ড॰ গুণীন্দ্ৰ নাথ দত্ত আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথম সোণৰ পদক অধিকাৰী আৰু বেলজিয়াম চৰকাৰৰ বৃত্তি লাভ কৰোঁতা প্ৰথম অসমীয়া পশু চিকিৎসা বিজ্ঞানৰ গৱেষক। তেখেতৰ জন্ম অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ভগামুখ গাঁৱত। ১৯৪৮ চনৰ ২৬ জুলাইত জন্মগ্ৰহণ কৰা দত্তৰ পিতৃ মাতৃ ক্ৰমে কেশৱ চন্দ্ৰ দত্ত আৰু পদ্মাৱতী দত্ত।

গুণীন্দ্ৰ নাথ দত্ত
জন্ম ২৬ জুলাই, ১৯৪৮
ভগামুখ, লখিমপুৰ জিলা, অসম
মৃত্যু ৩০ জুলাই, ২০০১
গুৱাহাটী
পেচা পশু চিকিংসা বিজ্ঞানী
পিতৃ-মাতৃ কেশৱ চন্দ্ৰ দত্ত
পদ্মাৱতী দত্ত

শিক্ষা সম্পাদনা কৰক

১৯৫৭ চনত ড॰ দত্তই অবিভক্ত লখিমপুৰ জিলাৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষা পাছ কৰিছিল। ১৯৭২ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্বৰ্ণপদকসহ বি ভি এছ চি এণ্ড এ এইচ পৰীক্ষাত প্ৰথম শ্ৰেণী লাভ কৰিছিল। ১৯৭৫ চনত জব্বলপুৰৰ জৱাহৰলাল নেহৰু কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি এম ভি এছ চি এণ্ড এ এইচ ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া। ১৯৮৩ চনত বেলজিয়াম দেশৰ বিখ্যাত গেণ্ট বিশ্ববিদ্যালয়ৰ পৰা বেক্টেৰীয়াৰ এণ্টিবায়টিক প্ৰতিৰোধ ক্ষমতাৰ ওপৰত কৰা গৱেষণাৰ বাবে বিশেষ সুখ্যাতিৰে পশু বিজ্ঞান আৰু চিকিৎসাৰ ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু এটা নতুন বেক্টেৰীয়াৰ আৱিষ্কাৰেৰে গ্ৰেট ডিষ্টিংচন লাভ কৰা প্ৰথম অনা বেলজিয়ান হিচাপে পৰিগণিত হয়।

কৰ্মৰাজি আৰু সন্মান সম্পাদনা কৰক

ড॰ দত্তদেৱৰ প্ৰায় ৭৬খন গৱেষণা পত্ৰ আৰু লগতে ১৫০টা গধুৰ প্ৰবন্ধ বাতৰি কাকত আৰু বিভিন্ন আলোচনীত প্ৰকাশ হৈছিল। তেখেতৰ গৱেষণা পত্ৰবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, জাপান, ফ্ৰান্স, ইংলেণ্ড, নেডাৰলেণ্ড, বেলজিয়াম আদি দেশৰ উচ্চমানৰ বিজ্ঞান পত্ৰিকাৰ উপৰিও আমাৰ দেশৰ Indian Journal of Animal Sciences, Indian Journal of Medical Research আদি আলোচনীত প্ৰকাশ হৈছিল। এনে বৈশিষ্ট্যপূৰ্ণ গৱেষণা পত্ৰবোৰৰ বাবে তেখেত আন্তৰাষ্ট্ৰীয় স্তৰত নামৰ বিজ্ঞান পত্ৰিকাখনে মান নিৰ্ণয় কৰা উচ্চ যুক্ত গৱেষণা পত্ৰৰ লেখক হৈছিল। ড॰ দত্ত হৈছে একমাত্ৰ ভাৰতীয় পশু চিকিৎসা বিজ্ঞানী যাকজন স্বাস্থ্যৰ সৈতে জড়িত অনেক গৱেষণা কৰাৰ স্বীকৃতি হিচাপে লণ্ডনৰ Royal Society of Health এ Fellowship দি সন্মানিত কৰিছিল। তেখেতক লণ্ডনৰে Institute of Biology য়ে Chartered Biologist হিচাপেও সন্মানিত কৰিছিল। লণ্ডনৰ জীৱ বিজ্ঞান প্ৰতিষ্ঠানৰ তেখেত আছিল কৰ্পৰেট মেম্বাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্ড অৱ ৰিচাৰ্চ এডভাউজৰী সমিতিৰ তেখেত আছিল অবৈতনিক সদস্য। ইয়াৰ উপৰিও তেখেত কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু অসম লোকসেৱা আয়োগৰ সদস্য। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীৰ নিযুক্তি পৰিষদৰ বিশেষজ্ঞ আছিল। ড॰ দত্তদেৱৰ সোঁৱৰণত ভাৰতীয় পশু চিকিৎসা ঔষধ বিজ্ঞান সংস্থাই সৰ্বভাৰতীয় পৰ্যায়ত ২০০৩ চনৰ পৰা প্ৰতিবছৰে 'Dr Gunindra Nath Dutta Memorial Gold Medal for Lifetime Achievement in Veterniary Medicine Research' প্ৰদান কৰি আহিছে।

