সংযুক্ত আৰৱ আমিৰাত

পশ্চিম এছিয়াৰ দেশ
(ইউনাইটেড আৰব এমিৰেট্‌ছৰ পৰা পুনঃনিৰ্দেশিত)

সংযুক্ত আৰৱ আমিৰাত (আৰবী: دولة الإمارات العربية المتحدة‎ দাওলাত্ আল্-ঈমাৰাত্ আল্-আৰবিয়াহ্ আল্-মুত্তাহিদাহ্) মধ্যপ্ৰাচ্য এছিয়াৰ আৰৱ উপদ্বীপৰ দক্ষিণ-পূব কোণত অৱস্থিত সাতখন স্বাধীন ৰাজ্যৰ এক ফেডাৰেচন। এইসমূহ ৰাজ্য একসময়ত ট্ৰুছিয়াল ষ্টেটছ নামে জনাজাত আছিল। ১৯৭১ চনত এই ৰাজ্য সমূহে স্বাধীনতা লাভ কৰে। প্ৰতিটো আমিৰাত এক উপকূলীয় জনবসতিক কেন্দ্ৰ কৰি আৱৰ্তিত। আমিৰাত শাসনকৰ্তাৰ পদবীৰ নাম আমিৰ। সংযুক্ত আৰৱ আমিৰাতৰ সাতখন আমিৰাতৰ নাম হ’ল; আবু ধাবি, আজমান, ডুবাই, আল ফুজাইৰাহ, ৰায়াছ আল খাইমাহ, আশ শ্বৰিকাহ আৰু উম্ম আল ক্বাইওয়াইন। আবু ধাবি চহৰ ফেডাৰেচনৰ ৰাজধানী আৰু ডুবাই দেশখনৰ বৃহত্তম চহৰ।

সংযুক্ত আৰৱ আমিৰাত
دولة الإمارات العربية المتحدة
দাওলাত্ আল্-ঈমাৰাত্ আল্-আৰবিয়াহ্ আল্-মুত্তাহিদাহ্
নীতিবাক্য
---
ৰাষ্ট্ৰীয় সঙ্গীত
"ইশ্বি বিলাদি"

সংযুক্ত আৰৱ আমিৰাত-ৰ অৱস্থান
সংযুক্ত আৰৱ আমিৰাত-ৰ অৱস্থান
ৰাজধানীআবু ধাবি
22°47′N 54°37′E / 22.783°N 54.617°E / 22.783; 54.617
বৃহত্তম নগৰ ডুবাই
ৰাষ্ট্ৰভাষা (সমূহ) আৰৱী ভাষা
জাতীয়তাসূচক বিশেষণ আমিৰাতি
চৰকাৰ যুক্তৰাষ্ট্ৰীয়, পৰম আৰু বংশগত ৰাজতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি খালিফা বিন জায়েদ আল নাহিয়ান
 -  প্ৰধানমন্ত্ৰী মহম্মদ বিন ৰাছিদ আল মাকতুম
সংস্থাপন ২ ডিচেম্বৰ ১৯৭১ 
মাটিকালি
 -  মুঠ ৮৩,৬০০d বৰ্গ কিমি (১১৬)
৩২,২৭৮ বৰ্গ মাইল 
 -  জলভাগ (%) নগণ্য
জনসংখ্যা
 -  ২০১৩ আনুমানিক ৯২,০৫,৬৫১'"`UNIQ--ref-০০০০০০০০-QINU`"' (৯৩)
 -  ২০০৫ লোকপিয়ল ৪১,০৬,৪২৭ 
জিডিপি (পিপিপি) ২০০৭ আনুমানিক
 -  মুঠ $১৫৯.৩ বিলিয়ন (৫৪)
 -  জনমুৰি $৩৫,৫১৬ (১৬)
জিডিপি (নামমাত্ৰ) ২০০৬ আনুমানিক
 -  মুঠ $১৬৪ বিলিয়ন (৩৮)
 -  জনমুৰি $৪২,১৭৫ (১৬)
মানৱ উন্নয়ন সূচক (২০০৪) decrease ০.৮৩৯ (উচ্চ) (৪৯)
মুদ্ৰা আমিৰাতি দিৰহাম (AED)
সময় অঞ্চল GMT+4 (ইউটিচি+৪)
 -  গ্ৰীষ্মকালীন (ডিএছটি)  (ইউটিচি+৪)
ইণ্টাৰনেট টিএলডি .ae, امارات.
কলিং ক'ড +৯৭১

