এছ. জানকী

ভাৰতীয় কণ্ঠশিল্পী

ছিষ্টলা শ্ৰীৰামমূৰ্তি জানকী (ইংৰাজী: Sistla Sreeramamurthi Janaki, জন্ম-২৩ এপ্ৰিল ১৯৩৮) হৈছে এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অনিয়মীয়া সংগীত-নিৰ্মাতা৷ তেখেতক সন্মানসহকাৰে "জানকী আম্মা" (মাতৃ জানকী) নামেৰে নামাংকিত কৰা হয় আৰু বৰ্তমান ভাৰতৰ সুপৰিচিত কণ্ঠশিল্পীসকলৰ ভিতৰত তেখেত অগ্ৰগণ্য আৰু জনাজাত৷ এছ. জানকীয়ে এতিয়ালৈকে প্ৰায় ৪৮,০০০ টা গীত বাণীবদ্ধ কৰিছে৷[1] তেখেতে চলচ্চিত্ৰ, এলবাম, টিভি, ৰেডিঅ, একক সংগীত, দ্বৈত সংগীত, সমবেত সংগীতত কণ্ঠদান কৰিছে৷ তেলেগু, কানাড়া, মালায়ালম, তামিল, হিন্দী, উড়িয়া, বাংলা, মাৰাঠী, তুলু, উৰ্দু, গুজৰাটী, পাঞ্জাবী, কোংকণী, অসমীয়া, সিন্ধী, ইংৰাজী, জাপানী, আৰবী, জাৰ্মান, সিংহল ভাষাকে ধৰি মুঠ সোতৰটা ভাষাত এছ. জানকীয়ে এতিয়ালৈকে গীত গাইছে৷ তেখেতে সৰ্বাধিক গীত গাইছে কানাড়া আৰু তাৰপিছতেই মালায়ালম ভাষাত৷ [2][3] ১৯৫৭ চনত মুক্তি লাভ কৰা তামিল ভাষাৰ ছবি Vidhiyin Vilayattuৰ জৰিয়তে জানকীৰ কেৰিয়াৰে পাতনি মেলে আৰু পৰৱৰ্তী ছটা দশকজুৰি তেখেতৰ সাংগীতিক যাত্ৰা অব্যাহত থাকে৷[4]

এছ. জানকী
S. Janaki

২০০৭ চনত জানকী
জন্ম ছিষ্টলা জানকী
২৩ এপ্ৰিল, ১৯৩৮ (৮৫ বছৰ)
পাল্লাপাটলা, গুণ্টুৰ, অন্ধ্ৰপ্ৰদেশ, ভাৰত
অন্য নাম দক্ষিণ ভাৰত নাইটিংগেল
পেচা কণ্ঠশিল্পী
দাম্পত্যসঙ্গী ৱি. ৰামপ্ৰসাদ (১৯৫৯-১৯৯৭, বিবাহ অন্ত হোৱাৰ কাৰণ-মৃত্যু)
সন্তান
আত্মীয়-স্বজন গাৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ (ভতিজা)
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (৪ বাৰ),
    ৰাজ্যিক চলচ্চিত্ৰ বঁটা (৩৩ বাৰ)
ৱেবছাইট
sjanaki.net

এছ. জানকীক "দক্ষিণ ভাৰতৰ নাইটিংগেল" আখ্যা দিয়া হৈছে৷ তেখেতে এতিয়ালৈকে চাৰিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানীত হৈছে৷ আনহাতে ৩৩টা ভিন্ন ৰাজ্যিক চলচ্চিত্ৰ বঁটা পাইছে৷[5] তেখেতলৈ সন্মানসহকাৰে এটা ডক্তৰেট ডিগ্ৰীও আগবঢ়োৱা হৈছে৷[6] ডক্তৰেট ডিগ্ৰীটো প্ৰদান কৰিছে মহীশূৰ বিশ্ববিদ্যালয়ে৷ তামিলনাডু চৰকাৰে তেখেতক কালাইমামানি বঁটা প্ৰদান কৰে৷ কৰ্ণাটক চৰকাৰে প্ৰদান কৰে কৰ্ণাটকা ৰাজ্যোৎসৱা বঁটা[7] ২০১৩ চনত তেখেতক ভাৰত চৰকাৰে পদ্মভূষণ সন্মান প্ৰদান কৰে যদিও তেখেতে উক্ত সন্মান গ্ৰহণ কৰিবলৈ অমান্তি হয়৷ তেখেতে কয় যে-এই সন্মান তেনেই সামান্য৷ সন্মানটো তেখেতলৈ বহু পলমকৈ আহিছে৷ ইয়াৰ লগতে তেখেতে উল্লেখ কৰে যে, দক্ষিণ ভাৰতীয় শিল্পীসকলক উপযুক্ত সময়ত স্বীকৃতি দিয়া নহয়৷ [8]

