ওপ্পানা (মালয়ালম: ഒപ്പന) হৈছে দক্ষিণ ভাৰতৰ কেৰালাৰ মাপিলা (কেৰালাৰ মুছলমান) সম্প্ৰদায়ৰ মাজত সামাজিক মনোৰঞ্জনৰ এক জনপ্ৰিয় ধৰণ, আৰু এয়া সমগ্ৰ কেৰালাত বিশেষকৈ মালাবাৰত প্ৰচলিত।[1] ওপ্পানা শব্দটোৰ উৎপত্তি আৰবী শব্দ "অফনা"ৰ পৰা হোৱা বুলি বিশ্বাস কৰা হয়।[2] ওপ্পানা পৰম্পৰাগতভাৱে বিভিন্ন গুৰুত্বপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়, বিশেষকৈ, মাপিলা বিয়াৰ ই এক উপাদান।

মাপিলা সম্প্ৰদায়ৰ মাজত নৃত্যৰ ৰূপ ওপ্পানা

সাধাৰণতে বিয়াৰ দিনা সংগীতজ্ঞকে ধৰি প্ৰায় পোন্ধৰজনীয়া মহিলাৰ দলে ওপ্পানাক উপস্থাপন কৰে। সোণৰ অলংকাৰেৰে আবৃত আৰু হাতৰ তলুৱা আৰু ভৰি জেতুকাৰে সজ্জিত কইনাগৰাকী নৃত্যশিল্পী সকলৰ বৃত্তৰ মাজত বহি থাকে। তেওঁক পীটাম (চকী)ত বহি থকা মুখ্য দৰ্শক বুলি ধৰা হয়। তেওঁৰ চাৰিওফালে শিল্পী সকলৰ গায়ন-বায়ন প্ৰদৰ্শিত হয়। গান গাই থাকোঁতে তেওঁলোকে ছন্দময়ভাৱে হাত চাপৰি বজাই ইফালে সিফালে ঘূৰি ঘূৰি নাছে। দুগৰাকী বা তিনিগৰাকী ছোৱালীয়ে গীত আৰম্ভ কৰে আৰু বাকীবোৰে কোৰাছত যোগদান কৰে।[3]

কেতিয়াবা দৰাৰ মনোৰঞ্জনৰ বাবে পুৰুষ সকলেও ওপ্পানা প্ৰদৰ্শন কৰে। সাধাৰণতে দৰা কইনাৰ বাসগৃহলৈ যোৱাৰ ঠিক আগতে য'ত নিকাহ (বিবাহ) হয় বা তেওঁলোক মণিয়াৰাত প্ৰৱেশ কৰাৰ সময়ত এয়া প্ৰদৰ্শন কৰা হয়।[4]

এই পৰিবেশনৰ বাবে হাৰমনিয়াম, তবলা, গঞ্জিৰা আৰু এলাথালম বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। এই উপলক্ষে কেৱল মপিলাপাট্টু গোৱা হয়।

ওপ্পানা দুবিধ, এটা হ’ল ওপ্পানা চায়াল আৰু আনটো হ’ল ওপ্পানা মুৰুক্কাম। যেতিয়া ওপ্পানা চায়াল কৰা হয় তেতিয়া তেওঁলোকে হাত চাপৰি নবজাই। চয়ালৰে আৰম্ভ কৰিলে চয়ালৰেই অন্তও পৰিব লাগে।[5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. P.K., Ajith Kumar (2008-11-14). "Reinventing tradition". The Hindu. Archived from the original on 2013-01-25. https://archive.today/20130125135232/http://www.hindu.com/fr/2008/11/14/stories/2008111450760300.htm. 
  2. "Oppana - the popular Muslim art form". http://www.keralaculture.org/oppana/23. 
  3. "Oppana — a Popular Form of Art". Arab News. 2006-12-16. http://www.arabnews.com/?page=9&section=0&article=90096&d=18&m=12&y=2006&pix=community.jpg&category=Features. 
  4. Porter, James; Rice, Timothy; Goertzen, Chris (1998). The Garland encyclopedia of world music. 8. Alexander Street Press. ISBN 978-0-8240-4946-1. https://books.google.com/books?id=ZOlNv8MAXIEC&q=oppana&pg=RA2-PA947। আহৰণ কৰা হৈছে: 2009-08-15. 
  5. P.J., Varghese; Ramachandran, K.R; Kurian, P.S. (1993). Festivals of Kerala. প্ৰকাশক Cochin: Tourist Desk.