উজ্জ্বল শইকীয়া ৰামধেনু যুগৰ এগৰাকী কবি। ১৯৩৬ চনত ডুমডুমাৰ নিকটৱৰ্তী বাদলাভেটা চাহ বাগিচাত জন্ম গ্ৰহণ কৰা কবি উজ্জ্বল শইকীয়াই ডিব্ৰুগড়ৰ কানৈ কলেজত শিক্ষা গ্ৰহণ কৰিছিল আৰু অসম চৰকাৰৰ বনবিভাগত প্ৰায় ৩৪ বছৰ কৰ্মজীৱন অতিবাহিত কৰাৰ পাছত ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰিছিল। ডিব্ৰুগড়ৰ কানৈ কলেজৰ আলোচনীত ১৯৫৫ চনত তেখেতে জীৱনৰ প্ৰথমটো কবিতা লিখিছিল।

ৰোমাণ্টিক বিলাসিতাৰ বিপৰীতে প্ৰেমে কঢ়িয়াই অনা যন্ত্ৰণাৰ চিত্ৰহে কবিতাটিত বাংময় হৈ উঠিছিল-- ‘ তুমি হয়তো শুই আছা এতিয়া / মৰম আৰু গৰমৰ উম বিচাৰি / দুচকুত স্বপ্নৰ আমেজ সানি / সাৰে মাথোঁ আছোঁ মই..' (মাজনিশাৰ চিঠি)। আগবয়সতে লিখা আৰু দুটামান কবিতাতো ‘প্ৰেম'ৰ সেই চিৰন্তন গতানুগতিক চিত্ৰই দেখিবলৈ পোৱা যায়- ‘তুমি যে মোৰ কোনো নহয় / ময়ো তোমাৰ নহয় / মাজত মাথোঁ এখন নৈ/ সি যে হৃদয়' (বিনিময়)।

পৰৱৰ্তী কালত ৰচনা কৰা তেখেতৰ কবিতাসমূহতো প্ৰেম চিৰকালেই এক কেন্দ্ৰীয় বিষয় হৈ ধৰা দিছিল যদিও ৰোমাণ্টিক বিলাসিতাৰ বিপৰীতে প্ৰেম বা নাৰীৰ মাজেৰে জীৱনটোক নিৰীক্ষণ কৰাৰ সহজাত প্ৰৱণতা তেখেতৰ কবিতাত পৰিলক্ষিত হয়। প্ৰেম আৰু নাৰী সম্পৰ্কে অন্তৰ্জগতত সৃষ্টি হোৱা বিভিন্ন ৰূপ,দৰ্শন আৰু চিত্ৰকল্পই হৈ উঠিছিল তেখেতৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। 
উল্লেখনীয় যে,কবি উজ্জ্বল শইকীয়াৰ প্ৰেম বিষয়ক কবিতা দুটামানত ‘মিথুন ৰাশিৰ এক মিঠা মিঠা গাভৰু ছোৱালী' অথবা কোনোবা নিবেদিতাৰ নাম বহুবাৰ উচ্চাৰিত হৈছে। এনে নামোল্লেখে পাঠকৰ মনত কৌতূহলৰ সৃষ্টি কৰাটো তেনেই স্বাভাৱিক,কিন্তু তাতোকৈ ডাঙৰ কথা,কবিতাটিৰ মাজেৰে প্ৰকাশ পাইছে কবিৰ মনৰ এক অনন্য উপলদ্ধি -' ৰঙীন এমব্ৰইডাৰী সূতাৰে নিবেদিতাই লিখা /বন্ধোৱা ফ্ৰেমৰ সেই আখৰবোৰৰ পৰা /আকাশৰ ঈশ্বৰ হঠাতে আহিল নামি/কল্পনাৰ শূন্য জখলাৰে....'(প্ৰাণ পোৱাৰ পাছত)। 
তেনেদৰে ' সন্ধিয়াৰ নিৰিবিলি পোহৰ গাত সানি ' কোনোবা মনোৰমাৰ সৈতে নিবিড়ভাৱে কথা পতা, 'জীৱনৰ পংক সিক্ত আবিলতা আঁতৰাই ' সেই মনোৰমাক নিজৰ জীৱনলৈ 

