her to start preparing for Tokyo Games". India Today. 18 August 2016. http://indiatoday.intoday.in/olympics2016/story/karnam-malleswari-sakshi-malik-india-rio-olympics-2016/1/743479.html। আহৰণ কৰা হৈছে: 19 August 2016. 
  13. 13.0 13.1 Rohan Puri (30 July 2016). "Olympics: Down the memory lane 2004–2012". The Times of India. http://www.timesofindia.com/sports/rio-2016-olympics/news/miscellaneous/Olympics-Down-the-memory-lane-2004-2012/articleshow/53463101.cms। আহৰণ কৰা হৈছে: 19 August 2016. 
  14. "Rohtak Zen in Rio zone, Sakshi Malik brings wrestling bronze from Olympics". The Indian Express. 19 August 2016. http://indianexpress.com/sports/rio-2016-olympics/rohtak-zen-in-rio-zone-sakshi-malik-brings-wrestling-bronze-2984077/। আহৰণ কৰা হৈছে: 19 August 2016. 
  15. Manoj Bhagavatula (19 August 2016). "Rio 2016 Live: Silver for India’s golden girl, Sindhu puts up tough fight". Hindustan Times. http://www.hindustantimes.com/olympics/rio-2016-live-pv-sindhu-takes-on-spain-s-carolina-marin-for-gold-medal/story-H6pS3IsaqKEbs5bCnprXGN.html। আহৰণ কৰা হৈছে: 19 August 2016. 
  16. "Boxing - SURMENELI Busenaz vs BORGOHAIN Lovlina - Semifinal 1 Results". https://olympics.com/tokyo-2020/olympic-games/en/results/boxing/results-women-s-welter-64-69kg-sfnl-000100-.htm?utm_campaign=fullarticle&utm_medium=referral&utm_source=inshorts। আহৰণ কৰা হৈছে: 4 August 2021. 
  17. "Tokyo Olympics 2020 Live Updates: Boxer Lovlina Borgohain Takes Home Bronze, Loses In Semis" (en ভাষাত). https://sports.ndtv.com/olympics-2020/tokyo-olympics-live-updates-catch-all-the-action-from-tokyo-games-today-2501933. 
  18. "Tokyo Olympics 2020: Neeraj Chopra wins historic Gold in javelin throw, India's first athletics medal in 100 yrs" (en ভাষাত). EconomicTimes. 7 August 2021. https://economictimes.indiatimes.com/news/sports/tokyo-olympics-2020-neeraj-chopra-wins-historic-gold-in-javelin-throw-indias-first-athletics-medal-in-100-yrs/videoshow/85128656.cms। আহৰণ কৰা হৈছে: 8 August 2021. 
  19. "India beat Germany 5-4 in mens hockey win historic bronze medal". https://economictimes.indiatimes.com/news/sports/tokyo-olympics-2020-india-beat-germany-5-4-in-mens-hockey-win-historic-bronze-medal-after-41-yrs/videoshow/85059021.cms?from=mdr। আহৰণ কৰা হৈছে: 9 August 2021. 
  20. "India vs Germany Bronze medal match; Olympics.com". https://olympics.com/en/news/india-men-hockey-team-vs-germany-bronze-medal-match-tokyo-2020-olympics-result। আহৰণ কৰা হৈছে: 9 August 2021. 
  21. "Ravi Kumar Dahiya takes silver; Olympics.com". https://olympics.com/en/news/tokyo-2020-olympics-wrestling-men-india-ravi-kumar-dahiya-57kg-day-1-result?utm_source=google&utm_medium=essence-paid&utm_campaign=google_cpc_in_bau_hybrid_english&utm_content=google_cpc_in_bau_hybrid_en_na_na_dynamic_na&gclid=EAIaIQobChMIwbza0tmm8gIVS4hLBR3wnA-dEAAYASAAEgJfP_D_BwE&gclsrc=aw.ds। আহৰণ কৰা হৈছে: 10 August 2021. 
  22. "Bajrang Punia wins bronze in 65 kg; Olympics.com". https://olympics.com/en/news/tokyo-2020-olympics-wrestling-men-india-bajrang-punia-65kg-bronze-medal-result। আহৰণ কৰা হৈছে: 10 August 2021. 
  23. "India at the 2020 Summer Olympics; Olympics.com". Archived from the original on 8 August 2021. https://web.archive.org/web/20210808075834/https://olympics.com/tokyo-2020/en/news/the-super-seven-who-made-tokyo-2020-india-s-best-olympics-campaign। আহৰণ কৰা হৈছে: 10 August 2021. 
  24. "Indian medal winners; indianexpress.com". https://indianexpress.com/article/olympics/tokyo-2020-india-medal-winners-neeraj-mirabai-ravi-sindhu-bajrang-lovlina-men-hockey-7443696/। আহৰণ কৰা হৈছে: 10 August 2021. 
  25. "India in tokyo olympics; Olympics.com". https://timesofindia.indiatimes.com/sports/tokyo-olympics/india-in-tokyo/tokyo-olympics-2020-india-finishes-48th-best-in-four-decades-33rd-in-terms-of-overall-medals-won/articleshow/85168821.cms। আহৰণ কৰা হৈছে: 10 August 2021.