গ্ৰহণ (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (২০১৪)

গ্ৰহণ (ইংৰাজী: Grahan) হৈছে ২০১৪ চনৰ ২৭ জুনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি এম চি মেডিয়া প্ৰডাক্‌চনৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰে এম চৌধুৰীয়ে আৰু পৰিচালনা কৰে তিলক শৰ্মাই। বিলকিচ মজুমদাৰৰ কাহিনীৰে নিৰ্মিত বোলছবিখনত অভিনয় কৰে দিগন্ত হাজৰিকা, ফাৰহিন চৌধুৰী আদিয়ে।[1]

গ্ৰহণ

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক তিলক শৰ্মা
চিত্ৰনাট্য লিজা পেগু
কাহিনী বিলকিচ মজুমদাৰ
প্ৰযোজক এম চৌধুৰী
(বি এম চি মেডিয়া প্ৰডাক্‌চন)
অভিনয়ত দিগন্ত হাজৰিকা
ফাৰহিন চৌধুৰী
বাবি বৰুৱা
চিত্ৰগ্ৰহণকাৰী ৰাজীৱ শইকীয়া
সম্পাদনা ৰাজীৱ শইকীয়া
সংগীত পৰিচালক ৰিদিপ দাস
দেশ  ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

বোলছবিখনৰ কাহিনী ৰোমাণ্টিক। প্ৰেম, বন্ধুত্বৰ দৰে সম্বন্ধত ভুল বুজাবুজিয়ে কেনেদৰে মন-মগজুত প্ৰতিশোধমুখী ভাবধাৰা আৰু অপৰাধৰ বীজ সিঁচি দি মানুহৰ জীৱনলৈ অন্ধকাৰ আনিব পাৰে তাৰ আধাৰতে বোলছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।[1]

অভিনয়ত সম্পাদনা কৰক

  • দিগন্ত হাজৰিকা
  • ফাৰহিন চৌধুৰী
  • বাবি বৰুৱা
  • পংকজ পূজাৰী
  • প্ৰিয়াংক কাকতি
  • নীল দাস (আইটেম ছং)
  • পাৰবিন চুলতানা (আইটেম ছং)[1]

কলা-কুশলী সম্পাদনা কৰক

  • পৰিচালক - তিলক শৰ্মা
  • প্ৰযোজক - এম চৌধুৰী
  • সহ প্ৰযোজক - ৰিদিপ দাস
  • কাহিনী - বিলকিচ মজুমদাৰ
  • চিত্ৰনাট্য/সংলাপ - লিজা পেগু
  • সংগীত পৰিচালক - ৰিদিপ দাস
  • চিত্ৰগ্ৰহণকাৰী/সম্পাদনা - ৰাজীৱ শইকীয়া
  • নৃত্য নিৰ্দেশনা - মিতুপৰ্ণ চক্ৰৱৰ্তী[1]

সংগীত সম্পাদনা কৰক

চলচ্চিত্ৰখনৰ সংগীত পৰিচালক ৰিদিপ দাস। গীতৰ কথা হীৰেন ভট্টাচাৰ্য (গীত- ফুলে শেৱালি), ৰিদিপ দাস আৰু সুবিল বাৰ্গৰ। ছাউণ্ড মিক্সিং দিগন্ত বৰদলৈৰ। গীতসমূহত কণ্ঠদান কৰিছে মহালক্ষ্মী আয়াৰ, ৰিদিপ দাস আৰু পলী শইকীয়াই।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক