পোহৰ নিৰ্গতক ডায়'ড

(এল-ই-ডিৰ পৰা পুনঃনিৰ্দেশিত)


পোহৰ নিৰ্গতক ডায়'ড (ইংৰাজী: light-emitting diode) চমুকৈ এল ই ডি এটি অৰ্ধপৰিবাহী ডায়'ড যিয়ে প্ৰযুক্ত ভ'ল্টেজক পোহৰলৈ পৰিৱৰ্তিত কৰে, যাক প্ৰায় চাকি আৰু অঙ্কীয় পৰ্দাত ব্যৱহাৰ কৰা হয়।[1]

পোহৰ নিৰ্গত ডায়'ড

৫ মিলি ৰঙা, সেউজ আৰু নীলা এল ই ডি
প্ৰকাৰ Passive, optoelectronic
কাৰ্যনীতি Electroluminescence
আৱিষ্কাৰ নিক হলনয়াক (কনিষ্ঠ) (১৯৬২)
বৈদ্যুতিক প্ৰতীক
পিন বিন্যাস এন'ড আৰু কেথ'ড

উদ্ভাৱন সম্পাদনা কৰক

ইচামু আকাচাকি, হিৰচি আমান' আৰু চুজি নাকামুৰাই পোহৰ উলিওৱা ডায়'ড উদ্ভাৱনৰ বাবে ২০১৪ বৰ্ষত ন'বেল বঁটা লাভ কৰে।[2] জুৰিয়ে ক'লে- "এই বছৰৰ ন'বেল বঁটা গ্ৰহণকাৰীসকলক এটি নতুন শক্তি-পৰিপক্ক পৰিবেশৰ সৈতে বন্ধুত্বপূৰ্ণ পোহৰৰ উৎস উদ্ভাৱন কৰাৰ বাবে পুৰস্কৃত কৰা হৈছে।

কাৰ্যনীতি সম্পাদনা কৰক

এল-ই-ডিয়ে বৈদ্যুতিক পোহৰ বিকিৰণৰ জৰিয়তে কাম কৰে। এলুমিনিয়াম গেলিয়াম আৰ্চেনাইডৰ দৰে কোনো কোনো অৰ্ধপৰিবাহী বস্তুৱে বিদ্যুৎ প্ৰৱাহিত হ'লে ইলেক্ট্ৰণসমূহৰ চলনৰ দ্বাৰা পোহৰ ওলায়। এল-ই-ডিএ এনে ধৰণেই কাম কৰে।[3]

এল ই ডিৰ ব্যৱহাৰ সম্পাদনা কৰক

মোবাইল ফোন আৰু এল ই ডি স্ক্ৰীনৰ বাহিৰেও অপটিকেল যোগাযোগ, ইণ্ডিকেটৰ বাতি, ইনফ্ৰাৰেড ৰশ্মি, আলোকসজ্জা, ট্ৰেফিক সংকেত, অপটিকেল মাউচ, লেজাৰ ৰশ্মি উৎপাদন সহ আৰু অনেক কামত এল ই ডি ব্যৱহৃত হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক