চেমিনলেন দংগেল ইংৰাজী: Seminlen Doungel (জন্ম- ৩ জানুৱাৰী) এজন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান আই-লীগশ্বিলং লাজং দলত আৰু ইণ্ডিয়ান চুপাৰ লীগনৰ্থ ইষ্ট ইউনাইটেড দলত ফৰৱাৰ্ড স্থানত খেলে।

চেমিনলেন দংগেল
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামচেমিনলেন দংগেল[1]
জন্ম৩ জানুৱাৰী, ১৯৯৪ (২৯ বছৰ)
জন্মস্থানমণিপুৰ, ভাৰত[2]
খেলা স্থানফৰৱাৰ্ড
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবনৰ্থ ইষ্ট ইউনাইটেড
শ্বিলং লাজং
যুৱ কেৰিয়াৰ
জে চি টি
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০১১-১৪ইষ্ট বেংগল২১(৪)
২০১৩পাইলান এৰ'জ (ঋণ)১১(২)
২০১৪–শ্বিলং লাজং(০)
২০১৪–নৰ্থ ইষ্ট ইউনাইটেড(১)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ ২ ডিচেম্বৰ ২০১৪।

কেৰিয়াৰসম্পাদনা কৰক

ইষ্ট বেংগলসম্পাদনা কৰক

মণিপুৰত জন্ম গ্ৰহণ কৰা দংগেলে জে চি টি যুৱ দলত নিজৰ কেৰিয়াৰৰ পাতনি মেলে। ২০১১ চনত তেওঁ আই-লীগৰ দল ইষ্ট বেংগলত যোগদান কৰে।[3] প্ৰথম ছিজনত দংগেলে মাত্ৰ কেইখনমান খেলতহে অৱতীৰ্ণ হয় যদিও ২০১২ চনৰ ৯ মে'ত এ এফ চি কাপকাজমা স্প'ৰ্টিং ক্লাবৰ বিৰুদ্ধে নিজৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত অৱতীৰ্ণ হয়। তেওঁ প্ৰথমৰপৰা ৭২ মিনিট সময় খেলপথাৰত থাকে। খেলখনত ইষ্ট বেংগল ১-২ গ'লত পৰাস্ত হয়।[4]

পাইলান এৰ'জ (ঋণ)সম্পাদনা কৰক

২০১৩ চনৰ ১১ জানুৱাৰী তাৰিখে ২০১২-১৩ ছিজনৰ বাকী খেলকেইখনৰ বাবে দংগেল আই-লীগৰ আন এটা দল পাইলান এৰ'জৰ লগত ঋণত চুক্তিবদ্ধ হয়। ১২ জানুৱাৰীৰ দিনা তেওঁ নতুন দলৰ হৈ এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। তেওঁ প্ৰথমৰপৰা ৮৮ মিনিট সময় খেলপথাৰত থাকে আৰু খেলখন ১-১ গ'লত ড্ৰ হয়।[5] সেই বছৰৰ ২৪ মাৰ্চ তাৰিখে মোহন বাগানৰ বিৰুদ্ধে খেলৰ ৪৯ মিনিটত তেওঁ নিজৰ পেছাদাৰী কেৰিয়াৰৰ প্ৰথমটো গ'ল দিয়ে। অৱশ্যে দলটো মোহন বাগানৰ হাতত ২-৩ গ'লত পৰাস্ত হয়।[6]

সেই বছৰৰে ২০ এপ্ৰিল তাৰিখে ছালগাওকাৰৰ বিৰুদ্ধে খেলৰ ৩৬ মিনিটত নিজৰ দ্বিতীয়টো গ'ল দিয়ে। পাইলান এৰ'জ খেলখনত ১-২ গ'লত পৰাস্ত হয়।[7]

পুনৰ ইষ্ট বেংগললৈসম্পাদনা কৰক

২০১৩-১৪ বৰ্ষৰ আই-লীগৰ কাৰণে দংগেল ইষ্ট বেংগল দললৈ পুনৰ ঘূৰি আহে।[8] ঘূৰি অহি তেওঁ নিজৰ প্ৰথমখন খেল খেলে ২০১৩ চনৰ ১ নৱেম্বৰ তাৰিখে ছালগাওকাৰৰ বিৰুদ্ধে কল্যাণী ষ্টেডিয়ামত। খেলৰ ৭১তম মিনিটত পৰিৱৰ্তিত খেলুৱৈ হিচাপে খেলপথাৰত প্ৰৱেশ কৰি ৭৭তম মিনিটত এটা গ'ল দিবলৈ সক্ষম হয় যদিও ইষ্ট বেংগল ২-৩ গ'লত পৰাস্ত হয়।[9] ২০১৪ চনৰ ২৩ মাৰ্চ তাৰিখে ৰাংদাজীদ ইউনাইটেডৰ বিৰুদ্ধে খেলৰ ৫৩তম মিনিটত পৰিৱৰ্তিত খেলুৱৈ হিচাপে প্ৰৱেশ কৰি সেই ছিজনত তেওঁৰ দ্বিতীয়টো গ'ল দিয়ে আৰু ইষ্ট বেংগল ৩-১ গ'লত জয়ী হয়।[10]

দংগেলে ছিজনৰ শেষৰফালে দুখন খেলত দুটা গ'ল দি ইষ্ট বেংগলত নিজৰ কেৰিয়াৰ সামৰে। ১৯ এপ্ৰিল তাৰিখে পুণে দলৰ বিৰুদ্ধে খেলৰ ৭৫ মিনিটত গ'ল দি ইষ্ট বেংগলক ২-১ গ'লত জয়ী কৰায়।[11] ২৮ এপ্ৰিল তাৰিখে ইউনাইটেড দলৰ বিৰুদ্ধে ইষ্ট বেংগল ৩-০ গ'লত জয়ী হয় য'ত শেষৰটো গ'ল দিয়ে দংগেলে।[12]

