এলজিবিটি লোক আৰু সামৰিক সেৱা

লেছবিয়ান, গে, বাইচেক্সুৱেল, ট্ৰেন্সজেণ্ডাৰ আৰু কুইয়াৰ (এলজিবিটিকিউ) কৰ্মচাৰীসকলে বিশ্বৰ কিছুমান দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়াবলৈ সক্ষম। সেইসমূহৰ ভিতৰত দক্ষিণ আমেৰিকাৰ কিছুমান দেশ, যেনে আৰ্জেণ্টিনা, ব্ৰাজিল আৰু চিলিকে ধৰি বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পশ্চিমীয়া দেশসমূহ, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, জাপান, অষ্ট্ৰেলিয়া, মেক্সিকো, ফ্ৰান্স, ফিনলেণ্ড, ডেনমাৰ্ক আৰু ইজৰাইল আদি অন্তৰ্ভুক্ত হৈ আছে।

প্ৰশান্ত মহাসাগৰ (২২ জুন, ২০২১) আক্ৰমণাত্মক জাহাজ ইউ এছ এছ ট্ৰিপলি (এল এইচ এ ৭)ৰ মেছ ডেকত প্ৰাইড মাহ উদযাপনৰ সময়ত চোৰাংচোৱা বিশেষজ্ঞ নাৱিক জেলেন উইলিয়ামছে কেক কাটিছে।

ই সমকামিতাক গ্ৰহণ কৰাৰ শেহতীয়া বিশ্বব্যাপী পৰিসংখ্যাৰ সৈতে সমানে খোজ দিয়ে, য'ৰ পৰা এইটো কথা স্পষ্ট হয় যে, এলজিবিটিকিউ সম্প্ৰদায়ৰ গ্ৰহণ কেৱল ধৰ্মনিৰপেক্ষ, সমৃদ্ধিশালী দেশসমূহতহে অধিক ব্যাপক হৈ পৰিছে।[1]

অৱশ্যে, গে আৰু লেছবিয়ান সৈনিকসকলৰ প্ৰতি গ্ৰহণযোগ্য নীতিয়ে সদায় নিশ্চয়তা নিদিয়ে যে এলজিবিটিকিউ নাগৰিকসকল সেই নিৰ্দিষ্ট সমাজত বৈষম্যৰ পৰা মুক্ত। আনকি এলজিবিটিকিউ ব্যক্তিসকলে সামৰিক বাহিনীত সেৱা আগবঢ়াবলৈ মুক্ত থকা দেশবোৰতো, কৰ্মীসকলে দুখ প্ৰকাশ কৰে যে- এই ক্ষেত্ৰখনত অন্তৰ্ভুক্তিকৰণৰ দিশটোক উন্নিত কৰণৰ প্ৰয়োজনিয়তা আছে। উদাহৰণস্বৰূপে ইজৰাইলত মুকলিভাৱে গে সৈনিকসকলৰ ব্যাপক গ্ৰহণযোগ্যতাৰ বাবে সুপৰিচিত এক সামৰিক বাহিনী থকাৰ পিছতো ইয়াত এলজিবিটিকিউ-পজিটিভ সামাজিক নীতি ৰূপায়ণৰ বাবে সংগ্ৰাম কৰিব লগা হয়[2][3]


ইতিহাসে এনে একোখন সমাজ দেখিবলৈ পাইছে যিয়ে সামৰিক বাহিনীত গে-সেৱাবাহিনীৰ সদস্যসকলক মুকলিভাৱে গ্ৰহণ বা অগ্ৰাহ্য কৰে। কিন্তু শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰত "ডুনট্ আস্ক, ডুনট্ টেল" শীৰ্ষক ২০১০ চনৰ উচ্চ-পৰ্যায়ৰ শুনানিয়ে বিষয়টো আন্তঃৰাষ্ট্ৰীয় মনোযোগৰ কেন্দ্ৰলৈ লৈ গৈছিল। তেওঁলোকে এলজিবিটিকিউ হিচাপে চিনাক্ত কৰা সৈনিকসকলে সন্মুখীন হোৱা নিয়মীয়া বৈষম্য, হিংসা আৰু কষ্টৰ লগতে তেওঁলোকৰ সেৱাৰ ওপৰত থকা নিষেধাজ্ঞাৰ সপক্ষে আৰু বিৰুদ্ধে যুক্তিৰ ওপৰতো আলোকপাত কৰে।[4]

