জানমণি (২০১১ চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (২৯১১)

জানমণি হৈছে ২০১১ চনৰ ১৫ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত ছবিখনৰ পৰিচালনা ৰাজেশ ভূঞাৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে যতীন বৰা, শ্যামন্তিকা শৰ্মা, উৎপল দাস, মুনমী কলিতা, অৰুণ হাজৰিকা ইত্যাদি।[1]

জানমণি
'Jaanmoni'
জানমণিৰ এটি দৃশ্যত শ্যামন্তিকা
পৰিচালক ৰাজেশ ভূঞা
চিত্ৰনাট্য কৃষ্ণ ভূঞা
কাহিনী কৃষ্ণ ভূঞা
প্ৰযোজক দেৱ বৰকটকী
অভিনয়ত যতীন বৰা
শ্যামন্তিকা শৰ্মা
উৎপল দাস
অৰুণ হাজৰিকা
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সংগীত পৰিচালক দিগন্ত ভাৰতী, মৌচম গগৈ, বিমান বৰুৱা, বিপিন চাউদাং
প্ৰযোজনা
কোম্পানী
এন কে প্ৰডাকচন
মুক্তি
১৫ এপ্ৰিল, ২০১১
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

প্লট সম্পাদনা কৰক

ঢুলীয়া ডেকা ল’ৰা জান (যতীন বৰা) আৰু গাভৰু নাচনী ছোৱালী মণিৰ (শ্যামন্তিকা শৰ্মা) প্ৰেম কাহিনীৰ আধাৰত সৃষ্টি হৈছে জানমণি৷ জান আৰু মণিৰ মাজত প্ৰেম৷ মণিৰ ককায়েকে মণিক জানলৈ বিয়া নিদিয়ে৷ এনে সংঘাতক নেওচি মণিয়ে এদিন জানৰ ঘৰলৈ গুছি আহে৷ জান আৰু মণিৰ এনেদৰে বিয়া হৈ যায় আৰু কিছুদিন পাছত তেওঁলোকৰ সংসাৰত এজনী কন্যা সন্তানৰ জন্ম হয়৷ এদিন জানে ঢোল বজাবলৈ যাওঁতে কন্যা সন্তানটিৰ মৃত্যু হয়৷ এই ঘটনাৰ কাৰণে মণিৰ ককায়েকে জানক উদাসীন বুলি মণিক আকৌ নিজৰ ঘৰলৈ লৈ আহে৷ এনেদৰে বিচ্ছেদ ঘটিল জান আৰু মণিৰ মাজত৷ কিন্তু মণিৰ ভতীজাক (উৎপল দাস) জানৰ ভতীজিৰ মাজত প্ৰেম হোৱা কাৰণে জান আৰু মণিৰ পুনৰ মিলন হয়৷

অভিনয় শিল্পী সম্পাদনা কৰক

  • যতীন বৰা
  • শ্যামন্তিকা শৰ্মা
  • উৎপল দাস
  • মুনমী কলিতা
  • অৰুণ হাজৰিকা
  • মিণু বনিয়া
  • শ্ৰীমন্ত মাধৱ দত্ত
  • সৌৰভ হাজৰিকা
  • মিছ কল্পনা

সংগীত সম্পাদনা কৰক

জানমণি
বোলছবি
মুক্তি ২০১১
শৈলী/ধৰণ বোলছবি সংগীত
লেবেল এন. কে. প্ৰডাকচন
প্ৰযোজক দেৱ বৰকটকী


জানমণিৰ সংগীত পৰিচালনা দিগন্ত ভাৰতী, মৌচম গগৈ, বিমান বৰুৱা আৰু বিপিন চাউদাঙৰ। সংগীত ব্যৱস্থাপনা অৰূপ দত্ত আৰু বিমান বৰুৱাৰ।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "নীলা নীলা দুচকুতে"  দিগন্ত ভাৰতীজুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী ৪:১২
2. "কি যে কৰোঁ হায় !"  মৌচম গগৈজুবিন গাৰ্গ, চয়নিকা ভূঞা ৮:০৭
3. "কোমল কোমল"  বিপিন চাউদাংবাবু, প্ৰিয়ংকা ভৰালী ৫:০৯
4. "তামোল পাণ"  বিমান বৰুৱাজুবিন গাৰ্গ, সুবাসনা দত্ত, নিৰ্মালী দাস, চয়নিকা ভূঞা ৮:০৩
মুঠ দৈৰ্ঘ্য:
২৫:৩১

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Janmoni - The Movie". 10 July 2016. http://onlinesivasagar.com/movies/jaanmoni-assamese-movie.php। আহৰণ কৰা হৈছে: 22 September 2016.