আমন্ত্ৰণ জনোৱা অথবা ৰঙচুৱা পাৰি আৰু শুধবগা শাৰী পিন্ধি স্কুলৰ পৰা ওভতাৰ পথত কবিলৈ চাই মিচিকি হাঁহি মৰা এজনী ছোৱালীৰ কথাও তেখেতৰ কবিতাত পোৱা যায়।

কবি উজ্জ্বল শইকীয়াৰ পৰৱৰ্তী কালৰ প্ৰেম বিষয়ক কবিতাসমূহক ক্ৰমশঃ স্বপ্নভংগ অথবা এক প্ৰকাৰৰ বিষাদ আৰু নিসংগতাবোধে আবেগসিক্ত কৰি তোলা পৰিলক্ষিত হয়। প্ৰেমৰ চিৰন্তন দুঃখৰ প্ৰতীক হিচাপে বহু কেইটা কবিতাত ৰঙা গোলাপ আৰু কাঁইটৰ আঁচোৰ ব্যৱহৃত হৈছে। কিন্তু আশ্চৰ্যজনকভাৱে স্বপ্নভংগ বা প্ৰেমৰ বিফলতাই কবিক কুণ্ঠিত কৰিব পৰা নাই। গোলাপ ফুল এপাহ ছিঙিবলৈ গৈ কাঁইটৰ আঁচোৰ লাগি হাত তেজে ৰাঙলী হোৱাৰ পাছত কবিৰ উপলব্ধি - ' ফুল পাহৰ ৰঙাত লাগি/ তেজখিনি মোৰ সেন্দূৰ হই গ’ল '। কবিৰ মনৰ দৃঢ়তা আৰু আত্মপ্ৰত্যয়ৰ স্পষ্ট ইংগিত পৰিলক্ষিত হয় তেখেতৰ 'সেন্দূৰ' নামৰ এই কবিতাটিত। প্ৰেমৰ বিফলতাকো কবিয়ে সহজ আৰু উদাৰভাৱে গ্ৰহণ কৰিবলৈ শিকিছিল বাবেই পৰৱৰ্তী কালৰ কবিতাসমূহত তেখেতৰ প্ৰেমে বিশালতা লাভ কৰিছে। জীৱনৰ এছোৱা কাল চাকৰি সূত্ৰে তৈল নগৰী ডিগবৈত কটাবলগীয়া হোৱা কবিয়ে প্ৰেয়সী মনোৰমাৰ নিবিড় সান্নিধ্যৰ লগে লগে ঔদ্যোগিক নগৰখনৰ ব্যস্তময় কোলাহল আৰু তেল-জুই-ধোঁৱাৰ মাজত সংগ্ৰাম কৰি থকা শ্ৰমজীৱী মানুহৰ জীৱনৰ পৰাও কবিতা লিখাৰ অনুপ্ৰেৰণা লাভ কৰিছে। সেই বাবেই এটি কবিতাত তেখেতে লিখিছিল- 'জানা সোণ, ইয়াতো কবিতা আছে /উৎস আছে প্ৰেৰণা আছে কবিতা লিখাৰ...' (ডিগবৈত দেখা স্বপ্ন)। 
কবি উজ্জ্বল শইকীয়া এসময়ত গণনাট্য সংঘৰ সৈতেও জড়িত থকাৰ কথা আমি জানো। সেইবাবেই প্ৰেম,নাৰী আদি বিষয় সমূহৰ উপৰিও তেখেতৰ কবিতাত সমাজ চেতনাৰ ভাৱো বহুকেইটা কবিতাত প্ৰতিফলিত হৈ উঠিছে। প্ৰবল সমাজ-চেতনাৰ বাবেই কবিৰ দৃষ্টি ক্ৰমশঃ প্ৰসাৰিত হৈছিল সমাজৰ বুকুলৈ। সমাজ চেতনাৰ উজ্জ্বল দ্যুতিয়ে তেখেতৰ বহু কেইটা কবিতাক উদ্দীপ্ত কৰি তুলিছে। আৱাহন,আমাৰ প্ৰতিনিধি, মনিদীপ আদিৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ প্ৰান্তিক, গৰীয়সী, কৌস্তুভ, জনমভূমিলৈকে বিভিন্ন কাকত-আলোচনীত প্ৰায় পঞ্চাশ বছৰৰো অধিক কাল ধৰি তেখেতে লিখি অহা কবিতাসমূহত জীৱন আৰু জগতৰ চিত্ৰ যেনেদৰে ৰূপায়িত হৈছে তেনেদৰে সমাজ-

জীৱনৰ নগ্ন দৃশ্য, ক্ৰমশঃ আগবাঢ়ি অহা দুঃসময় আদিকো প্ৰতিফলিত কৰিবলৈ তেখেতে প্ৰয়াস কৰিছে। উল্লেখযোগ্য যে, প্ৰকৃতিৰ বুকুৰ পৰাই তেখেতে বেছিভাগ চিত্ৰকল্প আহৰণ কৰিছে। যিকোনো সামাজিক সমস্যা বা সংকটৰ মুহূৰ্ততো প্ৰকৃতিৰ পৰা আহৰণ কৰা চিত্ৰকল্পৰে তেখেতে আশাবাদী দৃষ্টিভংগী পোষণ কৰা সততে চকুত পৰে। সেই বাবেই পঞ্চাশৰ দশকতে লিখা ‘সমিধান ' নামৰ কবিতাটিত খৰাং বতৰত আকাশে পঠিয়াই দিয়া 'এজোলোকা বৰষুণ 'ৰ মাজেৰে তেখেতে ‘আশা আৰু আস্থাৰ / ৰ'দৰ গান গুণ গুণ 'শুনা পাইছে। একেই আশাবাদ প্ৰতিফলিত হোৱা দেখা যায় -'ৰঙা এটি কৰবীৰ ফুল’ৰ দৰে আৰু বহু কবিতাত। গণ নাট্য সংঘৰ প্ৰভাৱ তথা হেমাংগ বিশ্বাসৰ দৰে ব্যক্তিৰ সাহচৰ্যত কবি উজ্জ্বল শইকীয়াৰ মনত সাম্যবাদী চেতনাৰ উন্মেষ ঘটা বিষয়টো মন কৰিবলগীয়া। কাৰণ ইয়াৰ প্ৰতিফলন ঘটিছিল তেখেতৰ কবিতাত। উদাহৰণ স্বৰূপে 1989 চনত গুপ্তহত্যাৰ বলি হোৱা চফদৰ হাছমীৰ মৃত্যুত বিক্ষূব্ধ হৈ তেখেতে লিখা কবিতাৰ কথা উল্লেখ কৰিব পাৰি। মাৰ্টিন লুথাৰ কিঙৰ মৃত্যুত বৰ্ণবৈষম্যবাদৰ বিৰুদ্ধে লিখিছিল--'মৃত্যু হ'ল কোনো এক এন্ধাৰ প্ৰদেশৰ/সাগৰ সিপাৰৰ / সংগ্ৰামী এক সঁচা মানুহৰ/ ......শুধ বগা মানুহৰ মনৰ এন্ধাৰ গলিত হেৰাই গ'ল আজি এক সুস্থ মানুহৰ উজ্জ্বল ক’লা দেহ '(মাৰ্টিন লুথাৰ কিং)।

সংগ্ৰামময় মানুহৰ জীৱন আৰু মানৱতাৰ প্ৰতি অনুকম্পা তেখেতৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। এই বৈশিষ্ট্য বিশেষভাৱে পৰিলক্ষিত হয় ডাগ হেমাৰল্ডিৰ সোঁৱৰণত লিখা ‘অটোগ্ৰাফ' নামৰ কবিতাটিত -‘জানো আমি/ এই মৃত্যু নহয় 

কাহিনীও সঁচা মৃত্যু / অক্টোপাচী মন সিহঁতৰ ভৰা সংশয়ৰ / তেজ ৰঙা সিহঁতৰ হাতত / আছে মেকবেথী বাসনা। সামাজিক অমংগলৰ বিৰুদ্ধে হুংকাৰি তেখেতে পুনৰ লিখিছিল-- ‘চোতাল ভৰা শেলুৱৈবোৰ নিকা কৰিবৰ হ'ল/শিয়ালৰ খোজ আজি মচিবৰ হ'ল/সূ্ৰ্যৰ উজ্জ্বল দৃষ্টিৰে দেখুৱাই তোৰ পাহোৱাল সাহ/ভাঙিবৰ হ'ল আজি/মানৱতাৰ চোতালত থকা ঢোঁৰা সাপৰ বাহ'।

মানৱতা আৰু প্ৰমূল্যৰ অপঘাত মৃত্যুৰে ক্ৰমশঃ আগুৱাই অহা দুঃসময়ৰ প্ৰতি কবি শংকিত। এই শংকাক তেখেতে প্ৰতিফলিত কৰিছে এনেদৰে - 'উদয় হওঁ হওঁ সূৰ্যটো / কাঁইটীয়া জেঙত লাগি বন্দী হৈ ৰয়/ .... তেজবোৰ নৈ হৈ বয় / আশ্বাস অবিশ্বাস হয় / বৰটোপৰ শব্দত আৰু/বাৰুদৰ ধোঁৱা আৰু গোন্ধত /কেৱল অন্তহীন ভয়/শেন আৰু শগুণৰ নখত/ ক্ষত-বিক্ষত মানুহৰ বিগলিত হৃদয়’ (বিনিময়)। 
অসমীয়া কবিতাৰ সুদীৰ্ঘ পথ পৰিক্ৰমাত কবিতাৰ আংগিক, নিৰ্মাণ কৌশল, ভাৱবস্তু আদিৰ যি ব্যাপক পৰিৱৰ্তন ঘটিছে তাক কবি উজ্জ্বল শইকীয়াই প্ৰত্যক্ষ কৰিছিল আৰু আদৰি ল'ব পাৰিছিল বাবেই তেখেতৰ কবিতাত নতুনত্ব

আছে। ২০০৪ চনত প্ৰকাশিত তেখেতৰ 'এজাক জোনাকীৰ জিলমিল’ কবিতাপুথি খনত পঞ্চাশ আৰু ষাঠিৰ দশকত ৰচনা কৰা কবিতাসমূহ সন্নিবিষ্ট হৈছে। 2015 চনত প্ৰকাশিত ' আকৌ নতুন আৱিষ্কাৰ হ'ব ' শীৰ্ষক দ্বিতীয়খন কবিতাপুথিত সংকলিত হৈছে পৰৱৰ্তী কালত ৰচনা কৰা কবিতাসমূহ। এই সমূহ কবিতা পৰ্যবেক্ষণ কৰিলে বিগত প্ৰায় পাঁচটা দশকত তেখেতৰ কবিতাৰ গতি-প্ৰকৃতি,নিৰ্মাণশৈলী আৰু ভাৱবস্তুৰ বিশিষ্ট লক্ষণসমূহ অনুভৱ কৰিব পাৰি।

প্ৰকৃততে প্ৰৌঢ়ত্বত লিখা তেখেতৰ কবিতাসমূহতো প্ৰেম আৰু উদ্দীপ্ত যৌৱনৰ স্বপ্নই পুনৰ সাৰ পাই উঠিছে। তেখেতে যৌৱনৰ সেই একেই উদ্দীপ্ত চেতনাৰে লিখিছিল -

