নামনি অসমত প্ৰচলিত আনাকাটা এবিধ পৱিত্ৰ (নামনি অসমৰ পৰম্পৰামতে) বস্ত্ৰ। আনাকাটা গামোচা নামনি অসমত মাংগলিক কাৰ্যত ব্যৱহৃত হয়৷ বিয়া, লগুণ গাঁঠি দিয়া, দৰা আদৰা, নোওৱা, পঞ্চামৃত খুওৱা, অন্নপ্ৰাসন, চূড়াকৰণ আদি সকলো মাংগলিক কাৰ্যত আনাকাটা কাপোৰ অপৰিহাৰ্য৷[1] ইয়াৰ আকাৰ বিভিন্ন হ’ব পাৰে। নাৰী-পুৰুষ উভয়ৰে পৰিধেয় হোৱাৰ লগতে এই বস্ত্ৰ গোঁসাই থাপনাত দিয়া হয়। আনাকাটা কাপোৰ বোৱাৰ কিছুমান নিৰ্দিষ্ট বিধি আছে। এই বিধি ভংগ কৰিলে আনাকাটা কাপোৰ অপৱিত্ৰ বা চুৱা বুলি গণ্য কৰা হয়।

প্ৰস্তুতকৰণৰ বিধি

সম্পাদনা কৰক

আনাকাটা কাপোৰ বোৱাৰ এক বিশেষ নিয়ম আছে। অইন কাপোৰ বোৱাতকৈ ই কিছু কষ্টকৰ কাম। এবাৰ তাঁত-বতি কাঢ়ি কেৱল এখনেই কাপোৰ ব’ব পাৰি। সাধাৰণতে তাঁত-বাতি কাঢ়ি, ৰাঁচত ভৰাই, ব’ তুলি কাপোৰ বোৱা হয় আৰু কাপোৰ বোৱা হ’লে ৰাঁচৰ মূৰত ৰৈ যোৱা সূতা কাটি কাপোৰখন তাঁতৰ পৰা বিচ্ছিন্ন কৰা হয়। কিন্তু আনাকাটা কাপোৰ বোৱা শেষ হ’লে কাটিব নোৱাৰে। কোনো অস্ত্ৰ নলগোৱাকৈ অথবা নকটা নিচিঙাকৈ এই বস্ত্ৰ তাঁতৰ পৰা উলিয়াই অনা হয়৷[2] ৰাঁচত সূতা ভৰোৱাৰ পিছত যেনেকৈ ব’ তোলা হয়, তেনেকৈ তাঁতত তৰি থোৱা আৰু বৈ উলিওৱা কাপোৰখন থাকোঁতেই পুনৰ চেৰেকী বা উঘাত পকাই ব’ খুলি আনিব লাগে। তাৰ পিছত ৰাঁচৰ পৰা টানি, ৰৈ যোৱা দীঘল দহিখিনিৰে জলম বটা হয়। কাটিব নোৱাৰে বাবেই ঘাইকৈ ইয়াৰ নাম ’আনাকাটা’ কাপোৰ। বৈ থাকোঁতে সামান্য ফিচিকি গ’লেও আনাকাটাৰ পৰিচয় লোপ পায়। এই আনাকাটা কাপোৰ বোৱা পদ্ধতিৰ লগতেই অসমীয়া সমাজৰ বস্ত্ৰ শিল্পৰ লগত এক আধ্যাত্মিক সম্পৰ্কৰ এক চানেকি বহন কৰে৷[3]

আধ্যাত্মিক সম্পৰ্ক

সম্পাদনা কৰক

আনাকাটা কাপোৰৰ লগত অসমৰ মহাপুৰুষীয়া ধৰ্মৰ আধ্যাত্মিক দিশ জড়িত হৈ আছে। অতি শুদ্ধ ভাৱে নিয়ম-সংযমৰ মাজেৰে আনাকাটা বোৱা হয়। আহোম ৰমণীয়ে বোৱা ’কৱচ’ কাপোৰৰ দৰেই ইয়াৰ মাহাত্ম্য বিশ্বাস কৰা হয়। বছৰেকৰ বিহুত আনাকাটা গামোছা ঘৰৰ মূল মানুহজনৰ গাত দিব পাৰিলে বছৰটোলৈ বেমাৰ-আজাৰৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস কৰা হয়। ইয়াত বাদেও অতি প্ৰিয়জনক বছৰটোলৈ মংগল কামনা কৰি এই বস্ত্ৰ দিয়া হয়। বিহুত বাদেও বিয়া, চূড়াকৰণ, উপনয়ন, প্ৰথম গৰ্ভধাৰণ, পঞ্চামৃত ভোজন আদিত আনাকাটা অপৰিহাৰ্য।[4] আনাকাটা কাপোৰ কাতি, পুহ আৰু চ’ত মাহত বোৱা নিষেধ। তদুপৰি শনি, মংগল আৰু দেওবাৰৰ লগতে আঁউসীৰ দিনাও এই কাপোৰ নবয়। ৰজঃস্বলা নাৰীয়ে সাতদিনলৈকে আনাকাটা কাপোৰ বোৱাত ভাগ ল’ব নোৱাৰে।