প্ৰাচীন গ্ৰীচৰ, থেবেসৰ চেকাৰ্ড বেণ্ড হৈছে ৩৭৮ খ্ৰীষ্টপূৰ্বৰ পৰা প্ৰচলিত এটা গে সামৰিক গোট আৰু এওঁলোক যুদ্ধত তেওঁলোকৰ কাৰ্যকৰীতাৰ বাবে জনাজাত আছিল।[5] জাপানৰ চামুৰাই শ্ৰেণীৰ মাজতো সমলিংগ প্ৰেমৰ উদাহৰণ আছে। এই প্ৰেম এজন প্ৰাপ্তবয়স্ক আৰু এজন সৰু প্ৰশিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক আছিল।[6]

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীত সমকামিতা নিয়ন্ত্ৰণ কৰিবলৈ, শাৰীৰিক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ মাধ্যমেৰে নিযুক্তিৰ সময়ত প্ৰজনন বৈশিষ্ট্য থকা পুৰুষসকলক চিনাক্ত কৰা হৈছিল। এই পৰীক্ষাসমূহৰ ভিতৰত আছিল বহল নিতম্ব আৰু সম্ভাৱ্য সৈনিকসকলৰ মাজত গেগ ৰিফ্লেক্সৰ অনুপস্থিতি। এই দুয়োটা শাৰীৰিক বৈশিষ্ট্যৰ বাবে এজন লোকক চাকৰিৰ পৰা অযোগ্য ঘোষণা কৰিব পাৰিছিল। সমকামী আচৰণৰ অভিযোগত অভিযুক্ত বহুতো সৈনিকক "যৌন মানসিক ৰোগী" হিচাপে অব্যাহতি দিয়া হৈছিল।[7]

গে আৰু লেছবিয়ানসকলক সামৰিক বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে অযোগ্য বুলি দিয়া যুক্তি প্ৰায়ে সাংস্কৃতিক নিয়ম আৰু মূল্যবোধৰ ওপৰত আধাৰিত আৰু সময়ৰ লগে লগে সেয়া সলনি হৈছে। প্ৰথমতে, এইটো বিশ্বাস কৰা হৈছিল যে সমকামীসকলে শাৰীৰিকভাৱে ফলপ্ৰসূভাৱে সেৱা আগবঢ়াবলৈ সক্ষম নহয়। ২০ শতিকাৰ শেষৰ ফালে তেনেই লঘু কিছুমান যুক্তিয়ে সামৰিক কাৰ্যকৰীতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। শেহতীয়া প্ৰমাণবোৰৰ ভিতৰত আছে বিপৰীতলিঙ্গ আৰু সমকামি সেৱাৰ সদস্যসকলৰ মাজত সংঘাতৰ সম্ভাৱনা আৰু সম্ভাৱ্য "বিপৰীতলিংগৰ অসন্তুষ্টি আৰু শত্ৰুতা।" [8]

বহুতো দেশে তেতিয়াৰ পৰা এই নীতিবোৰ সংশোধন কৰিছে আৰু গে আৰু লেছবিয়ানসকলক সামৰিক বাহিনীত মুকলিভাৱে সেৱা আগবঢ়াবলৈ অনুমতি দিছে (যেনে ১৯৯৩ চনত ইজৰাইল আৰু ২০০০ চনত ইউকে)। বৰ্তমান প্ৰায় সকলো নেটো সদস্যকে ধৰি ৩০খনতকৈ অধিক দেশ আছে, যিয়ে গে আৰু লেছবিয়ানসকলক সেৱা আগবঢ়াবলৈ অনুমতি দিয়ে, আৰু প্ৰায় ১০খন দেশ আছে যিবোৰে তেওঁলোকক বাহ্যিকভাৱে সেৱা আগবঢ়োৱাত নিষেধাজ্ঞা আৰোপ নকৰে।[9]

২০১০ চনত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই 'ডণ্ট আস্ক ডণ্ট টেল' নীতি বাতিল কৰিছিল, তেতিয়া গে, লেছবিয়ান আৰু উভকামীসকলক সামৰিক বাহিনীত মুকলিভাৱে সেৱা আগবঢ়াবলৈ দিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা শেহতীয়া উন্নত দেশসমূহৰ ভিতৰত আমেৰিকা অন্যতম আছিল।[10]

দেশ অনুসৰি তালিকা

সম্পাদনা কৰক
প্ৰতিকী ৰং
এলজিবিটি লোকে সেৱা আগবঢ়াব পাৰে
কেৱল এলজিবি
নিষিদ্ধ
অজ্ঞাত আৰু অস্পষ্ট
সামৰিক বাহিনীৰ অন্তৰ্গত নহয়
অসামৰিক সেৱাত এলজিবিটি সমুদায়ৰ লোকৰ আইনি স্থিতি
Country Status
  আবখাজিয়া অজ্ঞাত আৰু অস্পষ্ট
  আফগানিস্তান নিষিদ্ধ
  আলবেনিয়া Only LGB
  আলজেৰিয়া Prohibited
  আৰ্জেণ্টিনা LGBT people can serve
  আন্দৰা No Military
  আংগলা Unknown or unclear
  এণ্টিগুৱা আৰু বাৰ্বুডা Prohibited
  আৰ্মেনিয়া Prohibited
  অষ্ট্ৰেলিয়া LGBT people can serve
  অষ্ট্ৰিয়া LGBT people can serve
  আজেৰবাইজান Prohibited
  বাহামাছ Only LGB
  বাহৰেইন Prohibited
  বাংলাদেশ Prohibited
  বাৰ্বাড'ছ Prohibited
  বেলাৰুছ Prohibited
  বেলজিয়াম LGBT people can serve
  বেলাইজ Prohibited
  বেনিন Unknown or unclear
  ভূটান Prohibited
  বলিভিয়া LGBT people can serve
  বচনিয়া আৰু হাৰজেগ’ভিনা Only LGB
  বৎচোৱানা Only LGB
  ব্ৰাজিল LGBT people can serve
  ব্ৰুণেই Prohibited
  বুলগেৰিয়া Only LGB
  বাৰ্কিনা ফাছো Unknown or unclear
  বুৰুণ্ডী Prohibited
  কম্বোডিয়া Unknown or unclear
  কেমেৰুন Prohibited
  কানাডা LGBT people can serve
  কেপ ভাৰ্ডে Unknown or unclear
  চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক Unknown or unclear
  চাদ Prohibited
  চিলি LGBT people can serve
  চীন Prohibited
  কলম্বিয়া Only LGB
  কম'ৰছ Prohibited
  কংগো Unknown or unclear
  কষ্টা ৰিকা No Standing Military
  ক্ৰয়েছিয়া Only LGB
  কিউবা LGBT people can serve
  চাইপ্ৰাছ Only LGB
  চেক গণৰাজ্য LGBT people can serve
  কংগো গণৰাজ্য Unknown or unclear
  ডেনমাৰ্ক LGBT people can serve
  ডমিনিকা Prohibited
  ডমিনিকান গণৰাজ্য Prohibited
  দীজিবৌটি Unknown or unclear
  টিমুৰ লেষ্টে Unknown or unclear
  ইকুৱেডৰ Unknown or unclear
  ইজিপ্ত Prohibited
  এল চালভাড’ৰ Only LGB[11]
  বিষুৱীয় গিনি Unknown or unclear
  এৰিট্ৰিয়া Prohibited
  এষ্ট’নিয়া LGBT people can serve
  স্বাজিলেণ্ড Prohibited
  ইথিঅ'পিয়া Prohibited
  ফিজি Unknown or unclear
  ফিনলেণ্ড LGBT people can serve
  ফ্ৰান্স LGBT people can serve
  গেবন Prohibited
  গাম্বিয়া Prohibited
  জৰ্জিয়া Unknown or unclear
  জাৰ্মানী LGBT people can serve
  ঘানা Prohibited
  গ্ৰীচ Only LGB
  গ্ৰেনেডা No Military
  গুৱেটমালা Unknown or unclear
  গুইনিয়া Prohibited
  গুইনিয়া-বিচ্চাও Unknown or unclear
  গুৱানা Only LGB
  হাইটি No Standing Military
  হন্দুৰাছ Prohibited
  হাংগেৰী Only LGB
  আইচলেণ্ড No Standing Military
  ভাৰত Unknown or unclear
  ইণ্ডোনেছিয়া Prohibited
  ইৰান Prohibited
  ইৰাক Prohibited
  আয়াৰলেণ্ড LGBT people can serve
  ইজৰাইল LGBT people can serve
  ইটালী Only LGB
  আইভৰি ক’ষ্ট Unknown or unclear
  জামাইকা Prohibited
  জাপান LGBT people can serve
  জৰ্ডান Unknown or unclear
  কাজাখাস্তান Only LGB
  কেনিয়া Prohibited
  কিৰিবাছ No Military
  কচভ’ Only LGB
  কুৱেইট Prohibited
  কিৰগিজস্তান Unknown or unclear
  লাউচ Unknown or unclear
  লাটভিয়া Only LGB
  লেবানন Prohibited
  লেছথ’ Unknown or unclear
  লাইবেৰিয়া Prohibited
  লিবিয়া Prohibited
  লাইচটেনষ্টাইন No Military
  লিথুৱানিয়া Only LGB
  লাক্সেমবাৰ্গ LGBT people can serve
  মাদাগাস্কাৰ Unknown or unclear
  মালাৱী Prohibited
  মালয়েছিয়া Prohibited
  মালদ্বীপ Prohibited
  মালি Prohibited
  মালটা LGBT people can serve
  মাৰ্ছাল দ্বীপপুঞ্জ No Military
  মৌৰিতানিয়া Prohibited
  মৰিছাছ Unknown or unclear
  মেক্সিকো LGBT people can serve (Legal Limbo)
  মাইক্ৰ’নেছিয়া No Military
  মলডভা Only LGB
  মনাকো LGBT people can serve (France responsible for Defense)
  মংগোলিয়া Unknown or unclear
  মণ্টেনেগ্ৰ Only LGB
  মৰক্কো Prohibited
  মজাম্বিক Prohibited
  ম্যানমাৰ Prohibited
  নামিবিয়া Prohibited
  নাউৰু No Military
  নেপাল Only LGB
  নেডাৰলেণ্ডচ LGBT people can serve
  নিউজিলেণ্ড LGBT people can serve
  নিকাৰাগুৱা Unknown or unclear
  নাইজাৰ Unknown or unclear
  নাইজেৰিয়া Prohibited
  চাইপ্ৰাছৰ উত্তৰাঞ্চল Prohibited
  উত্তৰ কোৰিয়া Prohibited
  উত্তৰ মেছেদনীয়া Only LGB
  নৰৱে LGBT people can serve
  ওমান Prohibited
  পাকিস্তান Prohibited
  পালাউ No Military
  পেলেষ্টাইন Prohibited
  পানামা No Standing Military
  পাপুৱা নিউগিনি Prohibited
  পাৰাগুৱে Only LGB
  পেৰু Only LGB
  ফিলিপাইন LGBT people can serve (Gender expression is restricted to gender stated in certificate of live birth)[12]
  পোলেণ্ড Only LGB
  পৰ্তুগাল Only LGB
  কাটাৰ Prohibited
  ৰোমানিয়া Only LGB
  ৰাছিয়া Prohibited
  ৰুৱাণ্ডা Unknown or unclear
  ছেইণ্ট কিট্টিচ আৰু নেভিচ Prohibited
  ছেইণ্ট লুছিয়া No Military
  ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ No Military
  চাও টমে আৰু প্ৰিন্সিপে Unknown or unclear
  চামোৱা No Military
  ছান মাৰিণ' Unknown or unclear
  চৌদি আৰৱ Prohibited
  ছেনেগাল Prohibited
  ছাৰ্বিয়া Only LGB
  ছেচেল্লেচ Unknown or unclear
  ছিয়েৰা লিয়ন Prohibited
  ছিংগাপুৰ Only LGB
  শ্ল'ভাকিয়া Only LGB
  শ্ল’ভেনিয়া Only LGB
  চল’মন দ্বীপপুঞ্জ Prohibited
  ছোমালিয়া Prohibited
  ছোমালিলেণ্ড Prohibited
  দক্ষিণ আফ্ৰিকা Only LGB
  দক্ষিণ কোৰিয়া Unknown or unclear
  দক্ষিণ অচ্ছেটিয়া Unknown or unclear
  দক্ষিণ ছুডান Prohibited
  স্পেইন LGBT people can serve
  শ্ৰীলংকা Prohibited
  ছুদান Prohibited
  ছুৰিনাম Unknown or unclear
  ছুইডেন LGBT people can serve[13]
  ছুইজাৰলেণ্ড LGBT people can serve
  ছিৰিয়া Prohibited
  টাইৱান Only LGB
  তাজিকিস্তান Unknown or unclear
  তাঞ্জানিয়া Prohibited
  থাইলেণ্ড LGBT people can serve
  তগ’ Prohibited
  টংগা Prohibited
  ট্ৰেন্সনিষ্ট্ৰিয়া Unknown or unclear
  ট্ৰিনিদাদ আৰু ট'বেগ'‎ Prohibited
  তুনিছিয়া Prohibited
  তুৰস্ক Prohibited
  তুৰ্কমেনিস্তান Prohibited
  টুভালু No Military
  উগাণ্ডা Prohibited
  ইউক্ৰেইন Only LGB[14][15]
  সংযুক্ত আৰৱ আমিৰাত Prohibited
  যুক্তৰাজ্য Only LGB
  আমেৰিকা যুক্তৰাষ্ট্ৰ LGBT people can serve
  উৰুগুৱে Only LGB
  উজবেকিস্তান Prohibited
  ভানুৱাটু Unknown or unclear
  ভেটিকান চিটি No Military
  ভেনিজুৱেলা Only LGB
  ভিয়েটনাম Only LGB
  পশ্চিম চাহাৰা Prohibited
  য়েমেন Prohibited
  জাম্বিয়া Prohibited
  জিম্বাৱৱে Prohibited

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "The Global Divide on Homosexuality Greater Acceptance in More Secular and Affluent Countries". Pew Research Center. 2013-06-04. Archived from the original on 2013-11-03. https://web.archive.org/web/20131103034522/http://www.pewglobal.org/2013/06/04/the-global-divide-on-homosexuality/। আহৰণ কৰা হৈছে: 29 November 2013. 
  2. . 2013-12-12. Archived from the original on 2015-04-02. https://web.archive.org/web/20150402152532/http://www.haaretz.com/news/national/.premium-1.563186. 
  3. . 2012-06-13. Archived from the original on 2020-01-22. https://web.archive.org/web/20200122012143/https://www.theguardian.com/world/2012/jun/13/israeli-military-gay-pride-photo. 
  4. "House votes to end 'don't ask, don't tell' policy". 2010-05-28. Archived from the original on 2017-10-23. https://web.archive.org/web/20171023065731/http://www.washingtonpost.com/wp-dyn/content/article/2010/05/27/AR2010052704540.html. 
  5. Homosexuality in Greece and Rome Archived 2019-04-18 at the Wayback Machine, 2.14 Plutarch, Pelopidas 18-19
  6. Love of the Samurai: A Thousand Years of Japanese Homosexuality Archived 2016-12-06 at the Wayback Machine, Tsuneo Watanabe and Junʼichi Iwata, 1989.
  7. Homosexuals in the U.S. Military: Open Integration and Combat Effectiveness Archived 2016-06-04 at the Wayback Machine, By Elizabeth Kier, International Security 23, no.2, MIT Press, 1998, p. 5-39
  8. "GAYS IN FOREIGN MILITARIES 2010: A GLOBAL PRIMER". Palm Center. 2010. Archived from the original on 2016-04-15. https://web.archive.org/web/20160415214730/http://www.palmcenter.org/files/FOREIGNMILITARIESPRIMER2010FINAL.pdf। আহৰণ কৰা হৈছে: 2013-12-02. 
  9. Countries Where Gays Do Serve Openly In The Military Archived 2019-02-21 at the Wayback Machine, May 25, 2011 Retrieved 2013-15-11
  10. 'Don't ask, don't tell' ban on openly gay troops overturned, Senate passes bill 65-31 Archived 2019-12-20 at the Wayback Machine, Dec 18, 2010, Retrieved 2013-15-11
  11. Asociación Salvadoreña de Derechos Humanos “Entre Amigos” (2010). HUMAN RIGHTS SITUATION OF LESBIAN, GAY, BISEXUAL AND TRANSGENDER PERSONS IN EL SALVADOR: Shadow Report submitted to the United Nations Human Rights Committee. প্ৰকাশক San Salvador. Archived from the original on 2011-08-05. https://web.archive.org/web/20110805202339/http://www.iglhrc.org/binary-data/ATTACHMENT/file/000/000/439-1.pdf। আহৰণ কৰা হৈছে: 2023-10-19. 
  12. Mangosing, Frances (15 February 2017). "'LGBT hopefuls welcome; must wear uniform based on gender at birth'" (en ভাষাত). Philippine Daily Inquirer. https://newsinfo.inquirer.net/871823/lgbt-hopefuls-welcome-must-wear-uniform-based-on-gender-at-birth. 
  13. Fia Sundevall & Alma Persson (2016) "LGBT in the Military: Policy Development in Sweden 1944–2014", Sexuality Research and Social Policy, June 2016, Volume 13, Issue 2, pp 119-129, https://link.springer.com/article/10.1007/s13178-015-0217-6/fulltext.html
  14. Garcia, Horaci (31 May 2022). "Ukraine's 'unicorn' LGBTQ soldiers head for war". Reuters. https://www.reuters.com/world/europe/ukraines-unicorn-lgbtq-soldiers-head-war-2022-05-31/। আহৰণ কৰা হৈছে: 28 September 2023. 
  15. "Ukraine's gay soldiers fight Russia—and for their rights". The Economist. 5 April 2023. https://www.economist.com/europe/2023/04/05/ukraines-gay-soldiers-fight-russia-and-for-their-rights.