জুংক' টাবেই

20 - শতিকা জাপানিজ পৰ্বত ভগোৱা

জুংক' টাবেই (田部井 淳子 টাবেই জুংক'?, জন্ম ইশ্বিবাছি জুংক'; ২২ ছেপ্টেম্বৰ ১৯৩৯ – ২০ অক্টোবৰ ২০১৬)[1] এগৰাকী জাপানীজ পৰ্বতাৰোহী আছিল। তেওঁ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা। ইয়াৰ লগতে তেওঁ চেভেন চামিট অৰ্থাৎ বিশ্বৰ সপ্ত মহাদেশৰ প্ৰতিখনৰে সৰ্বোচ্চ স্থান আৰোহণ কৰা প্ৰথম গৰাকী মহিলা।[2][3][4]

জুংক' টাবেই

১৯৮৫ চনত ইছমইল চমনি শৃংগত জুংক' টাবেই
স্থানীয় নাম 田部井 淳子
জন্ম জুংক' ইশ্বিবাছি
২২ ছেপ্টেম্বৰ, ১৯৩৯
মীহাৰু, ফুকুশ্বিমা, জাপান
মৃত্যু ২০ অক্টোবৰ, ২০১৬ (৭৭ বছৰ)
কাৱাগৱে, চাইতামা, জাপান
ৰাষ্ট্ৰীয়তা জাপানীজ
পেচা পৰ্বতাৰোহী
জনা যায় মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা; চেভেন চামিট অৰ্থাৎ বিশ্বৰ সপ্ত মহাদেশৰ প্ৰতিখনৰে সৰ্বোচ্চ স্থান আৰোহণ কৰা প্ৰথম মহিলা
দাম্পত্যসঙ্গী মাছানবু টাবেই
সন্তান

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৩৯ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে জাপানৰ মীহাৰু, ফুকুশ্বিমাত তেওঁৰ জন্ম হৈছিল।[5][6] তেওঁ সৰুতে শাৰীৰিক ভাবে দুৰ্বল আছিল। ১০ বছৰ বয়সতে তেওঁ শ্ৰেণীৰ পৰ্বতাৰোহন ক্ষেত্ৰ অধ্যয়নত মাউন্ট নাছুলৈ যোৱাৰ সুযোগ লাভ কৰিছিল।[5][7] তেতিয়াৰ পৰায়ে তেওঁ পৰ্বতাৰোহনৰ প্ৰতি আকৃষ্ট হৈছিল। কিন্তু সাত গৰাকী সন্তানৰ দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা জুংক'ৰ বাবে পৰ্বতাৰোহনৰ দৰে খৰচী বিষয় প্ৰায় অসম্ভৱ আছিল। তেতিয়াও তেওঁ হাইস্কুলত পঢ়ি থাকোঁতে কেইবাবাৰো পৰ্বতাৰোহন কৰিছিল।[6]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তেওঁ পৰ্বতাৰোহী মাছানবু টাবেই লগত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ ১৯৬৫ চনত মাছানবুক জাপানত পৰ্বতাৰোহনৰ সময়ত লগ পাইছিল। তেওঁলোকৰ দুগৰাকী সন্তান আছে।[6]

২০১২ চনত তেওঁৰ দেহত পেৰিটনিয়েল কৰ্কট ৰোগ ধৰা পৰিছিল। কিন্তু তেওঁ পৰ্বতাৰোহন এৰি দিয়া নাছিল। ২০১৬ চনৰ ২০ অক্টোবৰ তাৰিখে জাপানৰ কাৱাগৱেৰ চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।[7]

গুগল ডুডুল সম্পাদনা কৰক

২০১৯ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে গুগলেতেওঁৰ ৮০তম জন্মজয়ন্তীৰ উপলক্ষে এক বিশেষ ডুডুল প্ৰদৰ্শন কৰে। ইয়াৰ লগতে তেওঁৰ উৎসাহজনক নীতিবাক্য, "কেতিয়াও পৰাজয় বৰণ নকৰিবা, নিজৰ লক্ষ্য স্থিৰ ৰাখিবা" ডুডুলৰ লগত প্ৰদৰ্শন কৰিছিল।[8][9]

তথ্য উৎস সম্পাদনা কৰক

  1. "Official website- profile". Archived from the original on 22 July 2011. https://web.archive.org/web/20110722111406/http://www.junko-tabei.jp/profile/index-e.html। আহৰণ কৰা হৈছে: 22 September 2010. 
  2. Horn, Robert (29 April 1996). "No Mountain Too low For Her: Junko Tabei defied Japanese views of women to become an expert climber". Sports Illustrated. Archived from the original on 13 December 2013. https://web.archive.org/web/20131213065236/http://sportsillustrated.cnn.com/vault/article/magazine/MAG1008036/index.htm.  Retrieved 29 December 2015
  3. Otake, Tomoko, "Junko Tabei : The first woman atop the world", Japan Times, 27 May 2012, p. 7
  4. The American Alpine Journal. American Alpine Club Annual Resources Series. 67. The Mountaineers Books. 1997. পৃষ্ঠা. 125. ISBN 0930410556. 
  5. 5.0 5.1 "Junko Tabei, first woman to conquer Everest, complete 'Seven Summits,' dies at 77" (en-US ভাষাত). The Japan Times Online. 22 October 2016. ISSN 0447-5763. Archived from the original on 22 October 2016. https://web.archive.org/web/20161022222650/http://www.japantimes.co.jp/news/2016/10/22/national/junko-tabei-first-woman-climb-mt-everest-dies-77/. 
  6. 6.0 6.1 6.2 "Junko Tabei defied Japanese views of women to become an – 04.29.96 – SI Vault". 7 October 2013. Archived from the original on 7 October 2013. https://web.archive.org/web/20131007044949/http://sportsillustrated.cnn.com/vault/article/magazine/MAG1008036/1/index.htm। আহৰণ কৰা হৈছে: 23 October 2016. 
  7. 7.0 7.1 "Japanese Climber Junko Tabei, First Woman To Conquer Mount Everest, Dies at 77". NPR.org. https://www.npr.org/sections/thetwo-way/2016/10/22/498971169/japanese-climber-junko-tabei-first-woman-to-conquer-mount-everest-dies-at-77. 
  8. "Junko Tabei's 80th Birthday". Google.com. 22 September 2019. https://www.google.com/doodles/junko-tabeis-80th-birthday। আহৰণ কৰা হৈছে: 22 September 2019. 
  9. Baynes, Chris (22 September 2019). "Junko Tabei: Google Doodle celebrates first woman to reach summit of Mount Everest". Independent UK. https://www.independent.co.uk/news/world/junko-tabei-google-doodle-today-who-mount-everest-japan-death-a9115076.html. 

বাহ্যিক সংযোগ সম্পাদনা কৰক