কেন্দ্ৰীয় অনুসন্ধান সংস্থা
কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআই ভাৰতৰ অন্যতম প্ৰধান অনুসন্ধানকাৰী সংস্থা।[4] এই সংস্থা কৰ্মচাৰী, জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ৰ অধীনত। এই সংস্থা দেশৰ বহুতো অৰ্থনৈতিক অপৰাধ, বিশেষ অপৰাধ, দুৰ্নীতি আৰু উচ্চ পৰ্যায়ৰ অপৰাধৰ অনুসন্ধানৰ বাবে বিখ্যাত।[4]
![]() | |
সংস্থাৰ ৰূপৰেখা | |
---|---|
গঠন | ১৯৪১ |
ক্ষেত্ৰাধিকাৰ | ভাৰত চৰকাৰ |
মুখ্য কাৰ্যালয় | নতুন দিল্লী, ভাৰত |
মূলমন্ত্ৰ | উদ্যোগ, নিৰপেক্ষতা, অখণ্ডতা |
কৰ্মচাৰী | ৫৬৮৫ জন[1] |
বাৰ্ষিক বাজেট | ₹৬৯৮.৩৮ কোটি (৯৭.৯ মিলিয়ন ডলাৰ) (২০১৮-১৯ বিত্তীয় বৰ্ষ)[2] |
সংস্থাৰ কাৰ্যবাহী | ঋষি কুমাৰ শুক্লা[3], সঞ্চালক প্ৰধান |
পিতৃ সংস্থা | কৰ্মচাৰী, জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয় |
ৱেবছাইট | www |
কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অৱস্থিত আৰু ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান ঋষি কুমাৰ শুক্লা।
গঠনসম্পাদনা কৰক
কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ মুৰব্বীক সঞ্চালক প্ৰধান বোলা হয়। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আৰু আৰক্ষীৰ সঞ্চালক প্ৰধান হোৱাৰ যোগ্যতা থকা বাঞ্চনীয়। ইয়াৰ সঞ্চালক প্ৰধান চিভিচি এক্ট ২০০৩ ৰ আধাৰত দুবছৰৰ বাবে চয়ন কৰা হয়। ইয়াৰ বাকী বিষয়া সমূহ ভাৰতীয় ৰাজহ সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। অন্যান্য পদবী সমূহ হল : বিশেষ সঞ্চালক, অতিৰিক্ত সঞ্চালক, যুগ্ম সঞ্চালক, উপ আৰক্ষী প্ৰধান, আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, পৰিদৰ্শক, উপ পৰিদৰ্শক, সহযোগী উপ পৰিদৰ্শক, মুখ্য কনিষ্টবল আৰু কনিষ্টবল। এই পদ সমূহ কৰ্মচাৰী চয়ন আয়োগ অথবা আৰক্ষী, আয়কৰ আৰু সীমা শুল্ক বিভাগৰ পৰা পূৰণ কৰা হয়।
দণ্ডজ্ঞাৰ দৰসম্পাদনা কৰক
কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ দণ্ডজ্ঞাৰ দৰ উচ্চ :
চন | দণ্ডজ্ঞাৰ দৰ |
---|---|
২০১১ | ৬৭%[5] |
২০১০ | ৭০.৮%[6] |
২০০৯ | প্ৰযোজ্য নহয় |
২০০৮ | ৬৬.২%[7] |
২০০৭ | ৬৭.৭%[8] |
তথ্য উৎসসম্পাদনা কৰক
- ↑ "OVER ALL VACANCY POSITION OF CBI AS ON 01.03.2017". পৃষ্ঠা: 01. http://www.cbi.nic.in/rt_infoact/cbi_vac20170301.pdf। আহৰণ কৰা হৈছে: 21 March 2017.
- ↑ "IPS officer Rishi Kumar Shukla appointed new CBI director", Times of India, 2 February 2019, https://economictimes.indiatimes.com/news/economy/finance/cbi-gets-nominal-hike-of-2-79-per-cent-in-budget/articleshow/62745615.cms
- ↑ "Rishi Kumar Shukla appointed as New CBI Director", Times of India, 2 February 2019, https://timesofindia.indiatimes.com/india/pm-led-panel-appoints-ips-officer-rishi-kumar-shukla-as-new-cbi-chief/articleshow/67807432.cms
- ↑ 4.0 4.1 http://www.cbi.gov.in/aboutus/cbiroles.php
- ↑ "cbi_annual_report_2011". Central Bureau of Investigation. পৃষ্ঠা: 107. http://www.cbi.gov.in/annualreport/cbi_annual_report_2011.pdf। আহৰণ কৰা হৈছে: 10 September 2012.
- ↑ "CBI annual report 2010". cbi.gov.in. http://www.cbi.gov.in/annualreport/cbi_annual_report_2010.pdf.
- ↑ "CBI annual report 2008". cbi.gov.in. http://www.cbi.gov.in/annualreport/cbi_annual_report_2008.pdf.
- ↑ "CBI annual report 2007". cbi.gov.in. http://www.cbi.gov.in/annualreport/cbi_annual_report_2007.pdf.
বাহ্যিক সংযোগসম্পাদনা কৰক
- কেন্দ্ৰীয় অনুসন্ধান সংস্থা at the Wayback Machine (archive index)