গীতালী বৰুৱা (জন্ম: ১ জুলাই ১৯৬১) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী।

গীতালী বৰুৱা
জন্ম ১ জুলাই, ১৯৬১ (৬২ বছৰ)
পেচা
  • ঔপন্যাসিক
  • গল্পকাৰ
  • কবি
  • অভিনেত্ৰী
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন গুৱাহাটী বিশ্ববিদ্যালয়
দাম্পত্যসংগী অখিল কুমাৰ বৰুৱা
সন্তান মাধুৰ্য্য বৰুৱা (বুকু)

শিক্ষা সম্পাদনা কৰক

বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন সম্পাদনা কৰক

গীতালী বৰুৱাই তেওঁৰ প্ৰথম কাব্য সংকলন 'একুৰি অনুভূতি' (২০০২) -ৰে সাহিত্য জগতৰ পাতনি মেলে। পৰৱৰ্তী সময়ত তেওঁৰ কেইবাখনো কাব্য সংকলন, গল্প সংকলন, উপন্যাস আৰু প্ৰবন্ধ সংকলন প্ৰকাশিত হয়। তেওঁ তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই 'অভিমান' নাটকযোগে প্ৰথমবাৰৰ বাবে অভিনয় জগতত প্ৰৱেশ কৰিছিল। পিছলৈ তেওঁ কেইবাখনো নাটক আৰু বোলছবিত অভিনয় কৰে।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

গীতালী বৰুৱাই ১৯৮৭ চনত প্ৰতিষ্ঠিত চিকিৎসক অখিল কুমাৰ বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ একমাত্ৰ সন্তানৰ নাম মাধুৰ্য বৰুৱা (বুকু)।

সাহিত্যকৃতি সম্পাদনা কৰক

কাব্য সংকলন

  • একুৰি অনুভূতি- ২০০২, ২৭ এপ্ৰিল
  • গীতালী বৰুৱাৰ অনুভৱ- ২০০৩, মে’
  • এবুকু অনুকম্পা- ২০০৪, মাৰ্চ
  • যৌৱনৰ প্ৰেমৰ স্বপ্ন- ২০০৪, মাৰ্চ
  • পাহৰোঁ আহা- ২০০৫, মাৰ্চ
  • অদৃশ্য ডাকোৱাল- ২০০৫, অক্টোবৰ
  • তুমি নাৰীৰে জন্মা- ২০০৫, অক্টোবৰ
  • শান দিয়া জোন- ২০০৬,৮ চেপ্টেম্বৰ
  • সৰিসৃপ মৌনতা- ২০০৭, নৱেম্বৰ
  • উশাহৰ সীমনা- ২০০৭, নৱেম্বৰ
  • নীলা ঢৌৰ উচুপনি- ২০০৯, ডিচেম্বৰ
  • নিৰ্বাচিত কবিতা (আঠখন কাব্য সংকলনৰ একত্ৰ সংকলন)

গল্প সংকলন

  • বন্দী জীৱনৰ আৰ্তস্বৰ- ২০০৮, জুলাই
  • প্ৰত্যুষ- ২০১০, জুন
  • সমাবৃত- ২০১১, জুন
  • ৰ'দৰ ফুল- ২০১১, অক্টোবৰ
  • বৈধ কি অবৈধ কি- ২০১৪
  • উৰণীয়া মানুহ- ২০১৫, নৱেম্বৰ
  • এক মিনিটৰ গল্প- ২০১৩, ১ ফেব্ৰুৱাৰী
  • মডেল- ২০১৯, নৱেম্বৰ
  • গল্প সমগ্ৰ (সাতখন গল্প সংকলনৰ একত্ৰ সংকলন)

উপন্যাস

  • ত্ৰিপত্ৰ- ২০১০, আগষ্ট
  • কামাবশায়িতা- ২০১০, নৱেম্বৰ
  • অযুগ্ম সংখ্যা- ২০১১, চেপ্তেম্বৰ
  • ধ্বনিময় অনল শিখা/মিউজিকেল লাইটাৰ-২০১৪, ১ মে’
  • মায়াময়- ২০১৪
  • ছৈৰ তলৰ অপ্ৰেম- ২০১৭

কাব্যোপন্যাস

  • কাৰ উশাহ কাৰ উচুপনি- ২০১৭, চেপ্তেম্বৰ

প্ৰবন্ধ সংকলন

  • নেতাই ধুবুনীৰ দেশৰ কথা- ২০১৮, অক্টোবৰ
  • শিশু পুস্তিকা- ২০০৭, ২০ অক্টোবৰ

নাটক সংকলন

  • অভিনেত্ৰী আৰু অন্যান্য নাটক- ২০১৯

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • কবি কল্পদ্ৰুম বঁটা, ২০০৬
  • মাইকেল মধুসূদন বঁটা, ২০০৯ (সাহিত্যৰ ক্ষেত্ৰত)
  • অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, ২০১২ (গল্প সংকলন:সমাবৃত)
  • এনাজৰী বঁটা, ২০১৪ (উপন্যাস:অযুগ্ম সংখ্যা)
  • অসম ক্ৰীড়া আৰু সাংস্কৃতিক মহোৎসৱৰ জীৱনজোৰা সাধনা বঁটা, ২০১৬
  • ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা, ২০১৯

তথ্য সংগ্ৰহ সম্পাদনা কৰক