টঙালি
টঙালি বা টঙ্গালি (ইংৰাজী: Tongali) হৈছে অসমীয়া পুৰুষসকলে পৰিধান কৰা এবিধ দীঘল বস্ত্ৰ। এই বস্ত্ৰ কঁকালত বান্ধি লোৱা হয়।[1] মূলতঃ বিহু নৃত্য কৰাৰ সময়ত অসমীয়া ডেকাই টঙালি পৰিধান কৰে। সাধাৰণতে টঙালি ৰঙা সূতাৰে তাঁতশালত বৈ উলিওৱা হয়। ইয়াত সোণালী বা হালধীয়া বৰণৰ সূতাৰে গুণা দি ফুল তোলা হয়। টঙালি কপাহী কাপোৰেৰে বোৱা হয় আৰু পাট, মুগা আদি সূতা পৰাপক্ষত ইয়াত ব্যৱহাৰ কৰা নহয়। বিহুৰ উপৰিও আহোম জনগোষ্ঠীৰ পৰম্পৰাগত বিবাহ পৰম্পৰা চকলঙত কন্যাই বৰৰ কঁকালত টঙালি বান্ধি দিয়াৰ নিয়ম আছে। মধ্যযুগত যুঁজলৈ যোৱাৰ সময়ত অসমীয়া নাৰীয়ে নিজৰ স্বামীক একেৰাতিৰ ভিতৰতে কৱচ কাপোৰস্বৰূপে টঙালি বৈ উলিয়াই বান্ধি দিয়াৰ নিয়ম আছিল। লোকবিশ্বাস অনুসৰি এনে কৰিলে যুঁজত পুৰুষজন অজেয় হয়। কোনো কোনো সময়ত গামোচাখনকো কঁকালত বান্ধি টঙালি বন্ধা বুলি কোৱা হয়। ভাওনাত সূত্ৰ নচাৰ সময়ত সূত্ৰধাৰে বগা ৰঙৰ ৰঙা আঁচুৰে ফুল দিয়া বিশেষ ধৰণৰ টঙালি পৰিধান কৰে। এনে টঙালিক ভকতীয়া পাগ বোলা হয়।
উৎপত্তি
সম্পাদনা কৰকটঙালিৰ প্ৰচলন অসমত বহুযুগৰ পৰা চলি আহিছে। মধ্যযুগত অসমৰ একাংশত শাসন কৰা বাৰ ভূঞাসকলে কঁকালত টঙালি বন্ধাৰ বিষয়ে উল্লেখ পোৱা যায়। আহোমসকলৰ ডা-ডাঙৰীয়া বা বিষয়াসকলে কঁকালত ‘বচোৱাল-টঙালি’ বন্ধাৰ কথা বুৰঞ্জীবিদ ড° লীলা গগৈয়ে উল্লেখ কৰিছে।[2]
অসমীয়া ভাষাত পূৰ্বৰে পৰা চলি প্ৰবাদ-প্ৰবচন আদিত টঙালিৰ উল্লেখ পোৱা যায়। উদাহৰণস্বৰূপে:
“ফটা হওক, ছিটা হওক, পাটৰ টঙ্গালি; কণা হওক, কুঁজা হওক, ভূঞাৰ পোৱালি।”[3]
জতুৱা ঠাঁচত "কঁকালত টঙালি বন্ধা" বাক্যাংশৰ অৰ্থ হৈছে কোনো কামলৈ সাজু হোৱা।
মুখে মুখে প্ৰচলিত বিহুগীতসমূহতো টঙালিৰ উল্লেখ পোৱা যায়। যেনে:
“ৰঙালী ঐ, টঙালী ঐ
ব'হাগৰ বিহুৰে ধেমালি ঐ”[4]
প্ৰচলিত ৰীতি অনুযায়ী মধ্যযুগৰ অসমত অসমীয়া ৰমণীয়ে ৰণলৈ যোৱা ঘৰৰ পুৰুষসকলৰ বাবে একেৰাতিৰ ভিতৰতে টঙালি বৈ কৱচ কাপোৰ হিচাপে দিছিল। ৰজনীকান্ত বৰদলৈৰ ‘তাম্ৰেশ্বৰীৰ মন্দিৰ’ নামৰ উপন্যাসতো এই বিষয়ে উল্লেখ পোৱা যায়।[5] লোকগাথা অনুসৰি মোগলৰ সৈতে হোৱা ৰণত আহোম সৈন্যৰ সেনাপতি ফ্ৰাচেংমুঙক পত্নী মূলাগাভৰুৱে প্ৰথা অনুযায়ী একেৰাতিৰ ভিতৰতে কৱচ কাপোৰ হিচাপে টঙালি বৈ দিব পৰা নাছিল। সেই ৰণত ফ্ৰাচেংমুঙৰ মৃত্যু ঘটাত মূলাগাভৰুৱে নিজেও ৰণত নামে।
আকাৰ-আকৃতি আৰু ব্যৱহাৰ
সম্পাদনা কৰকটঙালি ৰঙা সূতাৰে বোৱা হয়। ইয়াত সোণালী বা হালধীয়া ৰঙৰ আঁচুৰে ফুল বছা হয়। ই গলবস্ত্ৰ বা গামোচাতকৈ ঠেক আৰু দীঘল হয়। ইয়াৰ দুয়োফালে শেলসহ ডাঙৰকৈ ফুল আৰু বুটা বছা থাকে। ভকতীয়া পাগ বগা বা মুগা ৰঙৰ। ই ডেৰ-বাৰহাত দীঘল হয়।[6] হালধীয়া ৰঙৰ লগতে বগা, সেউজীয়া আদি আন ৰঙৰো বুটা দিয়া হ'ব পাৰে।
টঙালিখন কঁকালত কমৰবন্ধনী বা পেটীৰ দৰে মেৰিয়াই বান্ধি সোঁফালে বিশেষ ধৰণেৰে গাঁঠি মাৰি ৰখা হয়। ই পুৰুষসকলৰ অধোবস্ত্ৰ আটি ৰখাৰ কামো কৰে। চকলঙত কন্যাই দৰাৰ হাতত হেংদান তুলি দিয়াৰ লগতে কঁকালত কৱচ কাপোৰ হিচাপে টঙালি বান্ধি দিয়ে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "টঙ্গালি". শব্দ ডট অৰ্গ. http://xobdo.org/dic/%E0%A6%9F%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A6%BE%E0%A6%B2%E0%A6%BF। আহৰণ কৰা হৈছে: 2 April 2023.
- ↑ লীলা গগৈ (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ৬৮. ISBN 81-7339-079-7.
- ↑ পদ্মনাথ গোহাঞিবৰুৱা (২০২০). অসমৰ বুৰঞ্জী. এবিটি পাব্লিকেশ্বন. পৃষ্ঠা. ৪২. ISBN 971-81-939793-2-7.
- ↑ ডিম্বেশ্বৰ নেওগ. "ডিম্বেশ্বৰ নেওগৰ জনকাব্য". ৱিকিউৎস. পৃষ্ঠাসমূহ: ১০৪. https://as.wikisource.org/wiki/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:%E0%A6%A1%E0%A6%BF%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0_%E0%A6%A8%E0%A7%87%E0%A6%93%E0%A6%97%E0%A7%B0_%E0%A6%9C%E0%A6%A8%E0%A6%95%E0%A6%BE%E0%A6%AC%E0%A7%8D%E0%A6%AF.pdf/%E0%A7%A7%E0%A7%A7%E0%A7%AF। আহৰণ কৰা হৈছে: 2 April 2023.
- ↑ ৰজনীকান্ত বৰদলৈ. "তাম্ৰেশ্বৰীৰ মন্দিৰ". ৱিকিউৎস. পৃষ্ঠাসমূহ: ৭০. https://as.wikisource.org/wiki/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A7%80%E0%A7%B0_%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A7%B0.pdf/%E0%A7%AD%E0%A7%AE। আহৰণ কৰা হৈছে: 2 April 2023.
- ↑ উপেন্দ্ৰ নাথ বৰদলৈ. "ৰঙালী বিহু তথা অসমীয়া বস্ত্ৰ অলংকাৰৰ অতীত". ৰাইজৰ বাতৰি. পৃষ্ঠাসমূহ: ৪৫-৪৬. https://dipr.assam.gov.in/sites/default/files/swf_utility_folder/departments/dipr_webcomindia_org_oid_4/this_comm/Pharma%207_1.pdf। আহৰণ কৰা হৈছে: 2 April 2023.