গণৰাজ্য দিৱস (ভাৰত)

ভাৰতৰ সংবিধান গৃহীত হোৱা দিন

গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।[1]

গণৰাজ্য দিৱস
গণৰাজ্য দিৱস
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ মূল পাঠ্য। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান গৃহীত হৈছিল।
পালন কৰে  ভাৰত
প্ৰকাৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন
তাৰিখ ২৬ জানুৱাৰী
উদযাপন কুছকাৱাজ, বিদ্যালয়সমূহত মিঠাই বিতৰণ, সাংস্কৃতিক অনুষ্ঠান
পৰৱৰ্তী তাৰিখ ২৬ জানুৱাৰী ২০১৭
অৱধি এদিন
সংঘটন বাৰ্ষিক

ভাৰতৰ সংবিধানখন Constituent Assembly of India-ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়।

স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীৰ লগতে এই দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন।

ইতিহাস সম্পাদনা কৰক

 
ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ (ঘোঁৰাবাগীখনত) ১৯৫০ চনত নতুন দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসৰ পেৰেডত ভাগ ল'বলৈ সাজু হোৱাৰ দৃশ্য।

মহাত্মা গান্ধী নেতৃত্বত অহিংসা আৰু অসহযোগ আন্দোলনৰে পূৰ্ণ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পাছত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। সংযুক্ত ৰাজ্যৰ সংসদৰ এখন অধিনিয়ম ভাৰতৰ স্বাধীনতা অধিনিয়ম ১৯৪৭ (10 & 11 Geo 6 c. 30)ৰ জৰিয়তে ব্ৰিটিছ ভাৰতক দুখন স্বাধীন দেশ ভাৰত আৰু পাকিস্তানত ভাগ কৰা হয়।[2] জৰ্জ ষষ্ঠক ৰাজ্যৰ মুৰব্বী আৰু আৰ্ল মাউণ্টবেটেনক গভৰ্ণৰ জেনেৰেলৰূপে লৈ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে সাংবিধানিক ৰাজতন্ত্ৰ হিচাপে স্বাধীনতা পায়। কিন্তু তেতিয়া ভাৰতৰ স্থায়ী সংবিধান নাছিল। আইনসমূহ পৰিৱৰ্তিত ঔপনিবেশিক ভাৰত চৰকাৰ অধিনিয়ম ১৯৩৫ক ওপৰত নিৰ্ভৰশীল আছিল। ১৯৪৭ চনৰ ২৮ আগষ্টত ড॰ বি আৰ আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা সমিতি গঠন কৰা হয়। ১৯৪৭ চনৰ ৪ নৱেম্বৰত এখন খচৰা সংবিধান প্ৰস্তুত কৰি সংসদত দাখিল কৰা হয়।[3] সংবিধান গৃহীত কৰাৰ পূৰ্বে ২ বছৰ, ১১ মাহ আৰু ১৮ দিনৰ ভিতৰত সংসদৰ সদস্যসমূহ ১৬৬ দিনৰ বাবে মিলিত হয়। কিছু পৰিৱৰ্তনৰ পাছত ১৯৫০ চনৰ ২৪ জানুৱাৰীত সংসদৰ ৩০৮জন সদস্যই নথিখনৰ দুটা হাতে লিখা প্ৰতিলিপিত (এটা হিন্দী, এটা ইংৰাজী) স্বাক্ষৰ কৰে। দুদিন পাছত দেশজুৰি এই সংবিধান গৃহীত হয়। ভাৰতীয় সংবিধানেই হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধান।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Introduction to Constitution of India". Ministry of Law and Justice of India. 29 July 2008. http://indiacode.nic.in/coiweb/introd.htm। আহৰণ কৰা হৈছে: 14 October 2008. 
  2. "Indian Independence Act 1947". The National Archives, Her Majesty's Government. http://www.legislation.gov.uk/ukpga/Geo6/10-11/30। আহৰণ কৰা হৈছে: 17 July 2012. 
  3. Constituent Assembly (DEBATES)- Parliament of India