গামোচা, চেলেং, ধুতি, শাৰী, চাদৰ, পীৰাত পৰা আদি নানা প্ৰকাৰৰ আনাকাটা আছে। ছোৱালী বা মহিলাই চাদৰ বা শাৰী হিচাপে আনাকাটা শুভ কামত পৰিধান কৰিব লাগে৷ পুৰুষে ধুতি, চেলেং বা গামোচা হিচাপে পিন্ধে। বিবাহত দৰা-কইনাক নোৱাই তুলি এই বস্ত্ৰ গাত দিয়া হয়। চূড়াকৰণ অন্নপ্ৰাশন, উপনয়ন আদিত ধূতি বা চেলেংস্বৰূপে আনাকাটা পিন্ধোৱা হয়। তদুপৰি অন্নপ্ৰাশন, উপনয়ন, পঞ্চামৃত ভোজন আদিত গৰাকীয়ে বহা পীৰাত পাৰিবলৈয়ো আনাকাটা ব্যৱহাৰ কৰা হয়। আনাকাটা কাপোৰৰ প্ৰচলন কেৱল অসমতহে আছে। অসমৰ বাহিৰে এনে পদ্ধতিত বোৱা কাপোৰৰ প্ৰচলন আন ক’ৰবাত আছে বুলি এতিয়ালৈ জনা হোৱা নাই।[4] আনাকাটা বস্ত্ৰই অসমীয়া শিপিনীৰ দক্ষতা, ধৈৰ্য আৰু পৱিত্ৰ মনোভাৱকে দাঙি ধৰে। বিবাহিতা নাৰী প্ৰথমবাৰ সন্তানসম্ভৱা হ’লে, পঞ্চামৃত খুওৱা বা জেউৰা দিয়াত কোলাত দিয়া আনাকাটা কাপোৰখনক 'আকল’(আক্ল)[5] বোলে৷ এই কাপোৰখনৰ জোখ 'এক ডেং’৷ সেয়ে, কোনো কোনোৱে ইয়াক 'একডেইঙা'ও বোলে৷ অৰ্থাৎ শিপিনীৰ এখন ভৰি যিমান দূৰলৈ মেলি দিব পাৰে সিমান দূৰ জোখত ’আক্ল’ বোৱা হয়৷ সাধাৰণতে এই কাপোৰখন শুধ বগাকৈ বোৱা হয়৷ সন্তান ভূমিষ্ঠ হ’লে এই কাপোৰখনেৰে প্ৰথম আকোঁৱালি লোৱা হয়৷ সেয়ে ইয়াৰ নাম 'আক্ল'৷ কোনো কোনো ঠাইত ৰঙীণ পাৰি সৰুকৈ দি মিহি বুটা বচা হয়৷ পঞ্চামৃত খুৱাওতে নাৰীগৰাকীৰ কোলাত দি তাতে ফলমূল তুলি দিয়া হয় আৰু পিছত সেই কাপোৰখন সযতনে থৈ দিয়া হয়৷[2] আনাকাটা কাপোৰ নামনি অসমৰ ঘাইকৈ বৰপেটা অঞ্চলৰ সকলো সংস্কাৰমূলক শুভ কামতে প্ৰয়োজন হয়৷ জেঠ মাহত জন্মা সন্তানৰ মংগলৰ বাবে পতা জেঠুৱা উৎসৱতো আনাকাটা কপোৰ পীৰাত পাৰি দি জেঠত ওপজা সন্তানক উৎসৱৰ দিনা খাবলৈ দিয়া হয়৷ [6]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোক সংস্কৃতি ২. ক্ৰান্তিকাল. পৃষ্ঠা. ৪৩৭. 
  2. 2.0 2.1 কলিতা, ফুলকুমাৰী (১৯৯৩). লোককৃষ্টি আৰু নাৰী. অমিয়া দাস. 
  3. ৰেঙনি, পৃ: ১১১, অনুকূল ঠাকুৰীয়া
  4. 4.0 4.1 বস্ত্ৰশিল্প:সাজপাৰ, অসমীয়া মানুহৰ ইতিহাস, নগেন শইকীয়া
  5. সম্পাদক-ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী. অসমৰ সংস্কৃতি কোষ, দ্বিতীয় প্ৰকাশ. 
  6. শৰ্মা, ভূপেন (২০১৫). মনপুৰ মৌচন্দা. অসম সাহিত্য সভা, কলিয়াবৰ অধিৱেশন. পৃষ্ঠা. ৬০৪.