ভাৰতৰ এগৰাকী বহুমুখী গায়িকা হিচাপে জনাজাত এছ. জানকীয়ে বিশিষ্ট গায়ক এছ. পি. বালসুব্ৰমনিয়ম আৰু সংগীতকাৰ ইল্লায়াৰাজৰ লগত ভালেমান কাম কৰিছে৷ যাৰ বিষয়ে সঘনে আলোচনা কৰা হয়৷ ১৯৬০, ১৯৭০ আৰু ১৯৮০ৰ দশকত তেখেতে পি.বি. শ্ৰীনিবাস, এছ.পি. বালসুব্ৰমণিয়াম, কে.জে.য়েছুদাস, পি. জয়চন্দ্ৰন আৰু ডা০ ৰাজকুমাৰৰ লগত ভালেমান দ্বৈতগীতত কণ্ঠ নিগৰাই দক্ষিণ ভাৰতীয় ভষাৰ গীতৰ তালিকাৰ শীৰ্ষত আৰোহণ কৰে৷[9] তেখেতে গীতৰ প্ৰায়বোৰ প্ৰকাৰতেই কণ্ঠদান কৰিছে৷ ২০১৬ চনৰ অক্টোবৰ মাহত জানকীয়ে চলচ্চিত্ৰ আৰু মঞ্চৰ সংগীতৰ পৰা অৱসৰ ঘোষণা কৰে৷ অৱশ্যে ছবি উদ্যোগৰ পৰা অহৰহ পাই থকা অনুৰোধক প্ৰত্যাখ্যান কৰিব নোৱাৰি তেখেতে ২০১৮ চনত "পান্নাড়ী" নামৰ তামিল ভাষাৰ ছবিখনত পুনৰ কণ্ঠদান কৰে৷[10]

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল সম্পাদনা কৰক

জানকীৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতস্থিত মাদ্ৰাছ প্ৰেছিডেন্সীৰ (বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশ) অন্তৰ্গত গুণ্টুৰৰ পাল্লাপাটলাত, ২৩ এপ্ৰিল তাৰিখে৷[11]জানকীৰ পিতৃ শ্ৰীৰামমূৰ্তি ছিষ্টলা আছিল এগৰাকী আয়ুৰ্বেদৰ চিকিৎসক আৰু শিক্ষক৷ নবছৰ বয়সত জানকীয়ে মঞ্চত পোনপ্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰে৷ তেতিয়া তেওঁলোক ছিৰকিল্লাত আছিল৷ সেই ঠাইতেই জানকীয়ে শৈশৱৰ অধিকাংশ সময় অতিবাহিত কৰিছিল৷ তেখেতে শাস্ত্ৰীয় সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল৷ সংগীতৰ প্ৰাথমিক জ্ঞান তেখেতে আয়ত্ব কৰিছিল নদস্বৰম নামৰ বাদ্যটিৰ জৰিয়তে৷[12]

১৯৫৯ চনত জানকীয়ে ৱি.ৰামপ্ৰসাদৰ লগত যুগ্ম জীৱন আৰম্ভ কৰে৷ ৰামপ্ৰসাদে জানকীক আগুৱাই যোৱাত উদ্গনি যোগাইছিল আৰু তেখেতৰ অধিকাংশ বাণীবদ্ধতেই সংগ দিছিল৷ ১৯৯৭ চনত হৃদৰোগৰ ক্ৰিয়া বন্ধ হৈ ৰামপ্ৰসাদৰ মৃত্যু হয়৷ [13]

