জামুগুৰি হাট শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাট এখন সৰু চহৰ। জামুগুৰি হাটক নতুনকৈ চহৰ অঞ্চল বুলি পৰিকল্পনা কৰা হৈছে। এই অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে অৱস্থিত। অঞ্চলটো কলা-কৃষ্টিৰ দিশেৰে এটি চহকী অঞ্চল। মূলতঃ হিন্দু লোক প্ৰধান অঞ্চলটোৰ সৰ্বত্ৰ শান্তি বিৰাজমান। ২০০ বছৰ পুৰণি বাৰেচহৰীয়া ভাওনা মহোৎসৱ[1]ৰ বাবে জামুগুৰি হাট বিখ্যাত।

জামুগুৰিহাট
Jamuguri hat
—  নগৰ  —
Country  ভাৰত
ৰাজ্য অসম
জিলা শোণিতপুৰ জিলা
চৰকাৰ
 - প্ৰকাৰ নগৰ সমিতি
 - পৰিষদ জামুগুৰি হাট নগৰ সমিতি
মাটিকালি
 - মুঠ ২০ কি.মি. 
(৭.৭ বৰ্গ মাইল)
উচ্চতা ৭৩ মিটাৰ (২৩৯.৫০ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১৯,৭৪৩ জন
 - জনঘনত্ব ৯৮৭.২ প্ৰতি বৰ্গ কি.মি. 
(২,৫৫৬.৭ প্ৰতি বৰ্গ মাইল)
ভাষা
 - চৰকাৰী অসমীয়া ভাষা
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
জামুগুৰিহাটৰ শ্বহীদ সকলৰ স্মৃতিত তৈয়াৰ কৰা শ্বহীদ বেদী।

ভৌগোলিক অৱস্থানসম্পাদনা কৰক

বৃহৎ জামুগুৰি অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে গুৱাহাটী মহানগৰৰ পৰা ২৪৪কিলোমিটাৰ আৰু তেজপুৰ চহৰৰ পৰা ৪৫কিলোমিটাৰ দূৰৈত অৱস্থিত।[2]এই অঞ্চলটো উত্তৰে ২৬.৭৩° অক্ষাংশ আৰু পূৱে ৯২.৯৩° দ্ৰাঘিমাংশ। মূলতঃ চাহ আৰু ধান খেতিৰ ওপৰতেই এই চহৰৰ অৰ্থনৈতিক অৱস্থা নিৰ্ভৰশীল। ২০০১ চনৰ লোকপিয়ল অনুসৰি অঞ্চলটোৰ ১৯,৭৪৩ জনসংখ্যা মুঠ ৫২খন গাঁৱত বিভক্ত। অঞ্চলটোত মূলতঃ অসমীয়া, নেপালী, বঙালী, মুছলমান লোক সকলে সম্প্ৰীতিৰে বাস কৰে। সৰ্বমুঠ ৬০টা নামঘৰ আৰু মন্দিৰ এই অঞ্চলত আছে। মুঠ জনসংখ্যাৰ প্ৰায় ১৫% লোক চৰকাৰী চাকৰিয়াল,৩৫% লোকে ব্যৱসায়-বাণিজ্যৰ বিপৰীতে ৫০% লোক খেতি-বাতিৰ সৈতে জড়িত। কাণী দিকৰাই আৰু জিয়াভৰলী নৈৰ মাজৰ এই জামুগুৰিৰ উত্তৰ পাৰত ছিজোচা বনভোজ স্থলী আৰু দক্ষিণ পাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে।

জলবায়ুসম্পাদনা কৰক

গ্ৰীষ্মকালীন উষ্ণতাৰ বিপৰীতে শীতকালত ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈ নিশা উষ্ণতা যথেষ্ট নিম্নগামী হয়। পুৱাৰ ভাগত ডাঠ কুঁৱলী পৰে। সম্পূৰ্ণ বছৰটোত তাপমাত্ৰা ১৫°ৰ পৰা ২৩°ৰ ভিতৰত থাকে। অঞ্চলটোৰ জলবায়ু বিভিন্ন প্ৰকাৰৰ খেতিৰ বাবে উপযোগী

শিক্ষানুষ্ঠান সমূহসম্পাদনা কৰক

শিক্ষাৰ দিশেৰে জামুগুৰিহাট এখন উন্নত ঠাই। এই অঞ্চলটোত ২০০খন চৰকাৰী এল.পি স্কুল, ২০খন এম.ই স্কুল, ৮খন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় থকাৰ উপৰিও ৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এখন চৰকাৰী মহাবিদ্যালয়(ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়) আছে। বৃহত্তৰ ন-দুৱাৰ অঞ্চলৰ এইখনেই একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৬৩ চনতেই জামুগুৰিহাটৰ মূল কেন্দ্ৰৰ পৰা ৩ কিলোমিটাৰ দূৰৈত অৱস্থিত কুসুমটোলা অঞ্চলত তেতিয়াৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ(এতিয়া ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি নামকৰণ হ'ল)ৰ দাঁতিত প্ৰতিষ্ঠিত হয়[3]। আনহাতে ১৯২৫চনতেই প্ৰতিষ্ঠিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খনেই বৃহত্তৰ জামুগুৰি হাট অঞ্চলৰ প্ৰথমখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। বৰ্তমান কেইবাখনো ব্যক্তিগতখণ্ডৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু এখন জুনিয়ৰ কলেজ(কলা আৰু বাণিজ্য শাখা) প্ৰতিষ্ঠাপন হৈছে।

জামুগুৰি হাটৰ সংস্কৃতিসম্পাদনা কৰক

অসমীয়া সংস্কৃতিৰ উৰ্বৰ ক্ষেত্ৰ জামুগুৰি হাট বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ বাবে বিখ্যাত। [4] ইয়াৰোপৰি বৰপুখুৰী পাৰৰ মুকলি বিহু, কোঁচ গাঁৱৰ কালীয়দমন ভাওনা, পাতলৰ চুক গাঁৱৰ বোকা খেছা ভাওনা আদি অনুষ্ঠান বোৰৰ বাবেই জামুগুৰি সংস্কৃতিৰ দিশেৰে চহকী

বাৰেচহৰীয়া ভাওনা মহোৎসৱসম্পাদনা কৰক

 
বাৰেচহৰীয়া ভাওনা মহোৎসৱ

বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। এই ভাওনাই প্ৰায় ২১৩ বছৰ ধৰি এই অঞ্চলৰ ঐতিহ্য বহন কৰি আহিছে। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰি হাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে।

বাঘভেটা মহোৎসৱসম্পাদনা কৰক

বাঘভেটা জামুগুৰি হাটৰ এটি বিলুপ্ত ঐতিহ্য। জামুগুৰি হাট, অসমৰ শোণিতপুৰ জিলাৰ ঐতিহাসিক গুৰুত্বৰ এটি স্থান। বাঘভেটাৰ ঐতিহ্য লাহে লাহে হেৰাই গৈ এতিয়া লুপ্ত। এতিয়ালৈ আগৰ সেই বনো নাই। আনকি বাঘৰ সংখ্যাওঁ অবিশ্বাস্যভাবে কমি গ'ল। বৰ্তমান সময়ত বাঘৰ লগতে অন্যান্য বনৰীয়া জন্তুৰ বধ অবৈধ ঘোষণা হৈছে। পূৰ্ৱতে জামুগুৰি হাট ও অন্যান্য স্থানত জিয়া-ভৰলী নদীৰ পূবদিশে বাঘ ও অন্যান্য বন্য জন্তুৰ সন্ত্ৰাস লক্ষণীয় আছিল। এই অঞ্চলৰ মানুহৰ আৱাসস্থলৰ পৰা বাঘ বোৰ নোহোৱা কৰিবৰ বাবে জিয়া ভৰলী নদীৰ পূৰ্ব অংশৰ নাগৰিকসকল একত্ৰিত হৈছিল আনকি অতি শীঘ্ৰেই এই স্থানত এটি বাঘ ভেটাৰ উৎসৱ অনুষ্ঠিত কৰিবলৈ সম্মত হয়। সেই সময়ত বাঘ হত্যা কৰাটো অপৰাধ নাছিল। বাঘ ধৰিবৰ বাবে গ্ৰাম্য অঞ্চলৰ মানুহ বোৰে মৰাপাতৰ জৰী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। নিৰ্দিষ্ট দিনৰ পূৰ্বেই এই উৎসৱৰ খবৰ সমস্ত অঞ্চলত বিয়পাই দিয়া হ'ল। বাঘ ধৰিবৰ বাবে মানুহ বোৰে মৰাপাতৰ প্ৰকাণ্ড জাল আৰু অন্যান্য অস্ত্ৰৰে সৈতে অধিৰ আগ্ৰহেৰে আগবাঢ়ি আহিল।

