গুড়ি পড়ৱা

মাৰাঠী আৰু কংকনী হিন্দু নৱবৰ্ষ উৎসৱ

গুড়ি পড়ৱা ভাৰতীয় বসন্তউৎসৱ আৰু মাৰাঠী আৰু কংকনী হিন্দু ধৰ্মাৱলম্বী সকলৰ পাৰম্পৰিক নৱবৰ্ষ।[1] গুড়ি পড়ৱা ঘাইকৈ মহাৰাষ্ট্ৰ আৰু গোৱাত চৈত্ৰ মাহৰ শুক্ল প্ৰতিপদ তিথিত পালন কৰা হয়। চ'ত মাহৰ শুক্ল প্ৰতিপদ তিথি সৌৰচন্দ্ৰ হিন্দী দিনপঞ্জীৰ প্ৰথম দিন। পড়ৱা শব্দটো সংস্কৃত শব্দ প্ৰতিপদাৰ পৰা আহিছে। চন্দ্ৰমাহৰ প্ৰথম দিনক প্ৰতিপদা বোলা হয়। কেইদিনা মজিয়াত বিভিন্ন সুন্দৰ নক্সাৰ ৰংগলী বনোৱা হয়, ফুলৰ মালা, আম আৰু নিম পাতেৰে ৰূপ বা তামৰ পাত্ৰ সজোৱা হয়, বিশেষ গুড়ি পতাকা প্ৰদৰ্শিত কৰা হয় ইয়াৰ লগতে শোভাযাত্ৰা নৃত্য-গীত আৰু প্ৰীতিভোজৰ আয়োজন কৰা হয়।[1][2]

গুড়ি পড়ৱা
গুড়ি পড়ৱা
গুড়ি পড়ৱা নৱবৰ্ষ উপলক্ষে মহাৰাষ্ট্ৰত আয়োজিত শোভাযাত্ৰা
অন্য নাম মাৰাঠী নৱবৰ্ষ
পালন কৰে মাৰাঠী আৰু কংকনী হিন্দু ধৰ্মাৱলম্বী সকল
প্ৰকাৰ ধৰ্মীয়, সাংস্কৃতিক, সামাজিক
আৰম্ভ হয় চৈত্ৰ মাহৰ শুক্ল প্ৰতিপদ
তাৰিখ মাৰ্চ / এপ্ৰিল
উদযাপন এদিন
সম্পৰ্কিত মেষ সংক্ৰান্তি, উগাদি, আৰু অন্যান্য আঞ্চলিক হিন্দু নৱবৰ্ষ
সংঘটন বাৰ্ষিক

এইদিনা তেলেগু আৰু কানাড়া হিন্দু সকলে উগাদি পালন কৰে। ইয়াৰ লগতে কিছুমান অঞ্চলত এইদিনা বেলেগ বেলেগ নামেৰে নৱবৰ্ষ পালন কৰে। সিন্ধী সম্প্ৰদায়ৰ লোকসকলে এইদিনা চেটি চান্দ হিচাপে ভগৱান ঝুলেলালৰ আৱিৰ্ভাৱ তিথি পালন কৰে। চেতি চান্দত ঝুলেলালৰ পূজা-অৰ্চনা কৰা হয় আৰু টেহৰী (মিঠা ভাত) আৰু শাই ভাজা (দাইলত দিয়া পালেং শাক) প্ৰস্তুত কৰা হয়।

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃষ্ঠা. 150. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC. 
  2. Gudi Padwa, Government of Maharashtra (2016)