চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ)

চন্দ্ৰ মুদৈ পৰিচালিত অসমীয়া চলচ্চিত্ৰ

চুৰেণ চোৰৰ পুতেক হৈছে ২০০৫ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বোলছবিখন পৰিচালনা কৰে চন্দ্ৰ মুদৈয়ে আৰু নাম ভূমিকাত অভিনয় কৰে যতীন বৰাই।[1][2] আন মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰস্তুতি পৰাশৰ আৰু নিশিতা গোস্বামীয়ে। অসমৰ যাদুশিল্প আৰু যাদুকৰসকলক কাহিনীৰ বিষয়বস্তু হিচাপে নিৰ্মিত এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ।[2] সংগীত পৰিচালনা ডা. হিতেশ বৰুৱাৰ।

চুৰেণ চোৰৰ পুতেক
পৰিচালক চন্দ্ৰ মুদৈ
প্ৰযোজক প্ৰাঞ্জল কুমাৰ ভৰালী
অভিনয়ত যতীন বৰা
প্ৰস্তুতি পৰাশৰ
নিশিতা গোস্বামী
চেতনা দাস
সংগীত পৰিচালক ডা. হিতেশ বৰুৱা
পৰিবেশক গাৰ্গী এণ্টাৰটেইনমেণ্ট কো. প্ৰাইভেট লিমিটেড
মুক্তি
১০ এপ্ৰিল ২০০৫
দেশ ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

কাহিনীৰ মুখ্য চৰিত্ৰ চনি (যতীন বৰা)। তেওঁ চুৰেন নামৰ এজন চোৰৰ পুত্ৰ। কাহিনীৰ পাকচক্ৰত পৰি তেওঁ সাফল্য আৰু সন্মান লাভ কৰিবলৈ যাদুবিদ্যাৰ শিক্ষা লয়।[1]

অভিনয়ত সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

চুৰেণ চোৰৰ পুতেক
বোলছবি
মুক্তি ২০০৫
শৈলী/ধৰণ বোলছবি সংগীত
লেবেল Hitesh Baruah Music
প্ৰযোজক প্ৰাঞ্জল কুমাৰ ভৰালী
ডা. হিতেশ বৰুৱা কালক্ৰম
'চুৰেণ চোৰৰ পুতেক' (২০০৫) 'জোনদা ইমান গুণ্ডা' (২০০৭)

ডা. হিতেশ বৰুৱাই চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে।

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "শনি ৰাম"  দ্বীপেন বৰুৱা  
2. "এই যাদুৰ নিশা"  জুবিন গাৰ্গ  
3. "কাণে কাণে"  কল্লোল বৰঠাকুৰ, বিৰিণা পাঠক  
4. "প্ৰেম কিনো জানানে"  কল্লোল বৰঠাকুৰ, চেতনা দাস  
5. "ৰিব ৰিবকৈ"  তৰালী শৰ্মা  

পুৰস্কাৰ সম্পাদনা কৰক

  • কৌতুক চৰিত্ৰৰ শ্ৰেষ্ঠ অভিনেতা, জ্যোতিৰূপা জইণ্ট মিডিয়া এৱাৰ্ড ফৰ এক্সচেলেঞ্চ ইন ফিল্ম টেলিভচন এণ্ড মিউজিক - যতীন বৰা

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Staff reporter (November 2, 2005). "Masala and magic end drought of hits". The Telegraph. http://www.telegraphindia.com/1051102/asp/guwahati/story_5426564.asp। আহৰণ কৰা হৈছে: 28 January 2010. 
  2. 2.0 2.1 "Churen Choror Putek releasing on Aug 26:". Archived from the original on 5 March 2016. https://web.archive.org/web/20160305052611/http://vedanti.com/news/backup/backup/cultural%20news/cultural%20news1.doc। আহৰণ কৰা হৈছে: 28 January 2010. 

বাহ্যিক সংযোগ সম্পাদনা কৰক