বাঘ ধৰাৰ পদ্ধতি দুটা আছিল। প্ৰথম পদ্ধতিত, বাঘৰ তিনওঁফালে জাল ব্যবহাৰ কৰা হৈছিল, আৰু আনফালে আছিল বাঘভেটিবলৈ ওলাই অহা সমগ্ৰ জামুগুৰি বাসি ৰাইজ। এই প্ৰক্ৰিয়াত, যদি বাঘটো জালৰ মাজেৰে ওলাই যায়, বা ওলাই যাবলৈ অপ্ৰাণ চেষ্টা কৰে, তেন্তে সেই জাল যি গাঁৱৰ লোকে প্ৰস্তুত কৰিছিল তেওঁলোকে জৰিমনা ভৰিব লগা হৈছিল। সাধাৰণতে এই জালবোৰ নতুন মৰাপাতৰ দ্বাৰা ইমানেই শক্তিশালী কৈ গুঁঠিছিল যে, বাঘে সেই জাল কোনো ৰকমেই ফালিব পৰা নাছিল। যদি বাঘে জাল ফলাৰ চেষ্টাওঁ কৰে, তেন্তে বাঘভেটা ৰাইজে বলমৰ দ্বাৰা হানি-খুচি বাঘটোক অৱশ কৰি পেলাইছিল।

দ্বিতীয় পদ্ধতিত, এটা চিকাৰ(এটা মৰা ছাগলী বা অন্য কোনো প্ৰাণী) বাঘ ধৰিবলৈ ব্যবহৃত হৈছিল। ফাঁপা (জাপ)ৰ দৰে এটা খাঁচা প্ৰস্তুত কৰা হয় ইয়াৰ ভিতৰত চিকাৰটোক এনেভাৱে ৰখা হয় যে সঁজাটোৰ ভিতৰত সোমাই চিকাৰটোক খাবলৈ ল'লেই সঁজাটোৰ দৰ্জাখন বন্ধ হৈ বাঘটো বন্দী হৈ পৰে। দৰ্জা বন্ধ কৰি বাঘ ধৰাৰ এই পদ্ধতিটো 'বাঘজাপে' নামেৰে পৰিচিত। ঐতিহ্যবাহী 'বাঘ ভেটা' উৎসৱ অসমত সংস্কৃতিত ৰীতিৰ দৰে প্ৰচলিত হৈছিল। জামগুৰিহাট বাসীৰ এই ঐক্য তথা সাহসৰ প্ৰতিফলন ঘটা 'বাঘভেটা' উৎসৱ আজিৰ দিনত এটি কিংবদন্তি স্বৰূপ হৈ উঠিল।

কালীয়দমন ভাওনাসম্পাদনা কৰক

ভাওনাৰ বাবে জামুগুৰি হাট বিখ্যাত। এই এলেকাৰ সমস্ত গ্ৰাম্য বাসীয়ে মহাপুৰুষ শঙ্কৰদেৱ ও মহাপুৰুষ মাধবদেবেৰ স্মৰণৰ হেতু ভজন কীৰ্ত্তন কৰে। জামুগুৰি হাটৰ অন্যতম জনপ্ৰিয় ভাওনা হৈছে কোচগাৱৰ কালিয়দমন ভাওনা। এই ভাওনা, কোচগাঁও নামঘৰত শঙ্কৰদেৱৰ তিথিত প্ৰতি বছৰে অনুষ্ঠিত হয়। এই গাঁওখন জামুগুৰি হাট কেন্দ্ৰৰ উত্তৰ পাৰে ২.৫ কিলোমিটাৰ দূৰৈত। সমগ্ৰ জামুগুৰি অঞ্চলৰ লোকে অতি আগ্ৰহেৰে এই ভাওনাত অংশগ্ৰহণ কৰে।

