উমাচল শিলালিপি অসমত বৰ্তমানলৈ উদ্ধাৰ হোৱা দ্বিতীয়খন পুৰণি শিলালেখ, সময় পঞ্চম শতিকাৰ শেষভাগ। লিপি খন ১৯৫৫ চনত উদ্ধাৰ হৈছে। গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূৱ কোনত পোৱা গৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই লিপিখন দৃষ্টিগোচৰ হৈছিল।[1] শিলালিপিখনত বৰ্মন ৰাজবংশৰ ৰজা মহেন্দ্ৰ বৰ্মাৰ (খ্ৰী.৪৭০–৪৯৪) নাম খোদিত হৈ আছে। তেওঁৰ নাম উদ্ধাৰ হোৱা শিলালেখ খনত সুৰেন্দ্ৰবৰ্মণা বুলি উল্লেখ আছে। পুৰণি কালত ৰজা মহাৰজাৰ নাম তেওঁলোকৰ নামৰ সমাৰ্থক নামেৰেও ৰখা নিয়ম আছিল।[2] শিলালিপিত ব্যৱহাৰ কৰা লিপি গুপ্ত বংশৰ গুপ্ত লিপিৰ পূৰ্বী ভাগ আৰু ভাষা সংস্কৃত গদ্য।[3] যদিও নীলাচল পাহাৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ বাবে বিখ্যাত, শিলালিপিত উল্লিখিত মন্দিৰ বলভদ্ৰৰ নামত উছৰ্গিত। বলভদ্ৰ বৈষ্ণৱ পন্থাৰ এক দেৱতা।[4]অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন

উমাচল শিলালিপি

উমাচল শিলালিপি
উপাদান শিল
লিখন সংস্কৃত ভাষা
আৱিষ্কাৰৰ ঠাই উমাচল, গুৱাহাটী, অসম
নিৰ্মিত মহেন্দ্ৰ বৰ্মাৰ শাসনকাল
সময়কাল / সংস্কৃতি পঞ্চম শতিকা
বৰ্তমান অৱস্থান উমাচল

পণ্ডিতৰ মতে গোলাঘাট জিলানগাজৰী-খনিকৰগাঁৱৰ শিলালিপি

পুৰনি প্ৰথম শিলালিপি। এই লিপিৰ সময় আছিল পঞ্চম শতিকাৰ আদিভাগ।



উমাচল গুহা সম্পাদনা কৰক

২০১২ চনত এই শিলালিপিৰ কাষতেই এক গুহা আৱিষ্কাৰ হয়। শিলালিপিত উল্লেখ থকা মতে এই গুহা মহেন্দ্ৰ বৰ্মায়ে নিৰ্মাণ কৰাইছিল। গুহাটোৰ ভিতৰভাগ ৬.২৬x৫.০২ মিটাৰৰ। এসময়ত ই বলভদ্ৰ স্বামীৰ মন্দিৰ আছিল। ইয়াত ১৬.৫ ছেণ্টিমিটাৰ ব্যাসৰ শিলৰ বাতি এটাৰ দুটুকুৰা উদ্ধাৰ হৈছে। ইয়াত শিলৰ ওপৰত ৭৬x৭৩x১৬ ছেণ্টিমিটাৰৰ ধুনীয়া ফুলাম আৰ্হি খোদিত আছে।[5][6]

পাঠ সম্পাদনা কৰক

মহাৰাজাধিৰাজ শ্ৰী
সুৰেন্দ্ৰবৰ্মণা কৃতম্
ভগৱতঃ ৱলভদ্ৰ
স্বামিনায় ইদংহ গুহং

অসমীয়া অনুবাদ সম্পাদনা কৰক

"ভগৱান বলভদ্ৰৰ নামত উছৰ্গিত এই গুহা (মন্দিৰ) মহাৰাজধীৰাজ শ্ৰী সুৰেন্দ্ৰ বৰ্মনে নিৰ্মাণ কৰাইছিল। "[7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. The rock inscription came into view when an old banyan tree was uprooted. (Sircar 1971, পৃষ্ঠা 79) The first report on the artifact was published by R. M. Nath (Sharma 1978, পৃষ্ঠা 1)
  2. "...in ancient India, kings were sometimes mentioned by the synonyms of their names, Surendravarman may tentatively be identified with Mahendravarman...Surendra and Mahendra both indicate Indra." (Sircar 1971, পৃষ্ঠা 81)
  3. (Sharma 1978, পৃষ্ঠা 3)
  4. "...It is, however, more likely that Bhagavata Balabhadrasvamin of the present inscription is no other than the Vaishnavite deity variously called Balabhadra, Baladeva, Balarama, Sankarsana etc." (Sircar 1971, পৃষ্ঠা 81)
  5. "4th century cave discovered in Guwahati". thesundayindian.com. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304130757/http://www.thesundayindian.com/en/story/4th-century-cave-discovered-in-guwahati/254/29853/। আহৰণ কৰা হৈছে: 2012-12-23. 
  6. "Rock cut cave discovered in city". assamtribune.com. Archived from the original on 2018-02-28. https://web.archive.org/web/20180228041134/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1112/at092। আহৰণ কৰা হৈছে: 2012-12-23. 
  7. (Sharma 1978, পৃষ্ঠা 2)