এহেজাৰ এনিশা (লোকগাথা)

(আলিফ লেইলাৰ পৰা পুনঃনিৰ্দেশিত)

এহাজাৰ এনিশা বা আলিফ লেইলা[1] (ইংৰাজী: One Thousand and One Nights) হৈছে ইছলামিক সোণালী যুগত আৰবী ভাষাত সংকলিত মধ্যপ্ৰাচ্যৰ লোককথাৰ সংকলন। ইয়াৰ প্ৰথম ইংৰাজী ভাষাৰ সংস্কৰণৰ পৰা (প্ৰায় ১৭০৬–১৭২১) ইংৰাজীত ইয়াক প্ৰায়ে আৰবীয়ান নাইটছ (ইংৰাজী: Arabian Nights) বুলি জনা যায়।[2]

এহেজাৰ এনিশা  
ভাষা আৰবী
প্ৰকাৰ লোকগাথা

এই সংকলনখন বহু শতিকাজুৰি সমগ্ৰ পশ্চিম এছিয়া, মধ্য এছিয়া, দক্ষিণ এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ বিভিন্ন লেখক, অনুবাদক আৰু পণ্ডিতে সংগ্ৰহ কৰিছিল। ইয়াৰে কিছুমান কাহিনীৰ মূল প্ৰাচীন আৰু মধ্যযুগীয় আৰবী, মিচৰীয়, সংস্কৃত, পাৰ্চী, আৰু মেছ'পটেমিয়ান সাহিত্যত পোৱা যায়।[3] বহুতো সাধু মূলতঃ আব্বাছি আৰু মামলুক যুগৰ লোককথা আছিল। আনহাতে আন কিছুমান সাধু, বিশেষকৈ মূল কাহিনীটো সম্ভৱতঃ পৰৱৰ্তী কালত আংশিকভাৱে ভাৰতীয় উপাদানৰ ওপৰত নিৰ্ভৰশীল পাহলৱী পাৰ্চী গ্ৰন্থ হেজাৰ আফছানৰ (ফাৰ্চী: هزار افسان) পৰা লোৱা হৈছে।[4]

এহেজাৰ এনিশাৰ সকলোবোৰ সংস্কৰণৰে উমৈহতীয়া উপাদান হৈছে শাসক শ্বাহৰিয়াৰক তেওঁৰ পত্নী শ্বেহেৰাজাদেই প্ৰতিটো নিশা এটাকৈ এই সাধুসমূহ কোৱাৰ কাহিনী। সাধুবোৰ এই মৌলিক কাহিনীটোৰ পৰাই আগবাঢ়িছে। কিছুমান আন কাহিনীৰ ভিতৰত উপস্থাপন কৰা হৈছে। ইয়াৰ বিপৰীতে কিছুমান সাধু স্বয়ংসম্পূৰ্ণ। কিছুমান সংস্কৰণত মাত্ৰ কেইশমান সাধুহে আছে। আনহাতে আন কিছুমানত ১,০০১ বা তাতকৈ অধিক সাধু আছে। সংকলনখনৰ মূল অংশ গদ্য যদিও মাজে মাজে গীত আৰু সাঁথৰৰ লগতে উচ্চ আৱেগ প্ৰকাশৰ বাবে পদ্যৰ ব্যৱহাৰ কৰা হয়। বেছিভাগ কবিতা একক দুশৰীয়া বা চাৰিশৰীয়া যদিও কিছুমান দীঘলীয়া পদ্যও আছে।

এহেজাৰ এনিশাৰ সৈতে সাধাৰণতে জড়িত কিছুমান সাধু —বিশেষকৈ 'আলাদিনৰ আচৰিত চাকি' আৰু 'আলি বাবা আৰু চল্লিশটা চোৰ'— ইয়াৰ মূল আৰবী সংস্কৰণত সংকলনটোৰ অংশ নাছিল যদিও সংকলনটোৰ প্ৰথমগৰাকী ইউৰোপীয়ান অনুবাদক এণ্টোৱাইন গালেণ্ডে পেৰিছ ভ্ৰমণৰ সময়ত খ্ৰীষ্টান গল্পকাৰ হান্না ডায়াবৰ পৰা সাধুকেইটা শুনাৰ পিছত এইকেইটা সংকলনটোত সংযোজন কৰিছিল।[5][6][7] সংকলনত সংযোজন হোৱাৰ আগতে আন কিছুমান সাধু যেনে ছিন্দবাদৰ সপ্ত যাত্ৰা আদিৰ একো একোটা স্বতন্ত্ৰ অস্তিত্ব আছিল।

সাৰাংশ সম্পাদনা কৰক

 
ফাৰ্ডিনাণ্ড কেলাৰৰ দ্বাৰা অংকিত শ্বেহেৰাজাদে আৰু শ্বাহৰিয়াৰ, ১৮৮০ চন

সংকলনৰ মূল কাহিনীটো শ্বাহৰিয়াৰক লৈ। তেওঁক কথকে ভাৰত আৰু চীনত শাসন কৰা ছাছানিয়ান ৰজা বুলি অভিহিত কৰিছে।[8] এই কাহিনীৰ মতে ভায়েকৰ পত্নী অবিশ্বাসী বা ব্যভিচাৰিণী বুলি গম পাই শ্বাহৰিয়াৰ স্তম্ভিত হৈ পৰে। তেওঁ নিজৰ পত্নীৰো অবিশ্বাসযোগ্যতা আৰু অধিক স্পষ্ট হৈ পৰিছে বুলি আৱিষ্কাৰ কৰি তেওঁক হত্যা কৰোৱায়। দুখত ভাগি পৰি তেওঁ এই সিদ্ধান্তত উপনীত হয় যে সকলোবোৰ নাৰী একেই। বিশ্বাস ভংগ কৰিবলৈ সুযোগ পোৱাৰ আগেয়েই বিয়াৰ পিছদিনা ৰাতিপুৱা প্ৰত্যেককে মৃত্যুদণ্ড দিবলৈকে শ্বাহৰিয়াৰে একেৰাহে কুমাৰী নাৰীসকলক বিয়া কৰাবলৈ আৰম্ভ কৰে।

অৱশেষত কুমাৰী যোগান ধৰাৰ দায়িত্বত থকা ৱজিয়াৰ (ৱাজিৰ) শ্বাহৰিয়াৰৰ বিয়াৰ বাবে কুমাৰী বিচাৰি নোপোৱা হয়। ৱজিয়াৰৰ জীয়ৰী শ্বেহেৰাজাদেই নিজকে পৰৱৰ্তী কইনা হিচাপে আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু দেউতাকে অনিচ্ছা সত্ত্বেও মান্তি হয়। বিয়াৰ নিশা শ্বেহেৰাজাদে ৰজাক এটা সাধু ক’বলৈ আৰম্ভ কৰে যদিও শেষ নকৰে। সাধুটো কেনেকৈ শেষ হয় সেই বিষয়ে কৌতূহলী হৈ ৰজাই শেহেৰাজাদেৰ মৃত্যুদণ্ড পিছুৱাই দিবলৈ বাধ্য হয়। পিছদিনা ৰাতি শ্বেহেৰাজাদেই সেই সাধুটো শেষ কৰাৰ লগে লগে আন এটা সাধু আৰম্ভ কৰে আৰু সেই সাধুটোৰো সামৰণি শুনিবলৈ আগ্ৰহী ৰজাই তেওঁৰ মৃত্যুদণ্ড আকৌ এবাৰ পিছুৱাই দিয়ে। এনেদৰে সাধু কোৱাৰ ঘটনা এহাজাৰ এনিশাজুৰি চলি থাকে। সেয়েহে সংকলনটোৰ নাম এহেজাৰ এনিশা।