বৰপুখুৰী পাৰৰ মুকলি বিহুসম্পাদনা কৰক

জামুগুৰি হাট বিহু সংস্কৃতিৰ বাবেও বিখ্যাত। জামুগুৰি হাটৰ বিখ্যাত বিহু বৰপুখুৰী পাৰৰ মুকলি বিহু। জামুগুৰি বাসি ৰাইজে অতি উলহ-মালহেৰে বৰপুখুৰী পাৰৰ এই মুকলি বিহু উদযাপন কৰে। এই উৎসৱ প্ৰতিবছৰে এপ্ৰিল মাহত অনুষ্ঠিত হয়। এই মুকলি বিহু জামুগুৰিবাসি ৰাইজৰ দ্বাৰা গঠিত এখন বিহু কমিটিৰ দ্বাৰা পৰিচালিত হয়। বিহু অনুষ্ঠিত হোৱা এই বৰপুখুৰী পাৰৰ মুকলি ক্ষেত্ৰ জামুগুৰি কেন্দ্ৰৰ পৰা ৩কিলোমিটাৰ দক্ষিণ দিশে অৱস্থিত। অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰতিবছৰে ৩০তকৈ ও অধিক দলে এই উৎসৱত অংশগ্ৰহণ কৰে।

বোকা খেছা ভাওনাসম্পাদনা কৰক

জামুগুৰি হাটৰ আন এটি জনপ্ৰিয় সংস্কৃতি হ'ল বোকা খেছা ভাওনা প্ৰতি বছৰে এই ভাওনা জামুগুৰি কেন্দ্ৰৰ পৰা ৩ কিলোমিটাৰ নিলগৰ পাতলৰচুক গাঁৱত অনুষ্ঠিত হৈ আহিছে। ২৫৬ বছৰ পূৰ্ণ কৰা এই ভাওনা গাঁও বাসীয়ে জন্মাষ্টমীৰ সময়ত বৰ ধুমধামৰে উদযাপন কৰে। অন্যান্য ভাওনাৰ পৰা এই ভাওনা পৃথক। গাঁৱৰ মূল নামঘৰৰ বাটচ'ৰাৰ কাষতে গাঁৱৰ ৰাইজে এটা পুখুৰী খান্দি তাত মাটি আৰু পানীৰ মিশ্ৰণৰে বোকা কৰে। দিনৰ ভাগত এখন হাস্য ৰসিক ভাওনাৰো পৰিৱেশন কৰা দেখা যায়। গাঁৱৰ ডেকা বোৰে ভাওনাৰ দিনা এই বোকা খেচি ইজনে সিজনলৈ বোকা দলিয়াই ৰঙ-ধেমালি কৰে। এই ভাওনা উপভোগ কৰিবলৈ সমগ্ৰ গাঁও বাসীৰ লগতে ওচৰ চুবুৰীয়া গাঁৱৰ লোকেও আগ্ৰহ কৰে।

জামুগুৰিহাটৰ ঐতিহাসিক ক্ষেত্ৰ সমূহসম্পাদনা কৰক

পিঠাগুড়ি দ'লসম্পাদনা কৰক

এই দ'লটো কুসুমতোলাত অৱস্থিত। অৰিমত্ত ৰজাৰ দিনত এই দ'লৰ সৃষ্টি হৈছিল। ঐতিহাসিক পৰ্যবেক্ষণ অনুসৰি এই দ'লটি পিঠাগুড়ি (চাউলৰ গুড়ি)ৰ দ্বাৰা নিৰ্মিত হৈছিল।

সুকান পুখুৰীসম্পাদনা কৰক

এই পুখুৰীটোও ৰজা অৰিমত্তৰ তত্ত্বাৱধানত খনন কৰা হৈছিল, কিন্তু বহুখিনি গভীৰলৈ খণ্ডাৰ পিছতো এই পুখুৰীৰ পানী নোলাল, অৱশেষত ঐশ্বৰিক কিবা বিশেষত্ব থকা বুলি ৰজাই পুখুৰীটো তেনেকৈয়ে এৰিলে। পানী নোলোৱা বাবে এই পুখুৰীটো শুকান পুখুৰী বা শুকানী পুখুৰী নামে জনাজাত হ'ল। কুসুমতোলা মূল কেন্দ্ৰৰ পৰা, ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ উত্তৰে প্ৰায় ৫০০মিটাৰ দূৰৈত এই পুখুৰীটো আছে। বৰ্তমান 'নদুৱাৰ নাথ যোগী পৰিষদ'ৰ দ্বাৰা এই পুখুৰীৰ কাষতেই এটা শিৱমন্দিৰ নিৰ্মাণ কৰা হৈছে।

