আত্মাৰাম শৰ্মা আছিল প্ৰথম অসমীয়া ভাষাৰ ছপা পুথি বাইবেলৰ অনুবাদ "ধৰ্মপুস্তক"ৰ লেখক।[1][2] নগাঁও জিলাকলিয়াবৰত তেখেতৰ জন্ম হৈছিল। তেখেতে নিউ টেষ্টামেণ্টৰ অসমীয়া অনুবাদখন ১৮১৩ চনত লিখি ছপা কৰি উলিয়ায়।

আত্মাৰাম শৰ্মা
জন্ম ১৭৮৭ চন
কলিয়াবৰ
মৃত্যু আগষ্ট, ১৮৫৫ চন
নগাপাহাৰ
সমাধিস্থল নগাঁও
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি ধৰ্মপুস্তক

জন্ম আৰু প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

আত্মাৰাম শৰ্মাই নগাঁও জিলাকলিয়াবৰত ১৭৮৭ চনত জন্মগ্ৰহণ কৰিছিল। পিতৃৰ নাম আছিল পিথুদেৱ শৰ্মা আৰু মাতৃ কান্দুৰী।[3] তেখেতৰ সৰুৰেপৰা পঢ়া-শুনাৰ ৰাপ আছিল। ল'ৰাকালত তেখেতে চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ হৰিচৰণ আতা আৰু বালিসত্ৰৰ দেহু আতাৰ ওচৰত থাকি ধৰ্মীয় শিক্ষা লৈছিল। এনে সময়তে তেখেতৰ পিতৃ-মাতৃ বিয়োগ হয়।

ইয়াৰ পিছত আত্মাৰাম আৰু ভাতৃ মহোদৰে কলিয়াবৰ এৰি বৰপেটা, শিঙৰী আদি ঠাইত দিন কটাই শেষত আখিৰঙ্গ গাঁৱত থাকিবলৈ লয়।[3] এই সময়ছোৱাতে তেখেতে "বিবাহ বিধি" নামৰ এখন পুথি ৰচনা কৰে।[3] জীৱিকাৰ সন্ধানত পুনৰ ঘূৰি ফুৰোঁতে আত্মাৰামে ব্ৰনছন নামৰ খ্ৰীষ্টান মিছনেৰী এজনক লগ পায়। ব্ৰনছনে আত্মাৰামক নগাঁও মিছন স্কুলৰ শিক্ষক হিছাপে নিযুক্তি দিয়ে। কিছুদিন পিছত আত্মাৰামক 'ফাদাৰ' উপাধি দি শিৱসাগৰৰ মিছনেৰী ছপাশালৰ কৰ্মচাৰী হিছাপে নিযুক্তি দিয়ে।[3] [4]

বাইবেলৰ অনুবাদ সম্পাদনা কৰক

সেই সময়ত পূব ভাৰতখ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ মূলকেন্দ্ৰ আছিল শ্ৰীৰামপুৰ মিছন। ইয়াত ড: উইলিয়াম কেৰী নামৰ পণ্ডিতজনে বিভিন্ন ভাষাৰ মানুহৰ সহযোগত "বাইবেল" স্থানীয় ভাষাবোৰলৈ অনুবাদ কৰিছিল। তেওঁ প্ৰথমতে বাইবেলখন সংস্কৃত ভাষালৈ অনুবাদ কৰাৰ কামৰ বাবে ত্ৰিশজন লোক নিয়োগ কৰে। এওঁলোকৰ ভিতৰত আত্মাৰাম শৰ্মাও আছিল বুলি বাণীকান্ত কাকতি, গুণাভিৰাম বৰুৱা আদিয়ে মত পোষণ কৰে।[3] এই লোকসকলে প্ৰথমতে বাইবেলখন সংস্কৃতলৈ অনুবাদ কৰি তাৰপিছত নিজৰ নিজৰ ভাষালৈ অনুবাদ কৰাৰ দায়িত্ব লয়। অসমীয়া ভাষালৈ অনুবাদ কৰাৰ বাবে ১৮১১ চনত নিযুক্ত হয় আত্মাৰাম শৰ্মা।[5] অৱশেষত ১৮১৩ চনত গ্ৰন্থখন "ধৰ্মপুস্তক" নামেৰে প্ৰকাশ হয়।[1][2]