জানকীয়ে মুঠ পাঁচটা ভাৰতীয় ভাষাত সলসলীয়াকৈ কথোপকথন কৰিব পাৰে৷ সেইকেইটা ভাষা হৈছে– তেলেগু, তামিল, কানাড়া, মালায়ালম আৰু হিন্দী৷ তেখেতে ১৫টাতকৈও অধিক ভাষাত লিখা-মেলা কৰিব পাৰে৷[14][15][16][17][18]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "S Janaki returns to playback singing". The Times of India. 5 December 2018. https://timesofindia.indiatimes.com/entertainment/tamil/music/s-janaki-returns-to-playback-singing/articleshow/66937115.cms. 
  2. "Dr. S Janaki Speaking at Naadanamana ll Part 2". YouTube. https://www.youtube.com/watch?v=lIJwJEinfnw. 
  3. "Legendary singer S. Janaki ends her illustrious career with soulful lullaby in Pathu Kalpanakal, watch video". Indian Express. 4 October 2016. https://indianexpress.com/article/entertainment/regional/s-janaki-last-song-malayalam-pathu-kalpanakal-ammapoovinum-watch-video-3065404/. 
  4. "I want to stop singing when I am doing well, says S Janaki". Deccan Chronicle. 4 October 2016. https://www.deccanchronicle.com/nation/current-affairs/291017/i-want-to-stop-singing-when-i-am-doing-well-says-s-janaki.html. 
  5. "Singing straight from the heart". The Hindu (Chennai, India). 5 April 2007. http://www.hindu.com/2007/04/05/stories/2007040519510200.htm. 
  6. "Kannada composers laud S Janaki for doctorate honor". Zee News. 15 March 2009. http://zeenews.india.com/entertainment/music/kannada-composers-laud-s-janaki-for-doctorate-honour_25461.htm। আহৰণ কৰা হৈছে: 11 August 2012. 
  7. "Rajyotsava Award for S. Janaki". The Hindu. https://thehinduimages.com/details-page.php?id=157919952&highlights=Human%20Interest. 
  8. "Veteran singer S Janaki refuses to accept Padma Awards". CNN-IBN. Archived from the original on 3 March 2015. https://web.archive.org/web/20150303190330/http://ibnlive.in.com/videos/317932/veteran-singer-s-janaki-refuses-to-accept-padma-awards.html. 
  9. ""Kavidaye Padalaga," presented by poet and film lyricist Vairamuthu, this evening, will transform poetry into song". The Hindu. 27 July 2004. Archived from the original on 26 January 2013. https://archive.ph/20130126105125/http://www.hinduonnet.com/thehindu/thscrip/print.pl?file=2004072700010100.htm&date=2004/07/27/&prd=mp&। আহৰণ কৰা হৈছে: 11 August 2012. 
  10. "S Janaki makes singing comeback". Cinema Express. 7 December 2018. https://www.cinemaexpress.com/stories/news/2018/dec/07/s-janaki-makes-singing-comeback-9139.html. 
  11. "Timeless voice". The Hindu (Chennai, India). 29 June 2007. Archived from the original on 8 November 2012. https://web.archive.org/web/20121108154101/http://www.hindu.com/fr/2007/06/29/stories/2007062950420200.htm. 
  12. SP Balu birthday Special Townhall Nellore. YouTube. Retrieved on 6 June 2021.
  13. Sagaram, Sangeetha (12 October 2016) S. Janaki Sings For You. Hostsar
  14. Legendary singer S.Janaki interview. YouTube. Retrieved on 6 June 2021.
  15. S Janaki musical night- Speech. YouTube (25 November 2017). Retrieved on 2021-06-06.
  16. Sagaram, Sangeetha (11 October 2016) S. Janaki on the Show!. Hotstar
  17. S Janaki speaks about A R Rahman @ ARR honored by cine musicians union. YouTube (8 March 2009). Retrieved on 2021-06-06.
  18. South Indian singer S Janaki refuses to accept Padma Bhushan. YouTube (25 January 2013). Retrieved on 2021-06-06.