খনিজ পদাৰ্থ হৈছে প্ৰাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদাৰ্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ। খনিজ পদাৰ্থৰ সংজ্ঞা সম্পৰ্কে ৰসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায়। সেই বৈশিষ্ট্য কেইটা হৈছে -

  1. ই প্ৰাকৃতিক ভাৱে উপলব্ধ।
  2. কক্ষ তাপমাত্ৰাত(২৫0 চেলচিয়াচ) ই সুস্থিৰ।
  3. ই কঠিন।
  4. শৃংখলাবদ্ধ পাৰমাণৱিক বিন্যাস।
  5. ইয়াক এক নিৰ্দিষ্ট ৰাসায়নিক সূত্ৰেৰে বুজাব পাৰি।
  6. সাধাৰণতে অজৈৱ।

অৱস্থিতিসম্পাদনা কৰক

খনিজ পদাৰ্থসমূহ পৃথিৱীমাটি, পানী আৰু বায়ুমণ্ডলত সকলোতে অৱস্থিত। সাধাৰণতে খনিজ পদাৰ্থ অজৈৱ হয় যদিওঁ, জৈৱিক খনিজ পদাৰ্থওঁ আছে আৰু জৈৱিক খনিজ পদাৰ্থসমূহ আমাৰ শৰীৰৰ বাবে আতিকৈ দৰকাৰী। সেয়েহে, আমাৰ দৈনন্দিন খাদ্যবস্তুৰ লগত কম বেছি পৰিমাণে জৈৱিক খনিজ পদাৰ্থ মিহলি হৈ থকাটো বাঞ্ছনীয়।

ভৌতিক আৰু ৰাসায়নিক গুণসমূহসম্পাদনা কৰক

যিকেইটা প্ৰধান ভৌতিক গুণৰ ওপৰত ভিত্তি কৰি খনিজ পদাৰ্থসমূহ বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হয়, সেইকেইটা হ’ল, ভৌত ষ্ফটিক গঠন, কঠোৰতা, দিপ্তী, বৰণ ঘনত্ব ইত্যাদি। খনিজ পদাৰ্থৰ ৰাসায়নিক গুণসমূহ নিৰূপণ কৰিবলৈ ইয়াক প্ৰথমতে পাতল অম্ল দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিয়া হয়। সেই বিক্ৰিয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ইয়াৰ ৰাসায়নিক গুণসমূহ শ্ৰেণীভুক্তকৰণ কৰা হয়।

খনিজ পদাৰ্থৰ প্ৰকাৰসমূহসম্পাদনা কৰক

পৃথিৱীৰ খোলাটোৰ গঠন আৰু ৰচনা চিলিকন(silicon) আৰু অক্সিজেন(oxygen)ৰ দ্বাৰা প্ৰভাৱিত হয়। গতিকে, চিলিকেট(silicate) উপাদানসমূহ শিলা গঠন আৰু বৈচিত্ৰৰ ফালৰপৰা সকলোতকৈ গুৰুত্বপূৰ্ণ শ্ৰেণীৰ খনিজ পদাৰ্থ। অনা-চিলিকেট(non-silicate) খনিজ পদাৰ্থসমূহো অৰ্থনৈতিক দিশৰপৰা খুবেই দৰকাৰী। অনা-চিলিকেট খনিজ পদাৰ্থসমূহক সিহঁতৰ প্ৰধান ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি কেইটামান শ্ৰেণীত উপ-বিভাজিত কৰা হৈছে। সেই শ্ৰেণীসমূহ হৈছে, চালফাইড, হেলাইড, ওক্সাইড, হাইদ্ৰ’ক্সাইড, কাৰ্বনেট, নাইট্ৰেট, ব’ৰেট, চালফেট, ফচফেট আৰু জৈৱ যৌগ। সৰহসংখ্যক প্ৰজাতিৰ অনা-চিলিকেট খনিজ পদাৰ্থই অত্যন্ত বিৰল। আন কিছুমান আকৌ অতি সহজভাৱে উপলব্ধ, যেনে, কেলচাইট, পাইৰাইট, মেগনেটাইট, হেমেটাইট ইত্যাদি।