উগ্ৰতাৰা দেৱালয় গুৱাহাটীৰ লতাশিল অঞ্চলত অৱস্থিত দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী তাৰাৰ উগ্ৰ স্বৰূপ উগ্ৰতাৰাৰ নামত উৎসৰ্গিত মন্দিৰ। এই মন্দিৰৰ পিছফালে যোৰপুখুৰী নামৰ এটা পুখুৰী আছে। গুৱাহাটীৰ পঞ্চতীৰ্থৰ অন্যতম উগ্ৰতাৰা দেৱালয় গুৰুত্বপূৰ্ণ শক্তিপীঠ। লোকবিশ্বাস মতে ইয়াত ভগৱান শিৱৰ পত্নী দেৱী সতীৰ নাভি পৰিছিল। তিব্বতীয় বৌদ্ধ বিশ্বাস মতে অসমৰ উগ্ৰতাৰাক তীক্ষ্ণকণ্ঠ, একজঁটা হিচাপে গণ্য কৰা হয়।[1][2] তাৰা শব্দটো সংস্কৃতৰ "তাৰ্" মূলৰ পৰা আহিছে, ইয়াৰ অৰ্থ "পাৰ কৰোৱা" আৰু উগ্ৰ মানে ভয়ানক।[3]

উগ্ৰতাৰা দেৱালয়
উগ্ৰতাৰা দেৱালয় is located in Assam
উগ্ৰতাৰা দেৱালয়
অসম মানচিত্ৰত উগ্ৰতাৰা মন্দিৰৰ অৱস্থান
ভূ-স্থানাংক 26°11′N 91°44′E / 26.18°N 91.74°E / 26.18; 91.74
নাম
অন্য নাম উগ্ৰতাৰা মন্দিৰ
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা কামৰূপ মহানগৰ
এলেকা উজান বজাৰ
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী উগ্ৰতাৰা
প্ৰধান উৎসৱ দুৰ্গাপূজা
স্থাপত্য শৈলী নীলাচল স্থাপত্যশৈলী
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৭২৫ খ্ৰীষ্টাব্দ
প্ৰতিস্থাপক স্বৰ্গদেউ শিৱ সিংহ

বৰ্তমান উগ্ৰতাৰা দেৱালয় আহোম স্বৰ্গদেউ শিৱ সিংহয়ে ১৭২৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল। ইয়াৰ পূব দিশত অৱস্থিত যোৰপুখুৰী তেওঁ মন্দিৰ নিৰ্মাণৰ তিনিবছৰ আগতে খন্দাইছিল। ইয়াত বিভিন্ন প্ৰজাতিৰ কাছক সংৰক্ষিত অৱস্থাত ৰখা হৈছে। ভূমিকম্পৰ ফলত মন্দিৰৰ বিস্তৰ ক্ষতি হৈছিল যদিও পিছলৈ নাগৰিক সকলে পুনৰ নিৰ্মাণ কৰে।

কালিকা পুৰাণত উল্লিখিত মতে দিক্কৰবাসিনী নামৰ এখন শক্তিপীঠ আছিল। দিক্কৰবাসিনীৰ দুটা ৰূপ বিদ্যমান, তীক্ষ্ণ কণ্ঠ আৰু ললিত কণ্ঠ। তীক্ষ্ণ কণ্ঠৰ দেহৰ বৰণ ক'লা আৰু পেট ঘটিৰ দৰে। এইৰূপক উগ্ৰতাৰা বা এক জঁটা বোলে। ললিত কণ্ঠ ধুনীয়া আৰু আকৰ্ষণীয় আৰু তেওঁক তাম্ৰেশ্বৰী বোলা হয়।

উগ্ৰতাৰা দেৱালয়ৰ গৰ্ভগৃহত দেৱী উগ্ৰতাৰাৰ কোনো মূৰ্তি বা আকৃতি নাই। পানীৰে পূৰ্ণ কুণ্ড এটাক দেৱী হিচাপে গণ্য কৰা হয়। ইয়াৰ লগতে ইয়াত পাল বংশৰ সময়ৰ অষ্টধাতুৰ উগ্ৰতাৰাৰ মূৰ্তি আছে। মন্দিৰ কাষতে শিৱৰ মন্দিৰ শিৱালয় অৱস্থিত। দুয়ো মন্দিৰৰ পিছফালে যোৰপুখুৰী অৱস্থিত।

