কমলা শইকীয়া

অসমৰ সাংবাদিক

কমলা শইকীয়া অসমৰ এগৰাকী শিক্ষক, সাংবাদিক আৰু স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল৷[1]

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ গোৱালগাঁৱত ১৯২৫ চনত এক কৃষকৰ পৰিয়ালত কমলা শইকীয়াৰ জন্ম হয়৷ তেওঁৰ পিতৃৰ নাম আছিল কালীৰাম আৰু মাতৃৰ নাম সৰু আইটী৷ গাঁৱৰ প্ৰাথমিক বিদ্যালয়তে শিক্ষা গ্ৰহণ আৰম্ভ কৰা কমলা শইকীয়াই জাঁজী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে৷ তাৰপাছত তেওঁ যোৰহাটৰ জে বি কলেজত নাম লগায়৷ কিন্তু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়ত তেওঁ শিক্ষা গ্ৰহণ আধাতে সামৰি আন্দোলনত জপিয়াই পৰে৷[2]

কৰ্মজীৱন সম্পাদনা কৰক

শিক্ষাজীৱন আধৰুৱা কৰি স্বাধীনতা সংগ্ৰামত ভাগ লোৱা কমলা শইকীয়াই গোৱালগাঁৱত প্ৰাথমিক কংগ্ৰেছ কমিটি গঠন কৰি এটি খাদী কেন্দ্ৰ স্থাপন কৰে আৰু গাঁৱৰ জীয়ৰী-বোৱাৰীক যঁতৰত সূতা কাটিবলৈ শিকায়৷ ১৯৪৬ চনত তেওঁৰ প্ৰচেষ্টাতে “দিখৌমুখ মধ্য ইংৰাজী বিদ্যালয়’’ স্থাপন কৰা হয়৷ দিখৌমুখৰ ৰাস্তা-ঘাট, ডাকঘৰ, পুথিভঁৰাল, চিকিৎসালয় আদি স্থাপনত তেওঁ আগভাগ লৈছিল৷ ১৯৪৬ চনত তেওঁৰ প্ৰচেষ্টাতেই দিখৌমুখ মধ্য ইংৰাজী বিদ্যালয় স্থাপিত হয়৷ পৰৱৰ্তীকালত এই বিদ্যালয়খন দিখৌমুখ হাইস্কুললৈ ৰূপান্তৰিত হয়৷ দিখৌমুখ মধ্য ইংৰাজী বিদ্যালয়তে প্ৰধান শিক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰা শইকীয়াই দিখৌমুখ হাইস্কুলৰ প্ৰধান শিক্ষকৰূপে ১৯৮৫ চনত অৱসৰ লয়৷ শিক্ষকতাৰ লগতে তেওঁ সাংবাদিকতাৰ লগতো জড়িত আছিল আৰু অৱসৰৰ পাছত সাংবাদিকতাত মনপুতি লাগিছিল৷ সাংবাদিকতা কৰা কালত তেওঁ আলফাৰ কাৰ্যপ্ৰণালীৰ বিৰোধীতা কৰি বাতৰি কাকতত সমালোচনা কৰিছিল৷ তেওঁ অসমৰ বিদেশী বিতাৰণ আন্দোলনতো অংশ গ্ৰহণ কৰি কেইবাবাৰো আৰক্ষী- চি আৰ পি এফৰ দ্বাৰা নিগৃহীত হৈছিল৷[3]

মৃত্যু সম্পাদনা কৰক

১৯৯১ চনৰ ৯ আগষ্টত কমলা শইকীয়াৰ আততায়ীৰ গুলীত মৃত্যু হয়৷

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়া, ৰুবুল ৰহমান, অসমীয়া খবৰ, পৃ:নং; ৪, ৯ আগষ্ট, ২০২২
  2. অসমীয়া জীৱনী অভিধান, শিৱনাথ বৰ্মন, পৃ:নং; ৩৬, বনলতা, চতুৰ্থ সংস্কৰণ, ২০১৮
  3. অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়া, ৰুবুল ৰহমান, অসমীয়া খবৰ, পৃ:নং; ৪, ৯ আগষ্ট, ২০২২