কুষ্ঠ বা হেন্‌ছেনৰ ৰোগ (আন অসমীয়া নাম কুঠ আৰু বৰৰোগ) মাইক'বেক্টেৰিয়াম লেপ্ৰি বা মাইক'বেক্টেৰিয়াম লেপ্ৰ'মেট'চিছ বেক্টেৰিয়াৰ ফলত হোৱা এক দীৰ্ঘম্যাদী সংক্ৰামক ৰোগ।[3][4] আৰম্ভণিতে ৫ৰ পৰা ২০ বছৰলৈ সংক্ৰমণৰ কোনো লক্ষণ নাথাকে।[3] দেখা দিয়া লক্ষণৰ ভিতৰত প্ৰান্তীয় স্নায়ু তন্ত্ৰ, শ্বাস তন্ত্ৰ, ছাল আৰু চকুৰ গ্ৰেনুল'মা প্ৰধান।[3] ইয়াৰ ফলত বিষৰ অনুভৱ কমকৈ হৈ শৰীৰত বাৰে বাৰে আঘাত বা সংক্ৰমণ হ'ব পাৰে আৰু অংগ হেৰুৱাবলগীয়া হ'ব পাৰে।[2] দুৰ্বলতা আৰু চকুৰে কমকৈ দেখাও এই ৰোগৰ আন লক্ষণ।[2]

কুষ্ঠ (Leprosy)
অন্য নাম হেন্‌ছেনৰ ৰোগ (Hansen's disease)
কুষ্ঠত আক্ৰান্ত এজন ২৪ বছৰীয়া লোক (১৮৮৬)
উচ্চাৰণ
বিভাগ সংক্ৰামক ৰোগ
লক্ষণ বিষ কমকৈ অনুভৱ হোৱা[2]
কাৰণ মাইক'বেক্টেৰিয়াম লেপ্ৰি বা মাইক'বেক্টেৰিয়াম লেপ্ৰ'মেট'চিছ[3][4]
আশংকাৰ কাৰণ কুষ্ঠ ৰোগীৰ সান্নিধ্যলৈ অহা, অস্বাস্থ্যকৰ পৰিবেশত বসবাস কৰা[2]
চিকিৎসা মাল্টিড্ৰাগ থেৰাপী[3]
ঔষধ ৰিফাম্‌পিচিন, ডেপ্‌চন, ক্ল'ফাজিমিন[2]
পুনৰাবৃত্তি ৫,১৪,০০০ (২০১৫)[5]

কুষ্ঠ ৰোগ মানুহৰ মাজতে সোঁচৰে। সংক্ৰমিত লোকৰ কাঁহ বা নাকৰ পানীৰ পৰা ই বিয়পে বুলি ভবা হয়।[6] দুখীয়া, অস্বাস্থ্যকৰ পৰিবেশত বাস কৰা লোক বেছিকৈ কুষ্ঠত ভোগে।[2] মানুহৰ ধাৰণাৰ বিপৰীতে কুষ্ঠ অতিপাত সংক্ৰামক নহয়।[2] বেক্টেৰিয়াৰ সংখ্যাক ভিত্তি কৰি ইয়াক পচিবেচিলাৰী (paucibacillary) আৰু মাল্টিবেচিলাৰী (multibacillary) বুলি ভাগ কৰা হয়।[2] পচিবেচিলাৰীত ছালৰ শেঁতা পৰা, অসংবেদনশীল দাগৰ সংখ্যা পাঁচ বা তাতকৈ কম আৰু মাল্টিবেচিলাৰীত পাঁচটাতকৈ বেছি।[2] ছালৰ বায়প্সীত এচিড-ফাষ্ট বেক্টেৰিয়া (acid-fast bacilli) ধৰা পেলাই বা পৰিমেৰেছ চেইন ৰিয়ক্‌চনৰে ডি এন এ উলিয়াই ৰোগনিৰ্ণয় কৰা হয়।[2]

মাল্টি ড্ৰাগ থেৰাপী (এম ডি টি) নামৰ চিকিৎসা পদ্ধতিৰে কুষ্ঠৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।[3] পচিবেচিলাৰী কুষ্ঠত ডেপ্‌চন আৰু ৰিফাম্‌পিচিন ছমাহ দিয়া হয়।[2] মাল্টিবেচিলাৰী কুষ্ঠত ৰিফাম্‌পিচিন, ডেপ্‌চন আৰু ক; অফাজিমিন ১২ মাহলৈ দিয়া হয়।[2] ইয়াৰ বাহিৰে অন্য প্ৰতিজৈৱিকো (antibiotic) কেতিয়াবা ব্যৱহাৰ কৰা হয়।[2] বিশ্ব স্বাস্থ্য সংস্থাই এই চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰে।[3] বিশ্বজুৰি আধীৰ দশকত ৫২ লাখ দীৰ্ঘম্যাদী ৰোগীৰ পৰা ২০১২ চনত ১,৮৯,০০০০লৈ সংখ্যা কমিছে।[3][7][8] The number of new cases was 230,000.[3] বেছিভাগ নতুন ৰোগী ১৬খন দেশত ধৰা পৰে যাৰ আধাতকৈ বেছি ৰোগী ভাৰতৰ।[3][2] বিগত ২০ বছৰত বিশ্বজুৰি ১.৬ কোটি ৰোগীয়ে আৰোগ্য লাভ কৰিছে।[3]