সংযুক্ত আৰৱ আমিৰাত মৰুময় দেশ। ইয়াৰ উত্তৰে পাৰস্য উপসাগৰ, দক্ষিণ আৰু পশ্চিমে চৌদি আৰৱ, আৰু পূবত ওমান আৰু ওমান উপসাগৰ। ১৯৫০ৰ দশকত খাৰুৱা তেল আৱিষ্কাৰৰ আগতে সংযুক্ত আৰৱ আমিৰাত মূলত ব্ৰিটিছ চৰকাৰৰ অধীন কিছুমান অনুন্নত অঞ্চলৰ সমষ্টি আছিল। খনিজ তেল শিল্পৰ বিকাশৰ লগে লগে এই অঞ্চলৰ দ্ৰুত উন্নতি আৰু আধুনিকৰণ ঘটে। ফলত ১৯৭০ৰ দশকৰ আৰম্ভণিতে আমিৰাতসমূহ ব্ৰিটিছৰ নিয়ন্ত্ৰণ পৰা ওলাই নিজক স্বাধীন ঘোষণা কৰে। দেশখনৰ খাৰুৱা তেলৰ বেছি ভাগ আবু ধাবিত পোৱা যায়। ফলত ই সাতখন আমিৰাতৰ ভিতৰত আটাইতকৈ ধনী আৰু শক্তিশালী। তেল শিল্পৰ কাৰণে ইয়াৰ অৰ্থনীতি স্থিতিশীল আৰু জীৱনযাত্ৰাৰ মান বিশ্বৰ সৰ্বোচ্চসমূহৰ ভিতৰত অন্যতম।

খ্ৰীষ্টপূৰ্ব ৫৫০০ বছৰ আগৰ পৰা সংযুক্ত আমিৰাতত প্ৰথম মানৱ বসতিৰ সন্ধান পোৱা যায়। সেই সময়ত বিশ্বৰ আন আন ঠাইৰ লগত যোগাযোগ বুলিলে উত্তৰ- পশ্চিমৰ মেছোপটেমিয়া সভ্যতাৰ লগত যোগাযোগৰ প্ৰমাণ পোৱা যায়। হাজৰ পৰ্বতত প্ৰাপ্ত তামেৰে ব্যৱসায়ৰ মাধ্যমত ৩০০০ খ্ৰীষ্টপূৰ্বৰ পৰা মেছোপটেমিয়াৰ লগত এই যোগাযোগ দীৰ্ঘস্থায়ী আৰু বিস্তৃত হয়। প্ৰথম শতাব্দীৰ পৰা ভূমি পথেৰে চিৰিয়া আৰু ইৰাণৰ দক্ষিণাংশৰ লগত যোগাযোগ আৰম্ভ হয়। পৰৱৰ্তী সময়ত ওমানা বন্দৰৰ (বৰ্তমান ওম্ম-আল-কোয়াইন) মাধ্যমত সমুদ্ৰ পথেৰে ভাৰতৰ লগত যোগাযোগ আৰম্ভ হয়।

সংযুক্ত আৰৱ আমিৰাতত উপক্ৰান্তীয় জলবায়ু বিৰাজ কৰে। মৰুভূমিয় অঞ্চল হোৱাৰ বাবে গ্ৰীষ্ম কাল অতি গৰম পৰে। জুলাই আৰু আগষ্ট আটাইতকৈ বেছি গৰম মাহ। ইয়াৰ গড় উষ্ণতা 45 °C (113 °F)ৰ ওপৰত থাকে। আল হাজাৰ পৰ্বতৰিং ফালে উষ্ণতা তুলনামূলক ভাবে কম।[2] জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুভূত হোৱা সৰ্বনিম্ন তাপমাত্ৰাৰ সাঁচ:Convert/Dual/LoffAonDbSoffT ভিতৰত থাকে।[3] গ্ৰীষ্মকালৰ শেষৰ ফালে উপকূলীয় অঞ্চলত শ্বৰকী নামৰ এক আদ্ৰ বতাহ বলে। উপকূলীয় অঞ্চলৰ গড় বৃষ্টিপাত 120 mm (4.7 in), কিন্তু পৰ্বতীয়া অঞ্চলত 350 mm (13.8 in)ৰ আশে পাশে থাকে।[4] এই অঞ্চলত প্ৰায়ে বালিৰ ধুমুহা বলে।

২০০৪ চনত প্ৰথম বাৰৰ বাবে ইয়াৰ উচ্চ অঞ্চল সমূহত বৰফ পৰিছিল।[5] A few years later, there were more sightings of snow and hail.[6][7] The Jebel Jais mountain cluster in Ras al-Khaimah has experienced snow only twice since records began.[8]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক