খৈৰাবাৰী গণহত্যা (ইংৰাজী: Khoirabari massacre ) ১৯৮৩ চনৰ ৭ ফেব্ৰুৱাৰীত অসমৰ সেই সময়ৰ দৰং আৰু বৰ্তমানৰ ওদালগুৰি জিলাখৈৰাবাৰী ৰাজহ চক্ৰ অঞ্চলত সংঘটিত হৈছিল। আনুমানিক ১০০ৰ[1] পৰা ৫০০[2][3] অভিবাসী বঙালী উক্ত গণহত্যাৰ বলি হয়। ১৯৮৩ চনৰ ৫ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে ১৪, ১৭ আৰু ২০ ফেব্ৰুৱাৰীত বিধানসভা নিৰ্বাচন পাতিব বুলি ঘোষণা কৰে। ভোটাৰ তালিকা সংশোধন নকৰাকৈ নিৰ্বাচন নাপাতিবলৈ আন্দোলনৰ নেতৃবৃন্দই দাবী জনায় আৰু এই নিৰ্বাচন বৰ্জন আৰু প্ৰতিৰোধ কৰিবলৈ ৰাইজক আহ্বান জনায়।[4] নিৰ্বাচন বন্ধ কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ অংশ স্বৰূপে আন্দোলনকাৰীসকলে বঙালী অধ্যুষিত অঞ্চলসমূহৰ যোগাযোগ বিচ্ছিন্ন কৰি দিয়ে; কাৰণ বঙালীসকলক নিৰ্বাচনপন্থী বুলি ধাৰণা কৰা হৈছিল। অভিবাসী বঙালীসকলৰ প্ৰতি অসন্তুষ্টি পুহি ৰখা খিলঞ্জীয়া অসমীয়া গোটবোৰে ইয়াৰ ফলত হোৱা বিচ্ছিন্নতাৰ সুযোগ লৈ ৭ ফেব্ৰুৱাৰীত নিশা খৈৰাবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বঙালী গাওঁবোৰ ঘেৰি ধৰি আক্ৰমণ কৰে।

খৈৰাবাৰী গণহত্যা
খৈৰাবাৰী গণহত্যা is located in Assam
{{{alt}}}
স্থান খৈৰাবাৰী, দৰং জিলা, অসম, ভাৰত
তাৰিখ ৭ ফেব্ৰুৱাৰী ১৯৮৩
নিশা (UTC+5:30)
লক্ষ্য বঙালী হিন্দু
আক্ৰমণৰ প্ৰকাৰ গণহত্যা
নিহত আনুমানিক ১০০-৫০০
আহত আনুমানিক ১০০-২০০
আক্ৰমণকাৰী খিলঞ্জীয়া অসমীয়া

এই গণহত্যাৰ খবৰ দুসপ্তাহলৈকে প্ৰকাশিত হোৱা নাছিল।[5] সাংবাদিক শেখৰ গুপ্তাই তেওঁৰ প্ৰতিবেদনত উল্লেখ কৰা মতে যে এজন শীৰ্ষ অসম আৰক্ষীৰ বিষয়াই জনাইছিল যে গহপুৰত হোৱা অসমীয়া মানুহৰ হত্যাকাণ্ডৰ অতিৰঞ্জিত খবৰত ব্যতিব্যস্ত হৈ থাকিবলগীয়া হোৱাত সময়মতে খৈৰাবাৰী কাণ্ডৰ উপযুক্ত প্ৰতিবিধান লোৱাত আৰক্ষী ব্যৰ্থ হৈছিল।[5]

প্ৰেক্ষাপট সম্পাদনা কৰক

দৰং জিলাৰ মংগলদৈ মহকুমাৰ অন্তৰ্গত খৈৰাবাৰী অভিবাসী হিন্দু বঙালীসকলৰ বসতিস্থল আছিল।[6] [6] ভাৰত বিভাজনৰ পূৰ্বে খৈৰাবাৰী অঞ্চল পূৰ্ববংগৰ পৰা (বৰ্তমান বাংলাদেশ) প্ৰব্ৰজিত বাংলাভাষী মুছলমানৰ বসতিস্থল আছিল। ভাৰত বিভাজনৰ পিছত মুছলমানসকলে সেই ঠাই এৰি পূব পাকিস্তানলৈ গুছি যোৱাৰ পিছত তেওঁলোকৰ পৰিত্যক্ত ভূমিত পূব পাকিস্তানৰ অহা হিন্দু বঙালীসকলক সংস্থাপিত কৰা হৈছিল।[3] অৱশ্যে তেওঁলোকক কোনো ভূমি পট্টা দিয়া হোৱা নাছিল।[7] ১৯৮৩ চনত খৈৰাবাৰী অঞ্চলত শ শ হিন্দু বঙালী শৰণাৰ্থীয়ে গোট হিচাপে বাস কৰা গাঁওসমূহৰ চৌপাশে খিলঞ্জীয়া অসমীয়াৰ গাঁও আছিল। বছৰ বছৰ জুৰি এই অভিবাসী মানুহখিনিৰ প্ৰতি স্থানীয় খিলঞ্জীয়া লোকসকলৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠিছিল।[3]

হত্যাকাণ্ড সম্পাদনা কৰক

১৯৮৩ চনৰ ৫ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে তিনিটা পৰ্যায়ত ১৪, ১৭ আৰু ২০ ফেব্ৰুৱাৰীত অসমত নিৰ্বাচন পাতিব বুলি ঘোষণা কৰে। ভোটাৰ তালিকা সংশোধন নকৰাকৈ নিৰ্বাচন নাপাতিবলৈ আন্দোলনৰ নেতৃবৃন্দই দাবী জনায় আৰু এই নিৰ্বাচন বৰ্জন আৰু প্ৰতিৰোধ কৰিবলৈ ৰাইজক আহ্বান জনায়।[4] আন্দোলনকাৰীসকলে অনা-অসমীয়া অভিবাসীসকলক নিৰ্বাচনপন্থী বুলি গণ্য কৰিছিল আৰু যোগাযোগ ব্যৱস্থাটো বিচ্ছিন্ন কৰি দিছিল। ফলস্বৰূপে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী খৈৰাবাৰীলৈ প্ৰেৰণ কৰিব পৰা হোৱা নাছিল।[7] এই অৱস্থাৰ সুযোগ লৈ স্থানীয় অসমীয়া লোকে নিশা বিচ্ছিন্ন হৈ পৰা বঙালী শৰণাৰ্থীৰ গাঁৱসমূহ আগুৰি ধৰি আক্ৰমণ চলায়। প্ৰবীন অসমীয়া সাংবাদিক সবিতা লহকৰৰ মতে প্ৰব্ৰজনকাৰী বঙালী হিন্দুসকলে খৈৰাবাৰীৰ বিদ্যালয়ত আশ্ৰয় লৈছিল, য’ত খিলঞ্জীয়া লোকসকলে তেওঁলোকক আক্ৰমণ কৰে।[8] ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ই.এম. ৰামমোহনৰ মতে এশতকৈও অধিক অভিবাসী বঙালী শৰণাৰ্থীক হত্যা কৰা হয়।[3] সাংবাদিক শেখৰ গুপ্তাই ৫০০তকৈও অধিক লোকৰ হত্যা হোৱা বুলি লিখিছে।[1] বাচি থকাসকলে নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত খৈৰাবাৰী ৰেল ষ্টেচনত আশ্ৰয় লয়।[3][7] নিৰ্বাচনৰ পিছত তদানিন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই খৈৰাবাৰী আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰে।[9] ৰামকৃষ্ণ মিছনে আশ্ৰয় শিৱিৰত শৰণাৰ্থীসকলৰ সাহায্যৰ কামৰ তদাৰকী কৰিছিল।[10]

পৰৱৰ্তী পৰ্যায় সম্পাদনা কৰক

এই গণহত্যাৰ পিছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কে.এচ. সুদৰ্শন আৰু অন্যান্য নেতাসকলে কিয় অভিবাসী বঙালী হিন্দুসকলক কিয় খিলঞ্জীয়া অসমীয়া সম্প্ৰদায়ে হত্যা কৰিছিল, এই বিষয়ে সাংবাদিক গুপ্তাৰ পৰা জানিব বিচাৰিছিল।[11] আৰ.এচ.এচ.ৰ নেতৃবৃন্দই বঙালী হিন্দুসকলক "অসুৰক্ষিত" বুলি গণ্য কৰিছিল আৰু একেই ধৰ্মৰ এটা জনগোষ্ঠীক অসমীয়াসকলে হত্যা কৰিব বুলি আশা কৰা নাছিল। গুপ্তাই গণহত্যাৰ আঁৰত থকা জাতিগত আৰু ভাষিক ত্ৰুটিবোৰ বৰ্ণনা কৰিছিল, যিবোৰ ইমানে গভীৰ আছিল যে আক্ৰমণকাৰীসকলে হিন্দু বা মুছলমান বুলি কোনো পাৰ্থক্য ৰখা নাছিল। হিন্দুৱে হওক বা মুছলমানে হওক, বাংলাভাষী অনুপ্ৰবেশকাৰীসকলে অসমৰ খিলঞ্জীয়া জনজীৱনৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিছিল, ই আছিল প্ৰকৃততে তাৰ প্ৰতিক্ৰিয়া।[11]

২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত অসম আন্দোলনত মৃত লোকৰ ক্ষতিপূৰণ দাবী সমিতিয়ে ১৯৮৩ চনত খৈৰাবাৰী আৰু গোৰেশ্বৰত সংঘটিত গণহত্যাৰ বলি হোৱা অভিবাসী বঙালী হিন্দুসকলৰ বিষয়টো উত্থাপন কৰে। সংগঠনটোৱে ভুক্তভোগীসকলক শ্বহীদৰ মৰ্যাদা দিয়া আৰু পৰিয়ালবোৰৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰ দাবী জনায়।[12][13] ৰঙিয়া বিধানসভা সমষ্টিৰ তদানিন্তন বিধায়ক ভবেশ কলিতাই এই গণহত্যাৰ কথা স্বীকাৰ কৰে আৰু ভুক্তভোগী পৰিয়ালে ক্ষতিপূৰণ লাভ কৰিব বুলি আশ্বাস দিয়ে।[12][13]


তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 Gupta, Shekhar (1984). Assam: A Valley Divided. প্ৰকাশক New Delhi: Vikas Publishing House. পৃষ্ঠা. 121. ISBN 978-0-7069-2537-1. https://books.google.com/books?id=HZbaAAAAMAAJ। আহৰণ কৰা হৈছে: 4 November 2018. 
  2. Barpujari, H. K. (1998). North-East India: Problems, Policies, and Prospects : Since Independence. Spectrum Publication. পৃষ্ঠা. 63. ISBN 978-81-85319-81-0. https://books.google.com/books?id=6FluAAAAMAAJ। আহৰণ কৰা হৈছে: 4 November 2018. 
  3. 3.0 3.1 3.2 3.3 3.4 Rammohan, E. N. (2005) (en ভাষাত). Insurgent Frontiers: Essays from the Troubled Northeast. India Research Press. ISBN 978-81-87943-80-8. https://books.google.com/books?id=KclwPdsveMQC. 
  4. 4.0 4.1 দত্ত, দিলীপ (১৯৯১). খোঁচাবিন্ধা বুৰঞ্জী. অসমী প্ৰকাশন, গুৱাহাটী-১. পৃষ্ঠা. ১৯-২৬, ৩১-৮৮. 
  5. 5.0 5.1 Gupta, Shekhar (1984). Assam: A Valley Divided. প্ৰকাশক New Delhi: Vikas Publishing House. পৃষ্ঠা. 14–15. ISBN 978-0-7069-2537-1. https://books.google.com/books?id=HZbaAAAAMAAJ। আহৰণ কৰা হৈছে: 4 November 2018. 
  6. 6.0 6.1 Rammohun, E. M. (2012) (en ভাষাত). Countering Insurgencies in India: An Insider's View. Vij Books India. পৃষ্ঠা. 36. ISBN 978-93-81411-66-7. https://books.google.com/books?id=6fSpCQAAQBAJ। আহৰণ কৰা হৈছে: 7 November 2018. 
  7. 7.0 7.1 7.2 Rammohan, E. N. (2005). Simply Khaki. Indialog Publications. পৃষ্ঠা. 98–99. ISBN 978-81-87981-78-7. https://books.google.com/books?id=HZbaAAAAMAAJ। আহৰণ কৰা হৈছে: 7 November 2018. 
  8. Goswami, Sabita (2014). Along the Red River: A Memoir. Zubaan. পৃষ্ঠা. 154. ISBN 978-93-83074-26-6. https://books.google.com/books?id=E7t5DAAAQBAJ। আহৰণ কৰা হৈছে: 7 November 2018. 
  9. Daily Report: South Asia. 84. Foreign Broadcast Information Service. 1983. পৃষ্ঠা. 8. https://books.google.com/books?id=IRJW-1kWXJoC। আহৰণ কৰা হৈছে: 7 November 2018. 
  10. Awakened India. 90. Swami Smaranananda. 1985. পৃষ্ঠা. 522. https://books.google.com/books?id=cLAoAAAAYAAJ। আহৰণ কৰা হৈছে: 7 November 2018. 
  11. 11.0 11.1 Gupta, Shekhar (4 August 2018). "Amit Shah & Modi are playing with a fire that doesn't distinguish between Muslim & Hindu". ThePrint.in (ThePrint). https://theprint.in/national-interest/amit-shah-modi-are-playing-with-a-fire-that-doesnt-distinguish-muslims-from-hindus/. 
  12. 12.0 12.1 "'Bengalis are also a part of greater Assamese society'". The Sentinel (Omega Printers and Publishers). 19 February 2017. https://www.sentinelassam.com/news/bengalis-are-also-a-part-of-greater-assamese-society/. 
  13. 13.0 13.1 "Compensation for Hindu Bengali martyrs of Assam Movement demanded". The Assam Tribune. 26 February 2018. Archived from the original on 5 November 2018. https://web.archive.org/web/20181105012225/http://www.assamtribune.com/scripts/mdetails.asp?id=feb2617%2Fat054.