1/ ' তোমাৰ চকুত মোৰ চকু /অপ্ৰকাশ্য এক যেন অবুজ সাধু /তোমাৰ ওঠত মোৰ ওঁঠ /নিষ্পেষণত অব্যক্ত দুখ / .... তোমাৰ বুকুত মোৰ বুকু/ স্বপ্নভৰা যৌৱনৰ নতুন ঋতু '(প্ৰেম)। 2/'খোপাত তোমাৰ গুজি দিলোঁ মই/এপাহ খৰিকাজাঁই /বুকুৰ মাজত দেও দি দি নাচে /বালিমাহী চৰাই /...দুচকুত তোমাৰ জিলিকি উঠিল / ভৰা নৱমীৰ জোন / সৰিল পৰি তোমাৰ হাঁহিত /জোনাকৰ বৰষুণ... '(বৃন্দাবন)। 3/ ' বুকুৰ মাজত বাজি আছে মাথোঁ / মন ৰঙচুৱা এটা সোণালী বাঁহী / নীলিম গভীৰ দুচকুত তোমাৰ /সোণ জিলমিল সেউজীয়া হাঁহি/ মৰা সুঁতিৰ জীয়া সাঁকোত থাককনা পৰি/জীৱনৰ হেৰাই যোৱা মৃত পাণ্ডুলিপি / ন-সূৰুযৰ /প্ৰভাতী পোহৰত/শেষতো হ'বই এদিন / বিধৱাৰ দৰে নিঃসংগ ৰাতি...' (জোনাক জোনাক যেন মন)।

প্ৰৌঢ়ত্ব অথবা বাৰ্ধক্যৰ দিনবোৰতো অন্তৰ্হিত হোৱা নাছিল বিদ্ৰোহ আৰু আত্ম প্ৰত্যয়--'মই জ্বলি জ্বলি মৰিব খোজা নাই ভীৰু মানসিকতাৰে/কথা ক'ব খুজিছোঁ শব্দৰ জুই জ্বলাই মুকলি মনেৰে/মোৰ দেশ আৰু মোৰ মানুহৰ বাবে/যদিওবা মূৰৰ ওপৰত ওলমি আছে ডেন'ক্লিছৰ চোকা তৰোৱাল /...ওভতাই দিয়া আমাক আমাৰ গৌৰৱধ্বজা হৃদ স্বাধীনতা'(আঙ ছান চ্যু কি)। 
উল্লেখযোগ্য যে, যথাযথ ৰূপত শব্দ আৰু সুবিন্যস্ত বাক্য সজ্জাৰ বিসংগতি তথা বিষয় বা ভাৱ-বস্তুৰ অগভীৰতা আদিৰ দৰে দুৰ্বলতাৰ

বাবে তেখেতৰ কিছু সংখ্যক কবিতাই কেৱল ধ্বনি ব্যঞ্জনাৰ বাদে পাঠকৰ হৃদয় বিশেষ আলোড়িত কৰিব পৰা নাই,তথাপিতো কিন্তু প্ৰতীক আৰু চিত্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ নিপুণতা উপলব্ধি কৰিব পাৰি। সত্তৰৰ দশকত লিখা এটি কবিতাত তেখেতে বাৰ্ধক্যক শীতৰ সৈতে তুলনা কৰিছে- - ‘মেঘবোৰ অজগৰ হ’ল /... সিপাৰে দূৰৈত এক নিস্তেজ সূৰ্য /যেন ঘোলা কণীৰ কুহুম / বলাকাৰ ৰেখা খেদি / সন্ধিয়া আহিল নামি.... / মই শিল হৈ পৰিছোঁ/ জুহালত পোৰা কয়লাৰ অঙঠা / ৰঙা হৈ জ্বলিছে/ মোৰ দেহলৈ উত্তাপ আহিছে.. (শীত)।

