গধূলিগোপাল

এক প্ৰকাৰৰ গুল্ম জাতীয় আলংকাৰিক ফুল গছ

গধূলিগোপাল (Mirabilis jalapa) বা Four O'Clock Flower বা Marvel of Peru এক প্ৰকাৰৰ গুল্ম জাতীয় আলংকাৰিক ফুল গছ। বিভিন্ন ৰঙৰ গধূলিগোপাল পোৱা যায়। লেটিন ভাষাত Mirabilis মানে "আশ্চৰ্য্যকৰ" আৰু jalapa হৈছে মধ্য আৰু উত্তৰ আমেৰিকাৰ এক ঠাইৰ নাম। ১৫৪০ চনত গধূলিগোপাল পেৰুৰ পৰা আমদানি কৰা হৈছিল।

গধূলিগোপাল
Mirabilis jalapa
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Magnoliophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Caryophyllales
পৰিয়াল: Nyctaginaceae
গণ: Mirabilis
প্ৰজাতি: M. jalapa
বৈজ্ঞানিক নাম
Mirabilis jalapa

ফুল আৰু ৰঙসম্পাদনা কৰক

একেটা গছতেই ভিন্ন বৰণৰ ফুল ফুলা ইয়াৰ অন্যতম বৈশিষ্ট্য।

 
একে গছত বিভিন্ন বৰণৰ গধূলিগোপাল
 
বিভিন্ন বৰণৰ গধূলিগোপাল
 
প্ৰাকৃতিকভাৱে একে গছত বিভিন্ন বৰণৰ গধূলিগোপাল

সেইদৰে সম্পূৰ্ণ বগা , গুলপীয়া , হালধীয়া ইত্যাদি ৰঙৰো ফুল দেখা যায়। একে ফুলতে কেতিয়াবা বিভিন্ন ৰঙৰ দাগ দেখা যায়। ৰঙাৰ পৰা বেঙুনীয়ালৈ এই ফুল পোৱা যায়। ফুলবোৰ সুন্দৰ সুগন্ধিযুক্ত। গধূলিগোপাল সন্ধিয়া ফুলে আৰু ওৰে নিশা ফুলি পুৱা মৰহি যায়। মথ জাতীয় নিশাচৰ প্ৰাণীৰ দ্বাৰা পৰাগযোগ হয়। [1]

বংশগতিক অধ্যয়নসম্পাদনা কৰক

১৯০০ চনত বিজ্ঞানী কাৰ্ল কৰেন্সে কোষপ্ৰৰসীয় বংশানুক্ৰম (Cytoplasmic Inheritance ) অধ্যয়নত গধূলিগোপালক ব্যৱহাৰ কৰিছিল।[2] পিছলৈ ইয়াৰ পৰা অসম্পূৰ্ণ প্ৰভাৱিতা ( Incomplete Dominance) আৱিষ্কাৰ হৈছিল।

ব্যৱহাৰসম্পাদনা কৰক

গধূলিগোপাল ফুল সাধাৰণতে খাদ্য প্ৰক্ৰিয়াকৰণ শিল্পত ৰঙৰ কামত ব্যৱহাৰ হয়। তাৰ বাহিৰে ইয়াৰ পাত খাব পাৰি। তদুপৰি কেক আৰু জেলীত ৰঙ দিবলৈ ফুড কালাৰিং এজেণ্ট হিচাপে ইয়াৰ ৰং ব্যৱহৃত হয়। কিছুমান ঔষধ তৈয়াৰ কৰোঁতে গধূলিগোপালৰ বীজ আৰু শিপা ব্যৱহাৰ হয়।[3]


ঔষধি গুণসম্পাদনা কৰক

নলা নাৰেঙীয়া ৰোগত গধূলি গোলাপ ফুল পিহি প্ৰলেপ দিলে নাৰেঙীয়া ঘা ভাল হয়। গধূলি গোলাপ ফুল খৰ-খজুৱতিত ব্যৱহাৰ কৰিও উপকাৰ পোৱা যায়।[4]

তথ্যসূত্ৰসম্পাদনা কৰক

চিত্ৰমালাসম্পাদনা কৰক