গৌতম বৰা

ভাৰতীয় চলচ্চিত্ৰ পৰিচালক

গৌতম বৰা (ইংৰাজী: Gautam Bora) এগৰাকী চলচ্চিত্ৰ পৰিচালক। ১৯৭৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৯৮৩ চনত জাৰ্মানীৰ পটচডাম, বাবেলবাৰ্গৰ কনৰাড ৱ’ল্ফ ইঞ্চটিটিউটৰ পৰা তেওঁ চলচ্চিত্ৰ আৰু টেলিভিচন পৰিচালনা সম্পৰ্কীয় ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনত ‘উইভাৰচ্ অৱ গোল্ডেন খ্ৰে়ড’ তথ্যচিত্ৰখনৰ পৰিচালনাৰে তেওঁ চলচ্চিত্ৰ জগতত ভৰি দিয়ে। তথ্যচিত্ৰখন জাৰ্মানীৰ ২৯তম লাইপজিগ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। তাৰপিছত প্ৰথম ৰাগিনীৰ (১৯৮৭) সহযোগী পৰিচালক আৰু অগ্নিস্নানৰ (১৯৮৫) সহকাৰী পৰিচালক ৰূপে কাম কৰে। প্ৰথম ৰাগিনীৰ তেওঁ যুটীয়াভাবে চিত্ৰনাট্যও ৰচনা কৰিছিল।[1][2]

গৌতম বৰা

গৌতম বৰা, ১৯৯০
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
পেচা চলচ্চিত্ৰ পৰিচালক
উল্লেখযোগ্য কৰ্ম ৱশ্ব'বিপো

ৱশ্ব'বিপো (১৯৯০) তেওঁ পৰিচালনা কৰা প্ৰথম পূৰ্ণাঙ্গ কাহিনীচিত্ৰ। কাৰ্বিআংলং জিলা পৰিষদে প্ৰযোজনা কৰা এই ছবিখন কাৰ্বি ভাষাৰ প্ৰথম চলচ্চিত্ৰ। ৱশ্ব’বিপোই ‘পৰিচালকৰ প্ৰথম ছবি’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত হয়।[1][2]

এন আনএণ্ডিং একপেনচ্ (An Unending Expense), চনচ অফ আব’টানি- দ্য মিচিং (Sons of Abotani-The Missing), ওল্ড মেন ৰিভাৰ (Old Man River) আদি গৌতম বৰা নিৰ্মিত কেইখনমান তথ্যচিত্ৰ।[3] ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘চনচ অফ আব’টানি- দ্য মিচিঙে’ ১৯৯১ৰ শ্ৰেষ্ঠ অনা-কাহিনী চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[4]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "37th National Films Award Catalogue". Directorate of Film Festivals, Govt. of India. পৃষ্ঠাসমূহ: 16. http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 9 November 2020. 
  2. 2.0 2.1 "Indian Panorama 1990". Directorate of Film Festivals, Govt. of India. পৃষ্ঠাসমূহ: 145. http://dff.nic.in/Archive.aspx?ID=10। আহৰণ কৰা হৈছে: 9 November 2020. 
  3. City Correspondent. "115 films from 25 countries for 3-day extravaganza". The Assam Tribune. পৃষ্ঠাসমূহ: 23-1-2019. Archived from the original on 9 November 2020. https://web.archive.org/web/20201109180215/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan2319/city053। আহৰণ কৰা হৈছে: 9 November 2020. 
  4. [dff.nic.in/Archive.aspx?ID=6 "39th National Films Award Catalogue"]. Directorate of Film Festivals, Govt. of India. পৃষ্ঠাসমূহ: 82. dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 9 November 2020.