তেনেদৰে বহু বছৰ,বহু দশক পূৰ্বে সৃষ্টি কৰা ‘জুইবোৰ ফুল হ’ল পলাশ বনত’ (হিৰন্ময় গাংগুলী), 'শুধ বগা মানুহৰ মনৰ এন্ধাৰ গলি' (মাৰ্টিন লুথাৰ কিং), ‘জীৱন সাগৰত হেলেনৰ খোজ' (অৱসাদ), ' বন্ধ মাহৰ সাঁচি থোৱা এটা নতুন হাঁহি ' (দৃষ্টিপাত) আদিৰ চিত্ৰকল্পবোৰৰ দৰেই পৰৱৰ্তী কালৰ কবিতাবোৰতো ‘মৰা সুঁতিৰ জীয়া সাঁকো, ‘বিধৱাৰ দৰে নিঃসংগ ৰাতি’, ‘তেজৰ কৰাল গ্ৰাসত এপাহ ৰঙা কৰবীৰ ফুল’ আদি চিত্ৰকল্প তেখেতে নিৰ্মাণ কৰিছে। ‘খৰিকাজাই’, বালিমাহী চৰাই’, ‘সোণালী বাঁহী’ আদিৰ দৰে শব্দ-বিন্যাসেৰে তেখেতে প্ৰেম আৰু উদ্দীপ্ত যৌৱনৰ প্ৰতীক সৃষ্টি কৰিছে। অসমৰ বিভিন্ন ঠাইত কৰ্মব্যস্ত জীৱন কটাব লগীয়া হোৱা সত্ত্বেও কিন্তু কবি উজ্জ্বল শইকীয়াই কেতিয়াও নিজৰ স্বভাৱগত কাব্যিক আৰু সাংস্কৃতিক মনটো হেৰুৱাই পেলোৱা নাছিল। জীৱনৰ সুদীৰ্ঘ পথ পৰিক্ৰমাত সুধাকণ্ঠ ড: ভূপেন হাজৰিকা, নিৰোদ চৌধুৰী,হেমাংগ বিশ্বাস,ভৱেন্দ্ৰ নাথ শইকীয়া,নিৰ্মল প্ৰভা বৰদলৈ আদিৰ দৰে ব্যক্তিৰ সান্নিধ্য আৰু অনুপ্ৰেৰণা তেখেতে লাভ কৰিছিল। এই অনুপ্ৰেৰণা এনে গভীৰ আৰু ব্যাপক আছিল যে জীৱনৰ কোনো এটা মুহূৰ্ততে তেখেতে তাক পাহৰি যোৱা নাছিল আৰু তেখেতৰ কবিতাত এইসকল ব্যক্তিৰ লিখন আৰু নিৰ্মাণ-শৈলীৰ প্ৰভাৱ যথেষ্ট পৰিছিল। তেনেদৰে তেখেতৰ হাতৰ আখৰবোৰতো নিৰোদ চৌধুৰীৰ হাতৰ আখৰৰ ষ্টাইল এটা প্ৰতিফলিত হৈছিল। বিভিন্ন জনলৈ লিখা চিঠি-পত্ৰবোৰত সদায়ে প্ৰতিফলিত হৈ উঠিছিল স্পন্দিত গদ্য আৰু একোটা কাব্যিক ব্যঞ্জনা। 
কবি উজ্জ্বল শইকীয়াদেৱৰ ব্যক্তিত্বৰ এটা আকৰ্ষণীয় দিশ আছিল তেখেতৰ চাফ-চিকুন,পৰিপাটী কাপোৰ-কানি পৰিধান কৰা কৰা ষ্টাইল আৰু নিৰহংকাৰী আচৰণ। তেখেত আছিল মানুহৰ সংগ ভাল পোৱা লোক। স্মৃতিশক্তি আছিল অত্যন্ত প্ৰখৰ। কাৰোবাক ক'ৰবাত লগ পালে সেই দিনটোৰ চন-তাৰিখ-বাৰ-সময়-স্থানলৈকে সকলো কথা তেখেতৰ মনত ৰৈ গৈছিল। দীৰ্ঘ দিন ধৰি কবি উজ্জ্বল শইকীয়াদেৱৰ সৈতে আমাৰ অত্যন্ত আপোন আৰু আৱেগিক সম্পৰ্ক এটা গঢ় লৈ উঠাৰ পৰিপ্ৰেক্ষিততে তেখেতৰ সৈতে বহু অন্তৰংগ মুহূৰ্তও কটোৱাৰ সুযোগ লাভ কৰিছিলোঁ। আজিৰ পৰা প্ৰায় দহ বছৰ পূৰ্বে তেনে এটা অন্তৰংগ মুহূৰ্তৎ কথা পাতি থাকোঁতে কথা প্ৰসংগত তেখেত অত্যন্ত আৱেগিক হৈ পৰিছিল। ক্ৰমশঃ গভীৰ হৈ অহা সন্ধ্যাৰ নিস্তেজ আলো-ছায়াত তেখেতক তেনেই দুৰ্বল আৰু বাৰ্ধক্যত কাতৰ হৈ পৰা যেন লাগিছিল। আৱেগিক হৈ তেখেতে কৈছিল- “মোৰ ল'ৰা দুটাক কৈছোঁ তহঁতে ভালদৰে থাক, মোক একো দিব নালাগে। পিতৃ হিচাপে তহঁতৰ পৰা দুটা বস্তুৱেই বিচাৰিছোঁ - দুডোখৰ বগা কাপোৰ, এডোখৰ মোক আৰু আন ডোখৰ মাৰাক ঢাকিবৰ বাবে।” বাৰ্ধক্যৰ আৱেগত কোৱা সেইষাৰ কথাই মোকে শোকস্তব্ধ কৰি তুলিছিল,ঘৰখনক কেনে দুখ দিছিল চাগৈ। অহাৰ পৰত তেখেতে নিজকে সংযত কৰি কৈছিল – “বহুত দিন একো লিখিব পৰা নাই, তোমাক লগ পাই আৱেগিক হৈ পৰিলোঁ। তুমি আকৌ এইবোৰ কথা লিখি নেপেলাবা।” তেখেতে মানা কৰাৰ পাছতো কিন্তু লিখিছিলোঁ। তেখেতে পঢ়িছিল। মোৰ সেই লেখাটো পঢ়ি আত্মীয় স্বজনে কেনেদৰে কান্দিছিল খুড়াই মোক পাছত কৈছিল। 
কবি উজ্জ্বল শইকীয়াদেৱৰ জীৱনত পত্নী তৃপ্তি শইকীয়াৰ অৱদান আছিল অতুলনীয়। সকলোবোৰ সভা-সমিতি,কবি- সন্মিলনত দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছিল। সকলো সময়তে দুয়ো দুয়োৰে ছাঁৰ দৰে আছিল। মগজুৰ ৰক্তক্ষৰণজনিত ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ থাকোঁতে খুড়ীয়েই তেখেতক দিনে ৰাতিয়ে শুশ্ৰূষা কৰিছিল। খুড়ীৰ অবিৰত শুশ্ৰূষাৰ বলতে তেখেতে হেৰুৱা স্মৃতি ঘূৰাই পাইছিল বুলি ক'ব পাৰি। কিন্ত বহুদিন ধৰি বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ থকা খুড়ীয়েও অকল্পনীয়ভাৱে এদিন আকস্মিকতে ইহ সংসাৰ এৰি গুচি গৈছিল। খুড়ীৰ মৃত্যু আছিল তেখেতৰ হৃদয়ত আন এক প্ৰচণ্ড আঘাত যিটো তেখেতৰ বাবে হয়তো অসহনীয় আছিল। আকৌ মগজুৰ ৰক্তক্ষৰণ হৈছিল আৰু স্মৃতিশক্তি প্ৰায় সম্পূৰ্ণ নষ্ট হৈ গৈছিল। তেনে অৱস্থাতো তেখেতে খুড়ীক বিচাৰিছিল আৰু হুকহুকাই কান্দিছিল। খুড়াক চাবলৈ শেষৰবাৰ যাওঁতে তেখেতৰ স্মৃতিশক্তি ইমানেই লুপ্ত হৈছিল যে মোকেই চিনি পোৱা নাছিল। তেখেতৰ তেনে অৱস্থাত অসমৰ বহু বিশিষ্ট লেখক-সাহিত্যিকে তেখেতক চাবলৈ গৈছিল আৰু শোকত ভাগি পৰিছিল। অৱশেষত বিগত পঞ্চাশ বছৰে অবিশ্ৰান্তভাৱে প্ৰেম আৰু যৌৱনৰ কবিতা লিখি অহা মানুহজনে ৰোগ আৰু বাৰ্ধক্যৰ ওচৰত পৰাভূত হৈ যোৱা 3 চেপ্তেম্বৰ তাৰিখে 83 বছৰ বয়সত ইহ সংসাৰৰ পৰা শেষ নিশ্বাস ত্যাগ কৰি গুচি গৈছিল। তেখেতৰ মৃত্যু অসমীয়া কাব্য-জগতৰ বাবে নি:সন্দেহে এক অপূৰণীয় ক্ষতি। (সমাপ্ত)