সংকলনটোৰ সাধুসমূহৰ যথেষ্ট ভিন্নতা দেখা পোৱা যায়। ইয়াৰ ভিতৰত ঐতিহাসিক কাহিনী, প্ৰেম কাহিনী, শোকগাথা, হাস্যধৰ্মী কাহিনী, কবিতা, ব্যংগ, আৰু বিভিন্ন ধৰণৰ যৌনতাধৰ্মী সাধু ইয়াত অন্তৰ্ভুক্ত। বহুতো সাধুত জিন, ভূত, কপিমানৱ, যাদুকৰ, ভেল্কীবাজ আৰু কিংবদন্তিমূলক স্থানৰ চিত্ৰণ কৰা হৈছে। এইসমূহ প্ৰায়ে বাস্তৱিক মানুহ আৰু ভূগোলৰ সৈতে সানমিহলি ৰূপত দেখা যায়। শ্বেহেৰাজাদেৰ মূল কাহিনীৰ সাধাৰণ নায়কসকলৰ ভিতৰত ঐতিহাসিক আব্বাছি খলিফা হাৰুণ আল-ৰছিদ, তেওঁৰ মহান ৱজিয়াৰ জাফৰ আল-বাৰমাকি, আৰু বিখ্যাত কবি আবু নুৱাছ (যদিও এই ব্যক্তিসকলে ছাছানিদ সাম্ৰাজ্যৰ পতনৰ প্ৰায় ২০০ বছৰৰ পিছতহে আছিল) আদি আছে। কেতিয়াবা শ্বেহেৰাজাদেৰ কাহিনীৰ কোনো এটা চৰিত্ৰই আন চৰিত্ৰক নিজৰ কাহিনী ক’বলৈ আৰম্ভ কৰে আৰু সেই কাহিনীটোৰ ভিতৰতো আন এটা কাহিনী কোৱা হ’ব পাৰে। যাৰ ফলত পঞ্চতন্ত্ৰৰ সাধুৰ দৰে এক সমৃদ্ধ স্তৰযুক্ত আখ্যানৰ সৃষ্টি হয়।[9]

সম্ভাৱ্য ভাৰতীয় প্ৰভাৱ সম্পাদনা কৰক

সংস্কৃত সাহিত্যত পোৱা কিছুসংখ্যক উপাদান যেনে এটা মূল কাহিনী আৰু জীৱ-জন্তুৰ উপকথা কিছুমান পণ্ডিতে এহেজাৰ এনিশাৰ ধাৰণাটোৰ মূলতে আছে বুলি ৰ্মত পোষণ কৰে।[10] সাধু কোৱাৰ চলেৰে এটা আগন্তুক বিপদ ঘটাত পলম কৰোৱা আৰু অৱশেষত বিপদ আঁতৰ কৰা জ্ঞানী যুৱতীগৰাকীৰ মটিফ ভাৰতীয় উৎসৰ পৰাই লোৱা হৈছে।[11] ভাৰতীয় লোককথাক সাধুসমূহত কিছুমান বিশেষ জীৱ-জন্তুৰ সাধুৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হয়, যি প্ৰাচীন সংস্কৃত উপকথাৰ পৰা প্ৰভাৱ প্ৰতিফলিত কৰে। পঞ্চতন্ত্ৰ আৰু বেতাল পঞ্চবিংশতিৰ প্ৰভাৱ বিশেষভাৱে উল্লেখযোগ্য।[12]

সম্ভতঃপঞ্চতন্ত্ৰৰ প্ৰভাৱতন্ত্ৰোপাখ্যান নামৰ সংস্কৃত অভিযোজনৰ জৰিয়তে সংঘটিত হয়। তন্ত্ৰোপাখ্যানৰ মূল সংস্কৃত ৰূপৰ অংশমাত্ৰহে বৰ্তি আছে যদিও তামিল,[13] লাও,[14] থাই,[15] আৰু পুৰণি জাভানীজ ভাষাত ইয়াৰ অনুবাদ বা অভিযোজন পোৱা যায়।[16] মূল কাহিনীটোৱে এগৰাকী উপপত্নীয়ে এজন ৰজাৰ আগ্ৰহ আৰু অনুকূলতা বজাই ৰাখিবলৈ সাধু কোৱাৰ বহল ৰূপৰেখা অনুসৰণ কৰিছে।[9]

পাৰ্চী আৰ্হি: হেজাৰ আফছান সম্পাদনা কৰক

এহেজাৰ এনিশাৰ প্ৰাথমিক উল্লেখসমূহে ইয়াক পাৰ্চী গ্ৰন্থ হেজাৰ আফছানৰ (বাআফছানেহ বা আফছানা) আৰবী অনুবাদ বুলি উল্লেখ কৰিছে। হেজাৰ আফছানৰ অৰ্থ হৈছে 'হাজাৰ কাহিনী'। দশম শতিকাত ইবন আল-নাদিমে বাগদাদত কিতাপৰ এখন তালিকা (ফিহ্ৰিষ্ট) সংকলিত কৰিছিল। তেওঁ লক্ষ্য কৰিছিল যে ইৰাণৰ ছাছানি ৰজাসকলে 'সন্ধিয়াৰ কাহিনী আৰু উপকথা' উপভোগ কৰিছিল।[17] তাৰ পিছত আল-নাদিমে পাৰ্চী হেজাৰ আফছানৰ বিষয়ে লিখে আৰু ইয়াত ব্যৱহাৰ কৰা মূল কাহিনীটোৰ বিষয়ে ব্যাখ্যা কৰে যে কেনেকৈ এজন ৰক্তপিপাসু ৰজাই তেওঁৰ বিয়াৰ নিশাৰ পিছত একেৰাহে পত্নীসকলক হত্যা কৰে। অৱশেষত এগৰাকী পত্নীয়ে প্ৰতিদিনে সন্ধিয়া তেওঁক এটা সাধু কৈ প্ৰতিটো সাধু পিছদিনা ৰাতিলৈকে আধৰুৱা কৰি থৈ যায় যাতে ৰজাই তেওঁৰ মৃত্যুদণ্ড পিছুৱাই দিয়ে।[18]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Marzolph, Ulrich (2007). "Arabian Nights". In Kate Fleet. Encyclopaedia of Islam (3rd ed.). doi:10.1163/1573-3912_ei3_COM_0021. Arabian Nights, the work known in Arabic as Alf layla wa-layla 
  2. See illustration of title page of Grub St Edition in Yamanaka and Nishio (p. 225)
  3. Ben Pestell, ed (2016). Translating Myth. Routledge. পৃষ্ঠা. 87. ISBN 9781134862566. https://books.google.com/books?id=YOoyDAAAQBAJ&pg=PT87. 
  4. , প্ৰকাশক Leiden, 2007 
  5. Horta, Paulo Lemos (2017-01-16) (en ভাষাত). Marvellous Thieves. Harvard University Press. ISBN 978-0-674-97377-0. https://books.google.com/books?id=OuMZDgAAQBAJ&q=Hanna+Diyab+syrian&pg=PA2. 
  6. Doyle, Laura (2020-11-02) (en ভাষাত). Inter-imperiality: Vying Empires, Gendered Labor, and the Literary Arts of Alliance. Duke University Press. ISBN 978-1-4780-1261-0. https://books.google.com/books?id=LWYGEAAAQBAJ&q=Hanna+Diyab+syrian&pg=PT78. 
  7. John Payne, Alaeddin and the Enchanted Lamp and Other Stories, (London 1901) gives details of Galland's encounter with 'Hanna' in 1709 and of the discovery in the Bibliothèque Nationale, Paris of two Arabic manuscripts containing Aladdin and two more of the added tales. Text of "Alaeddin and the enchanted lamp"
  8. The Arabian Nights, translated by Malcolm C. Lyons and Ursula Lyons (Penguin Classics, 2008), vol. 1, p. 1
  9. 9.0 9.1 A. K. Warder (1992). Indian Kāvya Literature: The art of storytelling, Volume VI. Motilal Banarsidass Publishers. পৃষ্ঠা. 61–62, 76–82. 
  10. Reynolds p. 271
  11. S̲h̲ahrazād. 2012. 
  12. "Vikram and the Vampire, or, Tales of Hindu devilry, by Richard Francis Burton—A Project Gutenberg eBook". www.gutenberg.org. পৃষ্ঠা: xiii. https://www.gutenberg.org/files/48511/48511-h/48511-h.htm. 
  13. Artola. Pancatantra Manuscripts from South India in the Adyar Library Bulletin. 1957. pp. 45ff.
  14. K. Raksamani. The Nandakaprakarana attributed to Vasubhaga, a Comparative Study. University of Toronto Thesis. 1978. pp. 221ff.
  15. E. Lorgeou. Les entretiensde Nang Tantrai. Paris. 1924.
  16. C. Hooykaas. Bibliotheca Javaneca No. 2. Bandoeng. 1931.
  17. Pinault p. 1
  18. Pinault p. 4