শ্বিলং লাজংসম্পাদনা কৰক

২০১৩-১৪ ছিজনৰ আই-লীগৰ শেষত ২০১৪ চনৰ ৫ মে' তাৰিখে তেওঁ আই-লীগৰ আন এটা দল শ্বিলং লাজং দলৰ সৈতে চুক্তিবদ্ধ হয়।[3]

নৰ্থ ইষ্ট ইউনাইটেডসম্পাদনা কৰক

ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে তেওঁ ২০১৪ চনত জন আব্ৰাহম আৰু শ্বিলং লাজং এফ চিৰ মালিকানাধীন নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ লগত চুক্তিবদ্ধ হয়। ৮ নৱেম্বৰ তাৰিখে চেন্নায়িন দলৰ বিৰুদ্ধে ৩৮ মিনিটত তএওঁ আই এছ এলত নিজৰ প্ৰথমটো গ'ল দিয়ে। খেলখন ২-২ গ'লত অমীমাংসিত হৈ ৰয়।[13]

কেৰিয়াৰ পৰিসংখ্যাসম্পাদনা কৰক

২ ডিচেম্বৰ ২০১৪ অনুসৰি[1]
ক্লাব বৰ্ষ আই এছ এল আই-লীগ ফেডাৰেচন কাপ ডুৰাণ্ড কাপ এ এফ চি মুঠ
খেল গ'ল খেল গ'ল খেল গ'ল খেল গ'ল খেল গ'ল খেল গ'ল
নৰ্থ ইষ্ট ইউনাইটেড ২০১৪ - - - - - - - -
শ্বিলং লাজং ২০১৪-১৫ - -
ইষ্ট বেংগল ২০১৩-১৪ - - ১৭ ১৭
পাইলান এৰ'জ (ঋণ) ২০১২-১৩ - - ১১ ১১
ইষ্ট বেংগল ২০১১-১২ - -
সৰ্বমুঠ ৩২ ৪১

তথ্যসংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 সাঁচ:Soccerway
  2. "Seminlen Doungel". Goal.com. http://www.goal.com/en-india/people/india/73685/seminlen-doungel। আহৰণ কৰা হৈছে: 2 July 2014. 
  3. 3.0 3.1 "East Bengal Youngster Len Doungel Signs For Shillong Lajong". Feverpitch. http://www.feverpitch.in/news.php?newsid=2964&news=East-Bengal-Youngster-Len-Doungel-Signs-For-Shillong-Lajong। আহৰণ কৰা হৈছে: 2 July 2014. 
  4. "East Bengal vs. Kazma 1 – 2". Soccerway. http://us.soccerway.com/matches/2012/05/09/asia/afc-cup/east-bengal-club-fc/kazma/1232571/। আহৰণ কৰা হৈছে: 2 July 2014. 
  5. "Air India vs Pailan Arrows 1 – 1". Soccerway. http://us.soccerway.com/matches/2013/01/12/india/i-league/air-india/aiff-xi/1395206/। আহৰণ কৰা হৈছে: 2 July 2014. 
  6. "Arrows vs Mohun Bagan 2 – 3". Soccerway. http://us.soccerway.com/matches/2013/03/24/india/i-league/aiff-xi/mohun-bagan-ac/1395241/। আহৰণ কৰা হৈছে: 2 July 2014. 
  7. "Arrows vs Salgaocar 1 – 2". Soccerway. http://us.soccerway.com/matches/2013/04/20/india/i-league/aiff-xi/salgaocar-sports-club/1395271/। আহৰণ কৰা হৈছে: 2 July 2014. 
  8. Chaudhuri, Arunava. "East Bengal Club's squad for the 2013/14 season". Arunfoot. http://arunfoot.blogspot.com/2013/08/east-bengal-clubs-squad-for-201314.html। আহৰণ কৰা হৈছে: 2 July 2014. 
  9. "East Bengal vs Salgaocar 2 – 3". Soccerway. http://us.soccerway.com/matches/2013/11/01/india/i-league/east-bengal-club-fc/salgaocar-sports-club/1585326/। আহৰণ কৰা হৈছে: 2 July 2014. 
  10. "East Bengal vs Rangdajied United 3 – 1". Soccerway. http://us.soccerway.com/matches/2014/03/23/india/i-league/east-bengal-club-fc/arhima-club/1585426/। আহৰণ কৰা হৈছে: 2 July 2014. 
  11. "Pune vs East Bengal 1 – 2". Soccerway. http://us.soccerway.com/matches/2014/04/19/india/i-league/pune-fc/east-bengal-club-fc/1585448/। আহৰণ কৰা হৈছে: 2 July 2014. 
  12. "United vs East Bengal 0 – 3". Soccerway. http://us.soccerway.com/matches/2014/04/28/india/i-league/chirag-united-sc/east-bengal-club-fc/1585452/। আহৰণ কৰা হৈছে: 2 July 2014. 
  13. "NEUFC draws 2-2 with Chennaiyin FC". The Northeast Today. ৯ নৱেম্বৰ ২০১৪. http://www.tntmagazine.in/neufc-draws-2-2-with-chennaiyin-fc/। আহৰণ কৰা হৈছে: ২ ডিচেম্বৰ ২০১৪. 

বাহ্যিক সংযোগসম্পাদনা কৰক