ধৰ্মীয় আখ্যান সম্পাদনা কৰক

স্থল পুৰাণৰ মতে এসময়ত মৃত্যুৰ দেৱতা যমৰাজে ব্ৰহ্মাৰ কাষলৈ অভিযোগ দাখিল কৰে যে কামৰূপ অঞ্চলৰ পৰা কোনেও নৰকলৈ যোৱা নাই। পৱিত্ৰ কামৰূপ অঞ্চলৰ পাপী সকলো নৰকলৈ যোৱাৰ পৰা বিৰত আছিল। ব্ৰহ্মায়ে তেতিয়া এই অভিযোগ বিষ্ণুলৈ আৰু শেষত বিষ্ণুয়ে শিৱক জনায়। তেতিয়া ভগৱান শিৱয়ে দেৱী উগ্ৰতাৰাক কামাখ্যা অঞ্চলত বাস কৰা লোকসকলক আঁতৰাই পঠিয়াবলৈ আদেশ দিয়ে। দেৱীয়ে নিজৰ সেনাৰ সৈতে কামৰূপলৈ আহে। সেইসময়ত ঋষি বশিষ্ঠয়ে সন্ধ্যাঞ্চল পাহাৰত শিৱৰ দৰ্শনৰ বাবে তপস্যা কৰি আছিল। দেৱীৰ উগ্ৰ অগ্ৰসনৰ বাবে বশিষ্ঠ মুনিৰ তপস্যা ভংগ হয়। ইয়াৰ বাবে তেওঁ ক্ৰোধত দেৱী উগ্ৰতাৰা আৰু শিৱক অভিশাপ দিয়ে। তেতিয়াৰ পৰা কামৰূপত সকলো বৈদিক সাধনা ত্যাগ কৰে হয় আৰু দেৱী উগ্ৰতাৰা বামাচাৰী সাধনাৰ দেৱীত পৰিণত হয়। ইয়াৰ লগতে দেৱীৰ সেনাৰ সকলো ম্লেছত পৰিগণিত হয়।

তাৰা দেৱী সম্পাদনা কৰক

 
উগ্ৰতাৰা

তাৰা দশ মহাবিদ্যাৰ দ্বিতীয় গৰাকী দেৱী। কালীৰ দৰে তাৰা ভীষণ উগ্ৰ আৰু ৰুদ্ৰ স্বৰূপ। তেওঁৰ বিভিন্ন ৰূপান্তৰ যেনে: উগ্ৰতাৰা, এক জঁটা, নীল সৰস্বতী বিদ্যমান। উগ্ৰতাৰা দেৱী তাৰাৰে অত্যন্ত উগ্ৰ ৰূপ। তন্ত্ৰ সাধনাৰ বাবে তান্ত্ৰিক সকলে দেৱী তাৰাৰ পূজা কৰে।

সাধনা সম্পাদনা কৰক

উগ্ৰতাৰা দেৱী কামাখ্যাৰ দৰেই পূজা কৰা হয়। ধূপ-দীপ, নৈবেদ্যৰ লগতে ইয়াত বলি বিধানৰো আয়োজন কৰা হয়। তান্ত্ৰিক সাধনাত দেৱীৰ মদ, মাংস, মোদক, নাৰিকল আৰু কুঁহিয়াৰ প্ৰিয়।

তথ্য উৎস সম্পাদনা কৰক

  1. Reflections on the Tantras. S̄udhakar Chattopadhyaya. পৃষ্ঠা. 76. https://books.google.com/books?id=CmaewdodLZQC&pg=PA76&lpg=PA76&dq=Paranasabari&source=bl&ots=BLE3Jqwsrs&sig=_X5dWvMO_9HczMVRdxyuLQb6Vjs&hl=en&sa=X&ei=2WkKT6rXOs7KrAen4OjbDw&ved=0CCgQ6AEwAA#v=onepage&q=Paranasabari&f=false. 
  2. The social function of art by Radhakamal Mukerjee. Philosophical Library. 1954. পৃষ্ঠা. 151. https://books.google.com/books?id=Vh4sAQAAIAAJ&q=paranasavari&dq=paranasavari&hl=en&sa=X&ei=k3MKT6D_JYfZrQfWgcXWDw&ved=0CDQQ6AEwAA. 
  3. David Gordon White The Alchemical Body: Siddha Traditions in Medieval India, (Kindle Locations 1613–1615). University of Chicago Press. Kindle Edition. "This coastal location reminds us of what may have been Tārā’s original role: she was a goddess of navigation, of sea crossings— tārā is generated from the verb tṛ, to cross over the sea."