কুষ্ঠ ৰোগে হাজাৰ হাজাৰ বছৰ ধৰি মানুহক আক্ৰান্ত কৰি আহিছে।[2] ইংৰাজী নাম leprosy আহিছে লেটিন শব্দ lepraৰ পৰা যাৰ অৰ্থ "scaly" বা বাকলিৰে আৱৰা। "হেন্‌ছেনৰ ৰোগ" নামটো চিকিৎসক জেৰাৰ্ড আৰ্মাৰ হেন্‌ছেনৰ পৰা আহিছে।[2] ৰোগীসকলক পৃথককৈ কুষ্ঠ কলনীত ৰখা প্ৰথা এতিয়াও ভাৰত,[9] চীন,[10] আৰু আফ্ৰিকাত প্ৰচলিত।[11] কুষ্ঠ বেছিকৈ সংক্ৰামক নোহোৱা বাবে বেছিভাগ কলনীয়েই বন্ধ হৈছে।[11] ৰোগৰ বিষয়ে জনোৱা আৰু ততালিকে চিকিৎসা লোৱাৰ ক্ষেত্ৰত সামাজিক কলংক এক অন্তৰায় হৈ আহিছে।[3] কিছুমানে "leper" বা "কুঠীয়া মানুহ" শব্দটো অসন্মানজনক বুলি কৈ "কুষ্ঠ ৰোগত আক্ৰান্ত মানুহ" বাক্যংশহে পছন্দ কৰে।[12] কুষ্ঠই "অৱহেলিত ক্ৰান্তীয় ৰোগ"তো (neglected tropical disease) স্থান পাইছে।[13] কুষ্ঠ ৰোগৰ প্ৰতি সজাগতা আনিবলৈ ১৯৫৪ চনৰ পৰা বিশ্ব কুষ্ঠ দিৱস পালন কৰা হৈছে।[14]

চিত্ৰ বিথিকা সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Definition of leprosy". The Free Dictionary. http://www.thefreedictionary.com/leprosy। আহৰণ কৰা হৈছে: 2015-01-25. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 "Current status of leprosy: epidemiology, basic science and clinical perspectives.". The Journal of dermatology খণ্ড 39 (2): 121–9. February 2012. doi:10.1111/j.1346-8138.2011.01370.x. PMID 21973237. 
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 3.11 "Leprosy Fact sheet N°101". World Health Organization. Jan 2014. http://www.who.int/mediacentre/factsheets/fs101/en/. 
  4. 4.0 4.1 "New Leprosy Bacterium: Scientists Use Genetic Fingerprint To Nail 'Killing Organism'". ScienceDaily. 2008-11-28. http://www.sciencedaily.com/releases/2008/11/081124141047.htm। আহৰণ কৰা হৈছে: 2010-01-31. 
  5. GBD 2015 Disease and Injury Incidence and Prevalence, Collaborators. (8 October 2016). "Global, regional, and national incidence, prevalence, and years lived with disability for 310 diseases and injuries, 1990-2015: a systematic analysis for the Global Burden of Disease Study 2015.". Lancet খণ্ড 388 (10053): 1545–1602. PMID 27733282. 
  6. "Hansen's Disease (Leprosy) Transmission". cdc.gov. April 29, 2013. http://www.cdc.gov/leprosy/transmission/। আহৰণ কৰা হৈছে: 28 February 2015. 
  7. "Global leprosy situation, 2012". Wkly. Epidemiol. Rec. খণ্ড 87 (34): 317–28. August 2012. PMID 22919737. 
  8. Rodrigues LC; Lockwood DNj (June 2011). "Leprosy now: epidemiology, progress, challenges, and research gaps.". The Lancet infectious diseases খণ্ড 11 (6): 464–70. doi:10.1016/S1473-3099(11)70006-8. PMID 21616456. 
  9. Walsh F (2007-03-31). "The hidden suffering of India's lepers". BBC News. http://news.bbc.co.uk/2/hi/programmes/from_our_own_correspondent/6510503.stm. 
  10. Lyn TE (2006-09-13). "Ignorance breeds leper colonies in China". Independat News & Media. http://www.iol.co.za/index.php?set_id=1&click_id=117&art_id=qw1158139440409B243। আহৰণ কৰা হৈছে: 2010-01-31. 
  11. 11.0 11.1 Byrne, Joseph P. (2008). Encyclopedia of pestilence, pandemics, and plagues. প্ৰকাশক Westport, Conn.[u.a.]: Greenwood Press. পৃষ্ঠা. 351. ISBN 978-0-313-34102-1. https://books.google.com/books?id=5Pvi-ksuKFIC&pg=PA351. 
  12. editors, Enrico Nunzi, Cesare Massone, (2012). Leprosy a practical guide. প্ৰকাশক Milan: Springer. পৃষ্ঠা. 326. ISBN 978-88-470-2376-5. https://books.google.com/books?id=ZQ2k0xgIph4C&pg=PA326. 
  13. "Neglected Tropical Diseases". cdc.gov. June 6, 2011. http://www.cdc.gov/globalhealth/ntd/diseases/index.html। আহৰণ কৰা হৈছে: 28 November 2014. 
  14. McMenamin, Dorothy (2011). Leprosy and stigma in the South Pacific : a region-by-region history with first person accounts. প্ৰকাশক Jefferson, N.C.: McFarland. পৃষ্ঠা. 17. ISBN 978-0-7864-6323-7. https://books.google.com/books?id=lZPvQTJ8SE0C&pg=PA17. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

  • Links and resources বিশ্ব স্বাস্থ্য সংস্থাই বাছনি কৰা কুষ্ঠ ৰোগ সম্পৰ্কীয় তথ্যৰ লিংক
বৰ্গীকৰণ
বাহ্যিক সমল