হুকাই পুখুৰীসম্পাদনা কৰক

এই পুখুৰীটো ও জামুগুৰি হাটৰ আন এটি ঐতিহাসিক পুখুৰী, এই পুখুৰী হুকাই ভূঞাৰ তত্ত্বাৱধানত তেওঁৰ ৪নং কন্যাই গা ধুবলৈ খনন কৰাইছিল। পাচিগাঁও হুকাই পথাৰৰ কাষতে এই পুখুৰীটো আছে।

শুক্লেশ্বৰ দেৱালয়সম্পাদনা কৰক

জামুগুৰি হাটৰ মূল কেন্দ্ৰৰ পৰা প্ৰায় ৪কিলোমিটাৰ দূৰৈৰ কোচগাঁৱত এই দেৱালয় অৱস্থিত। ইতিহাস মতে ৰজা ৰুদ্ৰসিংহৰ কৰ্তৃত্বত এই দেৱালয় খনৰ নিৰ্মাণ হৈছিল।

বুঢ়া গোঁসাই দেৱালয়সম্পাদনা কৰক

এই দেৱালয়খন আহোম যুগত ৰজা ৰুদ্ৰসিংহ তত্ত্বাৱধানত নিৰ্মিত। জামুগুৰি হাটৰ মূল কেন্দ্ৰৰ পৰা প্ৰায় ৪কিলোমিটাৰ নিলগৰ নন্দিকেশ্বৰ গাঁৱত এই দেৱালয়খন অৱস্থিত।

নৰোৱা থানসম্পাদনা কৰক

এই থানখন জামুগুৰি হাটৰ দিকৰাই গুৰি গাঁৱত অৱস্থিত। এই থানতেই এসময়ত মহাপুৰুষ শংকৰদেৱে ভকত সকলৰ সৈতে সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কৰিছিল। এই থানত এটা বহু পুৰণি কুঁৱা আছে, এই কুঁৱাটো গুৰুজনাই পানী খোৱাৰ নিমিত্তে ব্যৱহাৰ কৰিছিল।

জামুগুৰি হাটৰ সাংস্কৃতিক কেন্দ্ৰসম্পাদনা কৰক

বাপুজী ভৱন নাট্য সমাজসম্পাদনা কৰক

বাপুজী ভৱন নাট্য সমাজ জামুগুৰি হাটৰ এটি অনুষ্ঠান। এই অনুষ্ঠানটি জামুগুৰি হাট কেন্দ্ৰৰ মাজ মজিয়াত জামুগুৰি-চকীঘাট পথৰ বাঁও ফালে, জামুগুৰি চৰকাৰী চিকিৎসালয়ৰ সমুখত অৱস্থিত। এখন পৰিচালনা সমিতিৰ তত্ত্বাৱধানত এই অনুষ্ঠানটিৰ কাম-কাজ পৰিচালিত হয়। ইয়াত প্ৰায়ে নাটক ও অন্যান্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটো শোণিতকোৱঁৰ গজেন বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।[5]

অভিযাত্ৰী কলা কেন্দ্ৰসম্পাদনা কৰক

অভিযাত্ৰী জামুগুৰি হাটৰ এটি প্ৰধান সাংস্কৃতিক শিক্ষাৰ অনুষ্ঠান। ১৫নং ৰাষ্ট্ৰীয় ঘাই পথাৰ দাঁতিত জামুগুৰি ডাক-বাঙলাৰ সন্মুখত এই অনুষ্ঠানটো আছে। অভিযাত্ৰী কলা কেন্দ্ৰত সত্ৰীয়া নৃত্য, অভিনয়, নাটক,চিত্ৰ-শিল্প, বাদ্য বাদন ইত্যাদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ শিক্ষা প্ৰদান কৰা হয়।