পৰিয়াল সম্পাদনা কৰক

ড॰ গুণীন্দ্ৰ নাথ দত্তদেৱৰ পত্নী ড॰ জ্যোতি দত্ত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ঔষধ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা। তেওঁলোক দুজন দুগৰাকী কন্যা সন্তানৰ পিতৃ মাতৃ।

প্ৰকাশিত গ্ৰন্থ সম্পাদনা কৰক

  • Hand book of animal husbandry sciences, 1993. Kalyani Publishers, Ludhiana, New Delhi, Noida, Hyderabad, Chennai, Kolkata, Cuttack (Revised, 1997)
  • Care and management of Dairy cattle and buffaloes, 1994. Kalyani Publishers, Ludhiana, New Delhi, Noida, Hyderabad, Chennai, Kolkata, Cuttack (Reprinted, 1997)
  • A handbook for the veterinarians, 1995. Kalyani Publishers, Ludhiana, New Delhi, Noida, Hyderabad, Chennai, Kolkata, Cuttack
  • A manual for the practicals of preventive veterinary medicine, 1998. Department of Veterinary Epidemiology and Preventive medicine, Assam Agricultural University, Khanapara

মৃত্যু সম্পাদনা কৰক

ড॰ দত্তৰ মৃত্যু ২০০১ চনৰ ৩০ জুলাইত, গুৱাহাটীত।

ড॰ গুণীন্দ্ৰ নাথ দত্ত স্মাৰক ন্যাস সম্পাদনা কৰক

ড॰ দত্তৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে তেখেতৰ পৰিয়াল, ভগামুখৰ অসমী যুৱক সংঘ আৰু শুভাকাংক্ষীসকলে মিলি ড॰ গুণীন্দ্ৰ নাথ দত্ত স্মাৰক ন্যাস গঠন কৰিছে। এই ন্যাসৰ জৰিয়তে ২০০৩ চনৰ পৰাই ঢকুৱাখনা মহকুমাৰ প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ সহ উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীক নগদ ধনৰ টোপোলা এটাৰে পুৰস্কাৰ প্ৰদান কৰা হৈছে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  • সোণসেৰীয়া সোঁৱৰণী - বিভিন্ননৰ দৃষ্টিত ড॰ গুণীন্দ্ৰ নাথ দত্ত, সম্পাদনা- অমিয় কুমাৰ সন্দিকৈ, প্ৰকাশক- অসমী যুৱক সংঘ, ভগামুখ গাঁও, ঢকুৱাখনা, প্ৰথম প্ৰকাশ- জানুৱাৰী, ২০০২ চন, মুদ্ৰক- চিত্ৰবন প্ৰিণ্টাৰ্ছ, ৰাধাগোবিন্দ বৰুৱা পথ, গুৱাহাটী-৩
  • প্ৰবন্ধৰ শিৰোনাম- ড॰ গুণীন্দ্ৰ নাথ দত্তৰ সোঁৱৰণত, কিতাপৰ নাম -চাৰিকড়ীয়াৰ পাৰে পাৰে : সভ্যতা-সংস্কৃতিৰ বিৱৰ্তন, লিখক- ড॰ জিতৰাম কলিতা, প্ৰথম প্ৰকাশ- ছেপ্টেম্বৰ, ২০০৬ খ্ৰীষ্টাব্দ