আৰ’নাই হৈছে একপ্ৰকাৰৰ কাপোৰ বিশেষ। ই বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ। [1][2] হাতশাল বা মেচিন শালৰ সহায়ত ইয়াক প্ৰস্তুত কৰা হয়। ই এখন সৰু স্কাৰ্ফ। ইয়াক পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰে।[3] বড়ো পৰম্পৰা অনুসৰি আৰ’নাই পৰম্পৰাগতভাৱে পৰিধান কৰাৰ উপৰিও, প্ৰিয়জনক উপহাৰ স্বৰূপে ভেদ কৰা হয়। বিভিন্ন দৈৰ্ঘ্যৰ আৰু কম পুতলৰ দুই আঁচুৰ ওপৰ পাৰিত ৰুচি সন্মত চানেকিৰে ফুল বচা আৰ’নাই বড়ো সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ।

বগা ফুলৰ চানেকি থকা এখন গাঢ়সেউজীয়া আৰ’নাই

ব্যৱহাৰ সম্পাদনা কৰক

আৰ’নাই প্ৰধানকৈ ডিঙিত মেৰিয়াই লোৱা কাপোৰ। ইয়াৰোপৰি বড়ো নৃত্য পৰিৱেশনৰ সময়তো আৰ’নাই ব্যৱহাৰ কৰা হয়।[2] প্ৰিয়জনক উৎসৱ ইত্যাদিত ইয়াক উপহাৰ স্বৰূপে প্ৰদান কৰা হয়। ডিঙিত মেৰিয়াই শীত নিবাৰণৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। পুৰণি কালত বড়োসকলে যুদ্ধৰ সময়ত এই আৰ’নাই কঁকালত বেল্টৰ দৰে বান্ধি লৈছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১৪৪-১৪৬ (১)
  2. 2.0 2.1 ধনেশ্বৰ হুজুৰী. "বিভিন্ন জনগোষ্ঠীৰ গামোচাৰ পৰম্পৰা". বিকাশপিডিয়া. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9bf9ad9bf9a89cd9a8-99c9a89979b79cd9a09c09f0-9979be9ae99a9be9f0-9aa9f09ae9cd9aa9f09be। আহৰণ কৰা হৈছে: 10 January 2022. 
  3. sachin (2015-06-08). "D'source Design Gallery on Motifs on Silks of Assam". D'Source. http://www.dsource.in/gallery/motifs-silks-assam। আহৰণ কৰা হৈছে: 2020-11-30.