শঙ্কৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰসম্পাদনা কৰক

এই অনুষ্ঠানটি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ (জামুগুৰি শাখা)ৰ দ্বাৰা প্ৰতিষ্ঠিত শঙ্কৰী সংস্কৃতিৰ চৰ্চা আৰু বিকাশৰ এটি অনুষ্ঠান। অনুষ্ঠানটো জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে অৱস্থিত।

অভিলাষ কলা কেন্দ্ৰসম্পাদনা কৰক

অভিযাত্ৰী কলা কেন্দ্ৰৰ এটি শাখা হ'ল এই অভিলাষ কলা কেন্দ্ৰ। বৰ্তমান এই শাখাটোৱে সাময়িকভাবে উত্তৰ জমুগুৰি ছোৱালী এম.ই. স্কুলত, ফাইন আৰ্ট আদিৰ শিক্ষা প্ৰদান কৰে। বৰ্তমান পৰ্যন্ত শাখাটো স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠান হিচাপে স্থাপনৰ হেতু কোনো চৰকাৰী সহায়তা লাভ কৰা নাই।

একটিং একাডেমীসম্পাদনা কৰক

এই একাডেমীখন আজিৰ পৰা মাত্ৰ কেইটিমান বছৰ আগেয়ে এদল উচ্চাভিলাষী যুৱকৰ দ্বাৰা অভিনয় শিল্পৰ এটি ভাল পৰিৱেশ তৈয়াৰ কৰাৰ উদ্দেশ্যে ধলাইবিলত প্ৰতিষ্ঠিত হৈছিল। এই একাডেমীত মূলত এক চৰিত্ৰৰ নাটকৰ অভিনয়ৰ প্ৰশিক্ষণ দিয়া হয়। প্ৰতিষ্ঠা কালৰে পৰা অসম তথা ভাৰতৰ বিভিন্ন অংশত এক চৰিত্ৰৰ অভিনয় নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উপৰিও বিচাৰকৰ দ্বাৰা অনেক বাৰ ভূষিত হৈছে। সাংস্কৃতিক কৰ্মী হিচাপে বৰ্তমান এই সংস্থাৰ অধিকৰ্তা হ'ল শীশীৰ বৰঠাকুৰ। ইয়াৰোপৰি জামুগুৰিহাটৰ প্ৰায় সংখ্যক গাঁৱতেই সংস্কৃতিৰ চৰ্চা হৈ আহিছে, ওপৰত উল্লিখিত অনুষ্ঠান সমূহৰ লগতে পাঞ্চজন্য সত্ৰীয়া অনুষ্ঠান, মাধৱ-প্ৰদীপ সংস্কৃত টোল আদিও উল্লেখযোগ্য।

চৰকাৰী-বেচৰকাৰী সংস্থাসম্পাদনা কৰক

জামুগুৰি হাটত বহুকেইটা চৰকাৰী তথা বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আছে। অঞ্চলটোৰ সুৰক্ষাৰ হেতু জামুগুৰি হাট কেন্দ্ৰৰ নিচেই কাষতে জামুগুৰি পুলিচ ষ্টেচন আছে। ইয়াৰোপৰি ৩০খন বিছানাৰ ক্ষমতাৰে এখন চৰকাৰী চিকিৎসালয়(ধলাইবিল), এখন প্ৰাথমিক চিকিৎসালয়(জামুগুৰি কেন্দ্ৰ), মুঠ পাঁচটা জাতীয় বেংক,এটা প্ৰধান পোষ্ট অফিচ তথা তিনিটা উপ-পোষ্ট অফিচ জামুগুৰিহাটত আছে। আনহাতে ভাৰতীয় ষ্টেট বেংকৰ এটি শাখাও জামুগুৰিহাটত নতুনকৈ প্ৰতিষ্ঠিত হৈছে[6]

উল্লেখযোগ্য ব্যক্তি সকলসম্পাদনা কৰক

  1. গজেন বৰুৱা
  2. ভবেন বৰা
  3. গায়ত্ৰী মহন্ত
  4. ৰাধিকামোহন ভাগৱতী
  5. পদ্ম হাজৰিকা ইত্যাদি

তথ্য উৎসসম্পাদনা কৰক