অল দ'জ ইয়েৰনিংছ্

(অল দ'জ ইয়েৰিঙছ্ৰ পৰা পুনঃনিৰ্দেশিত)

অল দ'জ ইয়েৰিঙছ্(ইংৰাজী: All Those Yearnings) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন চুটিগল্পৰ অনুবাদ সংকলন। বিশিষ্ট সাহিত্যিক দিলীপ বৰাৰ বাৰটা চুটিগল্প অসমীয়াৰ পৰা ইংৰাজীলৈ ময়ূৰ বৰাই অনুবাদ কৰি এইখন সংকলন প্ৰস্তুত কৰিছে। এপ্প'কাছ (Appoccus) প্ৰকাশনৰ পৰা ২০১২ চনৰ মাৰ্চ মাহত প্ৰথম প্ৰকাশ হোৱা সংকলনটিৰ মূল্য ১২০ টকা।[1]

All Those Yearnings  
লেখক দিলীপ বৰা
অনুবাদক ময়ূৰ বৰা
প্ৰচ্ছদ শিল্পী মনজিত ৰাজখোৱা
ভাষা ইংৰাজী
বিষয় চুটিগল্প
প্ৰকাৰ চুটিগল্পৰ অনুবাদ
প্ৰকাশক এপ্প'কাছ (Appoccus)
প্ৰকাশ মাৰ্চ,২০১২
আই.এচ.বি.এন. 978-81-922831-4-2

বিৱৰণ সম্পাদনা কৰক

বিশিষ্ট সাহিত্যিক দিলীপ বৰাৰ বাৰটা চুটিগল্প অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি ময়ূৰ বৰাই অনুবাদ সংকলনটিত একত্ৰিত কৰিছে। অনুবাদিত চুটিগল্পকেইটা হ'ল-[1]

  1. A Stream Through Hearr
  2. All Those Yearnings
  3. Another Secret Killing
  4. Earthy Earnestness
  5. Feeling Of Solitude
  6. Fragrance Of The Mango Flowers
  7. Hunger
  8. In The Cemetery
  9. Memories Of Another Time
  10. Of Love And Betrayal
  11. When Twilight Descended
  12. Wild West Resort

লেখকৰ পৰিচয় সম্পাদনা কৰক

ময়ূৰ বৰা হৈছে এজন অসমীয়া লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। [2]তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।[3] ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা[4] আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।[2]বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।[5]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 ময়ূৰ বৰা (মাৰ্চ,২০১২). All Those Yearnings. Appoccus. ISBN 978-81-922831-4-2. 
  2. 2.0 2.1 সম্পাদনা-ডিম্পল চমুৱা (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃষ্ঠা. 95. 
  3. "Meet Mayur Bora- the acclaimed writer with 14 books to his credit" (en ভাষাত). Guwahati Plus. https://www.guwahatiplus.com/article-detail/meet-mayur-bora-the-acclaimed-writer-with-14-books-to-his-credit। আহৰণ কৰা হৈছে: 28 September 2018. 
  4. "বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন". North east now. 10 dec, 2017. https://assam.nenow.in/%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a6%bf%e0%a6%b7%e0%a7%8d%e0%a6%9f-%e0%a6%b2%e0%a7%87%e0%a6%96%e0%a6%95-%e0%a6%9a%e0%a6%bf%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a6%be%e0%a6%ac%e0%a6%bf%e0%a6%a6-%e0%a6%ae/। আহৰণ কৰা হৈছে: 21 July 2021. 
  5. বৰা, ময়ূৰ (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা. অৰ্চনা বৰঠাকুৰৰ সৈতে সাক্ষাৎকাৰ. Archana's Let us talk. https://www.youtube.com/embed/dGjuEwDa6d4.+Guwahati. 

লগতে চাওক সম্পাদনা কৰক

চিৰদিন অসমীয়া