অসমত গঁ‌ড়ৰ চোৰাং চিকাৰ

অসমত গঁ‌ড়ৰ চিকাৰ ভাৰতৰ অন্যতম মুখ্য পৰিৱেশৰ সমস্যা। ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ আন কিছুমান তৃণভূমি অঞ্চলত অব্যাহত আছে। ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ লগতে কাষৰীয়া পাহাৰৰ পাদদেশত ভাৰতীয় গঁ‌ড়ৰ বাসস্থান।

অসমৰ এশিঙীয়া গঁ‌ড়।

প্ৰাৰম্ভিক কালত সম্পাদনা কৰক

 
মোগল সম্ৰাট বাবৰৰ গঁ‌ড়ৰ চিকাৰ, ১৬শ শতিকা

১৮০০ৰ শেষৰ ফালে আৰু ১৯০০ৰ আৰম্ভণিতে ক্ৰীড়াৰ বাবে কৰা চিকাৰ সাধাৰণ হৈ পৰে।[1] ভাৰতীয় গঁ‌ড়ক লেথাৰি নিচিগাকৈ চিকাৰ কৰা হৈছিল। ঊনবিংশ শতিকাৰ মধ্যভাগৰ বাতৰি মতে অসমৰ কিছুসংখ্যক সামৰিক বিষয়াই ব্যক্তিগতভাৱে ২০০ গঁ‌ড় হত্যা কৰিছিল। ১৯০৮ চনলৈ কাজিৰঙাৰ গঁ‌ড়ৰ সংখ্যা প্ৰায় ১২টালৈ হ্ৰাস পাইছিল।[2] ১৯০০ৰ দশকৰ আৰম্ভণিতে এই প্ৰজাতিটো প্ৰায় বিলুপ্ত হ'বলৈ ধৰিলে।[1]

বিংশ শতিকাৰ আৰম্ভণিৰ পৰা সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত আইনী চিকাৰ সমাপ্ত হয়। ইয়াৰ পিছতো ভাৰতীয় গঁ‌ড়ৰ সংখ্যা হ্ৰাস পোৱাৰ একমাত্ৰ গুৰুত্বপূৰ্ণ কাৰণ হ'ল চোৰাং চিকাৰ। ১৯৮০ চনৰ পৰা ১৯৯৩ চনলৈ ভাৰতত ৬৯২টা গঁ‌ড়ৰ চোৰাং চিকাৰ কৰা হৈছিল। ১৯৮৩ চনত ভাৰতৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত ৪১টা গঁড় হত্যা কৰা হৈছিল।[3] ১৯৯০ৰ দশকৰ মাজভাগত চোৰাং চিকাৰীয়ে সেই ঠাইত প্ৰজাতিটোৰ বিলুপ্তি ঘটাইছিল।[4]

চোৰাং চিকাৰৰ পদ্ধতি সম্পাদনা কৰক

গঁ‌ড়ক হত্যা কৰাৰ পাঁচটা পদ্ধতি লিপিবদ্ধ কৰা হৈছে:[3]

  • গুলী কৰি মৰাই হৈছে সৰ্বাধিক ব্যৱহৃত পদ্ধতি। গঁড়ৰ খড়্গৰ ব্যৱসায়ীসকলে গুলীওৱা লোক নিয়োগ কৰে আৰু প্ৰায়ে তেওঁলোকক ৰাইফল, তৰোৱাল আৰু অস্ত্ৰ-শস্ত্ৰ যোগান ধৰে।
  • গাঁতত পেলাই ধৰা পদ্ধতি মূলতঃ মাটি আৰু ইয়াৰ ঢাকি ৰখাৰ বাবে উপলব্ধ ঘাঁহৰ ওপৰত নিৰ্ভৰ কৰে। গাঁতবোৰ এনে ধৰণে খন্দা হয় যাতে গাঁতত পৰা গঁড়টোৰ মূৰটো গাঁতৰ পৰা অলপ ওপৰলৈ চলা-ফিৰা কৰিবলৈ অলপ ঠাই থাকে যাতে খড়্গটো সহজেই কাটিব পৰা যায়।
  • ইলেকট্ৰ'কাটিং নামৰ পদ্ধতি এনে ঠাইত ব্যৱহাৰ কৰা হয় য'ত উচ্চ ভল্টেজ পাৱাৰলাইনবোৰ সুৰক্ষিত অঞ্চলৰ মাজেৰে বা ওচৰতে পাৰ হয়। ইয়াত চোৰাং চোকাৰীয়ে এডাল দীঘলীয়া পৰিবাহী ৰ'ড লগাই দিয়ে আৰু ইয়াক গঁড়ৰ চলা-ফুৰা পথৰ ওপৰত স্থাপন কৰা হয়।
  • গঁড়ে সততে পানী খোৱা স্থানসমূহত zinc phosphide বিষ বা কীটনাশকৰ দ্বাৰা বিষাক্ত কৰা।
  • চিপজৰীৰ গাঁঠিৰ সহায়তো গঁড় হত্যা কৰা হয়।

