চম্পাৱতী (ইংৰাজী: Champawati Waterfall) বা চাপানালা জলপ্ৰপাত হৈছে অসমনগাঁও জিলাৰ চাপানালা নামৰ গাঁৱত অৱস্থিত এটা বিখ্যাত জলপ্ৰপাত আৰু পৰ্যটনস্থলী৷ জলপ্ৰপাতটোৰ লগতে ইয়াৰ চৌপাশে থকা চাহ-বাগান আৰু তাত ভ্ৰমণ কৰিবলৈ অহা পক্ষী পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ৷ জলপ্ৰপাতটিৰ তিনিটা কুণ্ড আছে৷ [1]নগাঁও চহৰৰ পৰা জলপ্ৰপাতটিলৈ যাবলৈ প্ৰায় এক ঘণ্টা সময়ৰ প্ৰয়োজন হয়৷ [2]

চম্পাৱতী জলপ্ৰপাত

চম্পাৱতী জলপ্ৰপাত
চম্পাৱতী জলপ্ৰপাত is located in Assam
চম্পাৱতী জলপ্ৰপাত
অসমত স্থান
ভূ-স্থানাংক 26°19′13″N 92°54′4″E / 26.32028°N 92.90111°E / 26.32028; 92.90111
নাম
অন্য নাম চাপানালা
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা নগাঁও

লোককাহিনী সম্পাদনা কৰক

প্ৰবাদ মতে, হংসধ্বজ নামৰ ৰজা এজনৰ কন্যা চম্পাৱতীয়ে জলপ্ৰপাতটোৰ তলৰ কুণ্ডত মাঘী সপ্তমীৰ দিনা স্নান কৰিছিল৷ সেই কুঁৱৰীৰ নামৰ পৰাই জলপ্ৰপাতটিৰ নাম চম্পাৱতী হয়৷ মাঘী সপ্তমীৰ দিনা এই কুণ্ডত স্নান কৰিলে পূন্যত্ব অৰ্জন হোৱাৰ লগতে বেমাৰ-ব্যাধিও নিৰ্মূল হয় বুলি লোকবিশ্বাস আছে৷ [1]

[3]চম্পাৱতী জলপ্ৰপাতৰ সৃষ্টি সম্পৰ্কে মুখ বাগৰি অহা কেইবাটাও কিংবদন্তিমূলক কাহিনী আছে৷ তাৰে এটা কাহিনী অনুসৰি মহাকাব্য মহাভাৰতত বৰ্ণিত হংসধ্বজ ৰজাই চাপানলা অঞ্চলতে ৰাজত্ব কৰিছিল৷ তেওঁৰে চম্পাৱতী নামে এগৰাকী অপূৰ্বসুন্দৰী ৰাজকুঁৱৰী আছিল৷ ৰাজকুঁৱৰীৰ অপৰূপ সৌন্দৰ্যত মোহিত হৈ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ তেওঁৰ প্ৰেমত পৰিছিল৷ কিন্তু সেই প্ৰেমে পোৱাৰ আগতেই ব্ৰহ্মপুত্ৰতকৈ যথেষ্ট শক্তিশালী যশোদানন্দন শ্ৰীকৃষ্ণও চম্পাৱতীৰ ৰূপত মুগ্ধ হৈ তেওঁক বিয়া কৰাব বিচাৰিলে৷ কিন্তু চম্পাৱতীৰ মনৰ মানুহজন আছিল ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰক নিজৰ কৰি নোপোৱাৰ দুখত চম্পাৱতী শিললৈ ৰূপান্তৰিত হৈ পৰিল৷ শিলাৰূপী চম্পাৱতীয়েই এই চম্পাৱতী জলপ্ৰপাত বুলি জনসমাজত এক বিশ্বাস প্ৰচলিত হৈ আছে৷ কথিত আছে যে চম্পাৱতী ব্ৰহ্মপুত্ৰ নদীৰ নিবিড় প্ৰেম এদিন হ’লেও সাৰ্থক হ’ব। আৰু সেইদিনাই সম্পূৰ্ণ নগাওঁ চহৰ ব্ৰহ্মপুত্ৰত বিলীন হ’ব। অৰ্থাৎ নগাওঁ চন গাওঁ হ’ব। লোকবিশ্বাস অনুসৰি চম্পাৱতী ব্ৰহ্মপুত্ৰৰ বিবাহৰ বাবে চামগুৰি বিলত গহনা, হালধিআটিত হালধি, দৰা-কইনাৰ মূৰত দিবৰ বাবে তেলীয়া জলাহৰ তেলকে আদি কৰি বিভিন্ন বস্তু সাজু হৈ আছে।

সংক্ষিপ্ত বিৱৰণ সম্পাদনা কৰক

চাপানালৰ উত্তৰ-পূব দিশত থকা কাৰ্বি আংলং পাহাৰৰ পৰা এই জলপ্ৰপাতটি বৈ আহিছে৷ জলপ্ৰপাতটিৰ তিনিটা কুণ্ডৰ একেবাৰে ওপৰত থকা কুণ্ডটো সমতলৰ পৰা প্ৰায় ২২৮ মিটাৰ উচ্চতাত অৱস্থিত৷ তাৰ পৰা প্ৰায় ৭ মিটাৰ সমতলেৰে বৈ আহি দ্বিতীয়টো কুণ্ডৰ সৃষ্টি হৈছে৷ তৃতীয়টো কুণ্ড ইয়াৰ পৰা প্ৰায় ৭৫ মিটাৰ তলত অৱস্থিত৷ [1]

যাতায়াত সম্পাদনা কৰক

নগাঁও জিলাৰ সদৰৰ পৰা চাপানালাৰ দূৰত্ব হৈছে প্ৰায় ২৫ কিলোমিটাৰ৷ অসমৰ ৰাজধানী দিছপুৰৰ পৰা ইয়াৰ দূৰত্ব হৈছে প্ৰায় ১৩৭ কিলোমিটাৰ৷ সাধাৰণতে পৰ্যটকসকলক নিজৰ ব্যক্তিগত বাহনেৰে চাপানাললৈ যাবলৈ পৰামৰ্শ দিয়া হয়৷ [2]

এই স্থানত উপস্থিত হ’বলৈ যদিও কেইবাটাও পথ আছে, প্ৰধানকৈ ব্যৱহৃত হয় দুটা পথ- এটা হৈছে কঠীয়াতলী-বঢ়মপুৰ-বামুনী হৈ আৰু আনটো হৈছে পুৰণিগুদাম গড়মূৰৰ পৰা চলচলি বালিজুৰি হৈ চাপানলা যোৱা পথটো। নগাঁও চহৰৰ পৰা ২২-২৩ কিল’মিটাৰ আঁতৰত বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চামগুৰি ৷ তাৰ উত্তৰ-পূব দিশত কাৰ্বি আংলঙৰ পাহাৰবোৰ, তাৰ পৰাই ওলাই আহিছে চম্পাৱতীৰ জলধাৰা৷ নগাওঁ টাউনৰ পৰা চম্পাৱতী জলপ্ৰপাত পাবলৈ গাড়ী বা মটৰ চাইকেলত সময় লাগে প্ৰায় ১ ঘন্টা।

আকৰ্ষণ সম্পাদনা কৰক

জলপ্ৰপাতৰ চৌপাশৰ পৰিৱেশ সৌন্দৰ্যময়৷ ইয়াৰ আশে-পাশে চাহবাগান আছে৷ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী বা থলুৱা চৰাই চাপানালত দেখিবলৈ পোৱা যায়৷ চাপানালত দেওবাৰে বহা সাপ্তাহিক বজাৰখনত প্ৰায়েই থলুৱাভাৱে উৎপাদিত সা-সামগ্ৰী বিক্ৰী কৰা হয়৷ পৰ্যটকসকলক এই বজাৰখনেও আকৰ্ষণ কৰে৷ [2]

চম্পাৱতী জলপ্ৰপাতৰ আশে-পাশে বহুটো ৰজাদিনীয়া স্মৃতিচিহ্ন সিঁচৰতি হৈ আছে ৷ চাপানলাৰ পৰা ২ কিল’মিটাৰ নিলগৰ জীয়াজুৰি চাহ বাগিচাত মূৰ্তি খোদিত শিলেৰে তৈয়াৰী এখন তোৰণ দেখা যায়। জীয়াজুৰিৰে শনিবৰীয়া বজাৰৰ কাষত দেখা যায় ৰজাদিনীয়া পুৰনি পুখুৰী।ৰজা হংসধ্বজে সত্য ৰক্ষা কৰিবৰ নিমিত্তে নিজ পুত্ৰদ্বয় সুৰথ আৰু সুধম্বাক সেই পুখুৰীতে গৰম তেলত ডুবাই মাৰিছিল হেনো৷ ৰজাৰ পুখুৰীৰ লোৰ শিকলি, কন্দলী পাহাৰৰ বাদুলী খোৰোং, চাপানলাৰ কাষৰ উদমাৰীত ষাঁড়সদৃশ শিল, তাৰ পৰা কিছু দূৰৈত বুঢ়ী-বুঢ়ী থান, লুংচুঙৰ হদ্‌হদী জলপ্ৰপাত, পেৰেডাইজ লেক (Blue Lake) আদিও যথেষ্টখিনি পৌৰাণিক কীৰ্তিচিহ্ন তথা ঐতিহাসিক সমলেৰে ভৰি আছে।

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 বৰুৱা, শান্তনু কৌশিক (ছেপ্টেম্বৰ, ২০২০). ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন, ভৱন আদি. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৪৭১. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮. 
  2. 2.0 2.1 2.2 "Champawati Waterfall". Government of Assam, Nagaon District. Archived from the original on 3 August 2020. https://web.archive.org/web/20200803173531/https://nagaon.gov.in/frontimpotentdata/champawati-waterfall। আহৰণ কৰা হৈছে: 14 October 2020. 
  3. "Chapawati Jalaprapat". 1 April 2023. https://www.estudyassam.com/%e0%a6%9a%e0%a6%ae%e0%a7%8d%e0%a6%aa%e0%a6%be%e0%a7%b1%e0%a6%a4%e0%a7%80-%e0%a6%9c%e0%a6%b2%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%aa%e0%a6%be%e0%a6%a4/। আহৰণ কৰা হৈছে: 21 April 2024.