আইখেক বুঢ়াগোহাঁই
আইখেক বুঢ়াগোহাঁই (১৭ শতিকা) চুৰাম্ফা বা খোৰা ৰজাৰ বুঢ়াগোহাঁই আছিল। কোচ ৰাজ্যৰ সেনাপতি চিলাৰায়ৰ লগত আহোমৰ সন্ধি স্থাপন কৰাত আগভাগ লৈছিল। কিন্তু একে যুঁজতে পৰাজয়ৰ কাৰণ হিচাপে তেখেত চিহ্নিত হোৱাত বুঢ়াগোহাঁই পদৰপৰা নিস্কৃতি দিয়া হয়। ইয়াৰ পাছৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত হোৱা কছাৰী ৰণৰ সময়তো আহোমৰ পৰাজয়ৰ মূল কাৰণ হিচাপে চিহ্নিত হয়। এই দোষৰ বাবে স্বৰ্গদেৱে শাস্তিমূলক ব্যৱস্থা লোৱাত ৰাজ্যৰপৰা পলাই যায় আৰু প্ৰথমে কোচ ৰজা পৰীক্ষিত আৰু পাছলৈ বংগৰ নবাবৰ আশ্ৰয় লয়। স্বৰ্গদেৱে ক্ষমাদানৰ প্ৰতিশ্ৰুতি দিয়াত তেওঁ উভতি আহে। মোগলৰ লগত হোৱা কলিয়াবৰৰ ৰণত তেখেতৰ সামৰিক বিচক্ষণতাৰ পৰিচয় দিয়ে।[1]
আইখেক বুঢ়াগোহাঁই | |
---|---|
জন্ম | ১৭ শতিকা |
মৃত্যু | ১৭ শতিকা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী