আসাম বুৰঞ্জী
আসাম বুৰঞ্জী (ইংৰাজী: Assam Buranji) হৈছে অসমৰ সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ, বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱায়ে যুগুতোৱা এখনি বুৰঞ্জী। গ্ৰন্থখনত প্ৰাচীন কালৰ অসমৰ পৰা আৰম্ভ কৰি ইংৰাজৰ শাসন পৰ্যন্ত ঘটনাৱলী বৰ্ণিত হৈছে। গ্ৰন্থখন ১৮৮৪ চনত প্ৰকাশিত হৈছিল।[1]
আসাম বুৰঞ্জী | |
---|---|
লেখক | গুণাভিৰাম বৰুৱা |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | বুৰঞ্জী |
প্ৰকাশ | ১৮৮৪ |
জীৱনীকাৰৰ চমু পৰিচয়সম্পাদনা কৰক
প্ৰধান প্ৰবন্ধ: গুণাভিৰাম বৰুৱা
গুণাভিৰাম বৰুৱা (১৮৩৭-১৮৯৪) এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেখেতৰ "ৰাম-নৱমী" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়।
গ্ৰন্থৰ চমু পৰিচিতিসম্পাদনা কৰক
গুণাভিৰাম বৰুৱাৰ এই গ্ৰন্থখনত প্ৰণালীবদ্ধভাৱে অসম বুৰঞ্জীৰ ঘটনাক্ৰম সন্নিৱিষ্ট হৈছে। গ্ৰন্থখনত প্ৰাচীন কালৰ অসমৰ পৰা ইংৰাজৰ শাসনলৈকে ঘটনাৱলীৰ বিৱৰণ আছে। গ্ৰন্থখনৰ ৰচনাৰীতি সৰল আৰু গাম্ভীৰ্যপূৰ্ণ।[1]
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ 1.0 1.1 বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৯৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.