এক্ৰ'ফ'বিয়া

উচ্চতাৰ প্ৰতি ভয়

এক্ৰ’ফ’বিয়া (ইংৰাজী: Acrophobia) হৈছে উচ্চতাৰ প্ৰতি এক চৰম বা অযুক্তিকৰ ভয় বা ফ’বিয়া। এক্ৰ’ফ’বিয়াক এক নিৰ্দিষ্ট ফ’বিয়া হিচাপে সংজ্ঞায়িত কৰা হয় য’ত পেনিক এটেকৰ লক্ষণ দেখা দিয়ে যাৰ ফলত মানসিক আৰু/বা সামাজিক অক্ষমতা দেখা দিব পাৰে।[1] এক্ৰ’ফ’বিয়া ৰোগীয়ে ওখ ঠাইৰ পৰা নিজকে নিৰাপদে তললৈ নমাই আনিবলৈ অত্যন্ত উত্তেজিত হৈ পৰিব পাৰে। সাধাৰণ জনসংখ্যাৰ প্ৰায় ২–৫% লোকৰ এক্ৰ'ফ'বিয়া হয়, পুৰুষতকৈ দুগুণ বেছি মহিলাই এই ৰোগত আক্ৰান্ত হয়।[2]

এক্ৰ’ফ’বিয়া
কিছুমান কাৰ্মক্ষেত্ৰত উচ্চতাত কাম কৰিবলগীয়া হয়।
উচ্চাৰণ
বিভাগ মনোৰোগ চিকিৎসা

ৰোগৰ কাৰণ সম্পাদনা কৰক

পৰম্পৰাগতভাৱে আন ফ’বিয়াৰ দৰেই এক্ৰ’ফ’বিয়াৰ কাৰণো কণ্ডিচনিং বা কোনো আঘাতজনক অভিজ্ঞতা বুলি কোৱা হৈছিল। শেহতীয়া অধ্যয়নসমূহে এই ব্যাখ্যাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰিছে।[3][4] কিয়নো এক্ৰ’ফ’বিয়া থকা ব্যক্তিসকলৰ আঘাতজনক অভিজ্ঞতা নাথাকিলেও এই ফ’বিয়া দেখা যায়। সময়ৰ লগে লগে মানুহৰ স্মৃতিশক্তি ম্লান হৈ পৰে, তেতিয়া অভিজ্ঞতাবোৰ মনত পেলাব নোৱাৰিলেও এক্ৰ’ফ’বিয়া হয়। [5] অধিক অধ্যয়নে এক্ৰ’ফ’বিয়াৰ এটা সম্ভাৱ্য ব্যাখ্যা দিছে যে ই আঘাত নোহোৱা অভিজ্ঞতাবোৰৰ সঞ্চয়ৰ জৰিয়তে উদয় হʼব পাৰে যিবোৰ স্মৰণীয় নহয় কিন্তু ভৱিষ্যতে আচৰণক প্ৰভাৱিত কৰিব পাৰে। লগতে শিশুকাল বা কেঁচুৱা অৱস্থাত খোজ কাঢ়িবলৈ বা বগাবলৈ শিকোঁতে উচ্চতাৰ ভয়তো হ’ব পাৰে। যেতিয়া তেওঁলোক বগাবলৈ যাওঁতে পৰি যায় তেতিয়া তেওঁলোকে পৃষ্ঠ, ভংগীমা, ভাৰসাম্য, গতি আদিৰ ধাৰণাবোৰ শিকে, আৰু তেনে ক্ষেত্ৰত কেতিয়াবা এক্ৰ'ফ'বিয়াৰ সৃষ্টি হʼব পাৰে।[4] মানসিক কাৰকেও এক্ৰ’ফ’বিয়াৰ বিকাশত অৰিহণা যোগাব পাৰে।

উপচাৰ সম্পাদনা কৰক

ফ’বিয়াৰ পৰম্পৰাগত চিকিৎসা আজিও ব্যৱহৃত হৈ আছে। ইয়াৰ অন্তৰ্নিহিত তত্ত্বই কয় যে ফ’বিক উদ্বেগ এটা চৰ্তযুক্ত উদ্দীপকৰ দ্বাৰা (conditional stimulus) উদ্ভৱ হয়। ফ’বিক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ মানসিক উদ্বেগ কমি যায়। কিন্তু ঋণাত্মক শক্তিবৰ্ধনৰ জৰিয়তে পৰিহাৰ আচৰণ (avoidance behanvior) শক্তিশালী হৈ পৰে। পৰিহাৰ আচৰণ হৈছে নেতিবাচক বা প্ৰতিকূল ফলাফল পোৱা ঘটনাবোৰ এৰাই চলা।[4][6]গৱেষণাই দেখুৱাইছে যে এক্ৰ’ফ’বিয়া চিকিৎসাত থেৰাপিষ্টসকলে এক অপৰিহাৰ্য ভূমিকা পালন কৰে।[7] শক্তিশালী অনুশীলন আৰু আত্ম-কাৰ্যক্ষমতাসম্পন্ন চিকিৎসাৰ দৰে চিকিৎসাৰো আৱিৰ্ভাৱ হোৱা দেখা গৈছে। উচ্চতাৰ ভয়ৰ দৰে ফ’বিয়াৰ চিকিৎসাত বহুতো ভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়, য’ত আছে পৰম্পৰাগত এন্টি-এঙজাইটি ঔষধ যেনে বেনজ’ডাইজেপিন, আৰু নতুন বিকল্প যেনে এন্টিডিপ্ৰেছন আৰু বেটা-ব্লকাৰ।[8]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Brandt T, Kugler G, Schniepp R, Wuehr M, Huppert D (2015) Acrophobia impairs visual exploration and balance during standing and walking. Ann NY Acad Sci 1343:37–48
  2. Juan, M. C.; et al. (2005). "An Augmented Reality system for the treatment of acrophobia" (PDF). Presence. 15 (4): 315–318. doi:10.1162/pres.15.4.393. S2CID 797073. Retrieved 2015-09-12.
  3. Menzies, RG; Clarke, JC (1995). "The etiology of acrophobia and its relationship to severity and individual response patterns". Behaviour Research and Therapy খণ্ড 33 (31): 499–501. doi:10.1016/0005-7967(95)00023-Q. 7677717. PMID 7677717. 
  4. 4.0 4.1 4.2 Coelho, Carlos M.; Waters, Allison M.; Hine, Trevor J.; Wallis, Guy (2009). "The use of virtual reality in acrophobia research and treatment". Journal of Anxiety Disorders খণ্ড 23 (5): 563–574. doi:10.1016/j.janxdis.2009.01.014. ISSN 0887-6185. PMID 19282142. 
  5. Loftus, Elizabeth F. (2016). "Memories of Things Unseen". Current Directions in Psychological Science খণ্ড 13 (4): 145–147. doi:10.1111/j.0963-7214.2004.00294.x. ISSN 0963-7214. 
  6. "APA PsycNet" (en ভাষাত). psycnet.apa.org. https://psycnet.apa.org/record/1940-00831-001। আহৰণ কৰা হৈছে: 2020-04-15. 
  7. Williams, S. Lloyd; Dooseman, Grace; Kleifield, Erin (1984). "Comparative effectiveness of guided mastery and exposure treatments for intractable phobias." (en ভাষাত). Journal of Consulting and Clinical Psychology খণ্ড 52 (4): 505–518. doi:10.1037/0022-006X.52.4.505. ISSN 1939-2117. PMID 6147365. 
  8. A Dictionary of Biomedicine. 2010. doi:10.1093/acref/9780199549351.001.0001. ISBN 9780199549351.