১৮৩৩ চনত উইলিয়াম কেৰীয়ে আত্মাৰামৰ সহযোগত "অ'ল্ড টেষ্টামেণ্ট"খনো অসমীয়ালৈ অনুবাদ কৰি উলিয়ায়।[6] তেখেতে গুৱাহাটীলৈ অহা প্ৰথম খ্ৰীষ্টধৰ্ম প্ৰচাৰক জে'মচ্ ৰে'-ক অসমীয়া ভাষা শিকাইছিল। শৰ্মাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পোনপটীয়া প্ৰমাণ নাই, অৱশ্যে চাহাবসকলৰ প্ৰিয়পাত্ৰ হোৱা আৰু কলিকতাতে বিয়াবাৰু কৰোৱা দেখি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা যেনেই লাগে।[3]

মৃত্যু সম্পাদনা কৰক

১৮৫৫ চনৰ আগষ্ট মাহত নগাপাহাৰত আত্মাৰাম শৰ্মাৰ মৃত্যু হয়। খ্ৰীষ্টান যাজকসকলে তেখেতৰ মৃতদেহ নগাঁৱলৈ আনি খ্ৰীষ্টিয়ান কবৰস্থলীতে সমাধিস্থ কৰে।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Dr. Nagendra (1988). "Indian Literature". Prabhat Prakashan. পৃষ্ঠাসমূহ: 414. http://books.google.co.in/books?id=dqGojPpe8DIC&pg=PA414&lpg=PA414&dq=atmaram+sarma&source=bl&ots=21HIG3uiYW&sig=FoZeqvkfb1_uVeV_xUXK8zmwv3Y&hl=en&sa=X&ei=RGJOT8TjF4jQrQeu9dyaDw&ved=0CCkQ6AEwAjgK#v=onepage&q=atmaram%20sarma&f=false। আহৰণ কৰা হৈছে: February 29, 2012. 
  2. 2.0 2.1 Dr. Pona Mahanta (1985). "Western influences on modern Assamese drama". Mittal Publications. পৃষ্ঠাসমূহ: 13. http://books.google.co.in/books?id=JUacH5fkAPoC&pg=PA32&lpg=PA32&dq=atmaram+sarma&source=bl&ots=XfVgWOvnE_&sig=xD1r-9E1D-v7Es8gegHhPu1li28&hl=en&sa=X&ei=J2JOT8q5J4TVrQf0j720Dw&ved=0CGAQ6AEwBw#v=onepage&q=atmaram%20sarma&f=false। আহৰণ কৰা হৈছে: February 29, 2012. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 হেমন্ত কুমাৰ ভৰালী (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বচন্‌ছ. পৃষ্ঠা. ৩২৩-৩২৪. 
  4. শিৱনাথ বৰ্মন (২০০৯). চন্দ্ৰপ্ৰভা শইকীয়ানী. প্ৰকাশক ডিব্ৰুগড়: বনলতা. পৃষ্ঠা. ১৩. 
  5. Dr. J. Anikuzhikattil. "CONTRIBUTION OF CHRISTIAN INSTITUTIONS TO EDUCATION IN THE NORTHEAST REGION OF INDIA". Eastern Panorama. http://www.easternpanorama.in/index.php?option=com_content&view=article&id=1234:contribution-of-christian-institutions-to-education-in-the-northeast-region-of-india&catid=64:december। আহৰণ কৰা হৈছে: February 29, 2012. 
  6. A J Philip (August 9, 2002). "Journalism: Problems and Prospects". The Indian Express. http://kamalasaikia.com/article1.html। আহৰণ কৰা হৈছে: February 29, 2012. [সংযোগবিহীন উৎস]