কাৰণসমূহ সম্পাদনা কৰক

অবৈধ গঁড়ৰ খড়্‌গৰ ব্যৱসায় অসমৰ গঁড় সুৰক্ষিত অঞ্চলৰ পৰিচালকসকলে সন্মুখীন হোৱা মূল সমস্যা হিচাপে পৰিগণিত হৈ আহিছে। Traffic (conservation programme) আৰু ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰৰ গৱেষণাৰ মতে, ভিয়েটনামৰ কিছুসংখ্যক ক্ৰেতাই বিশ্বাস কৰে যে গঁড়ৰ খড়গৰ গুড়ি কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়। দক্ষিণ আফ্ৰিকাত ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰৰ দ্বাৰা চলোৱা এক সমীক্ষাৰ মতে, ভিয়েটনামৰ চহকী লোকসকলে ইয়াক "মনৰ শান্তি"ৰ চিকিৎসা হিচাপে ব্যৱহাৰ কৰে।

১৯৯৩ চনত পৰম্পৰাগত চীনা ঔষধৰ তালিকাৰ পৰা গঁড়ৰ খড়গক আনুষ্ঠানিকভাৱে অপসাৰণ কৰা হয়। বৰ্তমান কেৱল ভিয়েটনামতেই কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বিক্ৰী কৰা হয়। ইয়াৰ মূলতে হৈছে এজন উচ্চপদস্থ বিষয়া ইয়াৰদ্বাৰা আৰোগ্য হোৱা বুলি প্ৰচলিত উৰাবাতৰি।[5][6]

পৰিসংখ্যা সম্পাদনা কৰক

তলৰ তালিকাত ১৯৬২ চনৰ পৰা অসমত চোৰাং চিকাৰৰ বলি হোৱা গঁ‌ড়ৰ সংখ্যা দেখুওৱা হৈছে:[7]

বৰ্ষ কাজিৰঙা মানস ওৰাং পবিতৰা লাওখোৱা অসমৰ অন্য অঞ্চল বছৰেকীয়া মুঠ
১৯৬২ - - - - -
১৯৬৩ - - - - -
১৯৬৪ - - - - -
১৯৬৫ ১৮ - - - - ১৯
১৯৬৬ - - - -
১৯৬৭ ১২ - - - - ১২
১৯৬৮ - - - -
১৯৬৯ - - - -
১৯৭০ - - - -
১৯৭১ - - - -
১৯৭২ - - - -
১৯৭৩ - - - -
১৯৭৪ - - - -
১৯৭৫ - - - -
১৯৭৬ - - - -
১৯৭৭ - - - -
১৯৭৮ - - - -
১৯৭৯ ১৫
১৯৮০ ১১ ১৮
১৯৮১ ২৪ ৩৮
১৯৮২ ২৫ ৪৪
১৯৮৩ ৩৭ ৪১[3] ৯২
১৯৮৪ ২৮ ৪৫
১৯৮৫ ৪৪ ৫৬
১৯৮৬ ৪৫ ৫২
১৯৮৭ ২৩ ৪৩
১৯৮৮ ২৪ ৪৪
১৯৮৯ ৪৪ ৬৪
১৯৯০ ৩৫ ৪৫
১৯৯১ ২৩ ২৯
১৯৯২ ৪৯ ১১ ৬৭
১৯৯৩ ৪০ ২২ ৬৮
১৯৯৪ ? ? ? ? ? ১৪
১৯৯৫ ? ? ? ? ? ২৭
১৯৯৬ ? ? ? ? ? ২৬
১৯৯৭ ? ? ? ? ? ১২
১৯৯৮ ? ? ? ? ১২
১৯৯৯ ? ? ? ? ১০
২০০০ ১৪ ? ? ? ? ১৫
২০০১ ? ? ? ? ? ১০
২০০২ ? ? ? ? ?
২০০৩ ? ? ? ? ?
২০০৪ ? ? ? ? ?
২০০৫ ১২ ? ? ? ? ? ১৫
২০০৬ ? ? ? ? ?
২০০৭ ? ? ? ? ? ? ২০
২০০৮ ? ? ? ? ? ? ১৬
২০০৯ ? ? ? ? ? ? ১৪
২০১০ ? ? ? ? ? ? ১৮
২০১১ ? ? ? ? ? ?
২০১২ ? ? ? ? ? ? ২৬
২০১৩ ? ? ? ? ? ? ২৮
২০১৪ ৩৫ ? ? ? ? ৩৮
২০১৫ ? ? ? ? ?
২০১৬ ১৯ ? ? ? ? ২০

চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা প্ৰতিৰোধ ব্যৱস্থা সম্পাদনা কৰক

খড়্গ আঁতৰকৰণ সম্পাদনা কৰক

২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত অসমৰ বন বিভাগে বন্যপ্ৰাণী চিকাৰীৰ পৰা ৰক্ষা কৰিবলৈক গঁড়ৰ খড়্গ আঁতৰোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।[8] অসম চৰকাৰে বনাঞ্চলৰ মুখ্য সংৰক্ষণকাৰীৰ (বন্যপ্ৰাণী) নেতৃত্বত এখন সমিতিৰ দ্বাৰা জনসাধাৰণৰ মতামত গ্ৰহণ কৰিবলৈও আহ্বান জনায়। কিন্তু বহুতো পৰিৱেশবাদী আৰু NGO-এ এই প্ৰস্তাৱটোৰ বিৰোধিতা কৰে।[9]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 . 2008. 
  2. Laurie, W.A.; Lang, E. M.; Groves, C.P. (1983). "Rhinoceros unicornis". Mammalian Species (American Society of Mammalogists) (211): 1–6. doi:10.2307/3504002. Archived from the original on 9 April 2016. https://web.archive.org/web/20160409201501/http://www.science.smith.edu/msi/pdf/i0076-3519-211-01-0001.pdf। আহৰণ কৰা হৈছে: 1 June 2013. 
  3. 3.0 3.1 3.2 Menon, V. (1996) Under siege: Poaching and protection of Greater One-horned Rhinoceroses in India Archived 30 October 2012 at the Wayback Machine. TRAFFIC India
  4. Foose, T.; van Strien, N. (1997). Asian Rhinos – Status Survey and Conservation Action Plan. IUCN, Gland, Switzerland, and Cambridge, UK. ISBN 2-8317-0336-0. Archived from the original on 15 July 2011. https://web.archive.org/web/20110715183120/http://www.rhinoresourcecenter.com/ref_files/1175857641.pdf। আহৰণ কৰা হৈছে: 1 June 2013. 
  5. Pederson, Stephanie. "Continued Poaching Will Result in the Degradation of Fragile Ecosystems". The International. Archived from the original on 2013-01-28. https://web.archive.org/web/20130128093002/http://www.theinternational.org/articles/188-continued-poaching-will-result-in-the-deg। আহৰণ কৰা হৈছে: 2013-01-31. 
  6. . 15 March 2014. Archived from the original on 15 March 2014. https://web.archive.org/web/20140315131557/http://www.thehindu.com/news/national/other-states/dehorning-not-the-solution-to-rhino-poaching/article5785797.ece. 
  7. Forest Department of Assam
  8. "Assam to dehorn rhinos to save them". Archived from the original on 9 May 2015. https://web.archive.org/web/20150509031919/http://www.dnaindia.com/india/report-assam-to-dehorn-rhinos-to-save-them-1961855। আহৰণ কৰা হৈছে: 11 June 2014. 
  9. "Environmentalists oppose Assam govt's move to dehorn rhino". 6 March 2014. Archived from the original on 9 March 2014. https://web.archive.org/web/20140309051543/http://timesofindia.indiatimes.com/home/environment/flora-fauna/Environmentalists-oppose-Assam-govts-move-to-dehorn-rhino/articleshow/31532209.cms। আহৰণ কৰা হৈছে: 11 June 2014.