ইছলামিক মৌলবাদক বিভিন্ন ধৰণে সংজ্ঞায়িত কৰা হৈছে যে মুছলমানসকলৰ এনে আন্দোলন যিয়ে অতীতক আকোৱালি লয় আৰু ধৰ্মৰ শিপালৈ ঘূৰি আহিবলৈ বিচাৰে[1] আৰু হজৰত মহম্মদ (ছঃ) আৰু তেওঁৰ সহযোগীসকলে যিদৰে জীয়াই আছিল, সেইদৰেই জীয়াই থাকে। ইছলামিক মৌলবাদীসকলে ইছলামৰ প্ৰাথমিক উৎসসমূহৰ (কোৰআন আৰু চুন্নাহ) "আক্ষৰিক আৰু মৌলিক ব্যাখ্যা" সমৰ্থন কৰে, আৰু তেওঁলোকৰ জীৱনৰ প্ৰতিটো অংশৰ পৰা (তেওঁলোকৰ দৃষ্টিত) "বিকৃত" অ-ইছলামিক প্ৰভাৱক নিৰ্মূল কৰিব বিচাৰে,[2] আৰু "ইছলামিক মৌলবাদ"ক ইছলামিক পুনৰুজ্জীৱনবাদ আৰু ইছলামিক আন্দোলনৰ বিৰোধীসকলে ব্যৱহাৰ কৰা দেখা যায়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক